নামদাঙৰ শিলৰ সাঁকো


নামদাং শিলৰ সাঁকো শিৱসাগৰ জিলাত অৱস্থিত। এই শিলৰ সাঁকো ইতিহাস প্ৰসিদ্ধ দলং। নামদাং শিলৰ সাঁকো ১৭০৩ চনত আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনত বংগদেশৰ কাৰিকৰৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। আহোম যুগত নিৰ্মিত শিলৰ সাঁকো সমূহৰ ভিতৰত নামদাং শিলৰ সাঁকো ডালেই দীঘল আৰু বহল।
 নামদাং নদীৰ ওপৰত অৱস্থিত বাবে এই ঐতিহাসিক শিলৰ সাঁকো ডালক নামদাং শিলৰ সাঁকো বুলি কোৱা হয়। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নামদাং শিলৰ সাঁকোৰ ওপৰেৰে গৈছে।  

     এই নামদাং শিলৰ সাঁকো ৬০ মিটাৰ দীঘল, ৬.৫ মিটাৰ বহল আৰু ৫.৫ ফুট ডাঠ। নামদাং শিলৰ সাঁকোত ৫ টা সুৰংগ আছে । আকৃতিৰ ফালৰ পৰা সাঁকো ডাল ধেনুভিৰীয়া আৰু প্ৰাচীন কালৰ বহুতো ভাস্কৰ্য্য আছে।
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →