ইণ্টাৰনেট আৰু আমি

 



         নমস্কাৰ বন্ধু-বান্ধৱী সকল, আপোনালোক সকলোকে আমাৰ ব্লগ puhorbisarijau.in লৈ স্বাগতম জনাইছোঁ। আজি আমি ইণ্টাৰনেটৰ বিষয়ে আৰু আমাৰ দৈনন্দিন জীৱনত ইণ্টাৰনেটৰ ব্যৱহাৰৰ সম্পৰ্কে লিখিবলৈ আগবাঢ়িছোঁ, আশাকৰোঁ আমাৰ এই লিখনিৰ পৰা আপোনালোক উপকৃত হ'ব।

আৰম্ভণি: 

   ইণ্টাৰনেট বুলিলে আমি সাধাৰণতে কম্পিউটাৰৰ বৃহৎ অন্তঃজাল বুলিব পাৰো, যত বহুতো কম্পিউটাৰ আৰু অত্যাধুনিক ইলেকট্ৰনিক ডিভাইছ একেলগে সংযুক্ত হৈ থাকিব পাৰে। সাম্প্ৰতিক সময়ত ইণ্টাৰনেটে সমগ্র বিশ্বক এখন গোলকীয় গাঁৱলৈ ৰূপান্তৰিত কৰিছে। 
      কম্পিউটাৰৰ নেটৱৰ্ক ব্যৱস্থা আমেৰিকাৰ কম্পিউটাৰ বিজ্ঞানী আৰু মনোবিজ্ঞানী Joseph Carl Robnett Licklider য়ে এক সাৰ্বজনীন নেটৱৰ্কৰ (Universal Network) ধাৰণাৰ বিকাশ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ (Department of Defense) উন্নত গৱেষণা প্ৰকল্প সংস্থাৰ (Advanced Research Projects Agency) তথ্য প্ৰক্ৰিয়াকৰণ কৌশল কাৰ্যালয়ত (Information Processing Techniques Office) । পিছলৈ ১৯৬০ চনৰ আৰম্ভণিতে Paul Baren এ RAND Corporation ৰ হৈ এক প্ৰস্তাৱ দিছিল, যি আছিল - মেছেজ ব্লকৰ তথ্যৰ ওপৰত আধাৰিত এক বিতৰণ নেটৱৰ্ক। ১৯৬৫ চনত Donald Davies এ National Physical Laboratory ত পেকেট সলনি (Packet Switching) কৰাৰ ধাৰণা কৰিছিল। ২৯ অক্টোবৰ, ১৯৬৯ চনত কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, লছ এঞ্জেলছ (ULCA) আৰু SRI International ৰ মাজত আন্তঃসংযোগ থকা দুটা নেটৱৰ্ক নোডৰ সৈতে ARPANET (Advanced Research Projects Agency Network) ৰ বিকাশ আৰম্ভ হৈছিল।
   এনেদৰে কম্পিউটাৰ নেটৱৰ্কৰ বিকাশৰ আৰম্ভণি ঘটিছিল। ১৯৭০ চনৰ পৰা বহুতো প্ৰাৰম্ভিক পেকেট চুইছ (Packet Switched) কৰা নেটৱৰ্কৰ সৃষ্টি হৈছিল আৰু ডাটা নেটৱৰ্কিংৰ গৱেষণা প্ৰদান কৰিছিল।ARPA প্ৰকল্প, International Working Groups আৰু বাণিজ্যিক পদক্ষেপৰ ফলত ইন্টাৰনেটৱৰ্কিংৰ বাবে বহুতো প্ৰতকল (Protocol)ৰ বিকাশ সাধন কৰা হয়, যাৰ সহায়ত একাধিক পৃথক নেটৱৰ্কৰ নেটৱৰ্কত যোগদান কৰিব পাৰি। এতিয়া আহো ইণ্টাৰনেট প্ৰতকল (Protocol) কি? ইণ্টাৰনেট প্ৰতকল হৈছে যাৰ দ্বাৰা ইণ্টাৰনেটত এটা কম্পিউটাৰ বা ডিভাইছৰ পৰা আন এটা কম্পিউটাৰ বা ডিভাইছলৈ তথ্য প্ৰেৰণ, যোগাযোগ স্থাপন কৰা হয়। প্ৰতিটো কম্পিউটাৰ আৰু ইণ্টাৰনেট সংযোগ থকা ডিভাইছত এটাকৈ IP address থাকে, যাৰ ফলত ইণ্টাৰনেটৰ আন সকলো কম্পিউটাৰ বা ডিভাইছৰ পৰা অনন্যভাৱে চিনাক্ত কৰা হয়।
              ইণ্টাৰনেটৰ TCP/IP প্ৰতকল হৈছে - TCP (Transmission Control Protocol), IP (Internet Protocol) - ইণ্টাৰনেটত ডিভাইছসমূহৰ আন্তঃসংযোগ কৰিবলৈ ব্যৱহাৰ কৰা যোগাযোগ প্ৰতকলৰ এটা চুইট (Suite)। Vint Cerf আৰু Bob Kahn য়ে TCP/IP PROTOCOL ৰ সৃষ্টি কৰিছিল।  Domain Name System ইণ্টাৰনেটৰ গুৰুত্বপূৰ্ণ অংগ, Domain Name System ১৯৮৫ চনৰ পৰা ইণ্টাৰনেটত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। Domain Name System উদ্ভাৱন কৰিছিল Paul Mockapetris য়ে ১৯৮৩ চনত। Domain Name System (DNS) হৈছে Directory Service যত নেটৱৰ্কত এটা Host ৰ নাম আৰু ইয়াৰ সাংখ্যিক ঠিকনাৰ মাজত মেপিং প্ৰদান কৰে। উদাহৰণ স্বৰূপে ফেচবুক চাইটৰ IP address 12.45.56.67 , কোনো ব্যৱহাৰকাৰীয়ে www.facebook.com ৱেব ব্ৰাউজাৰত Request কৰিলে কম্পিউটাৰে www.facebook.com ৰ IP address 12.45.56.67 DNS Server ত চিনাক্ত কৰি www.facebook.com চাইটলৈ লৈ যাব।
             
     HTTP প্ৰতকলৰ সহায়ত ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলক ৱেব ব্ৰাউজাৰ আৰু ৱেব চাৰ্ভাৰৰ মাজত যোগাযোগ স্থাপন কৰে। HTTP Protocol ৰ সম্পূৰ্ণ অৰ্থ Hypertext Transfer Protocol ।HTTP প্ৰতকলত ৱেব চাৰ্ভাৰৰ পৰা video, audio, text, images আৰু অন্যান্য multimedia file আদি ৱেব ব্ৰাউজাৰত লাভ কৰিবলৈ সক্ষম হয়। HTTP প্ৰতকল আৰু WWW উদ্ভাৱন কৰিছিল Tim Berners Lee য়ে ১৯৮৯ চনত। WWW (World Wide Web) ৰ জৰিয়তে ৱেব চাৰ্ভাৰ আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰী সংযোগ হবলৈ সক্ষম হয়। URL অৰ্থাৎ Uniform Resource Locator ত HTTP, HTML ৰ সৈতে সংযুক্ত হৈ থাকে। উদাহৰণ স্বৰূপে এটা URL - https://www.google.com ।
     আপুনি কম্পিউটাৰ বা মোবাইলৰ পৰা ইণ্টাৰনেট সেৱা লাভ কৰিবলৈ অৰ্থাৎ চাৰ্ভাৰৰ সৈতে সংযোগ হবলৈ optical fibre cable ৰ যোগেদি স্থাপন কৰা হয়। আমেৰিকাত থকা গুগলৰ চাৰ্ভাৰৰ পৰা যেনে ইউটিউবৰ এটা ভিডিঅ' আমি কেনেকৈ তৎক্ষণাত চাব পাৰো? তাৰ বাবে আমাৰ ইণ্টাৰনেট ব্যৱহাৰ কৰা IP address যুক্ত ডিভাইছৰ পৰা Domain Name Request কৰাত -  www.youtube.com তাৰ বিপৰীতে থকা IP address DNS Server ত চিনাক্ত কৰি Request data center লৈ প্ৰেৰণ কৰে আৰু data center য়ে আমি request কৰা তথ্য বিচাৰি আমাৰ IP address যুক্ত কম্পিউটাৰ বা ডিভাইছলৈ প্ৰথমে data center য়ে optical fibre cable ৰ সহায়ত মোবাইল টাৱাৰলৈ প্ৰেৰণ কৰে আৰু মোবাইল টাৱাৰে Electromagnetic waves ৰ জৰিয়তে আমালৈ প্ৰেৰণ কৰে আৰু আমি তথ্য লাভ কৰিবলৈ সক্ষম হওঁ। তথ্য সমূহ নেটৱৰ্কিংত Packet Switching ৰ দ্বাৰা সৰু সৰু অংশত বিভক্ত হৈ কম্পিউটাৰ/ডিভাইছলৈ আহে আৰু ডিভাইছত একত্ৰিত হয়।
          ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ কম্পিউটাৰ/ ডিভাইছৰ উপৰিও আন এক গুৰুত্বপূৰ্ণ এপ্লিকেচন হৈছে ৱেব ব্ৰাউজাৰ, যাৰ অবিহনে ইণ্টাৰনেট ব্যৱহাৰ কৰা অসম্ভৱ।ৱেবচাইট সমূহত প্ৰৱেশ কৰিবলৈ ৱেব ব্ৰাউজাৰৰ সহায় লোৱা হয়। ৱেব ব্ৰাউজাৰত ব্যৱহাৰকাৰীয়ে ৱেব চাৰ্ভাৰৰ ফাইল সমূহ চাবলৈ/সম্পাদনা কৰিবলৈ আৰু ৱেব চাৰ্ভাৰলৈ তথ্য আদান প্ৰদান কৰিবলৈ সক্ষম হয়। ৱেব ব্ৰাউজাৰ যেনে - Google Chrome, Operamini, Firefox, Brave Browser ইত্যাদি।
 ৱেব ব্ৰাউজাৰ ব্ৰিটিছ কম্পিউটাৰ বিজ্ঞানী Tim Berners Lee য়ে ১৯৯০ চনত উদ্ভাৱন কৰিছিল।
                 ইন্টাৰনেট ব্যৱহাৰ কৰিবলৈ আৰু এটা গুৰুত্বপূৰ্ণ ৱেব আধাৰিত সঁজুলি হৈছে চাৰ্চ ইঞ্জিন। ১৯৯০ চনত  McGill University,Montreal ৰ ছাত্ৰ Alan Emtage এ প্ৰথম ৱেব চাৰ্চ ইঞ্জিন Archie সৃষ্টি কৰিছিল। ইন্টাৰনেট ব্যৱহাৰকাৰীসকলে ৱেব ব্ৰাউজাৰত  যিকোনো সমল অনুসন্ধান কৰিবলৈ চাৰ্চ ইঞ্জিনৰ সহায় লব লগা হয়, চাৰ্চ ইঞ্জিনসমূহে ৱৰ্ল্ড ৱাইড ৱেবৰ তথ্য সমূহ চিনাক্ত কৰে। চাৰ্চ ইঞ্জিনসমূহে ব্যৱহাৰকাৰীয়ে অনুসন্ধান কৰা সমল ৱেব ব্ৰাউজাৰত তৎক্ষণাত প্রদর্শিত কৰে। উদাহৰণ স্বৰূপে কেইটামান চাৰ্চ ইঞ্জিন হৈছে - Google, Bing, Yahoo! ।
        
          কিছুমান ইণ্টাৰনেট প্ৰতকল:

১/ TCP/IP (Transmission Control Protocol/ Internet Protocol)

২/ PPP (Point to Point Protocol)

৩/ SFTP (Secure File Transfer Protocol)

৪/ FTP (File Transfer Protocol)

৫/ SMTP (Simple Mail Transfer Protocol)

৬/ HTTP (Hyper Text Transfer Protocol)

৭/ HTTPS (Hyper Text Transfer Protocol Secure)

৮/ IPv4 

৯/ IPv6

১০/ POP3 (Post Office Protocol3)

১১/ TELNET (Terminal Network)

১২/ ICMP (Internet Control Massage Protocol)

১৩/ IMAP (Internet Massage Access Protocol)

১৪/ UDP (User Datagram Protocol)

১৫/ SSH (Secure Shell)


ইণ্টাৰনেটৰ সুবিধা:


১/ ইণ্টাৰনেটত সীমাহীন জ্ঞান লাভ কৰিব পাৰি, যি বিষয়ৰ ওপৰত অনুসন্ধান কৰা হয় সেই বিষয় সমূহ সম্পূৰ্ণকৈ বুজিবলৈ সক্ষম হয় আৰু বহুতো নজনা কথা জানিবলৈ সক্ষম হয়।

২/ ইণ্টাৰনেটত যোগাযোগ ব্যৱস্থা অতি দ্ৰুত আৰু সমগ্র বিশ্বৰ এটা প্ৰান্তৰ পৰা অন্য এটা প্ৰান্তলৈ নিমিষতে যিকোনো খবৰ, ই-মেইল, ফটো, ভিডিঅ', অডিঅ', পোনপটীয়াকৈ যোগাযোগ আদি ভাগ-বতৰা কৰিব পাৰি।

৩/ ইণ্টাৰনেটত যিকোনো সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰিবলৈ সক্ষম হয়। ঘৰৰ পৰাই অনলাইনত সামগ্ৰী বিক্ৰীৰ বিজ্ঞাপন, এফিলিয়েট মাৰ্কেটিং, নিজা ৱেবচাইটৰ জৰিয়তে কৰিব পাৰি আৰু মন পছন্দৰ সামগ্ৰী ক্ৰয় কৰিব পাৰি।

৪/ ইণ্টাৰনেটত মেপৰ সুবিধা লাভ কৰিব পাৰি, ফলত অচিনাকি ঠাইত ঘূৰা-ফুৰা কৰিবলৈ অতি সুবিধাজনক GPS প্ৰযুক্তি ব্যৱহাৰ কৰি আৰু কোনো লোকে প্ৰেৰণ কৰা ঠিকনা GPS প্ৰযুক্তিৰ সহায়ত বিচাৰি উলিওৱা অতি সহজ।

৫/ ইণ্টাৰনেটত ক্লাউড কম্পিউটিং আৰু ক্লাউড ষ্টৰেজৰ সুবিধাৰ ফলত আমি ডিভাইছত Remote Login কৰি images, files, audio, video ইত্যাদি ক্লাউড ষ্টৰেজত চাব পাৰো আৰু আপলোড, ডাউনলোড কৰিব পাৰো। এনে ক্ষেত্ৰত ডিভাইছৰ মেমৰী ব্যৱহাৰ নোহোৱাকৈ ক্লাউড ষ্টৰেজত প্ৰয়োজনীয় তথ্য পাতি চাব পাৰো আৰু ক্লাউড ষ্টৰেজত তথ্য সমূহ আপলোড কৰি থলে কেতিয়াবা মোবাইল হেৰালেও তথ্য সমূহ হেৰাই নাযায় আৰু ক্লাউড কম্পিউটিংত video game, ই-মেইল, virtual desktop ইত্যাদিৰ সুবিধা লাভ কৰিব পাৰো।

৬/ Internet of Things (IoT) ৰ সহায়ত মোবাইল/লেপটপ/কম্পিউটাৰৰ সৈতে ঘৰত ব্যৱহৃত বৈদ্যুতিক লাইট, ফেন, ফ্ৰীজ, CCTV কেমেৰা, AC ইত্যাদি ইণ্টাৰনেট সংযোগ কৰি ঘৰত থাকি আৰু ঘৰৰ পৰা দূৰত থাকিও নিয়ন্ত্ৰণ কৰিব পাৰি।

৭/ ইণ্টাৰনেটৰ সহায়ত অনলাইন বেংকিং সেৱা লাভ কৰিব পাৰি। ইণ্টাৰনেটৰ সহায়ত অনলাইনত UPI, IMPS, NEFT ইত্যাদিৰ জৰিয়তে টকা আদান প্ৰদান কৰাৰ উপৰিও বিদ্যুতৰ বিল পৰিশোধ, মোবাইলৰ ৰিচার্জ আদি কৰিবলৈ সক্ষম হওঁ।

৮/ ইণ্টাৰনেটৰ সহায়ত আমি মনোৰঞ্জন লাভ কৰিব পাৰো। YouTube, Facebook, Google ইত্যাদি ব্যৱহাৰ কৰি বিভিন্ন সমল(Content) উপভোগ কৰিব পাৰো।

৯/ ইণ্টাৰনেটৰ সহায়ত আমি ঘৰৰ পৰাই অফিচৰ কাম-কাজ সমাধান কৰিবলৈ সক্ষম হওঁ আৰু দূৰ-দূৰণিৰ লোকৰ সৈতে অনলাইনত মিটিং আদিত ভাগ লবলৈ সক্ষম হওঁ।

১০/ ইণ্টাৰনেটৰ সহায়ত টকা উপাৰ্জনৰ সুবিধা লাভ কৰিব পাৰো। নিজাকৈ YouTube Channel খুলি, ৱেবচাইট/ব্লগ তৈয়াৰ কৰি, Affiliate Marketing, Influencer ইত্যাদি সেৱা আগবঢ়াই ইণ্টাৰনেটৰ মাধ্যমেৰে টকা উপাৰ্জনৰ বাট মুকলি কৰিব পাৰি।

ইণ্টাৰনেটৰ অসুবিধা:

         
১/ ইণ্টাৰনেটত অত্যাধিক সময় ব্যয় কৰাৰ বাবে যিকোনো ব্যক্তি ইণ্টাৰনেট আসক্ত হব পাৰে, ফলত নিজৰ কামৰ প্ৰতি অনীহা ভাৱ জাগ্ৰত হব আৰু মূল্যবান সময় অবাবত নষ্ট হব পাৰে।

২/ ইণ্টাৰনেটত ব্যৱহাৰকাৰী হেকাৰৰ কৱলত পৰিব পাৰে, ফলত বেংকৰ টকা হেৰুৱা, ডিভাইছত বিভিন্ন ভাইৰাছৰ আক্ৰমণ আৰু ব্যক্তিগত তথ্য চুৰি, ধন দাবী, ব্লেক মেইল আদিৰ চিকাৰ হব পাৰে।

৩/ অত্যাধিক ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ ফলত মানুহৰ ধৈৰ্য শক্তি কমি আহে, কাৰণ তৎক্ষণাত অনুসন্ধান কৰা সমলসমূহ প্ৰাপ্ত কৰে আৰু শাৰীৰিকভাৱে যেনে চকুৰ সমস্যা, ডিঙিৰ সমস্যা, মূৰ ঘূৰণি ইত্যাদিত ভুগিব পাৰে।

৪/ ইণ্টাৰনেটত সামগ্ৰীসমূহ সঘনাই অনুসন্ধান কৰি থাকিলে আৰু ক্ৰয় কৰিলে লাহে লাহে আসক্তিত পৰিণত হব পাৰে আৰু পিছলৈ ইণ্টাৰনেটৰ বিজ্ঞাপনত প্ৰদৰ্শিত অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ ইচ্ছা প্ৰকাশ হব পাৰে ফলত টকা অপ্ৰয়োজনত খৰছ হব পাৰে।

৫/ ইণ্টাৰনেট অত্যাধিক ব্যৱহাৰ কৰিলে সামাজিক গণমাধ্যমসমূহত(Social media) দেখা পোৱা বন্ধু-বান্ধৱৰ জীৱনশৈলীৰ সৈতে নিজকে তুলনা কৰি বহুতো হতাশাত ভুগিব পাৰে, অকলশৰীয়া অনুভৱ কৰিব পাৰে।

সামৰণি:

       আজি ইণ্টাৰনেটৰ সম্পৰ্কে এই লিখনিত ইণ্টাৰনেটৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা দৈনন্দিন জীৱনত ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধা লিখিবলৈ চেষ্টা কৰিলোঁ। যিকোনো এটা বস্তুৰ যদি ভাল দিশ থাকে তাৰ সমান্তৰাল ভাৱে বেয়া দিশো থকাটো স্বাভাৱিক, তথাপিও বেয়া দিশ সমূহ আওকাণ কৰি মানৱ সমাজৰ প্ৰযুক্তিৰ প্ৰগতিৰ বাহক ইণ্টাৰনেটে মানৱ সমাজত এক নতুন যুগৰ সূচনা কৰিবলৈ সক্ষম হৈছে। এই লিখনিত অজানিতে ভুল-ক্ৰুটি ৰৈ গলে পঢ়ুৱৈ সমাজে আঙুলিয়াই দিব বুলি আশা কৰিছোঁ, ধন্যবাদ।

লগতে চাওক -


Post a Comment

Previous Post Next Post