ইণ্টাৰনেটৰ পৰা টকা উপাৰ্জন কৰাৰ পদ্ধতি

to earn money online

ইণ্টাৰনেটৰ পৰা টকা উপাৰ্জন কৰাৰ পদ্ধতি

নমস্কাৰ বন্ধু-বান্ধৱী সকল, আজি মই আপোনালোকৰ সৈতে ইণ্টাৰনেটৰ পৰা টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি সেই বিষয়ে কিছু কথা লিখিবলৈ লৈছোঁ, এই লিখনিৰ দ্বাৰা কিছুপৰিমাণে হলেও আপোনালোকৰ উপকাৰ হব বুলি মোৰ দৃঢ় বিশ্বাস।

২০১৯ চনৰ ৩১ ডিচেম্বৰলৈকে সমগ্ৰ বিশ্বতে মুঠ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে ৪,৫৭৪,১৫০,১৩৪ জন (https://www.internetworldstats.com/stats.htm এই ৱেবচাইটৰ তথ্য অনুসৰি) । বহু লোকে ইণ্টাৰনেটৰ পৰা টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি সেই বিষয়ে অনুসন্ধান কৰে, সেই অনুসৰি ইণ্টাৰনেটত বহুতো ৱেবছাইট আছে যাৰ দ্বাৰা টকা উপাৰ্জন কৰিব পাৰি লগতে বহুতো কেলেংকাৰী থকা ৱেবচাইটও আছে, সেয়ে ব্যৱহাৰ কৰাৰ আগতে সতৰ্ক হোৱা উচিত। আহক এনে কেইটামান পদ্ধতিৰ বিষয়ে আলোচনা কৰোঁ যাৰ দ্বাৰা ইণ্টাৰনেটৰ পৰা টকা উপাৰ্জন কৰিব পৰা যায়।


ব্লগিং (Blogging) আৰু নিজা ৱেবছাইট (Own Website):-

ব্লগিং আপোনাৰ আজৰি সময়ত ভাললগা কামৰ দৰে ব্যৱহাৰ কৰিব পাৰে বা সম্পূৰ্ণ সময় ব্লগিংত দি আগবাঢ়িব পাৰে। লিখা-মেলা কৰা সকলৰ বাবে এই কার্য অতি ভাললগা হয়, যিকোনো বিষয়ৰ ওপৰত জ্ঞান থাকিলে সেই বিষয়ে সুন্দৰকৈ লিখি ইণ্টাৰনেটত প্ৰকাশ কৰিব পাৰে আৰু চাকৰি সমন্ধীয় খবৰ যোগান, ৰন্ধন প্ৰণালীৰ কথা, ভ্ৰমণ কাহিনী, ইতিহাসৰ কথা, যিকোনো সামগ্ৰীৰ বিষয়ে আলোচনা, কবিতা, প্ৰবন্ধ, জানিবলগীয়া তথ্য আদি প্ৰকাশ কৰিব পাৰে। ব্লগিংৰ মাধ্যম হিচাপে প্ৰাথমিক ভাৱে Google Blogger ব্যৱহাৰ কৰিব পাৰে, Blogger Sub domain name তো ব্যৱহাৰ কৰাৰ ওপৰি Custom Domain ব্যৱহাৰ কৰি আগবাঢ়িব পাৰে। Google Blogger ত Hosting ৰ বাবে কোনো টকাৰ প্ৰয়োজন নহয় কেৱল Custom Domain name ৰ বাবেহে টকাৰ প্ৰয়োজন হয়। এজন অভিজ্ঞ ব্লগাৰ হবলৈ হলে WordPress ত ব্লগিং খুবেই আৱশ্যক, WordPress ত Hosting ৰ প্রয়োজন আছে। WordPress ৰ লিখনি সমূহে সোনকালে Google search engine optimization ত স্থান লাভ কৰে আৰু বহুতো Plugins ৰ ব্যৱস্থা WordPress ত উপলব্ধ। ব্লগিংৰ পৰা টকা উপাৰ্জন কেনেকৈ কৰিব - Google Adsense ৰ যোগেদি আপোনাৰ ব্লগ/ৱেবচাইটত বিজ্ঞাপন প্ৰচাৰ কৰি টকা উপাৰ্জন কৰিব পাৰিব, Affiliate Marketing কৰি টকা উপাৰ্জন কৰিব পাৰিব, Paid Promotion ৰ জৰিয়তেও ব্লগিংৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। Affiliate Marketing ৰ বিষয়ে পিছৰ পৰ্য্যায়ত আলোচনা কৰা হব। Google Adsense ৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে আপুনি Google Adsense ত Sign up কৰিব লাগিব আৰু আপোনাৰ ব্লগৰ url দি পঞ্জীয়ন কৰাৰ পিছত Google Adsense যে আপোনাৰ ব্লগ/ৱেবচাইট পৰীক্ষা কৰি আপোনাৰ ব্লগ/ৱেবচাইট Google Adsense বিজ্ঞাপন প্ৰচাৰৰ বাবে উপযুক্ত হয়নে নহয় সেয়া নিৰ্ধাৰণ কৰিব।
ব্লগিং আৰু নিজা ৱেবছাইটৰ পৰা টকা উপাৰ্জন নিৰ্ধাৰণ কৰিব পাৰি পঢ়ুৱৈৰ সংখ্যা অনুসৰি আৰু লিখনিৰ মানদণ্ড গুণাগুণৰ ওপৰত।

শাখা বিপণন (Affiliate Marketing):-

আপোনাৰ নিজা ব্লগ বা ৱেবছাইটত বিজ্ঞাপন হিচাপেও এই ব্যৱসায় কৰিব পাৰে আৰু সামগ্ৰীৰ সম্পৰ্কে লিখি সেই সামগ্ৰী কিনাৰ লিংক দিওঁ এই শাখা বিপণন আৰম্ভনি কৰিব পাৰে। Amazon Affiliate Marketing, Flipcart Affiliate Marketing, Software Affiliate Marketing, Godaddy Affiliate Marketing, Apple itunes Affiliate Program, Hostinger Affiliate Marketing, Bluehost Web Hosting Affiliate Marketing, Bigrock Affiliate Program, Adobe Affiliate Program, Lenovo Affiliate Program, Hp Affiliate Program ইত্যাদি।

Freelancing:-

Freelancing অৰ্থাৎ স্বাধীনভাৱে কাম কৰি উপাৰ্জন কৰিব পাৰে। বহুতো Freelancing ৱেবছাইট আছে যত কাম দিয়া হয়, এক কথাত কবলৈ গলে বৃহৎ Marketplace। আপুনি যি জানে সেই সম্পৰ্কে আপোনাৰ দক্ষতা পৰীক্ষা কৰি চাই আৰু প্ৰফাইল তৈয়াৰ কৰি ৰাখিব লাগে আৰু প্ৰয়োজন অনুসৰি আপোনাৰ সৈতে Freelancing ৱেবছাইটৰ জৰিয়তে গ্ৰহকে যোগাযোগ কৰি আপোনাৰ দ্বাৰা কাম কৰাই কামৰ বিনিময়ত টকা প্ৰদান কৰিব। কাম সমূহ যেনে - গ্ৰাফিক্স ডিজাইন, video এডিটিং, Data Entry ইত্যাদি।



বিষয় বস্তু লিখা (Content Writing):-

অনলাইনত বহুতো ৱেবছাইট আছে যত বিষয় বস্তু লিখা বিচাৰে যাৰ বিনিময়ত টকা প্ৰদান কৰে। Content Writing ৰ মানদণ্ডৰ ভিত্তিত স্থান লাভ কৰে।

Data Entry:-

Data Entry ৰ বাবে কম্পিউটাৰ বা লেপটপ, ইণ্টাৰনেট সেৱাৰ প্ৰয়োজন লগতে typing ত অতি খৰটকিয়া হোৱা প্ৰয়োজন। Data Entry কাম Freelancing ৱেবছাইটত বেছিকৈ পোৱা যায়।

PTC Sites:-

PTC মানে হৈছে PAID TO CLICK । PTC ৱেবচাইট সমূহত বিজ্ঞাপন চালে আৰু ক্লিক কৰি টকা উপাৰ্জন কৰিব পাৰি, কিন্তু বৰ্তমান সময়ত বহুতো fake PTC ৱেবচাইট আছে সেইবোৰৰ পৰা সাৱধান হোৱা উচিত।

এটা বিশ্বাসযোগ্য PTC Sites হৈছে - neobux.com

সামাজিক গণমাধ্যম (SOCIAL MEDIA):-

সামাজিক গণমাধ্যমৰ দ্বাৰা টকা উপাৰ্জন কৰিব পাৰে। আপুনি ফেচবুক Facebook Marketplace ত সামগ্ৰী Resale কৰি টকা উপাৰ্জন কৰিব পাৰে, কেনেকৈ Facebook ত resale কৰিব চাওক লিংকত ক্লিক কৰি- 

GLOWROAD কি ? GLOWROAD ব্যৱসায়ৰ যোগেদি কেনেদৰে দৈনিক টকা উপাৰ্জন কৰিব পাৰি ? আৰু MEESHO কি ? MEESHO ব্যৱসায়ৰ যোগেদি কেনেদৰে দৈনিক টকা উপাৰ্জন কৰিব পাৰি ?

। অন্যহাতে Instagram, Twitter আদিত Followers বৃদ্ধি কৰি সাজপাৰ মডেল হিচাপে আগবাঢ়িলে বিভিন্ন ফেশ্যন কোম্পানী সমূহে তেওঁলোকৰ সামগ্ৰী সমূহ প্ৰচাৰ কৰোৱাই আৰু তাৰ বিনিময়ত টকা প্ৰদান কৰে আৰু আপোনাৰ Followers ৰ ওপৰত ভিত্তি কৰি যিকোনো সামগ্ৰী প্ৰচাৰ কৰিও টকা উপাৰ্জন কৰিব পাৰে। আপোনাৰ যদি ফেচবুক পেজ আছে আৰু ফেচবুক পেজৰ Followers ৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি  বিষয়বস্তুৰ(Content) সৈতে যিকোনো প্ৰতিষ্ঠান, ব্যৱসায়-বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰিও টকা উপাৰ্জন কৰিব পাৰে।


ইউটিউব (YouTube Channel):-

YouTube channel ৰ সম্পৰ্কত আপোনালোকৰ বেচিভাগেই জ্ঞাত যে YouTube channel খুলি উন্নত মানদণ্ডৰ video দিলেই সকলোকে আকৰ্ষণ কৰিব পাৰি আৰু সমাজত সুকীয়াকৈ নিজৰ পৰিচয় দাঙি ধৰিব পাৰি। YouTube channel খুলিবলৈ প্ৰয়োজন হয় নিম্নতম এটা এণ্ডয়ড Android মোবাইল ফোন। YouTube Channel ৰ পইচা বিতৰণ কৰে Google Adsense নামৰ বিজ্ঞাপন প্ৰদৰ্শন কৰা সংস্থাই। তাৰ বাবে আপোনাৰ YouTube Channel টো Google Adsense ৰ বাবে উপযোগী হয় নে নহয় সেইয়া Google Adsense য়ে বিবেচনা কৰিব তাৰ বাবে Google Adsense ত YouTube Channel টি পঞ্জীয়ন কৰিব লাগিব।

Online Tutoring:-

অনলাইনত শিক্ষা প্ৰদান কৰিও টকা উপাৰ্জন কৰিব পাৰে। বিভিন্ন অনলাইনত শিক্ষা প্ৰদানকাৰী ৱেবচাইট, মোবাইল এপ্লিকেচন আছে সেই সমূহত যোগ দি আগবাঢ়িব পাৰে তাৰ বাবে আপোনাৰ দক্ষতা পৰীক্ষা কৰিব। নিজাববীয়াকৈও আগবাঢ়িব পাৰে, নিজা ৱেবচাইট, মোবাইল এপ্লিকেচন খুলি মূল্যৰ বিনিময়ত শিক্ষা প্ৰদান কৰিব পাৰে তাৰ বাবে কিছু টকা প্ৰথম পৰ্যায়ত খৰছ কৰিব লাগিব। যেনে ৱেবচাইট নিৰ্মাণ, মোবাইল এপ্লিকেচন নিৰ্মাণ, System Development ইত্যাদি কামত।

অনলাইনত সামগ্ৰী বিক্ৰী:-

আপুনি তৈয়াৰ কৰা সামগ্ৰী অনলাইনত বিক্ৰী কৰিও টকা উপাৰ্জন কৰিব পাৰে। আপুনি তৈয়াৰ কৰা সামগ্ৰী গুণগত মানদণ্ডৰ ওপৰত ভিত্তি কৰি বিক্ৰী কৰিব পাৰে Amazon, Flipcart আদিৰ দৰে আগশাৰীৰ ৱেবছাইটত আৰু লগতে নিজা বাণিজ্যিক ৱেবচাইট খুলিও বিক্ৰী কৰিব পাৰিব।


ফটো - ভিডিঅ' বিক্ৰী কৰি টকা উপাৰ্জন (Sell Photos, Footage Clips) :-

ৱেবছাইটত ফটো, ভিডিঅ' বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰিব। ফটো, ভিডিঅ' বিক্ৰী কৰিবলৈ বহুতো ৱেবচাইট ইণ্টাৰনেটত উপলব্ধ। ফটো, ভিডিঅ' বিক্ৰী কৰাৰ বিনিময়ত Royalty পাই থাকিব। আপুনি দিয়া ফটো, ভিডিঅ' যিমানেই সেই ৱেবচাইটৰ পৰা গ্ৰাহকে কিনিব সিমানেই টকা উপাৰ্জন কৰিব পাৰিব। ফটো, ভিডিঅ' বিক্ৰী কৰা কিছুমান ৱেবছাইট হল - Adobe Stock, 123RF, Big Stock, Getty Image, iStockphoto, Shutterstock, Stocksy ইত্যাদি।

2 Comments

  1. সুন্দৰ লেখনি

    ReplyDelete
    Replies
    1. ধন্যবাদ জনালোঁ ককাইদেউ

      Delete
Previous Post Next Post