আজান পীৰৰ দৰগাহ আৰু আজান ফকীৰ



আজান পীৰৰ দৰগাহ আৰু আজান ফকীৰ

আজান পীৰৰ দৰগাহ শিৱসাগৰ জিলাৰ উত্তৰ দিশত শৰাগুৰি চাপৰিত অৱস্থিত। শৰাগুৰি চাপৰিলৈ শিৱসাগৰ নগৰৰ পৰা দূৰত্ব প্ৰায় ২০ কিলোমিটাৰ আৰু এই শৰাগুৰি চাপৰিতেই দিখৌ আৰু ব্ৰক্ষ্মপুত্ৰৰ সংগমস্হল। অসমৰ হিন্দু আৰু মুছলমানৰ ভাতৃত্ববোধ তথা চিৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক, ইছলাম ধৰ্ম প্ৰচাৰক, জিকিৰৰ সম্ৰাট আজান ফকীৰৰ স্মৃতি চিৰ যুগমীয়া কৰাৰ নিমিত্তে নিৰ্মান কৰা এক মছজিদ।



আজান ফকীৰৰ জন্ম হৈছিল ১৬১০ চনত ইৰাকৰ ৰাজধানী বাগদাদৰ ওচৰৰে এখন গাৱঁত। আজান ফকীৰৰ প্ৰকৃত নাম আছিল ছাহ মীৰাণ। তেখেত আছিল ধৰ্ম প্ৰচাৰক, কবি আৰু পিছলৈ জিকিৰ ৰচনা কৰিছিল। আজান ফকিৰে লগত ভাতৃ নবী আৰু কেইজনমান সংগীক লগত লৈ আজমীৰৰ পৰা অসমলৈ আহিছিল। আজান ফকীৰ অৰ্থাৎ ছাহ মীৰাণ সংগী সকলৰে সৈতে খোজকাঢ়ি ইৰাক, আফগানিস্হান, খাইবাৰ গিৰিপথ অতিক্ৰম কৰি ভাৰতত প্ৰবেশ কৰিছিল। আজান ফকীৰ আৰু তেখেতৰ সঙ্গী সকলে কিছুদিন আজমীৰ, কিছুদিন দিল্লীত কটাই তেওঁলোক অসমৰ কামৰূপ ৰাজ্যত প্ৰবেশ কৰিছিল। আজান ফকীৰে অসমৰ ছোৱালী বিয়া কৰাই অসমৰ ভাষা-সংস্কৃতিৰ সৈতে গভীৰ ভাৱে জড়িত হৈ পৰিছিল। তেওঁ অসমত প্ৰথমে কামৰূপৰ হাজোৰ হজৰত গিয়াছুদ্দিন আউলিয়াৰ দৰগাহতে থাকিবলৈ ললে। হাজোৰ হজৰত গিয়াছুদ্দিন আউলিয়াৰ দৰগাহত থাকি অসমীয়া ভাষা, বৈষ্ণৱ কবি, ওজাপালি, লোকগীত, দেহবিচাৰ গীত, নৃত্য-গীত আদি ভালদৰে আয়ত্ব আৰু চৰ্চা কৰি পিছলৈ জিকিৰ ৰচনা কৰি সুৰ দি আল্লাৰ মহত্বৰ কথা জিকিৰৰ মাজেদি প্ৰকাশ কৰিছিল। আজান ফকীৰ জনপ্ৰিয় হৈছিল আৰু তেখেতৰ শিষ্যৰ সংখ্যা বৃদ্ধি হৈছিল।



আজান ফকীৰ অৰ্থাৎ ছাহ মীৰাণ হাজোত  কিছুবছৰ থাকি তেওঁ আৰু ভাতৃ উজনিৰ দিশে আগুৱাই আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ কাষৰীয়া ঠাই চূণপোৰাত থাকিবলৈ লৈছিল। চূণপোৰাত এটা মছজিদ নিৰ্মাণ কৰি প্ৰতিদিনে পাঁচ বাৰকৈ নামাজ পঢ়িবলৈ আৰু পাঁচ বাৰকৈ আজান দিবলৈ আৰম্ভ কৰিলে। ইয়াতে তেওঁ জিকিৰ ৰচনা আৰু সুৰ দি এক নতুন সংস্কৃতিৰ সৃষ্টি কৰিলে। সেই চূণপোৰাত থকা সময়তেই সেই ঠাইৰ স্থানীয় লোক সকলে ছাহ মীৰাণক “আজান ফকীৰ” নামেৰে নামাকৰণ কৰে। আজান ফকীৰে চূণপোৰাত থকা সময়তেই ইছলাম ধৰ্ম আৰু ৰীতি-নীতিৰ সম্পৰ্ক থকা জিকিৰ গীত সমূহ ৰচনা কৰি অসমীয়া সুৰতে পৰিবেশনৰ বাবে ব্যৱস্হা কৰিছিল। জিকিৰৰ কথা, সুৰ, ছন্দৰ অপূৰ্ব সমাহাৰে আজান ফকীৰৰ অতি কম সময়ৰ ভিতৰতে সমগ্ৰ অসমতে নাম-যশ বৃদ্ধি পাবলৈ ধৰিলে।

ৰজা গদাধৰ সিংহৰ মুছলমান বিষয়া আছিল ৰূপাই দাধৰা। ৰূপাই দাধৰাই আজান ফকীৰৰ নাম-যশ চাৰিওফালে বিয়পি পৰাত তেওঁ ঈৰ্ষাত আজান ফকীৰৰ বিৰূদ্ধে ষড়যন্ৰত লিপ্ত হয়। প্ৰথম অৱস্হাত গুপ্তচৰ আৰু পাছলৈ ইচলাম ধৰ্ম বিকৃত কৰাৰ অভিযোগ উথ্থাপন কৰে। বৃদ্ধ বয়সত আজান ফকীৰ আৰু ভাতৃ নবীক বন্দী কৰি আজান ফকীৰৰ চকু কাঢ়িবলৈ নিৰ্দেশ দিলে। আজান ফকীৰৰ চকু কাঢ়ি নিয়াৰ পাছতেই অসমত নানা দুৰ্যোগ নামি আহিছিল, দিখৌ ফেনে-ফুটুকাৰে বাঢ়ি আহিছিল। পিছলৈ ৰজাই নিজৰ ভুলৰ কথা আৰু ৰূপাই দাধৰাৰ চক্ৰান্ত্ৰৰ ফলতেই আজান ফকীৰক শাস্তি দিয়াৰ বাবে দৰদী হৈ পৰিল আৰু আজান ফকীৰৰ প্ৰতি সন্মান জনাই ধৰ্ম প্ৰচাৰ কৰিবলৈ শৰাগুৰি চাপৰিত ৰজাই নিজেই মঠ সজাই তেওঁক সংস্হাপনৰ ব্যৱস্হা কৰি দিয়ে।

আজান ফকীৰৰ মৃত্যু হৈছিল আনুমানিক প্ৰায় ১২০ বছৰ বয়সত। মৃত্যুৰ পিছতে আজান ফকীৰক শৰাগুৰি চাপৰিৰ মছজিদৰ কাষতে কবৰ দিয়া হয়। আজান ফকীৰে পত্নী, দুজন পুত্ৰ আৰু ভাতৃ নবীক মৃত্যুৰ সময়ত এৰি যায়। শৰাগুৰি চাপৰিত এটা মছজিদ, কবৰ, এটা পুখুৰী আৰু গড়ে সংহতিৰ চানেকী বহন কৰিছে।
(আজান পীৰৰ দৰগাহ, ফটো:- যদুমণি চাংমাই)







Post a Comment

Previous Post Next Post