এহেজাৰ টকাৰ খেল

এহেজাৰ টকাৰ খেল

দেৱজিত চেতিয়া


এহেজাৰ টকাৰ খেল

সৰুৰে পৰা মই চেনী আছিলোঁ। ক্লাছ 5 মানতেই প্ৰেমত পৰিছিলোঁ। ধুনীয়া ছোৱালী দেখিলেই প্ৰেম হৈ যায় মোৰ।
প্ৰিয়ংকা,প্লাবিতা,ৰুস্মিতা,প্ৰতীক্ষা, পৰীস্মিতা,প্ৰণামী ....... হাঁহা আৰু যে কিমানৰ হৃদয়ত প্ৰেমৰ লহৰ তুলিলো ঠিক নাই।
এনেদৰে লহৰ তুলি থাকোতে থাকোতে ক্লাছ 8ৰ পৰা 9 লৈ নাপাওঁ, আকৌ 9ৰ পৰা 10 নাপাওঁ! প্ৰায় পঢ়া ধান্দা ওলাইয়ে গৈছিল আৰু মূৰৰ পৰা। মেট্ৰিক ৰ বাবে পতা টেষ্টত ফেইল কৰাৰ পাছত হে অকণমান চিল মিল কৈ সাৰ এটা পাইছিলোঁ । যা হওক মা দেউতাৰ সন্মানৰ খাতিৰত অলপ পঢ়াত জোৰ দিলো আৰু 1st divison লগতে লেটাৰ ও পালোঁ। কি ফুৰ্তি তেতিয়া ঘৰৰ সকলোৰে ! ফুৰ্তি ফূৰ্তিতে শিৱসাগৰ জুনিয়ৰ কলেজৰ science ত নাম লগাই দিলে।
দুদিন মান কলেজ গৈ অকল ছোৱালীয়ে চাওঁ, জন্মলগ্নৰে পৰা মই চেনী হোৱা হেতুকে কাক পতাম.. কাৰ ফোন নাম্বাৰ খুজিম সেইবোৰে ধান্দা অকল।
এদিন হঠাৎ কঁকালৰ লৈকে বৈ পৰা দীঘল চুলিৰ ছোৱালী এজনী গেটেদি কলেজৰ ভিতৰলৈ সোমাই আহিল..ডাঙৰ ডাঙৰ চকু কেইটা কাজল লগাই আহিছিল। এখোজ দুখোজ মূৰ তললৈ কৰি তাই ক্লাছ ৰুমত সোমাল। যেন তাই background ত গান এটা হে কঢ়িয়াই আনিছিল....
"কজলা চকুৰে
তুমি কোন সৰগৰ পৰি
চুলে মাৰিব বিজুলী"

মোৰ নো কি, ধুনীয়া ছোৱালী দেখিলে প্ৰেম হৈয়ে যায় তো। বাৰু যি কি নহওঁক এনেদৰে  যাৰ তাৰ লগত চিনাকি হৈ কিছু দিন গল।

এদিন ক্লাছ ৰ শেষত হঠাৎ 5 টা মান লৰা আহিল আৰু মোক কলে,,,"তই বোলে ছোৱালী পতোৱাত একদম এক্সপাৰ্ট বয়..হাতৰ চুটকীত পতাই লব পাৰ" !  সিহঁতক ছোৱালী এজনী পতাই দেখাব লাগে 1000 টকা দিব হেনো সফল হলে। তাইক বোলে সিহঁতি চবেই প্ৰেমৰ জালত বান্ধিব চাইছিল..কিন্তু নাই কোনো এটা সফল নহল।
মই সিহঁত কেইটালৈ চালোঁ আৰু নিজকে ৰণবীৰ কাপুৰ যেন অনুভৱ কৰিছিলোঁ চেহেৰাৰ ফালৰ পৰা... । পাৰিবি নাই সুধিলে, এটা দুধৰ্ষ আত্মবিশ্বাসৰ সৈতে কলো.. "অ  কিয় নোৱাৰিম sure পাৰিম" !
 ছোৱালী জনী দেখাই দিলে....।আৰে কি আচৰিত সেই যে ক্লাছৰ ভিতৰলৈ সোমাই অহা দীঘল চুলি ডাঙৰ চকুৰ ছোৱালী জনীয়ে চোন! মই লগৰ এটাৰ দ্বাৰা তাইৰ সতে চিনাকি হব বহুত চেষ্টা কৰিলো আৰু মোক পাত্তায়ে নিদিলে একো। তেনেকৈয়ে কিছু দিন গল.....
এদিন কাৰ মুখ চাই আহিছিলোঁ জানো..হঠাৎ তাই মোক মাতিলে আৰু হেণ্ডশ্বেক এটা দি কলে "মই ......" তুমি দেৱজিত নহয় জানো?" মই নমস্কাৰ দি কলো অ মইয়ে দেৱজিত। আহ কি নম্ৰ তাইৰ মাতটো, তাইৰ হাতখন, নাম চামে মিলাই পঠাইছে একেবাৰে। এইয়া মোৰ প্ৰেম কাহিনীৰ প্ৰথম ৰাউণ্ড হিচাপে চুপাৰ হিট আছিল। কেইদিনমানৰ পাছত লাহেকৈ ফোন নাম্বাৰ টো ললো, মেছেজ কৰোঁ কেতিয়াবা কেতিয়াবা। তাই ইমান মেছেজ নকৰে মোৰ লগত, খুব কম। কিন্তু মোৰ মনত এটাই কথা তাইক যেনে তেনে পতাও আৰু 1000 টকা লওঁ লৰা কেইটাৰ পৰা। লাহে লাহে এক মাহ মান কথা পতাৰ পাছত প্ৰপজ কৰিলো তাইক..। তাই direct ন' কলে আৰু খুব গালি পাৰিলে...ভৱিষ্যতে মোক কেতিয়াও মেছেজ নকৰিবলৈ সকীয়াই দিলে। যেন অতদিনৰ দিনৰ পৰা নম্ৰ হৈ লাজ লাজ কৈ ফুলি থকা ফুল এপাহক কাঁইট হবলৈ বাধ্য কৰালে।
100 গ্ৰাম মান ওজনৰ দুখ এটাই তেতিয়াও বুকুত খুন্দিয়াইছিল বাৰু কিন্ত সেইয়া একেবাৰেই normal মোৰ নিচিনা প্ৰেম কুমাৰ এজনৰ বাবে।
 মই হলেও লাগি থাকিলো আশা হেৰুৱাৰ কথা নাছিল..... কিন্ত এদিন মোক বহুত বেয়াকৈ কলে। এইবাৰ ফুলৰ কাঁইট নহয় যেন গজাল হে মাৰিলে বুকুত!
মোৰ আত্মসন্মানত দুটা এটা সৰু ফুটা হৈছিল বাবে আশা,পইচা ইত্যাদি ইত্যাদি বোৰ ভাৰ মে যায়ে বুলি সেইদিন ধৰি মইও মেছেজ নকৰা হলো।
দিন বাগৰিল...
প্ৰায় 6 মাহ মানৰ পাছৰ কথা...সেইদিনা 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজা। মই লগৰ বোৰৰ লগত আড্ডাত মগন...আৰু অলপ পাছত সুৰাত মগন।  তেতিয়া নম্ৰতাৰ ন শব্দটো ও আমাৰ মেহফিলত ঠাই নাপাইছিল মইতো পাহৰিলোৱে বাৰু। লাহে বন্ধুত্বৰ সোপানে সোপানে ৰাগি লাগি মূৰৰ ওপৰত বেলি ডুবিছিল। মোৰ বগা ৰঙৰ duro স্কুটি খনত এটা স্বৰ্গ গতি দি ঘৰত ঢলং পলং খোজেৰে 7 মান বজাত প্ৰৱেশ মাৰিছো আৰু।
টুক্লুং কে মোবাইল টো বাজিছে। মেছেজ এটা আহিল ....hlo বুলি....................................  ***********!!!!!!!!!!!
আগলৈ


এহেজাৰ টকাৰ খেল (২য় খণ্ড)

টুক্লুং কে মোবাইল টো বাজিছে। মেছেজ এটা আহিল hlo বুলি........... নাম্বাৰ টো unknown,  মই কিপেদ খনত শব্দ বোৰ খেপিয়াই খেপিয়াই লিখিলোঁ "kun tumi?"
মোৰ হাতৰ আঙুলি কেইটাতৰ গতিবেগতো ৰাগিৰ স্পষ্ট লক্ষণ।
ইফালৰ পৰা বিজুলী বেগত ৰিপ্লাই আহিল,"moi @$#%ta" ।
মানে তাই... ভাবিলোঁ কিয় বা তাই আকৌ মেছেজ কৰিছে,,, মনৰ ভিতৰতে উন্মাদনাৰ সাগৰ এখনে মাউণ্ট এভাৰেষ্ট শৃঙ্গ টোৰ সমান ঢৌ খেলি গল যদিও এই সকলোবোৰ লুকুৱাই অলপ গহীনাই আকৌ ৰিপ্লাই লিখিলোঁ " kiba kotha asil?"
সিফালৰ পৰা ৰিপ্লাই আহিল "tumi olop smart ke thakiba dhuniya lage tetya..shirt r button khuli nohoi bhal ke thakiba" ।
আহ কি কৈ দিলে তাই.. লগা লগ বিচনাৰ পৰা ঢলং ধপং কৈ নামি লাইট জ্বলাই আইনা খন হে চাইছোঁ গৈ আৰু..  মুখ খন কেছিয়াকৰি অকণমান দাঁত কেইটা উলিয়াই হাঁহি চাইছোঁ স্মাৰ্ট লাগে নে নাই...গেঞ্জি পিন্ধি আছিলোঁ বাবে অৱশ্যে বুটামৰ খেল টো চাব নোৱাৰিলোঁ।
আকৌ গোকাত মিছা অভিমান এটাৰ সৈতে মেছেজ লিখিলোঁ ..." Mur kotha moi jeneke thaku, tumar ki jai"?
যেন মই ফুলকোঁৱৰ হৈ মাৰি পঠালোঁ শেল এপাত তাইৰ গাত লাগি হলগৈ মৰমৰ পাৰিজাত...!
মই উশাহ এটা লবলৈও নাপাওঁতেই ডাইৰেক্ট ৰিপ্লাই আহিল "oi huna..I love you"...
মই সুধিলোঁ,"hosake koisa ne?"
তাই কলে,"seriously koisu" ।
অঃ কি অপূৰ্ব সুখ অ..যেন মই সুখতেই ফাটি থাকিম এতিয়া। মই বাৰু তেতিয়া দেৱজিতেই হয় আছিলোঁ নে..পাগলৰ নিচিনা আকাশত উৰি উৰি চবকে চিঞৰি চিঞৰি জনাই দিব মন গৈছিল,,, "অহ yes তাই পতি গল বে..পতি গল মোলৈ..yessss..........
....
...।
হাঁহা,,এইয়া মোৰ প্ৰেম কাহিনীৰ 2nd ৰাউণ্ড চুপাৰ দুপাৰ হিট গৈছিল।
লগৰ কেইটাক পাছদিনা কলেজ গৈ কলো,,, "মাল পতি গল, এতিয়া দে 1000 টকা"।  সিহঁতি বিশ্বাসে নকৰে নহয়..নে বিশ্বাস নকৰাৰ অভিনয় নাজানো আৰু,,হয়তো পইচা নিদিয়াৰ অজুহাত।
লাহে লাহে তাইৰ লগত কথা পাতি প্ৰেম বোৰ গভীৰ হৈছিল,মই serious হৈছিলোঁ। যিটো লৰাই আগতে ৰাতিপুৱা 8 বজাৰ ক্লাছ এদিনো নকৰে 9তাত কলেজ পাই,,,সি আজি 7 তাতে হাজিৰ হওঁগৈ একমাত্ৰ তাইক চাবলৈ , লগ কৰিবলৈ।
কিমান যে তাইৰ লগে লগে লাইব্ৰেৰী, কেণ্টিন ঘূৰিলোঁ, তাইৰ লগত বহি অকল হাতত ধৰা ধৰিকৈ কথা । ফিজিক্স ৰ ক্লাছ নকৰি তাইৰ লগত প্ৰেমলজী ৰ ক্লাছ কৰাত হে গুৰুত্ব বাঢ়িল। অৱশ্যে বহু বাৰ লাজ ইজ্জত সকলো বোৰ জলাঞ্জলি দি বাৰাণ্ডাত কাণত ধৰিও পালোঁ ক্লাছ bunk কৰাৰ বাবে । মই বিশ্বাস কৰিছিলোঁ সেইবোৰ punishment মোৰ প্ৰেমৰ তুলনাত বহুত তুচ্ছ। বাৰু
যি কি নহওঁক দিনবোৰ ধুনীয়াকৈ সুখে সুখে গৈ আছিল।
কাহিনীত এতিয়া বাকী আছিল ভিলেইনৰ entry ।
এদিন সেইয়াও পুৰা হল...........
আমি লাইব্ৰেৰীৰ পৰা কথা পাতি ওলাই আহিছোঁ,,,তাইৰ ক্লাছৰে (arts) ৰ লৰা এটা আৰু তাৰ পাছত 6 টা মান , মোক আগভেটি ধৰিলে । তাক মই আগে পাছে দেখিছোঁ টাউনৰে লৰা গেংত থাকে...মই সুদূৰ বেতবাৰী দ গাৱঁৰ পৰা যোৱা দেৱজিত চেতিয়াই হঠাৎ থতমত খাই যোৱা তু স্বাভাৱিক । সি মোতকৈ আগতেই তাইক প্ৰপজ কৰিছিল কিন্তু তালৈ নপতি মোলৈ পতিল কাৰণে তাৰ আক্ষেপ।
মোক দমত সুধিছে, "ভাই তোৰ ঘৰ কত অ'?"
আকৌ কোনোবা এটাই কৈছে "ই হিৰ' নে কি ঐ!!
যেন এতিয়াই সিহঁতি মোক ঘুছিয়াই মুখ চোখ ভাঙি দিব তাইক ভাল পোৱাৰ অপৰাধত। WWE ৰ ব্রক লেজনাৰে জন চিনাক panga লোৱাৰ দৰে লৰাটো মোৰ একেবাৰে সন্মুখলৈ আহিল ! মোৰ বুকুত যেন ধান কুটুৱা মেচিন এটা হে চলিছে ঢোপ ঢোপ ঢোপ..............
হলেও চেপা মাত এটাৰে কলো তাক, "চা ভাই মই এতিয়া ঝেঙ কৰা মুডত নাই, ৰোমান্টিক মুডত আছোঁ" ।
সিহঁতি কিবা কবলৈ নৌপাওঁতেই তাই মোক হাতত ধৰি সিহঁতৰ মাজৰ পৰা টানি লৈ গল।
মই তাইক কিয় টানি আনিলা বুলি খং কৰি দেখাইছোঁ যদিও, মনৰ ভিতৰত "উফ আজিলৈ ৰক্ষা!" টাইপৰ ফিলিং এটা হে আছে । কিন্তু এই ৰক্ষা ক্ষন্তেকীয়া...কলেজ ছুটীৰ পাছত কত হাৰিম মই।
ছুটী হল, তাই মোক কাজিয়া নকৰিবলৈ দোহায় দোহায় কৈ থৈ গল।
মইও ঘৰলৈ ৰাওনা হৈছোঁ... কিন্তু এইয়া কি, সিহঁতি তিনিআলিত ৰৈ আছে জুম পাতি...মোক তাত ৰব কলে, মই ৰখালো স্কুটি খন...............।।।।।।।।।
                                              আগলৈ----


এহেজাৰ টকাৰ খেল (৩য় খণ্ড)

কিন্তু এইয়া কি, সিহঁতি তিনিআলিত ৰৈ আছে জুম পাতি...মোক তাত ৰব কলে,মই ৰখালো স্কুটি খন। বুকুৰ ভিতৰত চলি থকা ধান কুটুৱা মেচিন টো এইবাৰ dj বক্স এটাৰ ৰূপ ললে ঘুম..ঘুম..গুম..গুম..! মই তো আৰু এতিয়া ৰজনীকান্ত নহয় যে গোটেই কেইটা লগত অকলে টক্কৰ দিম..গৰু পিটন খোৱা তো খাটাং,,লৰা টো আগবাঢ়ি আহিল মোৰ ফালে!!!
উৱাহ, আকৌ এইয়া কি ?মোৰ লগৰ প্ৰবাল যে..সি govt ৰ পৰা ৩ টা মান লৰা আনি খ্ৰাছ কে ব্ৰেক মাৰি সিহঁতৰ আগত ৰখাই দিছেহি। চাল্লা...এতিয়া মোক কোনে পায়! প্ৰথমতে সিহঁতৰ লগত অলপ বুজা বুজি...তাৰ পাছত সুবিধা চাই দিলোঁয়ে আৰু ঘোচা এটা। আৰু নেক্সট টাইম তাইৰ লগত নালাগিবলৈ ৱাৰ্নিং এটা দি থৈ ঘৰলৈ বীৰ টোৰ দৰে আহিলোঁ।
সেইদিন ধৰি জুনিয়ৰ কলেজত ভিলেইনৰ চেপ্তাৰ খতম.., পাছত এনে দুই এটা চৌটা ডন ওলাইছিল যদিও সেইবোৰ মেনেজ কৰিব পৰা বিধৰ।
তাইৰ প্ৰতি থকা মোৰ অবাধ মৰমে অলপ বেছিয়ে এগ্ৰেচীভ কৰি তুলিছিল,অৱশ্যে সেইয়া তাই ভালেই পাইছিল..এনে মিছা মিছিকৈ কেতিয়াবা প্রতিবাদ কৰি দেখাই আৰু, "কিয় কাজিয়া কৰা ইমান??? তুমি কি মোৰ কাৰণে গোটেই পৃথিৱী খনৰ সৈতে যুঁজিব যাবা নেকি?" মই অ' যুঁজিম বুলি কওঁ , তাই মোৰ হাত খন জোৰ কৈ খামুচি ধৰে তেতিয়া। প্ৰেমিক হিচাপে কিবা যেন "মই সুৰক্ষিত" অনুভূতি এটাত উপচি পৰিছিলোঁ !! ভাবিলে আজিও মনটো ৰোমাঞ্চিত হৈ উঠে, তাৰ পাছতে বুকুখন বিষাই আজিকালি।
বাৰু যি কি নহওঁক...সময়ৰ দুৰন্ত গতিয়ে আমাক H.S ফাইনেল পৰীক্ষাৰ ওচৰ পোৱাই দিলেহি। পৰীক্ষা দিলোঁ। দুইটাৰে ৰিজাল্ট ভাল..। তাই যথেষ্ট চোকা আছিল বাবে ডিষ্টিংছন পোৱা টো স্বাভাৱিক,, আৰু মই কি কম আৰু , প্ৰথম খণ্ডত কৈয়ে আহিছোঁ 8 ৰ পৰা 9 লৈ পাবলৈ সংগ্ৰাম কৰা লৰাটো, লেটাৰ মাৰ্কছ সহ 1st ডিভিজন পোৱাটো অস্বাভাৱিক! তাতে আকৌ science ত।
হাঁহা,,এইয়া কেৱল তাইৰ কাৰণে সম্ভৱ হৈ উঠিল। তাইৰ অনুপ্ৰেৰণা আৰু উৎসাহ বোৰক তেতিয়াও শলাগিছিলোঁ আৰু আজিও শলাগিছোঁ।
ৰিজাল্টৰ পাছত যত পঢ়োঁ, আমি দুইটা একেলগে পঢ়াৰ কথা আছিল, সেই অনুসৰি শিৱসাগৰ কলেজ, জয়সাগৰত ভৰি থলোহি। তাই history অনাৰ্চ আৰু মই ইলেক্ট্ৰনিক্স অনাৰ্চ হিচাপে ললোঁ। আকৌ জয়সাগৰতো চলি গল আমাৰ প্ৰেম গাড়ী খন.., কেতিয়াবা গছৰ তলত, কেতিয়াবা পুখুৰীৰ পাৰত, কেতিয়াবা কেণ্টিন, কেতিয়াবা mcb ত। ইয়াত তো আৰু জুনিয়ৰ কলেজৰ দৰে কোনোবাই দেখিব, কাণত ধৰাই থৈ দিব বুলি ভয় নাই। মুঠতে প্ৰেমত মগন আৰু পুৰা।
লাহে লাহে মই মই ক্লাছ যোৱাতকৈ কৃষ্ণ দা দোকানত আড্ডা দি থকাটো হে বেছি প্ৰিফাৰ কৰিছিলোঁ। এদিন আড্ডা দি থাকোতে হঠাৎ মোৰ ছিনিয়ৰ এজন আহিল আৰু কলে যে ,, কেণ্টিনত তাইৰ পৰা লৰা এটায়ে এনে চিনাকি হোৱাৰ অজুহাতত পানী খুজি খালে আৰু তাইৰ পাছত লাগি আছে!!
চাল্লা......উঠিলেই নহয় ডিমাগ টো টিঙিচ কে গৰম..জুনিয়ৰ কলেজত কত হিৰো লৰা ঠাণ্ডা কৰি থৈছোঁ..ই আকৌ নতুন হিৰো কৰপৰা ওলালে..ইমান সাহস! মই থাকোতেই তাইৰ ওপৰত চকু দিছে,,,! চিধা কলেজ গৈছোঁ তাক বিচাৰি..আকৌ সেই একেই মাৰপিট কাজিয়া,,শেষত ৱাৰ্নিং। কেছ ছেটেল, আকৌ বেক টু দা কৃষ্ণ দা দোকান।
কিন্তু দিন সদায় একেই নাথাকে, অলপ পাছতে কলেজৰ পৰা মোলৈ ফোন আহিল,, " hello দেৱজিত চেতিয়া হয় নে, তোমাক প্ৰিন্সিপাল মেমে অফিচলৈ মাতিছে! আকৌ নতুন ঝেমেলা... গলো আৰু অফিচ...গালি চালি খাই পেট ভৰিছে ইতিমধ্যে,,আমি কাজিয়া লগা দুইটাকে ইটোৱে সিটোক সাৱটি ধৰিব কলে,, আৰু মোক ১মাহৰ বাবে কলেজৰ পৰা বৰ্খাস্ত কৰিলে।
/(কাহিনী পেন পেনীয়া নকৰাৰ স্বাৰ্থত, কথা বোৰ মই একেবাৰে চমুৱাই লিখিব লগা হৈছে, জয়সাগৰ ৰ কাহিনী বেলেগ কৈ এদিন লিখিম)/
অ,, তাৰ পাছত তাই মোক তেতিয়া অলপ বেয়া পাইছিল চাগে ইমান এগ্ৰেচীভ হৈ গৈছিলোঁ আৰু যিহেতু তাইৰ নামতোও আমাৰ কাজিয়া খনত সংলগ্ন হৈ গৈছিল। সেইবোৰ আকৌ তাইক আগতকৈ বেছি মৰম কৰি মেনেজ কৰি দিছিলোঁ,,।
কলেজৰ চেপ্তাৰ আজিলৈ এৰিছোঁ।
লাষ্ট চেমিষ্টাৰ পৰীক্ষা দি মই গুৱাহাটীলৈ ঢাপলি মেলিলো বেংকিং ৰ coaching এটাৰ বাবে,,তাই ৰিজাল্ট নিদিয়া পয্যন্ত ঘৰতে আছে।
