কাৰেংঘৰ

 
কাৰেংঘৰ শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত। গড়গাঁৱৰ কাৰেংঘৰলৈ শিৱসাগৰ নগৰৰ পৰা দূৰত্ব ১৫ কিলোমিটাৰ। ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ তৃতীয়খন ৰাজধানী আছিল আৰু এই গড়গাঁৱৰ কাৰেংঘৰ পোন প্ৰথমে ১৫৪০ চনত গড়গঞা ৰজা স্বৰ্গদেউ চুক্লেংমুঙে নিৰ্মাণ কৰিছিল, স্বৰ্গদেউ চুক্লেংমুঙে নিৰ্মাণ কৰা সময়ত কাৰেংঘৰ কাঠ আৰু বাঁহৰ আছিল, পিছৰ পৰ্যায়ত স্বৰ্গদেউ প্ৰমত্ত সিংহই কাৰেংঘৰটো ইটাৰে নিৰ্মাণ কৰিছিল। পিছলৈ কাৰেংঘৰটো ক্ষতি হোৱাত ১৭৫২ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ পুনৰ নিৰ্মাণ কৰিছিল। 

গড়গাঁৱৰ কাৰেংঘৰটো সাত (৭) মহলীয়া আৰু পিৰামিড আকাৰৰ। কাৰেংঘৰৰ দুটা মহল মাটিৰ তলত আৰু ইয়াৰে পাঁচটা মহল মাটিৰ ওপৰত অৱস্থিত আছিল, কালক্ৰমত মাটিৰ তলত থকা দুটা মহল বন্ধ হৈ পৰিল আৰু তলৰ পৰা তিনিনম্বৰ মহলটো ইংৰাজৰ শাসন কালত মাটিৰে পুতি বন্ধ কৰি দিয়া হয়, বৰ্তমান কাৰেংঘৰৰ চাৰিটা মহলহে দেখিবলৈ পোৱা যায়। গড়গাঁৱৰ কাৰেংঘৰৰ তলৰ মহলাৰ সৈতে দিখৌ নৈৰ সৈতে সংযোগৰ বাবে গোপন পথৰ ব্যৱস্থা আছিল যাৰ জৰিয়তে অতি গোপনে অহা-যোৱা কৰিব পাৰিছিল।

কাৰেংঘৰৰ দৃশ্য (৩১/০১/২০২২) মে ডাম মে ফি Me-Dam-Me-Phi

 
হোলোং ঘৰ :- ৰজাৰ ৰাজচ'ৰাৰ নাম হোলোং ঘৰ। এই হোলোং ঘৰ নিৰ্মাণ কৰিবলৈ ১২০০০ মানুহৰ প্ৰয়োজন হৈছিল আৰু এই ঘৰ নিৰ্মাণ কৰিবলৈ সময় লাগিছিল এবছৰ। এই হোলোং ঘৰৰ ভিতৰলৈ দীঘলকৈ ১২০ হাত আৰু পঠালিকৈ ৩০ হাত। হোলোং ঘৰৰ কাৰুকাৰ্য বিলাক অতি নিপুন আৰু আশ্চৰ্যকৰ আছিল।

পহিলা ব'হাগৰ দিনা কাৰেংঘৰ (১৫ এপ্ৰিল, ২০২১ চন)

কাৰেংঘৰৰ চাৰিওফালে গড়ে আগুৰি আছে আৰু গড়ৰ বাহিৰে দ খাৱৈ আছে, খাৱৈ ইমানেই দ যে মাউত আৰু হাতী একেলগে তল যাব। 
গড়গাঁৱৰ নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া আছিল। আহোম ৰাজত্ব কালৰ তৃতীয় ৰাজধানী গড়গাঁৱত প্ৰৱেশ কৰিবলৈ চাৰিখন সিংহদুৱাৰ আছিল। 
সেইকেইখন হল -
১/ ৰাজগড় সিংহদুৱাৰ।
২/ চেৰেকাপাৰ সিংহদুৱাৰ।
৩/ নঙলামৰা সিংহদুৱাৰ।
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব