১/ প্ৰথম আহোম ৰজা জনৰ নাম কি ?
উত্তৰ :- স্বৰ্গদেউ চাওলুং ছ্যুকাফা।
২/ প্ৰথম আহোমৰ ৰাজধানীৰ নাম কি ?
উত্তৰ :- চৰাইদেউ
৩/ জয় দল কোনে নিৰ্মাণ কৰিছিল ?
৪/ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত আৰু কত হৈছিল ?
উত্তৰ :-১৪৪৯ চনত অসমৰ নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল।
৫/প্ৰথম আহোম বৰবৰুৱা কোন আছিল ?
উত্তৰ :- মোমাই তামুলী।
৬/ কোন জন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল ?
উত্তৰ :- চুহুংমুং ৰজাই।
৭/ কোন জন আহোম স্বৰ্গদেৱে পোন প্ৰথমবাৰৰ বাবে বৰফুকন পদবী সৃষ্টি কৰিছিল ?
উত্তৰ :- স্বৰ্গদেউ প্ৰতাপ সিংহই।
৮/ কোন জন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল ?
উত্তৰ :- স্বৰ্গদেউ গদাধৰ সিংহই।
৯/কোন জন আহোম ৰজাক "বামুণী কোঁৱৰ" বোলা হৈছিল ?
উত্তৰ :- চুডাংফা।
১০/ ধোদৰ আলি কোন জন ৰজাই নিৰ্মাণ কৰিছিল ?
উত্তৰ :- স্বৰ্গদেউ গদাধৰ সিংহই।
১১/ ৰংঘৰ কোন জন ৰজাই নিৰ্মাণ কৰিছিল ?
উত্তৰ :- স্বৰ্গদেউ প্ৰমত্ত সিংহই।
১২/ তলাতল ঘৰ কোন জন ৰজাই নিৰ্মাণ কৰিছিল ?
উত্তৰ :- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।
১৩/ স্বৰ্গদেউ শিৱসিংহই 'বৰ ৰজা' ঘোষণা কৰিছিল তেওঁ মুখ্য ৰাণীক, তেওঁ কোন আছিল ?
উত্তৰ :- ফুলেশ্বৰী।
১৪/ কাৰেংঘৰ কোন জন ৰজাই নিৰ্মাণ কৰিছিল ?
উত্তৰ :- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।
১৫/ শংকৰদেৱৰ আইতাকৰ নাম কি আছিল ?
উত্তৰ :- খেৰসূতী।
১৬/ শংকৰদেৱৰ পিতৃৰ নাম কি আছিল ?
উত্তৰ :- কুসুম্বৰ ভূঁঞা।
১৭/ শংকৰদেৱৰ মাতৃৰ নাম কি আছিল ?
উত্তৰ :- সত্যসন্ধ্যা।
১৮/ নামদাংৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰ :- স্বৰ্গদেউ ৰুদ্ৰ সিংহই। (১৭০৩ চনত)
১৯/ জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰ :- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।
২০/ আহোম সাম্ৰাজ্যৰ শেষ ৰজা জনৰ নাম কি ?
উত্তৰ :- স্বৰ্গদেউ পুৰন্দৰ সিংহ।
২১/ কোনজন আহোম স্বৰ্গদেৱে বিহু গীত-নৃত্যক ৰাজকীয় মৰ্য্যদা প্ৰদান কৰিছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।
২২/ শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল?
উত্তৰ:- বৰৰজা অম্বিকা কুঁৱৰীয়ে।
২৩/ চৰাইদেউত ৰাজধানী কোনে পাতিছিল?
উত্তৰ:- স্বৰ্গদেউ চ্যাওল্যুং চ্যুকাফাই।
২৪/ শিৱসাগৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- বৰৰজা অম্বিকা কুঁৱৰীয়ে।
২৫/ শিৱসাগৰ জয়দৌল কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।
২৬/ মেছাগড় পুখুৰী কোনে খন্দাইছিল?
উত্তৰ:- স্বৰ্গদেউ প্ৰতাপ সিংহই।
২৭/ শিৱসাগৰৰ ফাকুৱা দ'ল কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।
২৮/ গৌৰীসাগৰ পুখুৰী আৰু দ'ল কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ:- বৰৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে।
২৯/ তেজপুৰৰ অগ্নিগড় কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ:- বাণ ৰজাই।
৩০/ শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:- আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল।
৩১/ আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৬৭১ চনত হৈছিল।
৩২/ আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি আৰু মোগলৰ সেনাপতি কোন আছিল?
উত্তৰ:- আহোমৰ সেনাপতি আছিল - লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল - ৰাম সিংহ।
৩৩/ আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধৰ সময়ত ৰজা কোন আছিল?
উত্তৰ:- উদয়াদিত্য সিংহ আছিল।
৩৪/ স্বৰ্গদেউ চাওলুং চ্যুকাফাই চৰাইদেউত ৰাজধানী কিমান চনত প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- ১২৫৩ চনত।
৩৫/ চীনা পৰিব্ৰাজক হিউৱেন চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল?
উত্তৰ:- কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত।
৩৬/ বৰ্মন বংশৰ শ্ৰেষ্ঠ আৰু শেষৰজন ৰজাৰ নাম কি আছিল?
উত্তৰ:- কুমাৰ ভাস্কৰ বৰ্মন।
Good collection.
ReplyDeleteThanks
DeleteThis comment has been removed by the author.
ReplyDeleteVery Good Information about latest Jobs in Assam Career
ReplyDeleteSure... Thanks
Delete