তাইক লৈ তেতিয়া মোৰ কি যে গুণা গঁথা,,আৰু পৰিকল্পনাৰ শেষ নাই, তাই ভাল ৰিজাল্ট কৰিব,,কত masters ৰ বাবে এনট্ৰেন্স দিয়াম..কোন ইউনিভাৰ্চিটি ত দিলে ভাল হব..ইত্যাদি ইত্যাদি। মই তো ভাবিছিলোঁ তাই কটন কলেজতে পঢ়ক, ভাল পৰিবেশ এটা পাব। আৰু তাৰ পাছত মই গুৱাহাটীতে সৰু সুৰা চাকৰি এটা উলিয়াই ছেটেল হৈ লম আৰু। তাইক লগ পাই থাকিম ,,,সন্ধিয়া হলেই  দীঘলী পুখুৰীৰ পাৰলৈ যাম, চিনেমা চাব যাম। আৰু কেতিয়া দেওবাৰে সময় মিলাই উমানন্দ ফুৰিম, সূৰ্যাস্ত চাম, নতুবা কামাখ্যা, নহলে দ্বীপৰ বিল...!! কি মজা লাগিব।
আৰু তাইক যদি কটন কলেজত কোনোবাই চকু দিয়ে নহয়...তেতিয়া মই তাৰ লগত কলেজৰ আগতে চিংগোল চিংগোল লাগিম...আৰু তাক মাৰি সন্ত্ৰাসৰ সৃষ্টি কৰি দিম যাতে তাইক বেলেগ কোনোবাই বেয়া চকু দিয়াৰ আগত ১০বাৰ ভাবে।
তাৰ পাছত ৰাহুলহঁতে কওঁতেহে,,, কটন কলেজৰ লৰা বোৰৰ বোলে বিৰাট উনিটি, এটাক মাৰিলে ১০০টা আহে তাকো হকী ষ্টিক লৈ। নিউজত দিয়ে থাকে কেতিয়াবা উলা উবেৰৰ গাড়ী ভাঙি সন্ত্ৰাস মচাই দিয়ে!এদিন বোলে সাংবাদিক এজনে কিবা সিহঁতৰ বিষয়ে মিছা কথা লিখিছিল তাৰ পাছত গোটেই বোৰ গৈ সাংবাদিক কাৰ্যলয় টোতে আক্ৰমণ চলাই দিলে"।
কথা বোৰ শুনি মোৰ গা টো অলপ জ্বৰ জ্বৰ লাগিল, তাইক ইয়াত পঢ়ুৱাম জানো!! অলপ পাছত মোৰ নিচাদেও,প্ৰাক্তন আলফা অৰবিন্দ ৰাজখোৱাৰ লগত মই থকা ফটো এখন WhatsApp আৰু ফেচবুকত dp দি শুই থাকিলোঁ......... Zzzzzz
   
~~~~~~~~আগলৈ


এহেজাৰ টকাৰ খেল(৪ৰ্থ খণ্ড)

পাছদিনা ৰাতিপুৱা শুই উঠিয়ে তাইক ফোন কৰিছোঁ। তাই কলে যে "পাপায়ে মোক ডিব্ৰুগড় তে পঢ়িব কৈছে, গুৱাহাটী ইমান দূৰ তালৈ যাব নালাগে"। কথাটোৱে মোক মিহিকৈ আঘাত এটা দিলে যদিও বিশেষ একো প্ৰতিবাদ নকৰিলোঁ,, কাৰণ দেউতাক হয় ভাই,ঘৰৰ মুৰব্বী। গোটেই দিনটোলৈ মন তো কিবা সেমেকি থাকিল আৰু এনেকৈয়ে এদিন তাই ডিব্ৰুগড় বিশ্ববিদ্যালয় লৈ পঢ়িব গুচি গল,মই গুৱাহাটীতে থাকিলোঁ।
লাহে লাহে আমাৰ দুইটাৰে কথা পতা অলপ কমি গৈছিল নাজানো কিহৰ বাবে,, ভাবিছিলোঁ তাই নতুন ঠাই পাইছে নতুন মানুহ এডজাষ্ট হব অলপ টাইম লগেই আৰু,,,চব সময়তে তাই ফোনটো টিপি থাকিলে এনে বেয়া দেখাব তু!
 তালৈ যোৱা ১মাহ মানেই হব হল..আগৰ দৰে মিনিটে প্ৰতি মেছেজ কৰি থকা তো ঘণ্টালৈ পৰিণত হল আৰু তাৰ পাছত দিন, কেতিয়াবাতো ৩দিন ৪দিনৰ মূৰত হে কথা পতা হয়। হলেও তাইক প্ৰাণ ভৰি ভালপাইছিলোঁ..আৰু তাইও চাগে!
এদিন কিবা এটা সাংঘাটিক ভুল বুজা বুজি হৈছিল..! মোৰ বিষয়ে হয়তো তাইক কোনোবাই কিবা লগাইছিল, খুব কাজিয়া হৈছিল সেইদিনা ,,,আগতেও কাজিয়া হয় বাৰু কিন্তু  ইমান এইটো ৰূপত পোৱা মনত নপৰে মোৰ।
এইয়াও আমাৰ বিচ্ছেদৰ প্ৰথম ৰাউণ্ড হিচাপে চুপাৰ হিট আছিল।
মোক দেখাইএ  নে কি নাজানোঁ, তাই বেলেগ লৰা এটা ভাল পাওঁ বুলি কলে। মই ভাবিছোঁ ধেমালী কৰিছে চাগৈ এনে মোক জ্বলাবলৈ। কিন্তু মোৰ ডিব্ৰুগড়ৰ লগৰ বোৰৰ পৰা গম পালো যে, সেই লৰাটোৰ লগত তাই সদায় ঘূৰি ফুৰে আৰু প্ৰায় একেলগেই থাকে।
বুকুখন যে ইমান বিষাইছিল নহয় তেতিয়া, কোনোবাই যেন বুকুৰ ভিতৰৰ পৰা কলিজা খন ৰুকণিয়ে ৰুকা দি উলিয়াই লৈ গৈছিল ! ভৰি কেইটাৰ ওপৰত থিয় দিবলৈও যিকণ শক্তি লাগে সেইয়াও মোৰ নাইকিয়া হৈ গল।
"চকুৰ আঁতৰ হলে মনোৰো আঁতৰ হৈ" বুলি যে কয়.. হয়তো  মই এই ভয়ানক বাক্য কেইশাৰীৰে চিকাৰ হৈছিলোঁ।
তাইক কথা বোৰ সুধিলোঁ, মিছা বুলি কলে। আৰু মইও সেইয়াই আশা কৰিছিলোঁ..যদিও মই জানো কথা বোৰ সঁচাই আছিল হলেও তাইৰ মুখেদি মাত্ৰ এবাৰ মিছা বুলি শুনো,,। যি হল হল, মানুহ হে তাই ৰবত নহয় তো হয় যাব পাৰে কিবা ভুল । তাইক আৰু এইবাৰ যাব নিদিওঁ ইমান মৰম কৰিম, ইমান মৰম কৰিম তাই যাতে বেলেগলৈ আৰু মন নেমেলে।
দুদিন মান গল তেনেকৈ,কিন্তু আগৰ দৰে একেবাৰেই হয় থকা নাছিলে!সদায় সদায় নতুন নতুন কাজিয়া বোৰ বাঢ়ি গৈ থাকিল। কেতিয়াবা তো এনেকুৱা লাগে মই চাগে কিবা বেয়া সপোন দেখি আছোঁ ৰাতিপুৱা সাৰ পাই আকৌ চব ঠিকেই থাকিব, "গুড মৰ্নিং কলিজা", "উঠা আকৌ কলিজা", "ক্লাছ নোযোৱা নেকি কলিজা?".........কিন্তু নহয় তেনেকুৱা । এইয়াই দিঠক..এইয়াই ৰূঢ় বাস্তৱ  আৰু এনেকৈয়ে এদিন ব্ৰেকআপ। লৰা হলেও অন্তৰ খনৰ হাহাকাৰত বহুত কান্দিলো আৰু উৰে ৰাতি মদ খালোঁ সেইদিনা । কিন্তু পাহৰিব নোৱাৰিলোঁ, ২মাহ মানৰ পাছত আকৌ মইয়ে আগধৰি মেছেজ কৰি sorry কৈ বহু কাকতি মিনতি কৰি ৰিলেচনশ্বিপত আহি গলো পুনৰ। সেইয়া কেৱল তাইৰ অনুগ্ৰহত আৰু মোৰ প্ৰতি পুতৌ জন্মি হে আৰম্ভ হৈছিল। আগৰদৰে একেবাৰেই হৈ থকা নাছিল। ফোন কৰিলেও প্ৰায়ে বিজি পাওঁ, আকৌ দুনাই কল বেক নকৰে।  মই যেন নদীৰ গৰাখহনীয়াত খহি খহি ৰৈ যোৱা এটা সৰু দলিচপৰা হে, এজাক সৰু বৰষুণ দিলেই বিলীন হৈ যাব নদীৰ লগত দেৱজিত নামৰ দুৰন্ত প্ৰেমিক জন।
আমাৰ সেইদিনা ৫বছৰ সম্পূৰ্ণ হব, যিমান যি ধুমুহা আহিলেও তাই অন্তত এই দিনটো নাপাহৰে ।"Happy anniversary" কিমান উৎসাহত ফেচবুকত পোষ্ট লিখিছোঁ তাইৰ ফটোৰ সৈতে, সাঁচতীয়া মৰম বোৰ গাঁঠি গাঁঠি শব্দ বোৰ সঁজাইছোঁ তাই ভাল পাব বুলিয়ে, তাই নেদেখিব বুলিয়ে whatsapp তো status নিদিয়াকৈ থকা নাই । ৰৈ আছোঁ তাই চাব চাব বুলি,গোটেই দিনটো ৰলোঁ। কৰবাত আছে চাগৈ চাবলৈ সময় নাই পোৱা!
ৰাতি 11 তা মান বজাত বিৰাট উৎকণ্ঠাৰে মবাইল ডাটা টো অন কৰিছোঁ, কি বা দিছে তাই!!!
নাই চিন হে কৰিলে status টো একোৱেই দিয়া নাই। মই অধৈৰ্য হৈ 12 তা মানত ফোন কৰিছোঁ, আকৌ বিজি পাইছোঁ । তাই মেছেজ দিছে, "মই অলপ বিজি আছোঁ,কাইলৈ পাতিম" ।
হে প্ৰভু..মই যেন উশাহ লব নোৱাৰাকৈ মৃত্যু পয্যন্ত চিঞৰি চিঞৰি কান্দিম,,ইমান কঠুৱা হৃদয়ৰ ছোৱালী তাই হল কেনেকৈ..? এনেকুৱা কি ইমান ডাঙৰ দুৰ্যোগ আহি গল যে তাই এনেকুৱা কৰিছে??????
সেইদিনাও মদৰ মাজত নিজকে সমৰ্পণ কৰি দিছিলোঁ,,গলি গলি তাইৰ শোকত শেষ হৈ যাওঁ মই।
হলেও কি লাভ.. ৰাতি কেতিয়াবা তাইক সপোনত দেখি সাৰ পাই যাওঁ, অবুজ মন, অবুজ হাত খনে তাইৰ নাম্বাৰ টো ডাইল কৰোঁ..আকৌ বিজি!!! এই সময়ত আগতে তাই মোৰ আছিল। জুনিয়ৰ কলেজৰ দিন বোৰ বাৰে বাৰে মনত পৰি থাকে, তাইৰ মনত নপৰে নেকি মোলৈ অলপো, মই ইমান বেয়া নে??? উফফ: অকণমান তো মোৰ লগত কথা পাতা! এইবাৰ চাই যোৱা হি মই কেনেকৈ আছোঁ!

মই সেই লৰা কেইটাৰ ১০০০ টকাৰ চেলেঞ্জ টো একচেপ্ট কিয় কৰিছিলোঁ? ইমান ভাৰী পৰিছে ১০০০ টকাৰ খেলটো। ফ্লেচবেকত যদি কেনেবাকৈ যাব পাৰিলোঁ হয়! এইবাৰ চিধা নোৱাৰো কলো হয়। নাই নাই তাইও তো মোক বহুত ভাল পাইছিল। নহয় নহয় মইও যদি history ললোঁ হেতেন তাইৰ লগত একেলগে পঢ়িলোঁ হেতেন, এনেকুৱা নহল হেতেন তেতিয়া। তেতিয়াহলে মই hs তে arts লব লাগিছিল,নাই এনেকুৱা হোৱা হলে তেনেকুৱা নহল হেতেন,, তেনেকুৱা হোৱা হলে তো আজি কেনেকুৱা হল হেঁতেন। আৰে কি তেনেকুৱা হলে এনেকুৱা হব??????
উফ,,,মই পাগল হয় যাম এতিয়া।
.......
...
এনেবোৰ অলৌকিক ভাবনাত উজাগৰী নিশা বোৰ পাৰ হৈছিল মোৰ।
সদায় চকুৰ পানীৰে  ভিজি থকা গাৰো গিলিপ টো আজিকালি শুকাল । আজি তাই মোৰ কাষত নোহোৱা প্ৰায় ১ বছৰে  হল। বন্ধু সকল বেলেগকৈ অগতানুগতিক একো নাই, মই এতিয়াও ভাগৰা নাই জীৱন হেৰুৱা নাই। মা দেউতা হতৰ লগত সুখেৰেই আছোঁ। বা
মোৰ তাইৰ প্ৰতি কোনো আক্ষেপ ও নাই ..মাত্ৰ কেতিয়াবা সময় বোৰৰ ওপৰত হে খং উঠে...ইমান দুৰন্ত ইমান শক্তিশালী মোৰ চব অহংকাৰক ভেঙুচালি কৰি থৈ কেনেকৈ গুচি গল ।
 তাই সুখত থাকক...। সময় ঐ তাইক আৰু আমনি নকৰিবি মোক যি কৰিলি, কৰিলি ।
          ~~~~সমাপ্ত~~~~

Post a Comment

Previous Post Next Post