গড়গাঁও


গড়গাঁৱৰ ঐতিহাসিক নাম চে-হুং। চে ৰ অৰ্থই বহন কৰিছে নগৰ আৰু হুং ৰ অৰ্থই গড়, অৰ্থাৎ গড়েৰে মেৰাই লোৱা নগৰ। গড়গঞা ৰজাই ( স্বৰ্গদেউ ছুক্লেনমুঙ) গড়গাঁৱত ৰাজধানী পাতিছিল (১৫৫৩-৬২ খৃষ্টাব্দত) আৰু ইয়াতেই কাৰেংঘৰ নিৰ্মাণ কৰিছিল। সমগ্র ভাৰত আৰু ব্ৰহ্মদেশত তেওঁলোকৰ গৌৰৱ, বীৰত্বৰ কথা প্ৰকাশ পাইছিল আৰু অসমত তেওঁলোকৰ সাম্ৰাজ্য তিনি শতিকা পূৰ্ণাংগভাৱে, যশ-গৌৰবেৰে শাসন কৰিছিল।

দৈনন্দিন বা-বাতৰি গড়গাঁৱত নিমিষতে আদান-প্ৰদানৰ ব্যৱস্থা আছিল। গড়গাঁও বতৰা যোগান ধৰিবৰ বাবে সুদক্ষ চোৰাংচোৱা আছিল। গড়গাঁৱৰ ৰাজধানী স্বর্গদেৱে যি ঠাইত পাতিছিল, সেই ঠাইৰ নাম হেমেনাবাৰী আছিল।

গড়গাঁৱৰ নিৰাপত্তা ব্যৱস্থা অতি সুৰক্ষিত আছিল। গড়গাঁৱৰ চাৰিওফালে খাৱৈ খান্দি ওখ গড় বন্ধা হৈছিল, এই পৰামৰ্শ প্ৰদান কৰিছিল ছুক্লেনমুঙ স্বৰ্গদেউক তেওঁৰ বৰৰাণী নৰা ৰাজকুমাৰী চাও চিং কুঁৱৰীয়ে (নাঙ-ত্যেপ্-খাম)। গড়গাঁও নামৰ মূল বিশেষত্ব এই যে গড় মাৰি ৰাজধানী পতাৰ বাবেই এই ঠাইৰ নাম গড়গাঁও হল।

গড়ৰ বিৱৰণ :- খুনলুঙ আৰু খুনলাইৰ দিনৰ পৰা নগৰৰ চাৰিওদিশে খাৱৈ খান্দি গড় বন্ধোৱা প্ৰথা টাই আহোম সকলৰ মাজত প্ৰচলিত। নগৰ সুৰক্ষিত কৰি ৰাখিবলৈ গড়ৰ বাহিৰে পানী থকা পুখুৰীৰ সমান দ আৰু বহল খাৱৈ খান্দি ৰাখে আৰু বৰষুণৰ ফলত যাতে গড়ৰ মাটি খহি নাযায় আৰু গড়ৰ মাজেদি যাতে শত্ৰুপক্ষ সোমাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গড়ৰ ওপৰত কোটোহা বাঁহ ৰোৱা হৈছিল। ৰাজধানী সুৰক্ষাৰ বাবে বাজ গড়, ভিতৰ গড় আৰু ইটা গড়কে আদি কৰি তিনিখাপৰ গড় নিৰ্মাণ কৰি লৈছিল।





লগতে চাওক
কাৰেংঘৰ

বুৰঞ্জী প্ৰসিদ্ধ মাদুৰি

আজানপীৰ দৰগাহ আৰু আজান ফকীৰ

ছশ বছৰীয়া আহোম ৰাজত্বৰ আহোম সৈন্যৰ যুদ্ধৰ অন্যতম আহিলা ( ক্লঙ ) বৰটোপ



Post a Comment (0)
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব