বুৰঞ্জী প্ৰসিদ্ধ মাদুৰি


পদ্ম বৰগোহাঁই, মাদুৰি

(প্ৰথম প্ৰকাশ: BIDYANJALI : A souvenir published on the occasion of 125th establishment day of 170 No. Maduri Gohain L.P. School w.e.f 7th to 8th March 2015 in the courtesy of Reception Committee and edited by Pori Buragohain and Printed at National Printing Press, Balighat, Nazira.)



    পৰিচয় : 

    শিৱসাগৰ জিলাৰ নাজিৰা মৌজাৰ জোকতলি মৌজাত অৱস্থিত মাদুৰি এক বুৰঞ্জী প্ৰসিদ্ধ চহৰ। চুহানফা স্বৰ্গদেউৰ ৰাজত্ব কাললৈকে "বৰগোহাঁই" আৰু "বুঢ়াগোহাঁই" ডাঙৰীয়া সকলৰ বাবে স্থায়ী বাসস্থানৰ বাবে চহৰ নাছিল। এইজনা স্বৰ্গদেউৰ ৰাজত্ব কালতে দিখৌ নৈ উত্তৰ পাৰে দিলিহিত বুঢ়াগোহাঁই ডাঙৰীয়া সকলৰ কাৰণে মাদুৰিত স্থায়ী বাসস্থানৰ চহৰ পাতি দিয়ে।

    মাদুৰি নামৰ উৎপত্তি : অতীততে এই অঞ্চলত মাদুৰি বন নামে এবিধ চোকা ধাৰৰ তৰোৱাল সদৃশ বন থকাৰ কাৰণেই এই অঞ্চলটোৰ নাম মাদুৰি বুলি জনা যায়। হলেও বৰ্তমান এই ঠাইত মাদুৰি বনৰ চিন মোকাম নাই। ব্ৰহ্মপুত্ৰ নদীৰ কাষতেই এই বন দেখিবলৈ পোৱা যায়।
    আজান ফকীৰৰ জিকিৰত আছে-
    "সৰাগুৰি চাপৰি দিখৌ নৈৰ কাষৰী
    ৰজাই বন্ধাই দিয়া মঠ
    ছকুৰি ভকতে লয় হৰি নাম 
    মাদুৰি বনৰে কঠ"

    ঐতিহাসিক পটভূমি :

