শিৱসাগৰ জিলাৰ দ'ল, দেৱালয় আৰু পুখুৰীৰ ইতিহাস

 


✍ পদ্ম বৰগোহাঞি

ঐতিহাসিক শিৱসাগৰ জিলাত অৱস্থিত ঐতিহাসিক দ'ল, দেৱালয় আৰু পুখুৰীৰ ইতিহাস সম্পৰ্কে লিখিবলৈ যোৱাৰ আগতে কেইআষাৰমান কথা লিখাৰ প্ৰয়োজনবোধ কৰিছোঁ। দক্ষিণ-পূব এছিয়াৰ ছান বংশীয় টাই-আহোম স্বৰ্গদেউ চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত সৌমাৰ খণ্ডত পদৰ্পণ কৰে। সেই সময়ত সৌমাৰ খণ্ডত সৰু সৰু ৰাজ্য পাতি শাসন কৰি থকা চুতীয়া, মৰাণ, বৰাহী আদি ৰজাসকলক পৰাস্ত কৰি চ্যুকাফাই আহোম সাম্ৰাজ্যৰ ভেঁটি স্থাপন কৰি ১২৫৩ খৃঃত চৰাইদেউত স্থায়ী ৰাজধানী পাতি ৰাজ্য শাসন কৰাৰ আগলৈকে ঐতিহাসিক শিৱসাগৰ জিলাত দ'ল-দেৱালয়, পুখুৰী আদি নিৰ্মাণ কৰাৰ কথা ইতিহাসৰ পাতত পোৱা নাযায়। আনহাতে স্থাপত্য, ভাস্কৰ্য, কলা, বিজ্ঞান আদি চৰ্চা সম্পৰ্কেও কোনো সম্ভেদ পোৱা নাযায়। আহোমসকলৰ আগমনৰ পাছত তেৰশ শতিকাৰ আগভাগতে ইতিহাস ৰচনাৰ পৰম্পৰা আৰম্ভ হৈছিল। তেতিয়াৰে পৰা আহোম ৰাজত্বকালৰ ৰাজকীয় কাম-কাজৰ উপৰিও নিৰ্মিত হোৱা স্থাপত্য-ভাস্কৰ্য্যসমূহৰ নিৰ্মাণৰ কাল আৰু বৰ্ণনা বুৰঞ্জীসমূহত লিপিবদ্ধ কৰি অহাৰ লগতে প্ৰাক্-আহোম যুগৰ হাতে ঢুকি পোৱা কীৰ্তি-চিহ্নসমূহো বুৰঞ্জীৰ পাতত লিপিবদ্ধ কৰাৰ দৃষ্টান্ত বুৰঞ্জীয়ে দিয়ে। প্ৰাক্-আহোম যুগৰ উৱলি যোৱা বহুতো স্থাপত্য-ভাস্কৰ্য আহোম ৰাজত্বকালত পুনৰ নিৰ্মাণ কৰি সেই জাতিসমূহৰ অতীত ঐতিহ্য ৰক্ষা কৰাৰ উদাহৰণো বুৰঞ্জীত পোৱা যায়। স্বৰ্গদেউ চ্যুকাফাই ১২৫৩ খৃঃত চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰাৰে পৰা স্বৰ্গদেউ চুদাংফাৰ (১৩৯৭-১৪০৭) দিনলৈকে প্ৰায় ১৫০ বছৰ ধৰি এই ঠাই আহোম ৰাজ্যৰ ৰাজধানী আছিল। এই কালছোৱাৰ ভিতৰত চৰাইদেউত ভালেমান মঠ-মন্দিৰ স্থাপন কৰাৰ কথা বুৰঞ্জীয়ে দৃষ্টিগোচৰ কৰে। বৰ্তমান দুটা মন্দিৰৰ ভগ্নাৱশেষহে মাথোন দেখিবলৈ পোৱা গৈছে। এটা দেওশালৰ মন্দিৰ, আনটো লাংকুৰি দ'ল। লাংকুৰি দ'লৰ পশ্চিমে তিনি কিলোমিটাৰমান দূৰত কাচকুলা গাঁৱত দেৱতা প্ৰতিষ্ঠা কৰা শিলৰ চালপীৰাৰ আৰ্হিৰ এখন চালপীৰা দেখিবলৈ পোৱা গৈছে। ডঃ লীলা গগৈয়ে 'পবিত্ৰ অসম'ত বাংটুং দেৱালয় নামেৰে তাক নামকৰণ কৰিছে। (পবিত্ৰ অসম- পৃষ্ঠা - ৩৬ আৰু ৩৭) চৰাইদেউত প্ৰাক্আহোম ৰাজত্বকালৰ মঠ-মন্দিৰ আছিল বুলি দুই এগৰাকী বুৰঞ্জীবিদে ক'ব খোজে যদিও ই মাত্ৰ আনুমানিকহে। কোনো বুৰঞ্জীয়ে তাক প্ৰমাণ কৰি দেখুওৱা পৰিলক্ষিত হোৱা নাই। ১৩৯৮ খৃঃত চুডাংফা স্বৰ্গদেউ ৰাজপাটত উঠাৰ পাছত চৰাইদেউৰ পৰা দিহিঙৰ কাষৰ চামুগুৱালৈ ৰাজধানী স্থানান্তৰ কৰে। চৰাগুৱাত প্ৰায় ১৩২ বছৰ ৰাজধানী থকা কালছোৱাত পূজা সেৱাৰ মন্দিৰ আৰু অলেখ পুখুৰী খন্দাৰ কথা বুৰঞ্জী আৰু বৃদ্ধলোকৰ মুখে মুখে জনা যায়। চৰাগুৱাৰ এই ঐতিহাসিক সম্পদবিলাকৰ ভিতৰত দুটা মৈদাম আৰু কেতবোৰ পুখুৰীৰ বাদে বাকী সম্পদসমূহ নিঃচিহ্ন হৈ গৈছে। ১৪৬১ শকত স্বৰ্গদেউ চুক্লেনমুঙ্গ ৰাজপাটত উঠাৰ পাছত স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকাললৈকে ১৭৬ বছৰৰ ভিতৰত দ'ল, দেৱালয়, পুখুৰী আদি যিমান নিৰ্মিত হৈছিল তাৰ তুলনাত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজপাটত উঠাৰ পাছত বহুত বেছি তেনে সম্পদ নিৰ্মিত হোৱা দেখা যায়। 

 ১৬১৭ শকত বৰকলা নগৰৰ পৰা ৰাজধানী স্থানান্তৰ কৰি মেটেকাৰ ৰংপুৰত ৰাজধানী প্ৰতিষ্ঠা কৰাৰ পাছৰে পৰা স্বৰ্গদেউ গৌৰীসিংহৰ ৰাজত্ব কাললৈকে শিৱসাগৰ জিলা তথা বৰ অসমত অতি পয়োভৰে দ'ল-দেৱালয়, পুখুৰী নিৰ্মাণ কৰাৰ উপৰিও প্ৰাক্-আহোম যুগৰ বহুতো পুৰণি মঠ-মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। তাৰ পাছৰ কালছোৱাতো কম বেছি পৰিমাণে হ'লেও দ'ল-দেৱালয়-পুখুৰী আদি নিৰ্মাণ নকৰাকৈ থকা নাছিল। ১৪১৯ শকত স্বৰ্গদেউ চুহুংমুং (দিহিঙ্গীয়া ৰজা) ৰাজপাটত উঠাৰ পাছত মোগল সৈন্যক খেদি নি কৰতোৱা নদী পাৰ কৰি, কৰতোৱা নদীৰ পানীতে হেংডাং ধুই বিজয়ৰ চিন স্বৰূপে ১৫৩৩ খৃঃত সেনাপতি কনচেং বৰপাত্র গোহাঁইয়ে কৰতোৱা নদীৰ পাৰত এটি পুখুৰী খান্দি পাৰত দ'ল নিৰ্মাণ কৰি দ'ল-পুখুৰী কৰাৰ প্ৰক্ৰিয়া ৰচনা কৰে। একে সময়তে জগন্নাথতো বৰ কন্দলি আৰু সাগৰ কন্দলি নামে দুটি পুখুৰী খন্দাইছিল। (পুৰণি অসম বুৰঞ্জী, পৃঃ ১৬৬)। ১৪৫৬ শকৰ পৰা আহোম ৰাজ্যৰ পশ্চিম সীমা কৰতোৱা নদী হৈছিল। 'বৃহৎ টাই জাতি', 'আহোম বুৰঞ্জী'ৰ লিখক শ্ৰীৰামেশ্বৰ বৰা, বি, এল, দেৱে বৃহৎ টাই জাতিৰ বুৰঞ্জীত 'কৰতোৱা নদী' পাৰত বিজয়ৰ স্মৃতিচিহ্নৰূপে সেনাপতি টনখামে এটা পুখুৰী খান্দি তাৰ পাৰত এটা মন্দিৰ তৈয়াৰ কৰালে বুলি উল্লেখ আছে। (পৃঃ ১১৬) সি যি নহওক, সেই সময়ৰ পৰাই দ'ল-পুখুৰী নিৰ্মাণৰ প্ৰথম সূচনা বুলি কোৱাৰ থল আছে।

ছয়শ বছৰীয়া আহোম ৰাজত্ব কালত বৰ অসমৰ অবিভক্ত শিৱসাগৰ জিলাতেই দ'ল-দেৱালয়-পুখুৰী আদি বেছি পৰিমাণে নিৰ্মাণ কৰা হৈছিল। বৰ্তমান শিৱসাগৰ জিলাত বৃহৎ পুখুৰী খান্দি পাৰত দ'ল নিৰ্মাণ কৰাই আহোম ৰজাসকলে এক অন্যতম ইতিহাস ৰচনা কৰে। তেওঁলোকে শিৱসাগৰ জিলা এলেকাত ৫০ টাতকৈও অধিক দ'ল নিৰ্মাণ কৰাইছিল। আনহাতে ৩০০ তকৈ অধিক সৰু-বৰ পুখুৰী খন্দাইছিল। ১৬শ শতিকাৰ পৰা ১৯৫০ চনৰ বৰ ভুঁইকপলৈকে ৫ টা ডাঙৰ ভুঁইকপ আৰু বানপানী আদি প্ৰাকৃতিক দুৰ্যোগত বহুতো কীৰ্তিচিহ্ন দ'ল-দেৱালয় ভাগি চিন নাইকিয়া হ'ল। বৰ বৰ পুখুৰী পাথৰোৱা মাটি হ'ল। কিছুমান দ'লৰ মাথোঁ ভগ্নাৱশেষহে আছে। কিছুমান পুখুৰীৰ নাম বুৰঞ্জীৰ পাতত আৰু বৃদ্ধলোকৰ মুখে মুখেহে আছে। প্ৰবন্ধটিত বুৰঞ্জীৰ পাতৰ পৰা আৰু শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰত সিঁচৰিত হৈ থকা দ'ল-দেৱালয় আৰু পুখুৰীসমূহৰ নাম বৃদ্ধলোকৰ মুখৰ পৰা বুটলি আনি সন্নিবিষ্ট কৰা হৈছে। অজ্ঞাতে দুই এটা নাম সম্পদৰ নাম থাকি যোৱাটো স্বাভাৱিক। আনহাতে কিছুমান পুখুৰীৰ নামো পাবলৈ নাইকিয়া হৈছে। দ'ল-দেৱালয় নিৰ্মাণ:- আহোম যুগত ৰাজকীয়ভাৱে যিবিলাক দ'ল-দেৱালয় নিৰ্মাণ কৰিছিল সিবিলাকক পুখুৰী খান্দি তাৰ পাৰত নিৰ্মাণ কৰাৰ এক অন্যতম পদ্ধতি আছিল। প্ৰাকৃতিক দুৰ্যোগত যাতে সহজে ক্ষতি সাধন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদ্ধতি অৱলম্বন কৰা বুলি কোৱাৰ থল আছে। পুখুৰী খান্দি পাৰত নিৰ্মাণ কৰা অন্যান্য মঠ-মন্দিৰবিলাক বিশেষভাৱে ওখ ঠাইত নিৰ্মাণ কৰাৰ দৃষ্টান্ত আছে। দ'ল দেৱালয় বিলাকৰ সমুখভাগত দুচলীয়া তোৰণ (বুলনি ঘৰ) বাটচ'ৰা নিৰ্মাণ কৰা হৈছিল। ছালবিলাক ইটাৰে গঁথা। দ'ল-দেৱালয়বিলাক নিৰ্মাণ কৰোতে সাধাৰণতে চূণ, চুৰকি, কণী, মাটিমাহ, মাছ, ধূনা আদি সংমিশ্ৰণ কৰি তৈয়াৰ কৰা মছলা ইটাৰ গাঁঠনিৰ মাজত ব্যৱহাৰ কৰিছিল বুলি জনা যায়। শামুক, চূণ, মাছৰ তেল, জোকৰ তেজ আদিৰ মিশ্ৰণেৰে ৰং তৈয়াৰ কৰি দ'ল-দেৱালয়বিলাকৰ গাৰ ৰং মসৃণ কৰিবলৈ সেই ৰং ইটাৰ ওপৰত ব্যৱহাৰ কৰিছিল বুলি জনা যায়।

 আহোম ৰাজত্বকালত নিৰ্মাণ কৰা প্ৰতিটো দ'লৰ গাত দেৱ-দেৱতা আদিৰ ভাস্কৰ্য প্ৰতিষ্ঠা কৰাৰ উপৰিও সৌন্দৰ্য বৰ্ধনৰ বাবে লতা-ফুল আদি চিত্ৰিত কৰা হৈছিল। ছশ বছৰীয়া আহোম ৰাজত্বকালত নিৰ্মাণ কৰা দ'লসমূহৰ ভিতৰত জয়সাগৰ পুখুৰীৰ পাৰত নিৰ্মাণ কৰা বিষ্ণু কেশৰায় দ'ল (জয়দ'ল), শিৱসাগৰ পুখুৰীৰ পাৰত নিৰ্মাণ কৰা শিৱদ'ল আৰু জয়সাগৰ পুখুৰীৰ পশ্চিম চুকৰ খাৱৈত নিৰ্মাণ কৰা নাতি গোঁসাই দ'ল (ঘনশ্যাম মন্দিৰ) এক অন্যতম আপুৰুগীয়া সম্পদ বুলি ক'ব পাৰি। বিষ্ণু কেশৰায় দ'ল (জয়দ'ল), নাতি গোঁসাই দ'ল (ঘনশ্যাম মন্দিৰ) আৰু শিৱসাগৰ পুখুৰীৰ পাৰত স্থাপিত শিৱ দ'লক এই কাৰণেই আহোম যুগৰ এক অন্যতম মন্দিৰ বুলি কোৱা হৈছে- "জয়দ'লৰৰ গাত দেৱ-দেৱতাৰ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ ওপৰিও জীৱ-জন্তুৰ আপুৰুগীয়া মূৰ্তি আৰু লৌকিক নৃত্য চিত্ৰৰে অলংকৃত কৰি আহোম যুগৰ ঐক্য সম্প্ৰীতিৰ মিলনৰ এক অন্যতম সমাবেশ ঘটাইছে। আনহাতে শিল্প আৰু ভাস্কৰ্যৰ সুগম মিলনো ঘটাইছে। নাট্যকাৰ বুৰঞ্জীবিদ যোগেন চেতিয়াৰ "জয়দ'লৰ স্থাপত্য আৰু ভাস্কৰ্য শিল্পৰ সমীক্ষা" নামৰ প্ৰকাশিত প্ৰবন্ধ উল্লেখযোগ্য (অসম সাহিত্য সভা পত্ৰিকা ৩য় ৪ৰ্থ সংখ্যা ১৯৮৭")। জয়দ'লৰ কলচী অতীতত সোণৰ পাটেৰে মেৰোৱা আছিল বুলি বুৰঞ্জীত উল্লেখ আছে। মানৰ আক্ৰমণত দ'লৰ কলচী খহাই বুলি প্ৰবাদ আছে। কলচীটো এতিয়াও জয়সাগৰ পুখুৰীত পৰি আছে বুলি বৃদ্ধ লোকে কয়। শিৱসাগৰ শিৱদ'লৰ গাতো প্ৰতিষ্ঠা কৰা ভাস্কৰ্যৰ অলংকৰণৰ এক অন্যতম অলংকৰণ। সোণৰ পাটেৰে মেৰোৱা শিৱদ'লৰ সোণৰ কলচী ভাৰতবৰ্ষৰ ভিতৰতে এক অন্যতম নিদৰ্শন। জয়সাগৰ পুখুৰীৰ পশ্চিম চুকৰ খাৱৈত থকা নাতি গোঁসাই দ'লৰ (ঘনশ্যাম মন্দিৰ) গাত স্থাপিত কৰা আপুৰুগীয়া পোৰামাটিৰ ভাস্কৰ্যই আহোম যুগৰ বিজ্ঞান আৰু শিল্পকলাৰ এক অন্যতম নিদৰ্শন দাঙি ধৰিছে। দ'লবিলাকৰ চৌহদৰ সৌন্দৰ্যৰ বাবে মূল্যবান গছ ৰোৱাৰ ওপৰিও ফুলনি বাৰী পাতি দৃষ্টিগোচৰ হোৱা কৰিছিল। দ'ল বা মন্দিৰবিলাকৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ জগাই তুলিবলৈ স'ততে যত্ন কৰিছিল। দ'ল দেৱালয়বিলাক সংৰক্ষণৰ ক্ষেত্ৰত একোজনকৈ বিষয়া নিয়োগ কৰিছিল। 

   আহোম স্বৰ্গদেউসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ আগতে সীমিত পৰিমাণৰ দ'ল দেৱালয়হে নিৰ্মাণ কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছৰে পৰা আহোম ৰাজত্ব কালৰ শেষাৰ্দ্ধলৈকে বৰ অসমৰ বিভিন্ন প্ৰান্তৰত শতাধিক পৰিমাণৰ দ'ল-দেৱালয় নিৰ্মাণ কৰাই আহোম ৰাজত্বকালৰ ইতিহাসত এক অভিলেখ ৰচনা কৰে। সেই শতাধিক দ'ল-দেৱালয়ৰ ভিতৰত বৰ্তমানৰ শিৱসাগৰ জিলাতে অৰ্দ্ধভাগতকৈ অধিক দ'ল-দেৱালয় নিৰ্মাণ কৰায়। নানা প্ৰাকৃতিক দুৰ্যোগে গৰকি যোৱাত ইবিলাকৰ কেতবোৰৰ ভগ্নাৱশেষহে আছে। যিবিলাক দ'ল-দেৱালয় বৰ্তমান জিলিকি আছে আৰু যিবিলাক দ'ল-দেৱালয়ৰ ভগ্নাৱশেষহে আছে তাৰ চমু ইতিহাস লিখাৰহে যত্ন কৰিছো। দ'লবিলাক পুখুৰীৰ পাৰত নিৰ্মাণ কৰাৰ বাবে দ'ল-দেৱালয়-পুখুৰী পৰস্পৰ সম্পৰ্কিত আৰু এইবিলাক স্মৃতি ৰক্ষাৰ্থে নিৰ্মাণ কৰোৱা দৃষ্টান্তই বেছি।

শিৱসাগৰ জিলাত অৱস্থিত ঐতিহাসিক পুখুৰীসমূহৰ চমু ইতিহাস:-


   বৰ্তমান শিৱসাগৰ জিলাত যিবিলাক পুৰণি পুখুৰী আছে, এই সকলোবোৰ পুখুৰীয়েই ছশ বছৰীয়া আহোম ৰাজত্বকালৰ বিভিন্ন সময়ত খন্দোৱা পুখুৰী। অসমত প্ৰাক্ আহোম যুগত যিবিলাক পুখুৰী খন্দাইছিল সেই পুখুৰীবিলাকৰ লগত আহোম ৰাজত্বকালত খন্দোৱা পুখুৰীবিলাকৰ যথেষ্ট পাৰ্থক্য আছে। দেওধাই বাইলুং পণ্ডিতসকলৰ হতুৱাই বাং চেং মৰাই স্থান নিৰ্বাচন কৰি বিজ্ঞানসন্মতভাৱে পুং বা উহ থকা ঠাই পৰীক্ষা কৰি, পুখুৰী খন্দাই পানীৰ পুঙত নাগমাৰি পুতি গুৰিত ৰহ ঢালি পানী পৰিষ্কাৰ কৰাৰ দৃষ্টান্ত অন্য যুগত খন্দোৱা পুখুৰীবিলাকত পোৱা নাযায়। এনে বিজ্ঞানসন্মতভাৱে পানীৰ পুং বিচাৰি পুখুৰী খন্দোৱাত অলপ দ কৰাৰ পাছতে পানী উহ বা পুং পোৱা যায় আৰু খাৱৈ বা যমুনা খান্দি পুখুৰীৰ পাৰ ওখ কৰিব লগা হয়। সেয়ে ৰাজকীয়ভাৱে খন্দোৱা জয়সাগৰ, গৌৰীসাগৰ, ৰুদ্ৰসাগৰ, শিৱসাগৰ আদি পুখুৰীসমূহ একেঠাইত টাবৰ দৰে আলাসতে ৰৈ থকাৰ দৰে লাগে।

   আহোম ৰাজত্বকালত ৰাজকীয়ভাৱে যিবিলাক পুখুৰী খন্দাইছিল, পাইক প্ৰথাৰে খন্দোৱা হৈছিল। পাইক তিনি প্ৰকাৰৰ আছিল- মূল পাইক, গা-পাইক আৰু দুৱলীয়া পাইক। মূল পাইকে ৰাইজৰ বিভিন্ন উন্নয়নমূলক কাম কৰিব লাগে। গা-পাইকে ৰজা, ডা-ডাঙৰীয়াসকলক ৰক্ষণাবেক্ষণ দিব লাগে আৰু দুৱলীয়া পাইকসকলে যুদ্ধ-বিগ্ৰহ হ'লে যাবতীয় কামত সহায় কৰিব লাগে। তাৰোপৰি পুখুৰী খন্দোৱা, আলি বন্ধোৱা আদি সামাজিক কামবিলাক কৰাওতে মূল পাইকসকলক ব্যৱহাৰ কৰিছিল। সেয়ে পুখুৰীবিলাক খন্দোৱা কাৰ্য অতি কম সময়ৰ ভিতৰতে কৰিব পাৰিছিল। ৰাজকীয়ভাৱে খন্দোৱা পুখুৰীবিলাক সৰ্বসাধাৰণতে ৰজা-ৰাণী, ডা-ডাঙৰীয়াসকলৰ স্মৃতিত খন্দাই পাৰত দ'ল-দেৱালয় নিৰ্মাণ কৰা দৃষ্টান্তই বেছি। পুখুৰীবিলাকৰ পাৰত মূল্যবান ফল-মূলৰ গছ ৰুই সৌন্দৰ্য বৰ্ধন কৰি সৰ্বসাধাৰণ প্ৰজাৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা কৰিছিল। আলিৰ কাষত বৃহ  বৃহ পুখুৰী খন্দাই পাৰত দ'ল-দেৱালয় নিৰ্মাণ কৰাই নগৰ-চহৰবিলাকৰ সৌন্দৰ্য বৰ্ধন কৰা আহোম স্বৰ্গদেউসকলৰ অন্য এক মূল লক্ষ্য আছিল। ঐতিহাসিক গৌৰীসাগৰৰ পৰা ৰংপুৰৰ নগৰেদি বৰ আলি হৈ গড়গাওঁ কাৰেঙলৈ যোৱা পথৰ কাষৰ দ'ল-দেৱালয় পুখুৰীবিলাক আহোম যুগৰ সৌন্দৰ্যবোধৰ এক অন্যতম বুলি ক'লে বঢ়াই কোৱা ন'হব।

   ৰাজকীয়ভাৱে  খন্দোৱা যিবিলাক  পুখুৰী ১০০(এশ)জন বৈদিক পুৰোহিতক আনি ধন-সোণ, দান-দক্ষিণা দি উসৰ্গা কৰোৱাইছিল সেই পুখুৰীবিলাকে সাগৰ আখ্যা পাইছিল। যিবিলাক পুখুৰী এশতকৈ কম বৈদিক ব্ৰাহ্মণ আনি উসৰ্গা কৰোৱাইছিল সেইবিলাকে পুখুৰী আখ্যা পাইছিল। আমাৰ বহুতো লোকে আহল-বহল ডাঙৰ পুখুৰী দেখিলেই সাগৰ বুলি ভাৱে।উদাহৰণস্বৰূপে, কালুগাঁৱত অৱস্থিত বৰপাত্ৰ পুখুৰীৰ আচল নাম এশজন বৈদিক ব্ৰাহ্মণ আনি উসৰ্গা কৰা কাৰণে 'লখিমী সাগৰ' পুখুৰী।

আহোম ৰাজত্বকালত ৰাজকীয়ভাৱে পুখুৰী খন্দোৱাৰ উপৰিও অন্য বিভিন্ন পুখুৰী খন্দোৱাৰ দৃষ্টান্ত পাতত আছে-
১) ৰজা-ৰাণী-কোঁৱৰসকলৰ স্মৃতি ৰক্ষাৰ্থে।
২) মন্ত্ৰী বা ডা-ডাঙৰীয়াসকলৰ স্মৃতি ৰক্ষাৰ্থে।
৩) যিসকলে প্ৰজাহিতকৰ বা দেশহিতকৰ কাম কৰিছিল সেইসকলৰ স্মৃতি ৰক্ষাৰ্থে।
৪) ৰণত জয়ী হোৱাৰ স্মৃতি ৰক্ষাৰ্থে।
৫) প্ৰজাই পানী খোৱাৰ সু-ব্যৱস্থাৰ বাবে।
৬) ৰাজকীয় পূজা সেৱাৰ মাহ-প্ৰসাদ ধুবৰ বাবে।
৭) খেতি-পথাৰৰ কামত কোৰ-নাঙল ধুবৰ বাবে।
৮) ৰজা-ৰাণী স্বৰ্গী হ'লে শ ধোৱাবৰ বাবে।
৯) ৰজাঘৰীয়া কাপোৰ-কানি ধুবৰ বাবে।
১০) মাছ জিৰোৱা, ফুলনি বাৰী পতা আদি বহুতো কাৰণত পুখুৰী খন্দোৱাৰ দৃষ্টান্ত আছে।

   ৰাজকীয়ভাৱে খন্দোৱা নাগমাৰি পোতা পুখুৰী, দ'ল-দেৱালয় আৰু বিভিন্ন কাহিনীৰ লগত জড়িত কেইটামান পুখুৰীৰ চমু ইতিহাস। 

চৰাইদেউত থকা দ'ল-দেৱালয়ঃ-

   চৰাইদেউত স্বৰ্গদেউ চ্যুকাফাই সৌমাৰখণ্ড জয় কৰি ১২৫৩ খৃঃত স্থায়ী ৰাজধানী প্ৰতিষ্ঠা কৰি আহোম ৰাজত্বকালৰ প্ৰথম প্ৰক্ৰিয়াৰ পাতনি মেলে। চৰাইদেউ নামটোৰ ক্ষেত্ৰত বুৰঞ্জীবিদসকলে বেলেগ বেলেগ মত পোষণ কৰা দেখা যায়। ৰায়বাহাদুৰ স্বৰ্গীয় পদ্মনাথ গোহাঁঞি বৰুৱাই তেখেতে প্ৰকাশ কৰা অসম বুৰঞ্জীত লিখিছে- কুকুৰা কাটি দেও বা দেৱতা পূজা কৰা কাৰণে সেই ঠাইৰ নাম চৰাইদেউ হ'ল। ডঃ লীলা গগৈয়ে পবিত্ৰ অসমত লিখিছে - চৰাইদেউ শব্দটোৰ আহোম ভাষাত দুটা অৰ্থ হয়। এটা অৰ্থ মতে চে-ৰাই-দেউ(চে- নগৰ, বা- চুটিয়া, দেউ- দেৱতা)। আনটো চে-ৰায়-ডয়। চে-নগৰ, ৰাই-জিলিকি, ডয়-পৰ্বত। অৰ্থা চৰাইদেউ মানে হ'ল জিলিকি থকা পৰ্বতীয়া নগৰ। তাই আহোম জ্যোতিষীয়া মহন দেউধাই বাইলুং পণ্ডিতসকলে তেত্ৰিশ কোটি দেৱতাক সেই ঠাইত (পৰ্বতত) স্থাপিত কৰাৰ কাৰণে নাম থলে চৰাইদেউ। (চ-স্থাপন কৰা, ৰাই-আগুৰা, ডয় (নয়) -পৰ্বত)। তাৰ পৰাই চৰাইদেউৰ উৎপত্তি হৈছে'- (সাৰথি ২য় বছৰ ৩য় সংখ্যাত প্ৰকাশিত 'সতী জযা' নামৰ কবিতাটোৰ টোকা। কবি- কবিতা কোঁৱৰ তাই পণ্ডিত শ্ৰীযুত অম্বেশ্বৰ চেতিযা ফুকন।) আহোম পণ্ডিত শ্ৰীযুত ডম্বৰু দেওধাই ফুকনৰ মতে, আহোম ভাষাত চ-জনোৱা, ৰাই-নজনা কথা, দেউ-দেৱতা। অৰ্থাৎ  দেৱতাক নজনা কথা জনোৱা। বুৰঞ্জীয়ে কয়, স্বৰ্গদেউ চ্যুকাফাই চৰাইদেউত ৰাজধানী পতাৰ কথা উ সৱ কৰি ঢাকঢোল বজাই দেৱতাক সন্তুষ্ট কৰিবৰ কাৰণে নুনীগছৰ তলত নিজৰ মৰমৰ বগা ঘোঁৰা বলি দি স্বৰ্গৰাজ লেঙ্গদনক (ইন্দ্ৰ) জনাইছিল। আহোমসকলে কুকুৰা দেওপখি বুলিছিল। আহোমসকলৰ মাজত কুকুৰা চৰাই এক অন্যতম পৱিত্ৰ বস্তু। বহুলোকে কুকুৰাক কুকুৰা নুবুলি চৰাই বুলিছিল। চৰাই কাটি যি ঠাইত পূজা কৰিছিল সেই ঠাইক চৰাইদেউ নামেৰে নামকৰণ কৰা হয় বুলি বহুলোকে কয়। আচলতে 'চে-ৰায়-ডয়' বা 'জিলিকি থকা পৰ্বতীয়া নগৰ' কেই সকলোৱে গ্ৰহণযোগ্য বুলি বিবেচনা কৰা হয়।

   ৰাজধানী স্থাপন কৰা কালৰ পৰাই চৰাইদেউত পূজা সেৱাৰ বাবে মঠ-মন্দিৰ আদি প্ৰতিষ্ঠা হৈছিল বুলি কোৱাৰ থল আছে। বুৰঞ্জীত উল্লেখ আছে 'দেওধাইসকলৰ পৰামৰ্শমতে স্বৰ্গদেৱে বৰবৰুৱাৰ হতুৱাই চৰাইদেউত সকলোবিলাক মন্দিৰ, হুকুম দেওশাল, কনাই দেওশাল, চোমদেওৰ দেওশাল নিৰ্মাণ কৰাইছিল।' ১৭শ খৃঃৰ পাছত ১৮শ খৃঃৰ মাজভাগত চোমদেও দেওঘৰ বজ্ৰপাত পৰি ধ্বংস হয়। বৰ্তমান চৰাইদেউ পৰ্বতত দেওশাল আৰু লাংকুৰি দ'লৰ ভগ্নাৱশেষহে দেখিবলৈ পোৱা যায়।

দেওশালঃ-

   চৰাইদেউৰ মৈদামনিৰ প্ৰায় ১ কিলোমিটাৰ নামনিত চৰাইদেউ পৰ্বতৰ সু-উচ্চ টিলাটোৰ ওপৰত দেওশাল অৱস্থিত আছিল। বৰ্তমান তাত শিলৰ আঠসিৰীয়া খুটা আৰু ইটা দ'ম বান্ধি আছে। অতীততে আঠকোণীয়া ডাঙৰ মন্দিৰ আছিল। মন্দিৰলৈ উঠি যাবৰ কাৰণে পকী খট-খটী আছিল।

লাংকুৰি দ'লঃ- 

   লাংকুৰি দ'ল শিৱদ'ল আছিল। আহোমসকলে শিৱদেৱতাক লাংকুৰি বুলিছিল। চৰাইদেউ দেওশালৰ দক্ষিণ দিশত থকা টিলাটোৰ ওপৰত স্বৰ্গদেউ গদাধৰ সিংহই ১৬১৩ শকৰ আঘোণ মাহত দ'ল নিৰ্মাণ কৰায়। ১৬১৩ শকৰ ফাগুণত এই দ'ল উৎসৰ্গা কৰে। পৰ্বতৰ নামনিত এটা পুখুৰী খন্দাই উৎসৰ্গা কৰি নাম থয় ভোগদৈ পুখুৰী। পাছলৈ মানুহে এই পুখুৰীটোক মিঠা পুখুৰী বোলে।

বানটুং দেৱালয়ঃ- 

   লাংকুৰি দ'লৰ দক্ষিণ-পশ্চিম দিশত কচিকলা দুৱৰা গাঁৱত শিলৰ এখন চালপীৰাৰ আৰ্হিৰ দেৱতা স্থাপন কৰা দেৱালয় আছে। এই চালপীৰাখন বানটুং দেৱালয়ৰ এটা অংশ আছিল। 

ৰহদৈৰ দ'ল পুখুৰীঃ- 

ৰহাৰ ৰহদৈ টিপামৰ ভাদৈ
শলগুৰিৰ আঘোণী বাই 
তিনিৰো ডিঙিত ধৰি তিনিও কান্দিলে 
সম্বন্ধত একোটি নাই
ৰহদৈ, ভাদৈ আৰু আঘোণীবাই এই তিনিওগৰাকী পোহাৰীয়ে কৌশলেৰে গদাধৰ কোঁৱৰক ৰক্ষা কৰাত গদাধৰ সিংহই ৰজা হোৱাৰ পাছত ৰহদৈৰ স্মৃতি ৰক্ষাৰ্থে ৰহাৰ ৰহণ পথাৰত এটা বৃহৎ পুখুৰী খন্দাই পাৰত দ'ল নিৰ্মাণ কৰাই উৎসৰ্গা কৰে। পুখুৰী পাৰত দ'লৰ ভগ্নাৱশেষ আছে। পানী থকা অংশৰ মাটিকালি ৭ পুৰা ৩ বিঘা। পাৰে সৈতে ১৮ পুৰা ২ বিঘা ৩ কঠা ১৮ লেচা। চাংৰুঙ্গ ফুকনৰ বুৰঞ্জী মতে, '১৬০৪ ৰ ৰহদৈ পুখুৰী পানীতে পূবা-পশ্চিমাকৈ দীঘে ৬৯ দ, প্ৰস্থে উত্তৰা-দক্ষিণাকৈ ৪৫ দ। আতে মাটি ৭ দ। পাৰে সৈতে দীঘে ৯৭ দ, প্ৰস্থে ৭৬ দ। ঝপাই মাটি ১৮।।৯৬।

মেছাগড় পুখুৰী আৰু দেৱালয়ৰ ভগ্নাৱশেষঃ- 

   স্বৰ্গদেউ প্ৰতাপ সিংহই বৰ আলিৰ কাষত মেছাগড়ত মাতৃ মেছলৌ কুঁৱৰীৰ স্মৃতিত ১৫৩৮ শকৰ পুহ মাহত পুখুৰী খন্দাই মাঘ মাহৰ সংক্ৰান্তিৰ দিনা গৰু-মহ কাটি উৎসৰ্গা কৰি 'মেছাগৰ পুখুৰী' নামে নামকৰণ কৰে। মেছাগড় পুখুৰীটো দীঘে পূবা-পশ্চিমাকৈ ৯৪ বেওঁ, প্ৰস্থে উত্তৰা-দক্ষিণাকৈ ৮০ বেওঁ। আতে মাটি ১৮ দ। পাৰ সৈতে দীঘে ১১২, প্ৰস্থে ৯৮, ঝপাই মাটি ২৭/৯১৬ (চাঃ ৰুঃ ফুঃ বুঃ)।

 ৰাজমাও পুখুৰী আৰু দ'লঃ-

   বৰ আলিৰ কাষত, মঠিয়াছিগাত স্বৰ্গদেউ শিৱসিংহই মাজু ৰাণীৰ মৃত্যু হোৱাৰ পাছত সলাল গোহাঁইৰ জীয়ৰী 'অনাদৰী' ওৰফে 'আকৰী'ক বৰকুঁৱৰী পাতে। এইগৰাকী বৰকুঁৱৰীয়েই শিৱসিংহৰ মাতৃ 'কেঁৰী ৰাজমাও'ৰ স্মৃতিত এটা পুখুৰী খন্দাই উওৰ পূব পাৰৰ পূৱ দিশত দ'ল নিৰ্মাণ কৰায়। ৰাজমাওৰ চকু এটা কেঁৰা আছিল কাৰণে কেঁৰী ৰাজমাওঁৰ দ'ল পুখুৰী বোলে। পুখুৰীৰ পানীতে মাটি কালি দীঘে ৭৮, বেওঁ প্ৰস্থে উত্তৰা-দক্ষিণাকৈ ৬৩। আতে মাটি ১২ পুৰা। পাৰে সৈতে দীঘে ৯৬ প্ৰস্থে ৮১, ঝপাই মাটি ১৯ ন ১৫। দ'লৰ মাটিকালি ১ বিঘা ৯ কঠা ১৬ লেচা। বৰ্তমান দ'লৰ ভগ্নাৱশেষহে আছে।

ফাকুৱা দ'লঃ-

   স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬২৫ শঁকত ফাকুৱা দ'ল নিৰ্মাণ কৰায়। দ'লটোৰ বেৰে ৬০ হাত। দ'লটোৰ গৰ্ভগৃহ মৈদামৰ আৰ্হিৰ আছিল, আৰু গাঁথনিটো খাপ খাপ কৰা। খুৰাৰে পৰা চলালৈ ওপৰত ২০ হাত ওখ। বৃদ্ধলোকৰ মুখৰ পৰা পোৱা তথ্য আৰু তেজপুৰ জামুগুৰিৰ নন্দিকেশ্বৰ দেৱালয়ৰ তামৰ ফলিত লিখা আছে স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ জয়মতী কুঁৱৰীৰ এটি সোণৰ প্ৰতিমা কৰাই নীতি নিয়মেৰে মৈদাম দিয়ে। পাছত মৈদামৰ ওপৰতে ফাকুৱা দ'ল নিৰ্মাণ কৰায়। এই দ'ল নিৰ্মাণ কৰোতে ১২টা  কৰালৰ  গাঁত আছিল। বৰ্তমান অসম ৰাজ্যিক পুৰাতত্ব বিভাগে পুনৰ নিৰ্মাণ কৰিছে। 

তলাতল ঘৰঃ-

   তলাতল ঘৰৰ গাতে থকা উওৰ-পশ্চিমত স্বৰ্গদেউসকলে নিত্য-নৈমিত্তিক পূজা কৰা শিৱমন্দিৰ আছে। মন্দিৰটো সৰু হ'লেও আটক ধুনীয়া।

ঈষানেশ্বৰ দ'লঃ-

   ৰংপুৰ তলাতল ঘৰৰ চাৰিগড়ৰ ভিতৰত দক্ষিণ দিশত স্বৰ্গদেউ লক্ষ্মীসিংহৰ মাকে ঈষানেশ্বৰ দ'ল নামে এটা শিৱদ'ল নিৰ্মাণ কৰাইছিল। দ'লটোৰ নিৰ্মাণৰ কাম ১৬৯৬ শকৰ ২ দিন যাওতে আৰম্ভ কৰিছিল। দীঘে ১১ হাত, প্ৰস্থে ৭ হাত, মুধৰ বাৰ ডাঠ ২ হাত ১৮ আঙুল। পাচনৰ ২ হাত জগমোহন দীঘে ৫ হাত, প্ৰস্থে ৪ হাত, বাৰ মুধে ৬ হাত আতে কৰালৰ গাত ৩৮ টা, লঠিয়া শিল ৮৮৯০ টা, ইটা ২৮৬৬৯০ খন, দীঘল ইটা ৩০০ খন, মাহ ১১৭ ঢোল, শন ১১৭ ঢোল, শামুক চূণৰ গুৰি ২৪২০ ঢোল, চকা চূণ ২৮২০ কলহ, গুৰ ১০৭০ কলহ, তেল ৩৬ ঢোল, ধূনা ২৪৮ সেৰ,মাছ ২৫ ডাং। বৰ্তমান দ'লৰ চিন-মোকাম নাই।

আলন গোহাঁই দ'ল পুখুৰীঃ-

   স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত ৰাষ্ট্ৰীয় পথ বৰবৰুৱা আলিৰ কাষত ডিমৌ চাৰিআলিৰ পূব চুকত আলন গোহাঁই পুখুৰীৰ পূব পাৰত এটা দ'ল আছিল। বৰ্তমান পুখুৰীটো আছে কিন্তু দ'লটোৰ কোনো চিন মোকাম নাই।

খঁৰা দ'লঃ-

   স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত গড়গাঁও নগৰৰ বাহিৰ গড় বাঁহগড় মেছাগড়ৰ পৰা এটি গড় নিৰ্মাণ কৰিছিল। গড়টো কালুগাঁৱৰ মাজভাগতে খঁৰা হৈ থাকিল। য'ত গড়টো খঁৰা হৈ থাকিল তাৰ মূৰতে এটা দ'ল নিৰ্মাণ কৰাইছিল। দ'লটোও সম্পূৰ্ণ নোহোৱাকৈ খঁৰা হৈ থাকিল কাৰণে খঁৰা দ'ল বোলে।

দিখৌ দ'লঃ-

   হাতীখোকৰ ওচৰত দিখৌ দ'ল নামে এটা দ'ল আছিল বুলি বুৰঞ্জীৰ পাতৰ পৰা জনা যায়। দ'লটো কেতিয়া, কোনে, কোনঠাইত নিৰ্মাণ কৰিছিল ওৱাদিহ পাবলৈ নাই। 

গড়গাঁৱৰ গোবিন্দ দ'লঃ-

   গড়গাঁও নগৰত স্বৰ্গদেউসকলে পূজা সেৱা কৰিবলৈ গোবিন্দ দ'ল নামে এটা দ'ল আছিল। দ'লটোৰ বৰ্তমান চিন-মোকাম নাই। গোবিন্দ দ'লৰ গড়ৰ ভিতৰত দীঘে ১৬ বেওঁ, প্ৰস্থে ১০ বেওঁ, আতে মাটি।

নাফুকৰ দ'লঃ-

   স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মাহীমাক নাফুকীয়া সন্দিকৈৰ জীয়াৰী ৰাজমাও দেউতাই নাফুক নৈত শিৱদ'ল সাকোঁ বন্ধাই নাফুক নৈৰ পাৰত দ'লৰ নিৰ্মাণ কৰাইছিল। বৰ্তমান দ'লৰ ভগ্নাৱশেষহে আছে। 

মাইবেলাৰ দ'ল পুখুৰীঃ-

   স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত মাইবেলাত এটা পুখুৰী খান্দি পাৰত এটা শিৱদ'ল নিৰ্মাণ কৰাইছিল। বৰ্তমান মথুৰাপুৰ চাহ বাগিছাৰ ভিতৰত দ'লৰ ভগ্নাৱশেষ আছে। 

বগীদ'ল আৰু পুখুৰীঃ-

   গজপুৰীয়া আলিৰ কাষত জয়সাগৰৰ পূৱফালে ৫ কিলোমিটাৰ দূৰত স্বৰ্গদেউ লক্ষ্মীসিংহৰ মাক  বগী ৰাজমাওৱে পুখুৰী খন্দোৱাৰ কাম আৰম্ভ কৰে। পুখুৰী খন্দোৱাৰ কাম শেষ নৌ হওতেই ৰাজমাও স্বৰ্গগামী হয়। পুত্ৰ লক্ষ্মীসিংহই পুখুৰী খন্দাৰ কাম সম্পূৰ্ণ কৰোৱায়। পুখুৰীপাৰৰ উত্তৰ কোণত দ'ল নিৰ্মাণ কৰাই ব্ৰাহ্মণ মহন্ত সমন্ধিতে দান দক্ষিণা দি মাতৃ বগী ৰাজমাওৰ স্মৃতিত উৎসৰ্গা কৰে। পুখুৰীৰ পানীতে মাটি কালি ৯ পুৰা। পাৰে সৈতে ২১ পুৰা। দ'লটো ১৯৫০ চনৰ বৰ ভূঁইকপত ভাগি পৰাত ভগ্নাৱশেষ আছে।

বৰ্তমান শিৱসাগৰ জিলাত অসমৰ স্মৃতি হৈ জিলিকি থকা পুখুৰী, দ'ল-দেৱালয়ৰ চমু ইতিহাসঃ- 


জয়সাগৰ পুখুৰী  আৰু দ'লঃ-

   স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত মাতৃ জয়মতী কুঁৱৰীৰ দেশপ্ৰেম আৰু স্বামীভক্তিৰ অমৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে (স্বৰ্গদেউ চুলিক্ফা বা ল'ৰাৰজাই স্বামী গদাপানী কোঁৱৰক বাতৰি বিচাৰি চাওদাঙৰ হতুৱাই জেৰেঙা পথাৰত যি ঠাইত জয়মতী কুঁৱৰীক শাস্তি দি মৰালে সেই ঠাইতে) মাতৃৰ স্মৃতিত বিশাল পুখুৰী খন্দাই উত্তৰ-পূৱ পাৰত পঞ্চদেৱতাৰ নামত ৫ টা মন্দিৰ নিৰ্মাণ কৰায়। মন্দিৰকেইটা হ'ল - কেশৰায় বিষ্ণু দ'ল (জয় দ'ল), সূৰ্য মন্দিৰ, গণেশ মন্দিৰ, ভোগ ঘৰ (মন্দিৰৰ পূজা সেৱাৰ সামগ্ৰী থোৱা), বৈদ্যনাথ শিৱদ'ল, আৰু দেৱীদ'ল আৰু বা দেৱীঘৰ। মন্দিৰ বা দ'লবিলাকত অতীততে থকা বিগ্ৰহ বৰ্তমান নথকাৰ কাৰণে সূৰ্য মন্দিৰ আৰু গণেশ মন্দিৰ চিনাক্ত কৰা টান হৈ পৰিছে। জয়সাগৰ পুখুৰীৰ নিৰ্মাণ কাৰ্য ১৬১৯ শঁকৰ আঘোণৰ তিনিদিন যাওঁতে গুৰুবাৰে আৰম্ভ কৰে। ৪৫ দিনত পুখুৰীৰ কাম সম্পূৰ্ণ কৰি উছৰ্গা কৰে আৰু নাম থয় 'জয়সাগৰ'। 'জয়সাগৰ পুখুৰীৰ মাটিকালি পুখুৰীৰ দীঘে পানীতে পূবা-পশ্চিমাকৈ ২৪৭ দ বেওঁ, প্ৰস্থে উত্তৰা-দক্ষিণাকৈ ১৯৪ ।। দ বেওঁ। আতে মাটি ১১৭। ৯ দ পুৰা। পাৰে সৈতে দীঘে ২৯৪ দ, প্ৰস্থে ২৬৮, আতে মাটি ২১০। দ ১৩ দ, উত্তৰ পাৰ বলে ৪৯ লেও হাত, ৭ খাউৱৈত ৭ ঢাপে পইৰা এ। দক্ষিণ পাৰ বলে ১৮ লেও হাত ৭ খাৱৈত ৭ ঢাপ পইৰা। পশ্চিম পাৰে বলে ৩৩ লেও হাত, ৮ হাত খাৱৈত ৬ ঢাপ পইৰা। ঢাপে খাৱৈয়ে সৈতে পূবা-পশ্চিমাকৈ দীঘে ৩৫০ বেওঁ। উত্তৰা-দক্ষিণাকৈ প্ৰস্থ ৩৫০ বেওঁ। উত্তৰা-দক্ষিণাকৈ প্ৰস্থে ২৭৫, আতে মাটি ২৪০।।৯০।'

   জয়সাগৰ পুখুৰীৰ পানীৰ উহঁ বা পুং ওপৰতে পোৱাৰ কাৰণে ৭ খন খাৱৈ খান্দি পাৰ নিৰ্মাণ কৰিছিল। পুখুৰীৰ পানীৰ পুঙত নাগমাৰি প্ৰতিষ্ঠা কৰা হৈছিল।

   জয়সাগৰ পুখুৰীৰ তলাতল ঘৰৰ মিঠা-পুখুৰীলৈ পানী যাবৰ কাৰণে এটা পকী নলা আছিল। বৰ্তমান পকী নলাটো নাই যদিও তাৰ পকী কৰা টুকুৰা দেখা পোৱা যায়।

জয়সাগৰৰ দেৱীঘৰৰ জোখঃ-

   দেৱীঘৰৰ জোখ-পোত ৬ হাত, দীঘে পূবা-পশ্চিমাকৈ ২৮ হাত, উত্তৰা-দক্ষিণাকৈ ২৪ হাত, গহ্বৰ ওখ শূণ্য ২২ হাত, ডাঠ ৪ হাত, বাৰ ডাঠ ৫ হাত গহ্বৰ বহলে ১৮ হাত বলে ১৫ হাত বাৰ ডাঠ ৪ হাত ঘৰৰ মাজে মূধ ওখ ১৪ হাত, পাছে ৭ হাত। 

জয়সাগৰৰ জগমোহন দ'লৰ জোখঃ-

   জগমোহন দীঘলে ১৪ হাত বলে ১১ হাত বাৰ ডাঠে ৩ হাত, ওখ শূণ্য ৭ হাত। আতে বস্তু কৰালৰ গাত ৪৪ টা, গুৰ ২৮৬৩ কলহ, মাহ ৩২৮ ঢোল, শন ৩২৮ ঢোল, গুৰি চূণ ৭৫৩০ ঢোল, শিলচূণৰ গুড়ি ২৩৪০ ঢোল, চকা চূণ ৮২৪৮ কম, মাছ ২৪৮ ডাং, তেল ৩০ ঢোল, ধূনা ১৮০ সেৰ, ইটা ৪৩৪৮১৪ খন, লঠিয়া শিল ৫৮২৪২ টা।

শিৱসাগৰ পুখুৰী আৰু দ'লঃ-

   স্বৰ্গদেউ শিৱসিংহৰ ২য় ভাৰ্যা অম্বিকা বা মদাম্বিকা কুঁৱৰীয়ে স্বামীৰ নাম চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে ১৬৫৫ শঁকৰ জেঠৰ ৬ দিন যাওঁতে গুৰুবাৰে শিৱসাগৰ পুখুৰীৰ খননকাৰ্য আৰম্ভ কৰে। ১৬৫৬ শঁকৰ বৈশাগৰ ৬ দিন যাওতে গুৰুবাৰে প্ৰতিষ্ঠা কৰি নাম থয় শিৱসাগৰ পুখুৰী। দক্ষিণ-পশ্চিম পাৰত বিষ্ণুদ'ল,শিৱদ'ল আৰু দেৱীদ'ল কৰোৱাই পুখপৰীৰ পাৰৰ সৌন্দৰ্যবৰ্দ্ধন কৰে। শিৱসাগৰ পুখুৰীপাৰত সোণৰ কলচী প্ৰতিষ্ঠা কৰা শিৱদ'ল অসম তথা ভাৰতবৰ্ষৰ ভিতৰতে অন্যতম। 

   'পুখুৰীৰ মাটিকালি পানীতে পূবা-পশ্চিমাকৈ দীঘে ২১৭ বেওঁ। উত্তৰা-দক্ষিণাকৈ ১৮০ । আতে মাটি ৯৭ ।। ঢাপে খাৱৈয়ে দীঘে ২৮৩ প্ৰস্থে ২৭৫ । ঝপাই মাটি ১৯৪ ।।; ৬ ।' (চাঃফুঃবুৰঞ্জী।) পুখুৰীৰ ২ খন যমুনা খাৱৈ আছিল। পানীৰ পুঙত নাগমাৰি প্ৰতিষ্ঠা কৰা হৈছিল।

   দ'লৰ গৰ্ভগৃহৰ পৰা পুখুৰীলৈ সংযোগী এটা পকী সুৰঙ্গ আছিল। সেই সুৰঙ্গইদি গৈ পূজা কৰা ফুল আদি পুখুৰীত পৰিছিল। ১৯৫০ চনৰ বৰভুঁইকপত সুৰঙ্গটো ভাগি বন্ধ হৈ পৰে।

শিৱসাগৰ বৰদ'ল বা শিৱদ'লৰ জোখঃ-

   দ'লৰ বেৰে ১৩০ হাত, পাটি-এৰে ১৮ হাত, বাজু ১৬ হাত, বাৰ ডাঠে ১২ হাত, গহ্বৰ বলে ১৬ হাত, ওখকৈ খুৰাপাটৰ পৰা ওপৰ মুধলৈ ১২ হাত ২৬ হাত, তাৰ পৰা চুলাৰ ওপৰলৈ ৫৭ ।। হাত।

গোসাঁই দ'ল বা বিষ্ণুদ'লৰ জোখঃ-

   বেৰে ৮০ হাত, পাটি এৰে বলে ১২ হাত, বাজু বলে ৮ হাত, গহ্বৰ শূণ্য বলে ১৪ হাত, বাৰ ডাঠ ৬ হাত, ওখকৈ খুৰা পাটৰ পৰা ওপৰ মূধলৈ ১২ হাত, তাৰে পৰা চুলাৰ ওপৰলৈ ২৮ হাত। (চাঃফুঃবুঃ)

দেৱীদ'লৰ জোখঃ-

   মেৰে ৮০ হাত, পাটি এৰে বলে ১২ হাত, বাজু বলে ৮ হাত, গহ্বৰ শূণ্য বলে ১৪ হাত বাৰ, ডাঠে ৬ হাত ওখকৈ খুৰা-পাটৰ পৰা ওপৰলৈ মূধলৈ ১২ হাত, তাৰে পৰা চুলাৰ ওপৰলৈ ২৮ হাত।' নৱযুগ বান শশী শকাব্দ। (চাঃফুঃবুঃ)

গৌৰীসাগৰ পুখুৰী আৰু দ'লঃ-

   স্বৰ্গদেউ শিৱসিংহৰ বৰৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে ১৬৪৫ শঁক ফাগুণৰ ৫ দিন যাওতে গৌৰীসাগৰ পুখুৰী খন্দাৰ কাম আৰম্ভ কৰোৱায়য় আৰু ১৬৪৬ শঁকৰ আহাৰ মাহৰ ১৬ দিন যাওতে পুখুৰী খন্দা কাম শেষ হয়। পাছত উত্তৰ-পূব পাৰত বিষ্ণুদ'ল, শিৱদ'ল, দেৱীদ'ল নিৰ্মাণ কৰায়। পুখুৰীটো গৌৰীদেৱীৰ স্মৃতিত উছৰ্গা কৰি নাম থয় গৌৰীসাগৰ। গৌৰীসাগৰ পুখুৰীৰ অতীততে ৩ খন খাৱৈ বা যমুনা আছিল। পুখুৰীৰ পানীৰ পুঙত নাগ মাৰি প্ৰতিষ্ঠা কৰা। পুখুৰীৰ মাটিকালি পূবা-পশ্চিমাকৈ দীঘে পানীতে ২৩৪ । উত্তৰা-দক্ষিণাকৈ ১৯৪ । আতে মাটি ১১৩১৫ উত্তৰ পাৰ বলে ১৫ লেও হাত ৪ খাৱৈ ৫৯ ঢাপে পইৰা ৬ । ঢাপে খাৱৈয়ে পানীৰে সৈতে পূবা-পশ্চিমাকৈ ৩১৫ উত্তৰা-দক্ষিণাকৈ প্ৰস্থে ৩০২ । আতে মাটি ২২১৮ । 

গৌৰীসাগৰ দ'লৰ জোখঃ- 

শিৱদ'লঃ- 

   বেৰে ১২০ হাত, পাটিএদি ১৫ হাত, বাজু ১৬ হাত বাৰ ডাঠ ১১ হাত, গহ্বৰ বলে ১৫ হাত, ওখকৈ খুৰা পাতৰ পৰা ওপৰ মূধলৈ ২০ হাত, তাৰে পৰা চুলাৰ ওপৰলৈ ৪৩ হাত। 

গোসাই দ'ল বা বিষ্ণুদ'লঃ-

   দ'লৰ মেৰে ৮০ হাত গহ্বৰ শূণ্য বলে ১৪ হাত বাৰ ডাঠে ৬ হাত ওখকৈ খুৰাপাটৰ পৰা মূধলৈ ১২ হাত, তাৰ পৰা চুলাৰ ওপৰলৈ ২৮ হাত, পাটিএদি  বলে ১২ হাত, বাজু বলে ৮ হাত। 

দেৱীদ'লঃ-

   দেৱীদ'লৰ মেৰে ৮০ হাত, পাটিএদি এৰে বলে ১২ হাত, বাজু বলে ৮ হাত, গহ্বৰ শূণ্য ১৪ হাত, বাৰ ডাঠে ৬ হাত, ওখকৈ খুৰাপাটৰ পৰা মূধলৈ ১২ হাত, তাৰে পৰা চুলাৰ ওপৰলৈ ২৮ হাত। 

ৰুদ্ৰসাগৰ দ'ল পুখুৰীঃ-

   স্বৰ্গদেউ লক্ষ্মীসিংহই পিতৃ ৰুদ্ৰসিংহৰ স্মৃতি যাউতিযুগীয়া কৰি ৰাখিবৰ কাৰণে ৰাষ্ট্ৰীয় পথৰ কাষত জেৰেঙা পথাৰত এটা পুখুৰী খন্দাই পাৰত বিষ্ণুদ'ল নিৰ্মাণ কৰাই উছৰ্গা কৰি নাম থয় ৰুদ্ৰসাগৰ পুখুৰী। মানুহে এই পুখুৰীটোক ন-পুখুৰী বোলে। পুখুৰীৰ মাটিকালি ৯০ পুৰা বুলি জনা যায়।

আঠাই সাগৰ পুখুৰীঃ-

 স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকাললত অনাবৃষ্টি হোৱাত ভটিয়াপাৰত এটা বিশাল সাগৰসদৃশ পুখুৰী খন্দাইছিল। কিম্বদন্তী মতে, এই পুখুৰীটোত পানী নোলোৱাৰ কাৰণে জলকোঁৱৰে ৰাণী কমলা কুঁৱৰীক পুখুৰীত উচৰ্গা কৰিলেহে পানী ওলাব বুলি সপোনত দেখুওৱাত ৰাইজৰ হিতৰ অৰ্থে কমলা কুঁৱৰীয়ে পুখুৰীত নামি নিজকে উছৰ্গিছিল। তেতিয়াৰ পৰাই 'কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী পানীয়ে কিমানে হ'ল'- এই গীতটোৰ সৃষ্টি হ'ল বুলি প্ৰবাদ আছে। পুখুৰীৰ মাটিকালি ১০০ পূৰাৰ অধিক।

বৰপাত্ৰ দ'ল পুখুৰীঃ-

   বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ৰাজত্বকালত ১৭১৪ খৃঃ আৰু ১৭২০ খৃঃৰ মাজভাগত ভায়েক বৰপাত্ৰ গোহাঁইৰ স্মৃতি ৰক্ষাৰ্থে জেৰেঙা পথাৰৰ কাষত কালুগাঁৱত এটা পুখুৰী খন্দাই উত্তৰ-পূব কোণত বিষ্ণুদ'ল আৰু জগধাত্ৰী দ'ল নামে দুটা দ'ল নিৰ্মাণ কৰাই উছৰ্গি নাম থয় লক্ষ্মীসাগৰ পুখুৰী। পুখুৰীৰ মাটিকালি ২৮ পুৰা।

নামতি দ'ল পুখুৰীঃ-

   আদাবৰীয়া সন্দিকৈ ভাগৱতী বৰবৰুৱাই ১৭৭৫ খৃঃত এটা পুখুৰী খন্দাই দক্ষিণ-পশ্চিম পাৰত জগমোহন দ'ল আৰু দেৱীদ'ল নিৰ্মাণ কৰাই। উছৰ্গি নাম থয় নামতি দ'ল পুখুৰী। নামতি দ'লৰ জোখ - 'দ'লৰ পাত ৯ হাত ওখকৈ ২১ হাত বেৰে ৫৮ হাত বাৰ ডাঠে ৩ হাত গহ্বৰ বহলে ৮ হাত বাজু ৬ হাত ৮ আঙুলৰ ৭ হাত জগমোহন দীঘে ৫ হাত প্ৰস্থে ৪ হাত। মূধৰ বাবে ডাঠে ২ হাত পাচোনৰ এক হাত।'

পিয়লি ফুকনৰ দ'ল পুখুৰীঃ-

   আহোম ৰাজত্বকালত বিখ্যাত ৰঙাচিলা দুৱৰা বংশৰ ফুকন বা খোৱা পিয়লি ফুকনৰ স্মৃতিত এটা পুখুৰী খন্দাই পাৰত বিষ্ণুদ'ল নিৰ্মাণ কৰা হয়। বহুলোকে ইংৰাজে ফাঁচী দিয়া পিয়লি ফুকনৰ স্মৃতিত এই দ'ল নিৰ্মাণ কৰোৱা বুলি ক'ব খোজে। প্ৰকৃততে ইংৰাজৰ আমোলৰ বহু আগতে এই দ'ল পুখুৰী ৰঙাচিলা দুৱৰা বংশৰ বিষয় বাব খোৱা পিয়লি ফুকনৰ স্মৃতিতহে নিৰ্মাণ হৈছিল। ইংৰাজৰ আমোলত বিদ্ৰোহী পিয়লি ফুকনৰ স্মৃতিত পুখুৰী খান্দি দ'ল নিৰ্মাণ কৰাৰ যুক্তি থাকিব নোৱাৰে। দ'ল পুখুৰী অক্ষত অৱস্থাত আছে।

মাইদ'লঃ-

   গড়গাঁও নগৰৰ পশ্চিম কোণত দিখৌ নৈৰ বিপৰীতে নাজিৰা নগৰৰ উত্তৰ দিশত দিখৌ নৈৰ মথাউৰীৰ কাষত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত এটা পুখুৰী খন্দাই পাৰত শিৱদ'ল নিৰ্মাণ কৰায়। এই দ'লটোক মহেশ্বৰৰ ঘৰ বুলি কয়। কোনোৱে দ'লটোক গৰখীয়া দ'ল বুলিও কয়। দ'লটোৰ গাত প্ৰতিষ্ঠা কৰা আপুৰুগীয়া ভাস্কৰ্য ফলিসমূহৰ সৰহ সংখ্যক এৰি গৈছে। সংৰক্ষণৰ অভাৱত দ'লৰ গাত বন গজি ওৱলি যোৱাৰ উপক্ৰম হৈছে।

থাওৰাৰ দ'ল পুখুৰীঃ-

   শিৱসাগৰ আৰু ডিমৌ চাৰিআলিৰ মাজত ৰাষ্ট্ৰীয় পথৰ কাষত স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত আলন দিহিঙীয়া বুঢ়াগোহাঁই বৰুৱাই এটা পুখুৰী খন্দাই দক্ষিণ-পূব পাৰত এটি দ'ল নিৰ্মাণ কৰায়। দ'ল পুখুৰী নিৰ্মাণৰ কাল ১৬৮৩-১৬৮৫ খৃঃৰ মাজত।

ৰংনাথৰ শিৱদ'লঃ-

  স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৭০৩ খৃঃত ৰাজধানীৰ তলাতল ঘৰৰ প্ৰহৰী আলিৰ কাষত ৰংনাথ শিৱদ'ল নিৰ্মাণ কৰায়। দ'লৰ কাষতে এটা পুখুৰী খন্দায়। পুখুৰীটো বৰ্তমান পিতনিত পৰিণত হৈছে। 

ঘনশ্যাম দ'লঃ-

   স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ঘনশ্যাম খনিকৰৰ কামত সন্তুষ্ট হৈ তেওঁৰ স্মৃতিত এটা দ'ল নিৰ্মাণ কৰায়। দ'লটোৰ গাত প্ৰতিষ্ঠা কৰা পোৰামাটিৰ ভাস্কৰ্যসমূহ আহোম যুগৰ এক অন্যতম সম্পদ। 

কেন্দুগুৰি বৰপাত্ৰ দ'ল পুখুৰীঃ-

   শিৱসাগৰ নগৰৰ পৰা পূব দিশত ১০ কিলোমিটাৰ দূৰত কেন্দুগুৰিত চেংকন বৰপাত্ৰ গোহাঁইয়ে এটা পুখুৰী খান্দি পাৰত ৩ টা দ'ল নিৰ্মাণ কৰাইছিল। দ'লকেইটা বিষ্ণুদ'ল, শিৱদ'ল আৰু দেৱীদ'ল বুলি অনুমান কৰিব পাৰি। বৰ্তমান তিনিওটা দ'লৰ ভগ্নাৱশেষহে আছে।

হৰগৌৰী দ'লঃ-

   স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত ৰংপুৰৰ নগৰৰ প্ৰহৰী আলিৰ কাষত হৰগৌৰী দ'ল নিৰ্মাণ কৰে। পূৰ্বে বকতিয়াল বৰবৰুৱাই কছাৰী দেশৰ পৰা চামুণ্ডা মুৰ্তি আনি হৰগৌৰী দ'লত প্ৰতিষ্ঠা কৰিছিল। 

গৌৰীবল্লভ দ'ল বা দেৱালয়ঃ-

   স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত ৰাজধানী তলাতল ঘৰৰ ঈশান কোণতে এটা পুখুৰী খন্দাই পাৰত গৌৰীবল্লভ দ'ল (শিৱদ'ল) নিৰ্মাণ কৰায়।

দেওশাল

ৰঙাগড়া দেওশালঃ-

   এই দেওশাল লাকুৱা আমলখি গুৰিত, দিচাং নৈৰ কাষত অৱস্থিত। ৰঙাগড়া দেওশালখন চৰাইদেউ পৰ্বতৰ পৰা ৰঙাগড়ালৈ স্থানান্তৰ কৰে। এই দেওশালত আহোমসকলে পূজাৰ বিধি মানি আহোম পুৰোহিতৰ হতুৱাই ওমফা পূজা ১২ বছৰৰ মূৰে মূৰে পালন কৰে।

বৰগাঁও দেওশালঃ-

   বৰগাঁও দেওশাল দিহিং মুখৰ পৰা বৰগাঁৱত অৱস্থিত। দেওশালখন প্ৰাক্-আহোম যুগৰ পুৰণি দেওশাল বুলি দুই এজন গৱেষকে ক'ব খোজে। ইয়াত চুতীয়াসকলৰ পুৰণি ৰীতি-নীতি মতে বলিবাহন দিয়ে। কিন্তু পুৰণি চিন মোকাম দেখা পোৱা নাযায়।
 
[TAO-CHUNG-PUO: A Souvenir published on the occasion of 5th conference, Tai Ahom Yuba Parishad, Assam edited by Chou Pranjal Jyoti Mohon published by Reception committee 5th conference Tai Ahom Yuba Parishad; Sivasagar- 2009]

Post a Comment

Previous Post Next Post