অসম বুৰঞ্জী কুইজ



১/ প্ৰথম আহোম ৰজা জনৰ নাম কি ?

উত্তৰ :- স্বৰ্গদেউ চাওলুং ছ্যুকাফা।

২/ প্ৰথম আহোমৰ ৰাজধানীৰ নাম কি ?

উত্তৰ :- চৰাইদেউ

৩/ জয় দল কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।

৪/ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত আৰু কত হৈছিল ?

উত্তৰ :-১৪৪৯ চনত অসমৰ নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল।

৫/প্ৰথম আহোম বৰবৰুৱা কোন আছিল ?

উত্তৰ :- মোমাই তামুলী।

৬/ কোন জন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল ?

উত্তৰ :- চুহুংমুং ৰজাই।

৭/ কোন জন আহোম স্বৰ্গদেৱে পোন প্ৰথমবাৰৰ বাবে বৰফুকন পদবী সৃষ্টি কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ প্ৰতাপ সিংহই।

৮/ কোন জন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ গদাধৰ সিংহই।

৯/কোন জন আহোম ৰজাক "বামুণী কোঁৱৰ" বোলা হৈছিল ?

উত্তৰ :- চুডাংফা।

১০/ ধোদৰ আলি কোন জন ৰজাই নিৰ্মাণ কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ গদাধৰ সিংহই।

১১/ ৰংঘৰ কোন জন ৰজাই নিৰ্মাণ কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ প্ৰমত্ত সিংহই।

১২/ তলাতল ঘৰ কোন জন ৰজাই নিৰ্মাণ কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।

১৩/ স্বৰ্গদেউ শিৱসিংহই 'বৰ ৰজা' ঘোষণা কৰিছিল তেওঁ মুখ্য ৰাণীক, তেওঁ কোন আছিল ?

উত্তৰ :- ফুলেশ্বৰী।

১৪/ কাৰেংঘৰ কোন জন ৰজাই নিৰ্মাণ কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।

১৫/ শংকৰদেৱৰ আইতাকৰ নাম কি আছিল ?

উত্তৰ :- খেৰসূতী।

১৬/ শংকৰদেৱৰ পিতৃৰ নাম কি আছিল ?

উত্তৰ :- কুসুম্বৰ ভূঁঞা।

১৭/ শংকৰদেৱৰ মাতৃৰ নাম কি আছিল ?

উত্তৰ :- সত্যসন্ধ্যা।

১৮/ নামদাংৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ ৰুদ্ৰ সিংহই। (১৭০৩ চনত)

১৯/ জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।

২০/ আহোম সাম্ৰাজ্যৰ শেষ ৰজা জনৰ নাম কি ?

উত্তৰ :- স্বৰ্গদেউ পুৰন্দৰ সিংহ।

২১/ কোনজন আহোম স্বৰ্গদেৱে বিহু গীত-নৃত্যক ৰাজকীয় মৰ্য্যদা প্ৰদান কৰিছিল?

উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।

২২/ শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল?

উত্তৰ:- বৰৰজা অম্বিকা কুঁৱৰীয়ে।

২৩/ চৰাইদেউত ৰাজধানী কোনে পাতিছিল?

উত্তৰ:- স্বৰ্গদেউ চ্যাওল্যুং চ্যুকাফাই।

২৪/ শিৱসাগৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ:- বৰৰজা অম্বিকা কুঁৱৰীয়ে।

২৫/ শিৱসাগৰ জয়দৌল কোনে নিৰ্মাণ কৰাইছিল?

উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।

২৬/ মেছাগড় পুখুৰী কোনে খন্দাইছিল?

উত্তৰ:- স্বৰ্গদেউ প্ৰতাপ সিংহই।

২৭/ শিৱসাগৰৰ ফাকুৱা দ'ল কোনে নিৰ্মাণ কৰাইছিল?

উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।

২৮/ গৌৰীসাগৰ পুখুৰী আৰু দ'ল কোনে নিৰ্মাণ কৰাইছিল?

উত্তৰ:- বৰৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে।

২৯/ তেজপুৰৰ অগ্নিগড় কোনে নিৰ্মাণ কৰাইছিল?

উত্তৰ:- বাণ ৰজাই।

৩০/ শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

উত্তৰ:- আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল।

৩১/ আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?

উত্তৰ:- ১৬৭১ চনত হৈছিল।

৩২/ আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি আৰু মোগলৰ সেনাপতি কোন আছিল?

উত্তৰ:- আহোমৰ সেনাপতি আছিল - লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল - ৰাম সিংহ।

৩৩/ আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধৰ সময়ত ৰজা কোন আছিল?

উত্তৰ:- উদয়াদিত্য সিংহ আছিল।

৩৪/ স্বৰ্গদেউ চাওলুং চ্যুকাফাই চৰাইদেউত ৰাজধানী কিমান চনত প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ:- ১২৫৩ চনত।

৩৫/ চীনা পৰিব্ৰাজক হিউৱেন চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল?

উত্তৰ:- কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত।

৩৬/ বৰ্মন বংশৰ শ্ৰেষ্ঠ আৰু শেষৰজন ৰজাৰ নাম কি আছিল?

উত্তৰ:- কুমাৰ ভাস্কৰ বৰ্মন।

৩৭/ ৰুদ্ৰ সিংহই ৰংঘৰ প্ৰথমতে বাঁহ আৰু কাঠেৰে তৈয়াৰ কৰিছিল। পাচত কোনে ইটা আৰু ইটাগঁথা মিশ্রণেৰে ইয়াক তৈয়াৰ কৰিছিল?

(Tet Exam 2024 Paper - 1)

(A) শিৱ সিংহ
(B) প্রমত্ত সিংহ
(C) ৰাজেশ্বৰ সিংহ
(D) লক্ষ্মী সিংহ

উত্তৰ:- (B) প্রমত্ত সিংহ

11 Comments

Post a Comment
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব