শিৱসাগৰ পুখুৰী Sivasagar Tank

শিৱসাগৰপুখুৰী

শিৱসাগৰ পুখুৰী Sivasagar Tank (ফটো- পলাশজ্যোতি গগৈ)

শিৱসাগৰ পুখুৰী স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত বৰকুৱৰী বৰৰজা অম্বিকা কুৱৰীয়ে কলঞ্চু নামৰ  সৰু জান এটাৰ পাৰতে বসবাস কৰি থকা কলঞ্চুপৰীয়া গোহাঁই সকলৰ গাঁৱত অৰ্থাৎ কলঞ্চুপৰীয়া বুঢ়াগোহাঁঞি বাৰিত স্বামী শিৱসিংহৰ নাম যুগমীয়া কৰিবৰ বাবে  এই পুখুৰী খন্দাইছিল। (১৭৩৪  খ্ৰীষ্টাব্দ) ১৬৫৫ শকৰ  ১৮ জেঠত শিৱসাগৰ পুখুৰীৰ খনন কাৰ্য আৰম্ভ কৰা হৈছিল আৰু সম্পূৰ্ণ কৰা হৈছিল ১৬৫৬ শকৰ বহাগ মাহৰ ৬ তাৰিখে। (১৭৩৫ খ্ৰীষ্টাব্দত) এই শিৱসাগৰ পুখুৰী ৰাইজৰ বাবে উৎসৰ্গা কৰে।

বৰকুৱৰী বৰৰজা অম্বিকা কুৱৰী  স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয় পত্নী আছিল। বৰৰজা ফুলেশ্বৰী  কুৱৰীৰ ১৭৩১ খ্ৰীষ্টাব্দত মৃত্যুৰ পিছত তেওঁৰ ভগ্নী অম্বিকাক বৰৰজা পাতিছিল।

শিৱসাগৰ পুখুৰীটো পাৰৰে সৈতে মুঠ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠা ৫ লোচা আৰু পানী ভাগৰ মাটিকালি ৯৭ পুৰা ২ বিঘা ২ কঠা । শিৱসাগৰ পুখুৰীৰ গভীৰতা ২০  কিউবিক। ৰাজকীয়ভাৱে  খন্দোৱা যিবিলাক  পুখুৰী ১০০(এশ)জন বৈদিক পুৰোহিতক আনি ধন-সোণ, দান-দক্ষিণা দি উসৰ্গা কৰোৱাইছিল সেই পুখুৰীবিলাকে সাগৰ আখ্যা পাইছিল। যিবিলাক পুখুৰী এশতকৈ কম বৈদিক ব্ৰাহ্মণ আনি উসৰ্গা কৰোৱাইছিল সেইবিলাকে পুখুৰী আখ্যা পাইছিল।
শিৱসাগৰ পুখুৰী Sivasagar Tank (ফটো- পলাশজ্যোতি গগৈ)

শিৱসাগৰ পুখুৰী Sivasagar Tank (ফটো- পলাশজ্যোতি গগৈ)

শিৱসাগৰ পুখুৰীত সৌন্দৰ্য বৰ্ধন কৰা কেইটামান হাঁহ

শিৱসাগৰ পুখুৰীৰ চাৰিওটা পাৰক চাৰিওটা  নামেৰে নামাকৰণ  কৰা হৈছিল। তলত চিত্ৰৰ সহায়ত দেখুওৱা হল-
  • পূব পাৰৰ নাম চেৰেকাপাৰ
  • পশ্চিম পাৰৰ নাম কাঠপাৰ
  • উত্তৰ পাৰৰ নাম জয়াপাৰ
  • দক্ষিণ পাৰৰ নাম ঢুলীয়াপাৰ

শিৱসাগৰ পুখুৰীৰ চাৰিওটা পাৰ (Map Source Google)


Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব