বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা

 বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা
vocational education



◆ বৃত্তিমূলক শিক্ষা কি?

    যি শিক্ষা ব্যৱস্থাত এজন ব্যক্তিক কৰ্মদক্ষতাৰ বিকাশ সাধন কৰি আত্মনির্ভৰশীল কৰি গঢ়ি তোলা হয়, এনে শিক্ষাকে বৃত্তিমূলক শিক্ষা বা কাৰিকৰী শিক্ষা বোলা হয়। বৃত্তিমূলক শিক্ষাই দেশৰ মানৱ সম্পদ উন্নয়ন, দেশৰ উৎপাদন বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Charles Allen Prosser ক বৃত্তিমূলক শিক্ষাৰ পিতৃ বুলি কোৱা হয়।

◆ ভাৰতত বৃত্তিমূলক শিক্ষাৰ আৰম্ভণি:

               ব্ৰিটিছ বিষয়া চাৰ্লছ উডে ১৮৫৪ চনত ভাৰতৰ শিক্ষা ব্যৱস্থা ভাগ ভাগ কৰিছিল আৰু এটা ভাগত বৃত্তিমুখী শিক্ষাক অন্তৰ্ভুক্ত কৰিছিল। চাৰ্লছ উডে বৃত্তিমুখী শিক্ষাৰ বাবে বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰিবলৈ পৰামৰ্শ দিছিল।

           ১৮৮২ চনত হান্টাৰ আয়োগে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বাবে আগবঢ়োৱা পৰামৰ্শ সমূহ হৈছে -
                   বিদ্যালয়ৰ মাধ্যমিক পৰ্য্যায়ক ২ টা শাখাত বিভক্ত কৰিব লাগে। ইয়াৰে এটা শাখা হ'ব ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা বা বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ উদ্দেশ্যে আৰু অন্য শাখাটো হ'ব ব্যৱহাৰিক জীৱিকা আহৰণৰ বাবে বৃত্তিমুখী শিক্ষা।

              ১৯৩৬ চনত উড - এব'দ আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ হৈছে -

● বৃত্তিমুখী শিক্ষাক সাহিত্য আৰু বিজ্ঞান শিক্ষাৰ লগত সমকক্ষ বুলি বিবেচনা কৰা উচিত আৰু বৃত্তিমুখী শিক্ষাৰ মান উন্নত কৰিব লাগিব।

● ক্ষুদ্ৰ উদ্যোগত নিয়োজিত দক্ষ শ্ৰমিকৰ বাবেও বৃত্তিমুখী প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব লাগিব।

● বৃত্তিমুখী পাঠ্যক্ৰম উত্তীৰ্ণৰ পাছত লাভ কৰা প্ৰমাণ-পত্ৰত ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণৰ সময়ত সম্পন্ন কৰা কামৰ মান স্পষ্টভাৱে উল্লেখ থাকিব লাগিব।

● বিভিন্ন বৃত্তিমুখী শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয়তা অনুসৰি বৃত্তিমূলক শিক্ষাৰ ব্যৱস্থা কৰা আৰু কোনো বৃত্তিকেই কম গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিব নালাগিব।

● বৃত্তিমুখী শিক্ষাক অন্যান্য প্ৰকাৰৰ শিক্ষাৰ পৰিপূৰক হিচাপে গণ্য কৰিব লাগিব। ইত্যাদি।

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে - কাঠফুলা খেতি, মৌ-পালন, পুতলা নিৰ্মাণ, প্ৰসাধন সামগ্ৰীৰ উৎপাদন, বেকাৰী, প্লামবিং, ঘৰুৱা বৈদ্যুতিক উপকৰণসমূহৰ মেৰামতি তথা সংৰক্ষণ, ঘৰুৱা বৈদ্যুতিক তাৰ সংযোগীকৰণ, শক্তিচালিত ধানমৰা যন্ত্ৰৰ মেৰামতি, মাটি চহোৱা আৰু শস্য সিঁচা যন্ত্ৰৰ মেৰামতি, শুষ্ক আৰু জলশূণ্যকৰণৰ দ্বাৰা ফলমূল আৰু শাক-পাচলিৰ সংৰক্ষণ, কাঠ শিল্প ইত্যাদি বিভিন্ন ক্ষেত্ৰ সামৰি প্ৰাক-বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিছিল।

◆ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ত বৃত্তিগত শিক্ষাৰ সম্পৰ্কে উল্লেখ কৰিছে যে -

● ২০২৫ চনৰ ভিতৰত কমেও ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় বা উচ্চ শিক্ষাৰ জৰিয়তে বৃত্তিগত শিক্ষা লাভ কৰিব।

● পৰৱৰ্তী দশকত বৃত্তিগত শিক্ষা পৰ্যায়ক্ৰমে সকলো মাধ্যমিক বিদ্যালয়ত প্ৰদান কৰা শৈক্ষিক পাঠ্যক্ৰমৰ সৈতে সম্বলিত কৰা হব। এই লক্ষ্যৰে, মাধ্যমিক স্কুল সমূহে - ITI, পলিটেকনিক, স্থানীয় উদ্যোগ ইত্যাদিৰ সৈতে সহযোগিতা স্থাপন কৰিব।


◆ বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা:

             বৃত্তিমূলক শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ কৰ্ম দক্ষতা বৃদ্ধি কৰি দেশৰ উৎপাদন বৃদ্ধি আৰু আত্মনির্ভৰশীল কৰি তুলি নিবনুৱা সমস্যা সমাধান কৰাৰ প্ৰয়োজনীয়তা অধিক।

             ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ত উল্লেখ কৰিছে যে - দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত (২০১২-১৭) এই কথা অনুমান কৰা হৈছিল যে ১৯ বছৰৰ পৰা ২৪ বছৰ বয়সৰ ভিতৰত ভাৰতৰ খুব নগণ্য সংখ্যক কৰ্মশক্তিয়েহে (৫ শতাংশতকৈ কম) আনুষ্ঠানিকভাৱে বৃত্তিগত শিক্ষা লাভ কৰিছে আৰু ইয়াৰ তুলনাত আমেৰিকাত বৃত্তিগত শিক্ষাৰ হাৰ ৫২ শতাংশ, জাৰ্মানীত ৭৫ শতাংশ, দক্ষিণ কোৰিয়াত ৯৬ শতাংশ। এনেধৰণৰ তথ্যই ভাৰতবৰ্ষত বৃত্তিগত শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথাকেই প্ৰমাণ কৰে।
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব