মাদুৰীৰ আকাশত নোহোৱাহৈ যোৱা এটি উজ্জ্বল নক্ষত্র মাদুৰিৰ ডালিমা বাখৰ কমল কছাৰী


----------------------------------------
দীপজ্যোতি বৰগোহাঁই , মাদুৰি

গৌৰৱ উজ্জ্বল ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ পৰিচয়ে আহোম স্বৰ্গদেউ সকলৰ অন্যতম পৰামৰ্শ দাতা বৰ গোহাঁই সকলৰ বাসস্হান বুৰজ্ঞী প্ৰসিদ্ধ মাদুৰি চহৰ যি চহৰত অসম বুৰজ্ঞীৰ চাকুক্ষ প্ৰমাণ আজিও বিদ্য মান উল্লেখনীয় যে এই মাদুৰীৰে জীয়াৰী তথা অসম বুৰজ্ঞীৰ সৰ্বকালৰ  নায়িকাৰে মহিমামণ্ডিত বীৰাঙ্গণা স্বদেশ প্ৰেমী ,স্বামী ভক্তা জয়মতী কুঁৱৰীৰ পিতৃ তথা গদাধৰ সিংহৰ শহুৰ ৰাজমন্ত্রী লাইথেপেনা বৰগোাঁইৰ সু-উচ্চ মৈডামটোৱে সো্ঁৱৰাই থাকে অতীতৰ সেই ৰঙীন স্মৃতি যি সদায়ে ইতিহাসৰ পাতত সাক্ষী হৈ ৰব অনাগত ভৱিষ্যতলৈ | সেই ঐতিহাসিক মাদুৰিতেই জন্ম সুত্রে নহলেও কৰ্ম সুত্রে যোৰহাট জিলাৰ তিতাবৰ মৰিধলি গাওঁত১৯৩৮চনত  জন্ম গ্ৰহণ কৰা কমল কছাৰীয়ে ১৯৬০ চনৰে পৰা মাদুৰিৰ কেইজন মান সেইসময়ৰ সুহৃদ বন্ধুৰ সংশ্পৰ্সত মাদুৰিৰে স্হায়ী বাসিন্দা হয়হি |তেখেত আছিল একাধাৰে চিকিত্সা কৰ্মী , চিত্ৰকৰ ,কবি ,গীতিকাৰ ভাস্কৰ্য শিল্পী আৰু ৰাজনৈতিক সক্ৰীয় কৰ্মী দুৰন্ত গতিত সময়ৰ আগত অৰঙে দৰঙে,ঘুৰি গৰিব দীন জনৰ দুখৰ সময়ত সহানু ভুতিৰে মাত লগোৱা এজন সহজ সৰল মনৰ ব্যক্তি |সেইয়ে,ছাগে পাছলৈ শিৱসাগৰ জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতিৰ পদ অলংকৃত কৰিছিল |লগতে,আজন্ম শিল্পী কমল কছাৰী হৈ পৰিছিল জনমানসত অভিনন্দিত হৈছিল | তেখেতে  সামাজিক জীৱনলৈ আগবঢোৱা  অৱদানক কৃতজ্ঞ চিত্তে গ্ৰহণ কৰি ২০০৩চনৰ অক্টোবৰ মাহৰ ১৯ তাৰিখে নাজিৰাৰএম,চি, ক্লাবৰ পাকিজা প্ৰেক্ষাগৃহত সম্বন্ধনাৰে বিভুষিত কৰা হৈছিল "মাদুৰিৰ ডালিমা বাখৰ কছাৰী কমল "শীৰ্ষক ,শিৰোণামেৰে এই অভিধা প্ৰদান কৰিছিল তেতিয়াৰ তদান্তীতন অসম সাহিত্য সভাৰ সভাপতি মহ:ইমৰান শ্বাহ দেৱে |কিন্তু প্ৰচাৰ বিমুখ শান্তি প্ৰিয়  দীন আৰু অৱহেলিত সকলৰ মাজত নিশ্তবদ্ধে নিৰ্জনতাত বাস কৰা কছাৰী দেৱে এই সম্বন্ধনা গ্ৰহণ কৰি কোনো প্ৰতিক্ৰীয়া প্ৰকাশ কৰা দেখা নগৈছিল |ডালিমা বাখৰৰ সংজ্ঞা এই প্ৰতিবেদকক নিজেই প্ৰকাশ কৰিছিল ডালিমা বাখৰ হৈছে পকা ডালিমৰ গুটিৰ নিচিনা ৰঙা আৰু প্ৰায় ঘুৰণীয়া আকৃতিৰ এবিধ বাখৰ |কমল কছাৰী সচাকৈয়ে নাজিৰা অঞ্চলৰ ডালিমা বাখৰ |আনৰ দুখত দুখি আনৰ সুখত সমভাগী নাজিৰা মাদুৰি ,মেছাগড,মঠিয়াছিগা মলাগাওঁৰ প্ৰতিঘৰ লোকৰ মাজত ফটফটীয়াকৈ জিলিকি থকা বাখৰ আছিল কমল কছাৰী মাদুৰিৰ সমূহ ৰাইজে জনাইছো মাদুৰিৰ ডালিমা বাখৰ কছাৰী কমলদেৱলৈ গভীৰ সেৱাভৰা শ্ৰদ্ধাঞ্জলী (আগলৈ )



Post a Comment

Previous Post Next Post