IoT কি আৰু কেনেকৈ আমাক সহায় কৰে



 IoT ৰ বিষয়ে


আৰম্ভণি: 

          নমস্কাৰ বন্ধু-বান্ধৱীসকল। আপোনালোক সকলোকে puhorbisarijau.in ব্লগলৈ স্বাগতম জনালোঁ। আজি IoT ৰ বিষয়ে লিখিবলৈ আগবাঢ়িছো। বৰ্তমান প্ৰযুক্তিবিজ্ঞানৰ যুগত IoT ৰ প্ৰাসংগিকতা অপৰিসীম। মানুহৰ দৈনন্দিন জীৱন শৈলীত প্ৰযুক্তিৰ অৱদান নুই কৰিব নোৱাৰি, আহিবলগীয়া দিনবোৰত অত্যাধুনিক প্ৰযুক্তিয়ে যে মানৱ সমাজৰ সকলো কাম-কাজত সহায়ক হৈ থিয় দিব সেয়া অনস্বীকাৰ্য। প্ৰযুক্তিবিজ্ঞানৰ চমক এই IoT য়ে কামে-কাজে প্ৰায় অধিক ক্ষেত্ৰতে ভূমিকা পালন কৰিছে।

● IoT কি হয়?

         IoT অৰ্থাৎ Internet of Things হৈছে ইণ্টাৰনেট প্ৰযুক্তিৰ সহায়ত ব্যৱহাৰকাৰীৰ ডিভাইচ আৰু চিষ্টেমৰ সৈতে তথ্য সংযোগ আৰু যোগাযোগৰ সুবিধা প্ৰদান কৰা প্ৰযুক্তিক বুজায়। (ব্যৱহাৰকাৰীৰ ডিভাইচ অৰ্থাৎ - মোবাইল ফোন, লেপটপ, কম্পিউটাৰ ইত্যাদি হব পাৰে আৰু চিষ্টেম মানে - ইণ্টাৰনেটৰ সৈতে সংযোগ হৈ থকা CCTV কেমেৰা, লাইট, ফেন, ফ্ৰীজ, কিছুমান মেচিন ইত্যাদি হব পাৰে। ইণ্টাৰনেট প্ৰযুক্তি, ৱেব চাৰ্ভাৰৰ সহায়ত তথ্য আদান-প্ৰদান, নিয়ন্ত্ৰণ ইত্যাদি সম্ভৱ হৈ উঠিছে।)

        IoT ৰ সহায়ত নেটৱৰ্কৰ জৰিয়তে ব্যৱহাৰকাৰীৰ পৰা ইণ্টাৰনেট সংযুক্ত ডিভাইচলৈ, ইণ্টাৰনেট সংযুক্ত ডিভাইচৰ পৰা অন্য ইণ্টাৰনেট সংযুক্ত  ডিভাইচলৈ তথ্য সংযোগ, যোগাযোগ স্থাপন কৰা হয়।

IoT ৰ মূলতঃ ৪ টা উপাদান আছে।

১/ Sensors
২/ Connectivity
৩/ Data Processing
৪/ User Interface

উদাহৰণ স্বৰূপে ধৰি লোৱা হ'ল-

       হৰকান্ত দাৰ গুৱাহাটীত এটা শিতলিকৰণ গুদাম আছে। বিশেষ কাৰণত হৰকান্ত দা তিনিচুকীয়া জিলালৈ আহিবলগীয়া হ'ল। বৰ্তমান সেই শিতলিকৰণ গুদামত কৰ্মচাৰী নাই, ফলত কোনো অসুবিধা নোহোৱাকৈ হৰকান্ত দাই তিনিচুকীয়া জিলাত থাকি গুৱাহাটীৰ শিতলিকৰণ গুদামৰ উষ্ণতা IoT চিষ্টেমৰ সহায়ত নিয়ন্ত্ৰণ কৰিব। 
 শিতলিকৰণ গুদামত IoT ডিভাইচ স্থাপন কৰি ৰখা হৰকান্ত দাই (ব্যৱহাৰকাৰীয়ে) শিতলিকৰণ গুদামৰ উষ্ণতা জানিব পাৰিব। কাৰণ, শিতলিকৰণ গুদামত IoT ডিভাইচৰ Sensor য়ে উষ্ণতা পৰীক্ষা কৰি Connectivity ৰ সহায়ত তথ্য পঠিয়াব, Data Processing ত উষ্ণতা কেনে আছে, কম নে বেছি হৈ আছে সেই সমূহ পৰীক্ষা কৰি User Interface লৈ তথ্য প্ৰেৰণ কৰিব। Advance IoT প্ৰযুক্তিৰ সহায়ত হৰকান্ত দাই (ব্যৱহাৰকাৰীয়ে) এপ্লিকেচনৰ দ্বাৰা ৰিমট কন্ট্ৰল কৰি উষ্ণতা নিয়ন্ত্ৰণ কৰিব পাৰে আৰু শিতলিকৰণ গুদামৰ প্ৰয়োজন অনুসৰি উষ্ণতা স্বয়ংক্ৰিয় (automatic climate control) কৰি ৰাখিব পাৰে।

IoT (Internet of Things) শব্দটো উদ্ভাৱন কৰিছিল ১৯৯৯ চনত কম্পিউটাৰ বিজ্ঞানী কেভিন এষ্টনে। কেভিন এষ্টন IoT ৰ পিতৃ হিচাপে স্বীকৃতি লাভ কৰিছে।

     প্ৰথম স্মাৰ্ট ডিভাইচ সাজি উলিয়াইছিল ১৯৮২ চনত কৰ্নেগী মেলন বিশ্ববিদ্যালয়ত। স্মাৰ্ট ডিভাইচ আছিল - ARPANET নেটৱৰ্ক সংযুক্ত কোকা-কোলাৰ ভেণ্ডিং মেচিন (Vending Machine)। কোকা-কোলাৰ ভেণ্ডিং মেচিনত থকা পানীয়সমূহৰ বিষয়ে ARPANET নেটৱৰ্ক প্ৰযুক্তিৰ সহায়ত জানিবলৈ চেষ্টা কৰিছিল। ভেণ্ডিং মেচিনত পানীয় উপলব্ধ হয়নে, পানীয়সমূহ ঠাণ্ডা আছেনে ইত্যাদি গম পাব পাৰিছিল।

Image source link ~ https://www.facebook.com/photo.php?fbid=10157355978300485




IoT কিয় গুৰুত্বপূৰ্ণ:

            বৰ্তমান সময়ত IoT য়ে মানুহৰ ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনত আমূল পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে। ব্যক্তিগত জীৱনত IoT ৰ ভূমিকা সমূহ যেনে - ইণ্টাৰনেট সংযুক্ত CCTV CAMERA, লাইট, ফেন, স্মাৰ্ট ঘড়ী, ঘৰ চাফা কৰা সঁজুলি, গাড়ী আহিলে স্বয়ংক্ৰিয় ভাৱে গেট খোল খাই যোৱা ইত্যাদি। IoT য়ে ব্যৱসায় প্ৰতিষ্ঠান সমূহত খৰচৰ পৰিমাণ কম কৰে, কাৰ্যকলাপ সমূহ সুশৃংখলিত ৰূপত সম্পন্ন কৰে, প্ৰক্ৰিয়াসমূহ স্বয়ংক্ৰিয় কৰি শ্ৰমৰ ব্যয় হ্ৰাস কৰি উৎপাদন বৃদ্ধি কৰে। মূলতঃ IoT সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে। স্বাস্থ্যখণ্ড, কৃষিক্ষেত্ৰ, স্মাৰ্ট চহৰ, উদ্যোগ সমূহ, মানুহৰ দৈনন্দিন জীৱনৰ সাৰথি হৈ IoT আগবাঢ়িছে।

IoT ৰ সুবিধা:


১/ IoT ৰ স্বয়ংক্ৰিয় কাম-কাজে সময় ৰাহি কৰে। 

২/ IoT চিষ্টেম সংযুক্ত যন্ত্ৰসমূহ বন্ধ কৰিবলৈ পাহৰিলে দূৰত থাকিও ৰিমট কন্ট্ৰলৰ দ্বাৰা বন্ধ কৰিব পাৰি, ফলত বিদ্যুতৰ অপ্ৰয়োজনীয় ব্যৱহাৰ নহব। ই ব্যক্তিগত সুৰক্ষা আৰু নিৰাপত্তা বৃদ্ধি কৰে।

৩/ IoT ৰ চিষ্টেম সমূহৰ তথ্য সহজে উপলব্ধ হোৱাৰ বাবে দূৰত থাকিও বৰ্তমান সময়ৰ স্থিতি নিৰীক্ষণ, নিয়ন্ত্ৰণ কৰিব পাৰি।

৪/ IoT চিষ্টেম ব্যক্তিগত সহায়ক হিচাপে ব্যৱহাৰ কৰিব পাৰি, ফলত স্বাস্থ্যৰ স্থিতি, নিয়মীয়া পৰিকল্পনা আদি সমূহৰ বিষয়ে সতৰ্ক কৰিব পাৰে।

৫/ IoT প্ৰযুক্তি ব্যৱসায়িক সেৱা, উৎপাদন প্ৰক্ৰিয়া ইত্যাদিত গ্ৰাহক ব্যৱস্থাপনা (Customer Management), তথ্য নিয়ন্ত্ৰণ, ডেলিভাৰী, পৰিবহণ অনুসৰণ ইত্যাদি ব্যৱস্থাত সঠিক আৰু দ্ৰুত সেৱা প্ৰদান কৰে আৰু খৰচৰ পৰিমাণ হ্ৰাস কৰে।

IoT ৰ অসুবিধা:


১/ অত্যাধিক IoT চিষ্টেমৰ ওপৰত নিৰ্ভৰ কৰাৰ ফলত মানুহক বুদ্ধিহীন কৰি তোলে।

২/ IoT ত বহুতো ডিভাইচ সংযুক্ত হৈ থাকে, সেই চিষ্টেম সমূহত হেকাৰ প্ৰৱেশ কৰি তথ্য চুৰি কৰিব পাৰে আৰু IoT ডিভাইচ সমূহ হেকাৰে নিজৰ নিয়ন্ত্ৰণলৈ আনি ব্যৱহাৰ কৰিব পাৰে।

৩/ IoT ডিভাইচসমূহ ব্যৱহাৰৰ ফলত নিবনুৱা সমস্যাৰ সৃষ্টি হব পাৰে, কাৰণ IoT ডিভাইচে দ্ৰুত সেৱা প্ৰদান কৰিব পাৰে আৰু শ্ৰমিকৰ ব্যয়ৰ তুলনাত কম ব্যয় হয়।

৪/ IoT চিষ্টেমত বহুতো ডিভাইচ সংযোগ হৈ থকাৰ ফলত কেতিয়াবা ব্যৱস্থা প্ৰণালীত জটিলতাৰ সৃষ্টি হৈ ডিভাইচ সমূহ নিষ্ক্ৰিয় হব পাৰে।

৫/ IoT ডিভাইচ সমূহ যথেষ্ট ব্যয়বহুল হোৱাৰ বাবে সকলোৱে এই IoT ৰ সুবিধা গ্ৰহণ কৰিবলৈ অক্ষম।

সামৰণি:

            আজি IoT ৰ বিষয়ে এই লেখাত কিছু কথা উল্লেখ কৰিলোঁ। IoT য়ে মানুহৰ জীৱন শৈলীৰ পৰা আৰম্ভ কৰি মুখ্যতঃ উদ্যোগ, প্ৰশাসন, স্বাস্থ্য সেৱা, ব্যৱসায়িক দিশত, প্ৰযুক্তিৰ বিকাশ আদিত আগবাঢ়ি গৈছে। আশাকৰোঁ এই লিখনিৰ পৰা IoT ৰ সম্পৰ্কে ধাৰণা কৰিব পাৰিছে, IoT ৰ পৰিসৰ অত্যন্ত বিশাল, ভৱিষ্যতে IoT য়ে সমাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, ধন্যবাদ।

FAQs


১/ IoT ৰ পিতৃ বুলি কাক কোৱা হয়?

কেভিন এষ্টনক IoT ৰ পিতৃ বুলি কোৱা হয়। ১৯৯৯ চনত কম্পিউটাৰ বিজ্ঞানী কেভিন এষ্টনে Procter & Gamble নামৰ কোম্পানীৰ বাবে উপস্থাপন শিৰোনাম দিছিল "The Internet of Things". P&G ৰ সামগ্ৰীসমূহত Radio Frequency Identification চিপ লগাই Supply Chain ৰ জৰিয়তে অনুসৰণ কৰাৰ প্ৰস্তাৱ দিছিল।

২/ IoT ৰ প্ৰথম ব্যৱহাৰ ক'ত হৈছিল?

১৯৮২ চনত কৰ্নেগী মেলন বিশ্ববিদ্যালয়ত IoT ৰ প্ৰথম ব্যৱহাৰ হৈছিল। স্মাৰ্ট ডিভাইছ আছিল - ARPANET নেটৱৰ্ক সংযুক্ত কোকা-কোলাৰ ভেণ্ডিং মেচিন।

৩/ IoT বৰ্তমান কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে?

স্বাস্থ্য সেৱা, কৃষি, স্মাৰ্ট হোম ব্যৱস্থা, উৎপাদন ব্যৱস্থা, শিক্ষা ক্ষেত্ৰ, পৰিবহন, স্মাৰ্ট চহৰ ইত্যাদি।

Post a Comment

Previous Post Next Post