যাত্ৰী আমি সময়ৰ


✍ ৰূপজ্যোতি চাংমাই

ৰেলগাড়ীৰ প্ৰতিটো গতি যেন
জীৱনৰ দুৰ্বাৰ গতি !
শৈশৱৰ ধেমালি, কান্দোন অৰ্থবা
যৌৱনৰ চঞ্চল মন, অভিমান, আত্মপৰিচয়ৰ দাম্ভিকতা
স্বপ্ন, প্ৰেম, কামনা কিম্বা নীতি আৰু দৰ্শনৰ !
কত নাই সংঘাত ?
কত নাই দুখ ?
বন্যাৰ্ত্ত জনতাৰ ?
বিস্ফোৰণ বা দুৰ্যোগত সৰ্বহাৰা হোৱা সকলৰ ?
আপোনজনক হেৰুৱা জনৰ ?
জীৱন যে নিজে এক প্ৰত্যাহ্বান।
সন্মুখত লক্ষ্যলৈ যুঁজাৰ এক দুৰ্দান্ত আহ্বান।
আজি তোমাক লগ পালো
আজি এই মুহূৰ্ততো
কালিলৈ অতীত হৈ যাব আৰু
অতীতবোৰ এদিন স্মৃতি হৈ যাব,
হয়তো সুখ নতুবা দুখৰ।
তুমি-মই হেৰাই যাম নিজৰ বাটত
এদিন এনেকৈয়ে আহিব এচাম নতুন
ৰেলে উকি মাৰিব
এটা নেদেখা ষ্টেচনত তুমি নামি যাবা
মোৰো সময় হব, ময়ো নামি যাম
এচাম আকৌ নতুন যাত্ৰীক লৈ
জীৱনমুখী ৰেলগাড়ীখন আগুৱাই গৈ থাকিব,
আগুৱাই গৈ থাকিব
অন্য এটা নেদেখা ষ্টেচনলৈ ।
Post a Comment (0)
Previous Post Next Post