বিজ্ঞান-প্ৰযুক্তিৰ কুইজ

Section - A


১/ গুগল (Google) কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু কোনে প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ :- গুগল (Google) ১৯৯৮ চনত প্ৰতিষ্ঠা কৰা হৈছিল। গুগল প্ৰতিষ্ঠা কৰা ব্যক্তি দুজন হল - লেৰী পে'জ (Larry Page) আৰু চাৰ্গেই ব্ৰিন (Sergey Brin)। দুয়োজন পি এইচ ডি অধ্যয়নৰত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল।

২/ আমাজন (amazon) কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ :- ৫ জুলাই, ১৯৯৪ চনত। জেফ বেজচে (Jeff Bezos) য়ে আমাজন প্ৰতিষ্ঠা কৰিছিল।

৩/ মাইক্ৰচফ্ট (Microsoft) কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ :- ৪ এপ্ৰিল, ১৯৭৫ চনত, বিল গেটছ (Bill Gates) আৰু পাউল এলেন (Paul Allen) য়ে  মাইক্ৰচফ্ট প্ৰতিষ্ঠা কৰিছিল।

৪/ এপল (Apple) কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ :- ১ এপ্ৰিল, ১৯৭৬ চনত। ষ্টিভ জবচ (Steve Jobs), ষ্টিভ উজনিয়াক (Steve Wozniak) আৰু ৰনাল্ড উৱেনে (Ronald Wayne) এপল  প্ৰতিষ্ঠা কৰিছিল

৫/ আলি বাবা (Alibaba) কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ :- ৪ এপ্ৰিল, ১৯৯৯ চনত। জেক মা (Jack Ma) য়ে আলি বাবা প্ৰতিষ্ঠা কৰিছিল।

৬/ চেমছাং (Samsung) কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ :- ১ মাৰ্চ, ১৯৩৮ চনত। লি বিয়ুঙ্গ চৌল (Li Byung Chul) য়ে চেমছাং প্ৰতিষ্ঠা কৰিছিল।

৭/ ফ্লিপকাৰ্ট (Flipkart) কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ :- অক্টোবৰ, ২০০৭ চনত। শচীন বাঞ্চাল (Sachin Bansal) আৰু বিন্নী বাঞ্চাল (Binny Bansal) য়ে ফ্লিপকাৰ্ট  প্ৰতিষ্ঠা কৰিছিল।

৮/ ফেচবুক (Facebook) কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ :- ৪ ফেব্ৰুৱাৰী, ২০০৪ চনত। মাৰ্ক জোকাৰবাৰ্গ (Mark Zuckerberg), এডৱাৰ্ড সাভেৰিন (Eduardo Saverin), এন্দ্ৰিও মেকলুম (Andrew Mccolum), দুষ্টিন মস্কভিতজ (Dustin Moskovitz), শ্ৰীৰিশ সুঘেছ (Chris Hughes) য়ে ফেচবুক প্ৰতিষ্ঠা কৰিছিল

৯/ টুইটাৰ (Twitter) কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ :- ২১ মাৰ্চ, ২০০৬ চনত। জেক ডৰ্ছে (Jack Dorsey),  নআহ গ্লাছ (Noah Glass), ইভান উইলিয়ামছ (Evan Williams), বীজ স্তন (Biz Stone) য়ে টুইটাৰ প্ৰতিষ্ঠা কৰিছিল।

১০/ গুগল ক্ৰোম (Google Chrome) কোন চনত মুকলি কৰা হৈছিল ?
উত্তৰ :- ২০০৮ চনত গুগল ক্ৰোম মুকলি কৰা হৈছিল।

১১/ ২০২১ বৰ্ষত অসমলৈ দেশৰ বিজ্ঞানজগতৰ সৰ্বোচ্চ সন্মান শান্তিস্বৰূপ ভাটনগৰ বঁটা লাভ কৰা অসমীয়া গৱেষক বিজ্ঞানী জনৰ নাম কি আছিল?
উত্তৰ:- ড° বিনয় কুমাৰ শইকীয়া।[যোৰহাট NEIST ৰ গৱেষক বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়া]

১২/ ২০২১ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা লাভ কৰা বিজ্ঞানী দুজনৰ নাম কি আছিল?
উত্তৰ:- ২০২১ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা লাভ কৰা বিজ্ঞানী দুজনৰ নাম আছিল বেঞ্জামিন লিষ্ট (Benjamin List) আৰু ডেভিদ মেকমিলন (David William Cross MacMillan)। "Development of Asymmetric Organocatalysis" বিষয়ত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে দুইগৰাকী বিজ্ঞানীক যুটীয়াভাৱে ২০২১ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা প্ৰদান কৰা হয়

Post a Comment

Previous Post Next Post