শিৱসাগৰ পুখুৰী Sivasagar Tank

শিৱসাগৰপুখুৰী

শিৱসাগৰ পুখুৰী Sivasagar Tank (ফটো- পলাশজ্যোতি গগৈ)

শিৱসাগৰ পুখুৰী স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত বৰকুৱৰী বৰৰজা অম্বিকা কুৱৰীয়ে কলঞ্চু নামৰ  সৰু জান এটাৰ পাৰতে বসবাস কৰি থকা কলঞ্চুপৰীয়া গোহাঁই সকলৰ গাঁৱত অৰ্থাৎ কলঞ্চুপৰীয়া বুঢ়াগোহাঁঞি বাৰিত স্বামী শিৱসিংহৰ নাম যুগমীয়া কৰিবৰ বাবে  এই পুখুৰী খন্দাইছিল। (১৭৩৪  খ্ৰীষ্টাব্দ) ১৬৫৫ শকৰ  ১৮ জেঠত শিৱসাগৰ পুখুৰীৰ খনন কাৰ্য আৰম্ভ কৰা হৈছিল আৰু সম্পূৰ্ণ কৰা হৈছিল ১৬৫৬ শকৰ বহাগ মাহৰ ৬ তাৰিখে। (১৭৩৫ খ্ৰীষ্টাব্দত) এই শিৱসাগৰ পুখুৰী ৰাইজৰ বাবে উৎসৰ্গা কৰে।

বৰকুৱৰী বৰৰজা অম্বিকা কুৱৰী  স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয় পত্নী আছিল। বৰৰজা ফুলেশ্বৰী  কুৱৰীৰ ১৭৩১ খ্ৰীষ্টাব্দত মৃত্যুৰ পিছত তেওঁৰ ভগ্নী অম্বিকাক বৰৰজা পাতিছিল।

শিৱসাগৰ পুখুৰীটো পাৰৰে সৈতে মুঠ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠা ৫ লোচা আৰু পানী ভাগৰ মাটিকালি ৯৭ পুৰা ২ বিঘা ২ কঠা । শিৱসাগৰ পুখুৰীৰ গভীৰতা ২০  কিউবিক। ৰাজকীয়ভাৱে  খন্দোৱা যিবিলাক  পুখুৰী ১০০(এশ)জন বৈদিক পুৰোহিতক আনি ধন-সোণ, দান-দক্ষিণা দি উসৰ্গা কৰোৱাইছিল সেই পুখুৰীবিলাকে সাগৰ আখ্যা পাইছিল। যিবিলাক পুখুৰী এশতকৈ কম বৈদিক ব্ৰাহ্মণ আনি উসৰ্গা কৰোৱাইছিল সেইবিলাকে পুখুৰী আখ্যা পাইছিল।
শিৱসাগৰ পুখুৰী Sivasagar Tank (ফটো- পলাশজ্যোতি গগৈ)

শিৱসাগৰ পুখুৰী Sivasagar Tank (ফটো- পলাশজ্যোতি গগৈ)

শিৱসাগৰ পুখুৰীত সৌন্দৰ্য বৰ্ধন কৰা কেইটামান হাঁহ

শিৱসাগৰ পুখুৰীৰ চাৰিওটা পাৰক চাৰিওটা  নামেৰে নামাকৰণ  কৰা হৈছিল। তলত চিত্ৰৰ সহায়ত দেখুওৱা হল-
  • পূব পাৰৰ নাম চেৰেকাপাৰ
  • পশ্চিম পাৰৰ নাম কাঠপাৰ
  • উত্তৰ পাৰৰ নাম জয়াপাৰ
  • দক্ষিণ পাৰৰ নাম ঢুলীয়াপাৰ

শিৱসাগৰ পুখুৰীৰ চাৰিওটা পাৰ (Map Source Google)

✍ কল্পজ্যোতি বৰগোহাঁই


DISTRICT : SIVASAGAR
STATE : ASSAM
COUNTRY : INDIA 



পৰ্য্যটকৰ সুবিধাৰ বাবে  tourist

SIVASAGAR POLICE STATION শিৱসাগৰ পুলিচ ষ্টেচন - ফোন phone number03772222923 / 100
হোটেল HOTEL
BRAHMAPUTRA HOTEL ব্ৰক্ষ্মপুত্ৰ হোটেল -  ফোন phone number0377222220
HOTEL PICCOLO হোটেল  পিকলো - ফোন phone number  - 03772223126

Post a Comment

Previous Post Next Post