FASTag কি ?
FASTag হৈছে সাধাৰণভাৱে ব্যৱহাৰ কৰিব পৰা এক স্বয়ংক্ৰিয় পদ্ধতি যত ঘাইপথত থকা টোল গেট সমূহৰ কৰ গাড়ী নৰখোৱাকৈয়ে দিব পাৰি। Employing Radio Frequency Identification (RFID) প্ৰযুক্তিবিদ্যাৰ যোগেদি FASTag এ যোগাযোগহীনভাৱে কৰ সংগ্ৰহ কৰে। এই কৰ স্বয়ংক্ৰিয় ভাৱে সংগ্ৰহ কৰে FASTag লিংক হৈ থকা বেংক একাউন্টৰ পৰা, যত গাড়ীৰ আগফালৰ গ্লাছত লাগি থকা FASTag ৰ জৰিয়তে।
এই প্ৰক্ৰিয়াৰ যোগেদি ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ ভিৰ কমোৱাৰ লগতে সু-শৃংখলিতভাৱে ৰাষ্ট্ৰীয় ঘাইপথ পৰিচালিত কৰিব পাৰি। National Highways Authority of India (NHAI) & Indian Highways Management Company Limited (IHMCL) ৰ কৰ্তৃত্ব প্ৰদানেৰে National Payments Corporation of India (NPCI) য়ে যোগাৰ দিয়া যোগাযোগহীন সমাধান সূত্ৰ টোল গেটৰ পৰা কৰ সংগ্ৰহৰ। FASTag চৰকাৰী নেতৃত্বাধীন আগভাগ লোৱা প্ৰক্ৰিয়া যত অনুমতি প্ৰদান কৰা হয়, যত কোনো অসুবিধা নোহোৱাকৈ গাড়ীৰ আগফালৰ গ্লাছত সংলগ্ন FASTag ৰ যোগেদি টোল গেটত গাড়ী নৰখোৱাকৈয়ে কৰ দিব পাৰে।
FASTag ৰ প্ৰকাৰ :-
Tag Class 4 - Car/Jeep/Van/Tata Ace and similar mini light commercial vehicle → FASTag Colour - Violet
Tag Class 5 - Light commercial vehicle → FASTag Colour - Orange
Tag Class 6 - Three Axle commercial vehicles → FASTag Colour - Yellow
Tag Class 7 - Bus/Truck → FASTag Colour - Green
Tag Class 12 - 4 to 6 axle → FASTag Colour - Pink
Tag Class 15 - 7 or more axle → FASTag Colour - Blue
Tag Class 16 - Heavy Construction Machinery (HCM)/Earth Moving Equipment (EME) → FASTag Colour - Black
FASTag কেনেকৈ পাব :-
FASTag ক্ৰয় কৰিব পাৰিব - অনলাইনৰ পৰা, ৰাষ্ট্ৰীয় ঘাইপথৰ মাচুল প্লাজা সমূহৰ পৰা, সাধাৰণ সেৱা কেন্দ্ৰ সমূহৰ পৰা, পেট্ৰল পাম্পৰ পৰা, পৰিবহন কেন্দ্ৰৰ পৰা আৰু আঞ্চলিক পৰিবহন কাৰ্যালয়ৰ (RTO) পৰা। এই সকলোবোৰৰ ভিতৰত যিকোনো এটাৰ পৰা FASTag লব পাৰিব। FASTag লবলৈ আপুনি আপোনাৰ বাহনৰ নথিপত্ৰ প্ৰদান কৰিব লাগিব → RC, Pollution Certificate, Insurance । FASTag অনলাইন Paytm , airtel আদিৰ পৰা লবলৈ অতি সহজ।
Paytm ৰ পৰা FASTag লবলৈ এই লিংকত ক্লিক কৰিব পাৰে - https://paytmmall.com/paytm-fastag-MISPAYTM-FASTAGONE-6707493A5E3B71-pdp বা Paytm এপ্লিকেচনৰ পৰাও লব পাৰে।
Paytm ত Buy Personal FASTag আৰু Get Commercial FASTag ৰ ভিতৰত যি লব বিচাৰে বাছনি কৰিব।
Buy Personal FASTag বাছনি কৰিলে - Vehicle Registration Number, RC photo 2MB ৰ ভিতৰত Front photo of RC আৰু Back photo of RC Upload কৰি Delivery ঠিকনা দি Buy কৰিব। FASTag order ৰ বাবদ দিবলগীয়া ধন Paytm wallet ৰ পৰাও দিব পাৰে আৰু Debit card, Credit card, UPI, Net Banking আদিৰ পৰাও দিব পাৰে।
FASTag জাৰীকতা (Issuer) বেংক সমূহ হ'ল :-
Allahabad Bank, Airtel Payments Bank, AU Small Finance Bank, Bank of Baroda, Axis Bank Ltd, Bank of Maharashtra, Canara Bank, Equitas Small Finance Bank, Central Bank of India, FINO Payments Bank, City Union Bank Ltd, IDBI Bank, Federal Bank, ICICI Bank, Saraswat Co-operative Bank, IDFC FIRST Bank, HDFC Bank, South Indian Bank, Indusind Bank, State Bank of India, Punjab Maharashtra & Co-operative Bank, Union Bank of India, Karur Vysya Bank, Nagpur Nagarik Sahakari Bank, Punjab National Bank, Kotak Mahindra Bank, Yes Bank Ltd, PAYTM Bank, Syndicate Bank.
FASTag ৰ সুবিধা সমুহ :-
◆ কোনো অসুবিধা নোহোৱাকৈ ভ্ৰমণ কৰিব পাৰে :-
দৈনিক অহা-যোৱা কৰিব পাৰে ঘাইপথত কোনোদিনে গাড়ী টোল গেটত নৰখোৱাকৈয়ে, কৰবালৈ যাওঁতে লগত পইচা নিনিয়াকৈয়ে, FASTag ৰ যোগেদি টোলগেট সমূহৰ সংগ্ৰহ কৰিবলগীয়া কৰ FASTag লিংক হৈ থকা বেংক একাউন্টৰ পৰা সংগ্ৰহ কৰি লব।
◆ SMS ৰ যোগেদি FASTag ৰ সবিশেষ তথ্য প্ৰেৰণ :-
যেতিয়াই FASTag ৰ যোগেদি টোল গেটত কৰ পৰিশোধ হয় তেতিয়াই SMS ৰ যোগেদি সেই সময়তে পৰিশোধ কৰা কৰৰ সবিশেষ তথ্য প্ৰেৰণ কৰিব।
◆ FASTag ৰ সকলো লেন-দেন প্ৰক্ৰিয়াৰ তথ্য সংগ্ৰহ :-
FASTag একাউন্টত সকলো লেন-দেন প্ৰক্ৰিয়া সংগ্ৰহ হৈ থাকিব, প্ৰয়োজন অনুসৰি পুনঃ চাব পাৰিব।
◆ ইন্ধন আৰু সময় ৰাহি :-
FASTag ব্যৱহাৰ কৰিলে টোল গেটত ৰোৱাৰ কোনো প্ৰয়োজন নহব, তেতিয়া ইন্ধন আৰু সময় দুয়োটা ৰক্ষা পৰিব।
◆ অনলাইন ৰিচার্জ :-
FASTag একাউন্ট UPI, Credit/Debit Card, Net Banking আৰু Mobile Banking ৰ যোগেদিও ৰিচার্জ কৰিব পাৰিব।
বৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন
ReplyDeleteধন্যবাদ জনালোঁ ককাইদেউ
Delete