দৈনন্দিন খোজ কঢ়াৰ উপকাৰিতা আৰু ফলাফল সমূহ

Embed from Getty Images
বৰ্তমান সময়ত আমি যন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ দৈনিক কাম-কাজ সমূহ সম্পাদন কৰি আহিছো, যাৰ ফলত স্বাস্থ্যই অধিক সময় কাম কৰাৰ পৰা বিৰত থাকে, এনে হলে স্বাস্থ্য অৱনতি হোৱা দেখা যায়।

ব্যস্ততাপূৰ্ণ জীৱনত প্ৰতিজন লোক সুস্থ আৰু সবল হৈ থাকিবলৈ হলে খোজ কঢ়াটো অতি প্ৰয়োজনীয়।

দৈনিক নিয়মিত ভাৱে খোজ কাঢ়িলে শাৰীৰিক ভাৱে আৰু মানসিক ভাৱে সুস্থ-সবল দেহ-মনৰ অনুভৱ কৰিব পৰা যায়।

আমাৰ হৃদযন্ত্ৰৰ লগত জড়িত আন-আন ৰোগ সমূহৰ সৈতে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওচৰ সম্পৰ্ক আছে, গতিকে আমি সদায় শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ প্ৰতি সচেতন হব লাগে।
দৈনন্দিন খোজ কঢ়াৰ উপকাৰিতা আৰু ফলাফল সমূহ হ'ল -

১/ আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ কাৰ্ডিঅ'ভাছকুলাৰ পদ্ধতিটো অধিক শক্তিশালী কৰি ৰখাত খোজ কঢ়াই সহায় কৰে । ফলত হাৰ্ট আৰু হাওঁফাওঁৰ কাৰ্যক্ষমতা বাঢ়ে আৰু দৈনন্দিন কাম সমূহ সম্পাদন কৰিবলৈ শক্তি যোগায় ।

২/ খোজ কাঢ়িলে শৰীৰলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পৰিবাহিত হয় । প্ৰায় ৬০% বহুমূত্ৰ ৰোগ নিৰ্মূল কৰিব পাৰি আৰু ২০% কৰ্কত ৰোগ প্ৰতিৰোধ কৰিব পাৰি ।

৩/ খোজ কাঢ়িলে শৰীৰৰ মাংসপেশীসমূহ অধিক শক্তিশালী আৰু শৰীৰৰ আঘাত প্ৰৱণতা কমাই তোলে ।

৪/ খোজ কাঢ়িলে বেক পেইনৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি । আমাৰ শৰীৰৰ ইমিউন পদ্ধতিটো অধিক শক্তিশালী কৰাত খোজকঢ়াই  সহায় কৰে । 

৫/ খোজ কাঢ়িলে অনিদ্ৰা ৰোগৰ পৰা হাত সাৰিব পাৰি । খোজ কাঢ়িলে আমাৰ শৰীৰটোৱে অৱশ অনুভৱ কৰি শৰীৰটোক জিৰণিৰ প্ৰয়োজন হয় । যাৰ ফলত শৰীৰটোৱে নিদ্ৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে । 

             পুৱা প্ৰকৃতিৰ লগত সম্পৰ্ক গঢ়ি তুলিলে স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় বহুতো উপাদানেই পোৱা যায় আৰু বৰ্তমান সময়ত সকলোৱেই সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ খোজ কঢ়া , নিয়মীয়া ব্যাম , দৌৰা আদি নিতান্তই আৱশ্যক ।

বিঃদ্ৰঃ - এই লিখনিটো সাধাৰণ তথ্যৰ ভিত্তিত দিয়া হৈছে। অধিক তথ্য আৰু সহায়ৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। 
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →
নতুন আপডেট

ভোগৰ উৎসৱ ভোগালী: শৈশৱৰ মাঘ বিহুৰ সোঁৱৰণি আৰু পৰম্পৰা

মাঘ বিহুৰ বিষয়ে ভোগালী বিহু অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ।

সম্পূৰ্ণ পঢ়ক →