    চাওলুং ছ্যুকাফাই নিজ দেশ মাওলুং ত্যাগ কৰি পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডলৈ আহোঁতে লগত লৈ অহা বৰগোহাঁই জনৰ নাম আছিল খাওমুং কাণঙ্গন বৰগোহাঁই। "বৰগোহাঁই" শব্দটো আহোম শব্দ নহয়। মূল আহোম শব্দ "কুলহাই" অৰ্থাৎ দেশ চলাওতা। বৰগোহাঁই শব্দটো চাওলুং ছ্যুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ বহু বছৰৰ পিছৰ শব্দ(বুৰঞ্জীবিদ স্বৰ্গীয় মানিক বৰগোহাঁইৰ মতে) বৰগোহাঁই বংশাৱলীৰ মতে থাও মুং কাণঙ্গন বৰগোহাঁই ডাঙৰীয়াৰ পৰা ছয় পুৰুষত চাওকান বাণ্ডুক বৰগোহাঁই। চুহানফা স্বৰ্গদেউৰ ৰাজত্বকালত ৰাজমন্ত্ৰী হয়। কেইবাখনো বুৰঞ্জীত তেওঁৰ নামটো ত্যাওকবানৰেক বা চাওকান বানৰুক বুলি লিখা আছে। এইজনা বৰগোহাঁইৰ সাতজন পুতেক আছিল- লাই লাংৰাক, লেঙিখেনতৌ, লাঙহোং ওৰফে ফ্ৰাচেংমুং, লাংহেন, লাংখাত, লাংথাও আৰু লাংচুক। চাওকান বাণ্ডুক বৰগোহাঁই দিনলৈকে বৰগোহাঁই ফৈদৰ নামকৰণ হোৱা নাছিল। চুহানফা স্বৰ্গদেউৰ ৰাজত্বকালত মাদুৰিত বাসস্থানৰ বাবে চহৰ পাতি তেওঁলোকৰে পঞ্চমজন লাংখাতক ওৰফে থাওমুং লুংক বাসস্থান দিয়ে। তেতিয়াৰে পৰা তেওঁৰ বংশক মাদুৰিয়াল ফৈদ বোলে। মাদুৰিত বাসস্থান লোৱা লাংখাতৰ তিনিজন পুতেক আছিল। পুতেককেইগৰাকী হৈছে - লাং লৰু, লাংপাত আৰু খামপেত। চুচেনফা স্বৰ্গদেউৰ ৰাজত্বকালত খামপেত ৰাজমন্ত্ৰী হয়। বৰপুতেক লাং লৰুৰ নাতিয়েক লেচাই খামে চুচেংফা স্বৰ্গদেউৰ দিনত সৃষ্টি হোৱা সলাল গোহাঁই বিষয়খন পায়। লেচাইখামৰ তৃতীয় পুত্ৰ ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁই। এওঁৰ দুজন ভায়েক- লাংকু আৰু পেলন। লাংকু ৰাজখোৱা বিষয় বাব খাইছিল। পেলনে কি বিষয়বাব খাইছিল বংশাৱলীত উল্লেখ নাই। ৰাজমন্ত্ৰী লাইথেপেনা বৰগোঁহাইৰ বাৰ গৰাকী পত্নী, ২৮ জন পুত্ৰ আৰু ১৩ গৰাকী কন্যা আছিল। লাইথেপেনা বৰগোহাঁইৰ দুহিতা জয়মতীকে টিংখাঙ্গৰ গোবৰ ৰজাৰ পুত্ৰ বাহুবলী লাঙ্গি গদাপাণি কোঁৱৰে চকলং বিয়া কৰি নিয়াৰ কথা বৰগোহাঁই বংশাৱলীত উল্লেখ আছে। লাইথেপেনা বৰগোহাঁইৰ ২৪ জন পুতেকৰ ১২ জনে বিষয়বাব খাইছিল। সেইসকল হৈছে - কংখাস(বৰজনা সলাল গোহাঁই), কমলাকান্ত(ৰাজমন্ত্ৰী), ৰামচন্দ্ৰ(খনিকৰ বৰুৱা), লাওখান(ঘোঁৰা বৰুৱা), ঘনশ্যাম(সলাল বৰগোহাঁই), লাপাত(চেতিয়া বৰপাত্ৰ বৰুৱা), খামচেং(ৰাজমন্ত্ৰী দ'লবন্ধা বৰগোহাঁই), খামচাং(খঙ্গিয়া ফুকন), নাং হবাং(নাওশলীয়া ফুকন), অভয়াচৰণ(চেতিয়া পাত্ৰ বৰুৱা), নুমলি বৰগোহাঁই(ৰাজমন্ত্ৰী - চকৰি ফেঁটি বুৰঞ্জী প্ৰণেতা)।



    মাদুৰিৰ চাৰিসীমা :

    মাদুৰি চহৰখন একালত এক বৃহৎ এলেকাজুৰি বিস্তৃত হৈ আছিল। মাদুৰিৰ পূৱ দিশত ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ বাসস্থান বাৰী আছিল। বাসস্থানৰ কাষত ৰজাঘৰৰ তৰফৰ পৰা খন্দাই দিয়া এটা পুখুৰী আজিও অক্ষত অৱস্থাত আছে। বাসস্থানৰ পশ্চিম কোণত যুৰীয়া নামে দুটা পুখুৰী আছিল। পুখুৰী দুটাৰ এতিয়া পোত গৈ চিন মোকাম নাইকিয়া হ'ল। ইয়াৰ উপৰিও বাসস্থানৰ আশে-পাশে খন্দোৱা কেইবাটাও পুখুৰী আছিল, যেনে - মাহ প্ৰসাদ ধোৱা পুখুৰী, নাওঁখেল পুখুৰী, শিঙিমাৰী পুখুৰী আদি। "মাদুৰি চহৰৰ পূৱ অংশটোক অতীজতে ভাজনি বুলিছিল"(বুৰঞ্জী প্ৰসিদ্ধ মানিক বৰগোহাঁই)। মাদুৰিৰ দক্ষিণ দিশত লাইথেপেনা বৰগোহাঁইৰ ৩য় পুত্ৰ খনিকৰ বৰুৱা বিষয় বাব খোৱা ৰামচন্দ্ৰ বৰগোহাঁইৰ বাসস্থান আছিল। বাসস্থানৰ বাৰীত খন্দোৱা খটখটি পুখুৰী আজিও স-গৌৰৱে বিদ্যমান। পুখুৰীটোৰ পাৰত খটখটি প্ৰাথমিক বিদ্যালয়। খটখটি মধ্য ইংৰাজী বিদ্যালয় আৰু খটখটি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰি ৰাইজে সৌন্দৰ্য বৰ্দ্ধন কৰিছে।

    বৰ্তমান মাদুৰি চাৰি আলিৰ উত্তৰ কোণত চতাই আলি আৰু মাদুৰি আলিৰ কাষত লাইথেপেনা বৰগোহাঁইৰ ৩য় পুত্ৰ ৰামচন্দ্ৰ বৰুৱাৰ পৰিনাতি এগৰাকীয়ে আহোম ৰাজত্বৰ শেষ ভাগত ন-ফুকন বিষয় বাব পাই বাসস্থান লয়। বাসস্থানত ন-ফুকনৰ পুখুৰী নামে এটা পুখুৰী আজিও অক্ষত অৱস্থাত আছে। ন-ফুকনৰ পৰিনাতি সকলে সেই স্থান এৰি মাদুৰিৰ পশ্চিম দিশত বাসস্থান লৈ আছে। বাসস্থান লোৱা ঠাইডোখৰ ফুকন চুক নামে জনাজাত। মাদুৰিত ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ পৰিনাতি ৩৫ ঘৰতকৈ অধিক মানুহ আছে। তেওঁৰ পৰিনাতি সকল অসমৰ বিভিন্ন স্থানত সিচঁৰিত হৈ আছে।

    মাদুৰিৰ পূৱ দিশত আহোম ৰাজত্ব কালত পূজা-পাতল কৰা মহন আৰু কূটীৰ শিল্প, মাটিৰ পাত্ৰ, মলাচৰু আলি নিৰ্মাণ কৰা দুটা খেলৰ মানুহক বাসস্থান দিয়া হৈছিল। বৰ্তমানৰ মহন গাওঁ আৰু মলা গাওঁৰ নামৰ তাৎপৰ্য ইয়াতে লুকাই আছে। মাদুৰি অঞ্চলটো এটা বৃহৎ অঞ্চল কাৰণে চৰকাৰে মাদুৰি খণ্ড আৰু বৰগোহাঁই খণ্ড নামে দুটা খণ্ড কৰে। মাদুৰিত অতীজতে দুঘৰ মুছলমান সম্প্ৰদায়ৰ মানুহ আছিল। বর্তমান তেওঁলোকৰ পৰিনাতি ১২ ঘৰ মান হৈছেগৈ।

    মাদুৰি চহৰৰ পশ্চিম দিশত আহোম ৰাজত্বকালৰ শেষ মন্ত্ৰী মালভোগ বৰগোহাঁইয়ে বাসস্থান লয়। বাসস্থানৰ বাৰীত ঢাপ আদি বৰ্তমানো দৃশ্যমান হৈ আছে। মালভোগ বৰগোহাঁইয়ে বাসস্থানৰ কাষত খন্দোৱা ১০ বিঘা মাটিৰ পুখুৰীটো প্ৰায় অক্ষত অৱস্থাত আছে। ৰাজমন্ত্ৰী গৰাকীৰ পৰিনাতি সকলে আশে-পাশে সম্প্ৰতি বসতি কৰি আছে।



    মাদুৰি চহৰৰ উত্তৰ দিশত ডিমৌ নৈৰ কাষত দিৰৈ টিং চাপৰিত পিয়লি ফুকনৰ লগত ফাঁচী লোৱা জিউৰাম দুলিয়া বৰুৱাৰ বাসস্থান আছিল। বৰ্তমান সেই স্থানতে জয়মতী উচ্চ মাধ্যমিক বিদ্যালয় গঢ়ি উঠিছে। দুলিয়া বৰুৱাৰ পৰিনাতি সকল মঠিয়াচিগা, ফুলপানী বৰুৱা পুখুৰীৰ ওচৰত বাসস্থান লৈ আছে। জিউৰাম দুলিয়া বৰুৱাৰ বাসস্থানৰ ডিমৌ নৈৰ বিপৰীতে মেৰখাত নামে এখন ধান খেতি কৰা খাত আছিল। খাত-পথাৰখনত গড়ৰ চিন আজিও দৃষ্টিগোচৰ হৈ আছে। মাদুৰিত চটাই আলিৰ যাতায়তৰ সুবিধাৰ কাৰণে স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত ডিমৌ নৈৰ ওপৰত এডাল শিলৰ সাঁকো নিৰ্মাণ কৰা হয়। প্ৰাকৃতিক দুৰ্যোগ তথা সময়ৰ সোঁতত সাঁকোডাল ধ্বংস প্ৰাপ্ত হয়। সেই স্থানতে চৰকাৰে এখন পকী দলং নিৰ্মাণ কৰিছে।

    মাদুৰিৰ দক্ষিণ দিশত ইতিহাস প্ৰসিদ্ধ বাহঁগড়। ইয়াৰ কাষত স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্ব কালত বৰবৰুৱা বিষয় বাব খোৱা টেমা লাহন বৰবৰুৱাক বাসস্থান দিয়ে। বাসস্থানৰ পশ্চিম দিশত তেখেতৰ সু-উচ্চ মৈদাম থকাৰ উপৰিও উত্তৰ দিশত পৰিয়ালৰ ৩টা মৈদাম আছে।


    সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰলৈ মাদুৰিৰ অৱদান:


    কেৱল ইতিহাসৰ সোণালী পাততেই নহয় সংস্কৃতিৰ দিশটো মাদুৰিৰ এক বিশেষ স্থান আছে। চল্লিশ দশকৰ আভাসত কমল বৰগোহাঁই, নবীন বৰগোহাঁই, কণ বৰগোহাঁই, ফুলেশ্বৰ বৰগোহাঁই আৰু লাহন গাঁৱৰ কান্ত লাহন, পুৰ্নেশ্বৰ বৰগোহাঁই আদিয়ে গাঁৱত বিয়াত পালাগান, চুকুৰা নাচ আদি প্ৰদৰ্শন কৰি সাংস্কৃতিক প্ৰতিভাৰ নিদৰ্শন দিছে। সমান্তৰাল ভাৱে মাদুৰিৰ কেন্দ্ৰীয় হৰি মন্দিৰৰ প্ৰাঙ্গনত বৰগোহাঁই পুখুৰীৰ পাৰত এটা নাট্য মঞ্চ সাজি লৈ স্বৰ্গীয় জীৱেশ্বৰ বৰগোহাঁই, ভোগৰাম, মনেশ্বৰ, বগাধৰ বৰগোহাঁই, কাতিৰাম বৰগোহাঁই, মহেশ্বৰ চেতিয়া, বগা চেতিয়া, দেৱেশ্বৰ বৰগোহাঁই আদিয়ে "লব-কুশ" নাট প্ৰদৰ্শন কৰি নাট্য সংস্কৃতিৰ পাতনি মেলে। তেতিয়াৰ পৰা নাট্য-সংস্কৃতিয়ে মাদুৰিত গা-কৰি উঠে। কিছুকাল স্থবিৰ হৈ থকাৰ পাছত ৭০ দশকৰ আগভাগত মাদুৰি নৱ প্ৰজন্মই ৰাইজৰ সমূহীয়া প্ৰচেষ্টাত "আগমনি নাট্য সমাজ" নামে এটা নাট্যানুষ্ঠান জন্ম দি নাটক প্ৰদৰ্শনৰ পাতনি মেলে। অনুষ্ঠানটিৰ সভাপতি অধ্যাপক আছিল স্বৰ্গীয় অধ্যাপক বীৰেন বৰগোহাঁই আৰু সম্পাদক আছিল বৰ্তমান অৱসৰ প্রাপ্ত প্ৰধান শিক্ষক কৃষ্ণ বৰগোহাঁই। এওঁৰ পাছত অনুষ্ঠানটোৰ সম্পাদকৰ দায়িত্ব শ্ৰী দূৰ্গা বৰগোহাঁইৰ ওপৰত ন্যস্ত কৰে। এওঁৰ কাৰ্যকালতেই নিজৰ সংস্থাপনৰ কাৰণে কৰ্মীসকল আঁতৰি যোৱাত অনুষ্ঠানটোৰ স্থবিৰ হৈ পৰে।

    আগমণি নাট্য সমাজ স্থবিৰ হৈ পৰাৰ পিছতে মাদুৰিৰ অন্যতম সাংস্কৃতিক ব্যক্তি স্বৰ্গীয় পূৰ্ণানন্দ বৰচেতিয়াই একক প্ৰচেষ্টাৰে "মিলনজ্যোতি নাট্য গোষ্ঠী" নামে ভ্ৰাম্যমান নাটকৰ জন্ম দি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। কেইবছৰমান নাট প্ৰদৰ্শন কৰাৰ পাছত অৰ্থৰ অভাৱত অনুষ্ঠানটোৰ যৱনিকা পৰে।


    সামাজিক অৱদান :


    উনৈশ শতিকাৰ নব্বৈ দশকৰ আগভাগলৈকে মাদুৰিত কোনো শিক্ষানুষ্ঠান নাছিল। ১৮৮৯ চনত মাদুৰিত স্বৰ্গীয় পৰমানন্দ বৰগোহাঁইৰ উদ্যোগত ১৭০ নং প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠাত গাঁৱৰ সকলো ৰাইজে পূৰ্ণ সহযোগিতা আগবঢ়াই অনুষ্ঠানটো পূৰ্ণাঙ্গ কৰি তোলে। এই বিদ্যালয়খন নোহোৱাৰ আগতে মাদুৰিৰ ছাত্ৰ-ছাত্ৰীসকলে বোকা-পানী ফালি গৈ মেছাগড়(মেছাঘৰ) আমকটীয়াত স্থাপিত প্ৰাইমেৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল। মাদুৰিত ১৭০ নং প্ৰাথমিক বিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ পাছত আৰু তিনিখন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা হয়। ক্ৰমে মাদুৰি চাৰি আলি প্ৰাথমিক বিদ্যালয়, জয়া প্ৰাথমিক বিদ্যালয় আৰু বেতনী চাপৰি প্ৰাথমিক বিদ্যালয়। ইয়াৰ ওপৰিও এখন উচ্চ বুনিয়াদী আৰু "জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়" নামে এখন বিদ্যালয় প্ৰতিষ্ঠা হয়। এই দুয়োখন বিদ্যালয় প্ৰতিষ্ঠা লোৱাত আগভাগ লোৱা ব্যক্তিসকল আছিল - সমাজ সেৱক স্বৰ্গীয় পূৰ্ণকান্ত বৰগোহাঁই, ধনেশ্বৰ বৰগোহাঁই, মঠিয়াছিগাৰ কুশলাল বৰগোহাঁই, পৃক্ষুবৰ বৰগোহাঁই, দয়াৰাম বৰগোহাঁই, ধনীৰাম বৰগোহাঁই, নীল বুঢ়াগোহাঁই, কনকেশ্বৰ বৰগোহাঁই, চন্দ্ৰ নাথ চেতিয়া, নাৰায়ণ বৰগোহাঁই, সৰ্ব্বশ্ৰী কমল কছাৰী, দ্রুপদ বৰগোহাঁই, নিত্যানন্দ বৰগোহাঁই, বিপিন বৰগোহাঁই, নবীন বৰগোহাঁই, বিশ্ব বৰগোহাঁই(মঠিয়াছিগা), পদ্ম বৰগোহাঁই আদিৰ ওপৰিও আৰু বহুজন। উল্লেখযোগ্য যে মলাগাঁও আৰু মহন গাঁৱৰ এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আছিল।


    মাদুৰিত থকা অন্যান্য অনুষ্ঠান সমূহ :


    মাদুৰিত থকা অন্যান্য সামাজিক তথা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান সমূহ হৈছে - সেউজীয়া সমাজ(পুথি ভড়াল), প্ৰগতি পুথি ভড়াল, লাইথেপেনা বৰগোহাঁই সোঁৱৰণি সংঘ, মাদুৰি ডাকঘৰ, জোকতলী সমবায় সমিতি, জোকতলী স্বাস্থ্য কেন্দ্ৰ আৰু ফুকন চুকত গঢ় লৈ উঠিছে এটা নাট্য মন্দিৰ আৰু মহিলা সমিতি। উল্লেখযোগ্য যে মাদুৰিৰ মহিলা সমিতিৰ কাৰ্যালয়, প্ৰগতি পুথি ভড়াল আৰু নাট্য মন্দিৰটি ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত দ্রুপদ বৰগোহাঁইৰ এলেকা উন্নয়ন পুজিৰে নিৰ্মান কৰা হৈছে।




    ভাষা সাহিত্যলৈ অৱদান দিয়া ব্যক্তিসকল :


    আহোম সম্প্ৰদায়ৰ ভিতৰত প্ৰথম আৰু অসমৰ ভিতৰতে ষষ্ঠজন স্নাতোকোত্তৰ ডিগ্ৰীধাৰী(দৰ্শনৰ এম. এ) স্বৰ্গীয় প্ৰেমধৰ বৰগোহাঁই আছিল জোনাকী যুগৰ কবি। কলিকতাত পঢ়ি থকা কালৰে পৰা তেওঁ হাতত কলম তুলি লৈছিল। সেই সময়ৰ "বাঁহী" , "আসাম বন্তি" আদিৰ পাতত তেখেতৰ গল্প, প্ৰৱন্ধ, কবিতা আদি প্ৰকাশ পাইছিল। 'উষা' আৰু 'আলোচনী'ৰ তেখেতে পৃষ্ঠপোষক আৰু নিয়মীয়া লেখক আছিল। তেখেতৰ বুৰঞ্জীমূলক প্ৰৱন্ধ পাতি বিভিন্ন আলোচনী কাকতৰ পাতত সিঁচৰিত হৈ আছে। অধ্যাপক স্বৰ্গীয় বীৰেন বৰগোহাঁই আছিল ৰামধেনু যুগৰ কবি তথা সু-সাহিত্যিক। মাদুৰিৰ ফুকন চুকৰ পদ্ম বৰগোহাঁই এজন প্ৰখ্যাত বুৰঞ্জীবিদ, কবি তথা সংগঠক। তেওঁ ইতিমধ্যে কেইবাখনো বুৰঞ্জীমূলক গ্ৰন্থ, কবিতা পুথি ৰচনা কৰি অঞ্চলটোলৈ সুখ্যাতি কঢ়িয়াই আনিছে। স্বৰ্গীয় ৰিপুনাথ বৰগোহাঁই আন এজন সু-লেখক আছিল। কবিতাৰে ওলাই আহিছিল লাবণ্য প্ৰভা বৰগোহাঁই।

    চিকিৎসক হিচাপে অৱদান দিয়া ব্যক্তিসকল :    

    ১. ডাঃ গিৰীশ বৰগোহাঁই (বৰ্তমান যোৰহাট নিবাসী)
    ২. ডাঃ প্ৰদীপ বৰগোহাঁই (বৰ্তমান শিৱসাগৰ নিবাসী)
    ৩. ডাঃ গিৰীশ বৰগোহাঁই (বৰ্তমান তেওঁ ডিব্ৰুগড়ত)
    ৪. দিলীপ বুঢ়াগোহাঁই

    মাদুৰিলৈ কৃতি শিক্ষক হৈ গৌৰৱ কঢ়িয়াই অনা ব্যক্তিসকল : 

    ১. শ্ৰীযুত চন্দ্ৰনাথ বৰগোহাঁই
    ২. শ্ৰীযুত দূৰ্গেশ্বৰ বৰগোহাঁই
    ৩. শ্ৰীযুতা ৰাধাকান্তি বৰগোহাঁই
    ৪. স্বৰ্গীয় পূৰ্ণানন্দ বৰচেতিয়া
    ৫. শ্ৰীযুত বিপিন বৰগোহাঁই
    ৬. শ্ৰীযুতা স্নেহময়ী বৰগোহাঁই

    ৰাজনৈতিক ক্ষেত্ৰলৈ অৰিহণা যুগুৱা মাদুৰিৰ ব্যক্তিসকল: 

    ভাৰত স্বাধীনতা আন্দোলনত যোগ দিয়া মাদুৰিৰ চেতিয়া চাপৰিৰ প্ৰথম জন ব্যক্তি আছিল গান্ধীবাদী আদৰ্শৰে আপ্লুত ঁদণ্ডেশ্বৰ চেতিয়া। তেখেতে বহু আগতেই এই অঞ্চলত মহাত্মা গান্ধীৰ আদর্শ প্ৰচাৰ কৰি ৰাইজক স্বাধীনতা আন্দোলনত যোগ দিবলৈ আহ্বান জনাইছিল। তেখেতে কল্পনাৰ স্বাধীন ভাৰত দেখিবলৈ নাপালে। চেতিয়া স্বৰ্গী হোৱাৰ পিছত মাদুৰিত স্বৰ্গীয় এই সকল ব্যক্তি - জীৱশ্বৰ বৰগোহাঁই, ভোগৰাম বৰগোহাঁই, দেউতী বৰগোহাঁই, ধনেশ্বৰ বৰগোহাঁই আদিয়ে কংগ্ৰেছত যোগ দি পূৰ্ণ সহযোগ আগবঢ়াই। জীৱশ্বৰ বৰগোহাঁইক (নামতি) অকালতে শত্ৰুৱে গুলিয়াই নিহত কৰে।

    স্বৰ্গীয় মাধৱ বৰগোহাঁই, শ্ৰীশিৱ প্ৰসাদ বৰগোহাঁই আৰু ভালেকেইজনে চি.পি.আইত যোগ দিছিল। স্বৰ্গীয় মাধৱ প্ৰসাদ বৰগোহাঁইয়ে কাৰাবাস খাটিছিল।

    শ্ৰীপদ্ম বৰগোহাঁই, স্বৰ্গীয় মাধৱ প্ৰসাদ বৰগোহাঁই আৰু স্বৰ্গীয় ভদ্ৰেশ্বৰ গগৈৰ উদ্যোগত জোকতলি মৌজাৰ (চি.পি.আই) কমিউনিষ্ট পাৰ্টিৰ প্ৰথম শাখা প্ৰতিষ্ঠা হয়। ১৯৬১ চনত চাকৰি সূত্ৰে তিতাবৰৰ পৰা আহি মাদুৰিত বাসস্থান লোৱা কবি-শিল্পী ঁকমল কছাৰীয়ে পাৰ্টিত অংশ গ্ৰহণ কৰে আৰু শাখা সমিতিখন সুদৃঢ় কৰাত বৰঙণি আগবঢ়াই।

    স্বৰ্গীয় শিক্ষক লক্ষীপ্ৰসাদ বৰগোহাঁইয়ে চাকৰি এৰি কংগ্ৰেছ দলত যোগদান কৰিছিল। পাছত তেওঁ মাহমৰা সমষ্টিৰ বিধায়ক হয়। মাদুৰিৰ সু-সন্তান শ্ৰীযুত দ্রুপদ বৰগোহাঁই। তেৱোঁ শিক্ষকতা এৰি কমিউনিষ্ট পাৰ্টিৰ হৈ প্ৰথমতে ৰাজ্য সভাৰ সাংসদ আৰু তাৰ পিছত নাজিৰা সমষ্টিৰ বিধায়ক হৈ মাদুৰিলৈ গৌৰৱ কঢ়িয়াই আনে।

    বৰ্তমান নৱ প্ৰজন্মৰ সুশান্ত বৰগোহাঁইয়ে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদক হৈ গৌৰৱ কঢ়িয়াই অনাটো উজ্জ্বল ভৱিষ্যতৰ নমুনা।

    শিক্ষাৰ ক্ষেত্ৰত মাদুৰি গোহাঁই গাঁও বহুতো আগবঢ়া। এই গাঁৱৰ পৰা বহুতো লোকে কলেজ, বিভিন্ন শিক্ষানুষ্ঠান, চিকিৎসা, কাৰিকৰী দিশৰ লগত জড়িত হৈ আছে তাৰোপৰি কেইবাজন ব্যক্তি ডঃ ডিগ্ৰী লাভ কৰি এই গাঁৱৰ সুনাম বঢ়াই আছে।

    সামৰণিত মাদুৰি এখন বুৰঞ্জী প্ৰসিদ্ধ বৃহৎ চহৰ। মাদুৰি দুটা খণ্ডৰ অন্তৰ্গত। মাদুৰিত বুৰঞ্জীয়ে গৰকা যিমানবোৰ আপুৰুগীয়া সম্পদ আছে প্ৰবন্ধটোত সকলোখিনি সামৰি লিখিব পৰা নাই বুলি ভাবিছোঁ। গতিকে পঢ়ুৱৈ সমাজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। যিখিনি ভুল-ক্ৰুটি ৰৈ গৈছে বিজ্ঞজনে আঙুলিয়াই দিলে ভাল পাম।


    Post a Comment

    0 Comments