নভেল কৰ'ণা ভাইৰাছ কি আৰু আৰু ইয়াৰ লক্ষণসমূহ আৰু লবলগীয়া সাৱধানতা সমূহ

নভেল কৰ'ণা ভাইৰাছ কি আৰু আৰু ইয়াৰ লক্ষণসমূহ আৰু লবলগীয়া সাৱধানতা সমূহ

নভেল কৰ'ণা ভাইৰাছ কি আৰু আৰু ইয়াৰ লক্ষণসমূহ আৰু লবলগীয়া সাৱধানতা সমূহ 

Coronavirus disease (COVID-19)

২০১৯ নভেল কৰ'ণা ভাইৰাছ, বা (2019-Cov) এক নতুন ভাইৰাছ (বীজাণু) যাক চীনৰ হুবেই প্ৰান্তৰ ৱোহান চহৰত প্ৰথমে চিনাক্ত কৰা হৈছিল। কৰ'ণা হৈছে বৃহৎ গোষ্ঠীৰ ভাইৰাছ, যিয়ে জ্বৰ আৰু চৰ্দি সমন্ধীয় ৰোগসহ মানুহ আৰু জীৱ-জন্তু উভয়কে সংক্ৰমিত কৰিব পাৰে। এই ভাইৰাছ আগতে কোনোদিন চিনাক্ত বা হোৱা নাছিল বাবে ইয়াক নভেল বা নতুন বুলি কোৱা হৈছে। বৰ্তমানলৈকে এই ৰোগৰ কোনো চিকিৎসা নাই। 

নভেল কৰ'ণা ভাইৰাছৰ লক্ষণসমূহ-----

১/ কৰ'ণা ভাইৰাছ সংক্ৰমিত হোৱাৰ ১৪ দিন পিছতহে এই ভাইৰাছৰ লক্ষণ সমূহে দেখা দিয়ে।

২/ কৰ'ণা ভাইৰাছ নিমুনিয়াৰ দৰে হয় ।

৩/ কৰ'ণা ভাইৰাছৰ সংক্ৰমিত হোৱাৰ পিছত জ্বৰ, ছৰ্দি, ডিঙিৰ বিষ, উশাহ লোৱাত কষ্ট আদি লক্ষণে দেখা দিয়ে ।

৪/ কৰ'ণা ভাইৰাছ এক আৰ এন‌ এ ভাইৰাছ । ইয়াৰ ফলত শৰীৰৰ ভিতৰৰ কোষ সমূহ ভাঙি যায় ।

কৰিবলগীয়া-----

১/ পাৰ্য্যমানে লোকসমাৱেশ বৰ্জন কৰক।

২/ ব্যৱহৃত টিছু তৎক্ষণাত ডাষ্টবিনত পেলাব।

৩/ যদি কোনো লোকে কৰ'ণা ভাইৰাছ আক্ৰান্ত দেশ ভ্ৰমণ কৰি আহিছে ১৪ দিনৰ বাবে নিজকে ঘৰত আবদ্ধ কৰি ৰাখক লগতে পৰিয়ালৰ সদস্য তথা ওচৰ-চুবুৰীয়াৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ জনোৱা হল।

৪/ পানী লগা, কাঁহ বা জ্বৰ হৈ থকা ব্যক্তিৰ পৰা অতি কমেও ১ মিটাৰ দূৰত্ব বজাই ৰাখক। 

৫/ সঘনাই হাত ধোৱাৰ অভ্যাস কৰক। হাত দুখন চাবোন আৰু পানীৰে পৰিষ্কাৰকৈ ধোৱাৰ লগতে এলক'হলযুক্ত ছেনিটাইজাৰ ব্যৱহাৰ কৰক। 

৬/ যদি আপুনি অসুস্থ অনুভৱ কৰিছে (জ্বৰ, উশাহ লোৱাত কষ্ট আৰু কফ) তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। 

৭/ কাঁহ মাৰোতে আৰু হাঁচি মাৰোতে ৰুমাল/টিছু ব্যৱহাৰ কৰি আপোনাৰ নাক আৰু মুখখন ভালকৈ ঢাকি ল'ব। 

৮/ যদি কোনো লোকে কৰ'ণা ভাইৰাছ আক্ৰান্ত দেশ ভ্ৰমণ কৰি আহিছে তেওঁ নিজেই ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ বা IDSP কোষৰ অথবা সহায়ক নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। 

৯/ চিকিৎসালয়লৈ যোৱাৰ সময়ত ১০৮ এম্বুলেন্স ব্যৱহাৰ কৰক আৰু আগতীয়াকৈ চিকিৎসালয়ত খবৰ দিয়ক। 

১০/ বাহিৰলৈ ওলাই গলে মাস্ক পৰিধান কৰি যাব।

নকৰিবলগীয়া-----

১/ যদি আপুনি জ্বৰ আৰু কফ ৰোগত ভুগি আছে, অন্য লোকৰ সৈতে ঘনিষ্ঠ সংস্পৰ্শ নকৰিব। 

২/ অপৰিষ্কাৰ হাতেৰে চকু, নাক আৰু মুখখন স্পৰ্শ নকৰিব। 

৩/ ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱা নিষেধ। 

৪/ যিকোনো ঠাইলৈ অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰক। 

৫/ কৰমৰ্দন নকৰিব। 

৬/ কাকো সাৱতি নধৰিব।



______________________________________________________

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব