জীৱনৰ অৰ্থ বিচাৰি - সুন্দৰৰ সন্ধানত

 

✍ ৰাজশ্রী বৰগোহাঁই

 ● জীৱনৰ প্ৰশ্ন
মই কিয় জীয়াই আছো ?মই কিয় মৰি যোৱা নাই?পৃথিৱীত মোৰ কি কাম?এনেকৈ খাই বৈ থকাৰ নামেইটো নহয় জীৱন।পৰম পিতা মোক কিয় পঠালা পৃথিৱীলৈ?মোক সুযোগ নিদিয়া মানুহৰ সেৱা কৰিবলৈ?কিয় এনেদৰে অথলে গৈছে মোৰ জীৱন?কিয় মোৰ সপোনবোৰ বাস্তৱায়িত নহয়?দিন শেষ হ'লে যিদৰে ৰাতি হয়,আন্ধাৰ আঁতৰি যিদৰে সূৰ্যোদয় হয়, তেন্তে কিয়?কিয় সলনি নহয় মোৰ জীৱন ঘড়ীৰ সময়?প্ৰখৰ ৰ'দৰ পাছত ধৰালৈও নামে বৰষা,তেন্তে কিয় নহয় সলনি মোৰ জীৱন সন্ধ্যা?এইদৰে আপোনাৰো প্ৰশ্ন নহয়নে মনত?চাব এই প্ৰশ্ন মনত উদ্ভৱ হোৱাসকলে নিশ্চয়কৈ জীৱনৰ উত্তৰ বিচাৰিছে,প্ৰত্যেকেই নিজে নিজে বিচাৰে মই জীৱনটোত কিবা এটা কৰোঁ,বিশেষ কিবা।কিন্তু কি...........?

● উপলব্ধি
দেহৰ পৰা যেতিয়া আঁতৰি যায় চৈতন্য শক্তি,মনৰ পৰা দূৰ হয় আত্মাৰ দৈৱিকতা তেতিয়াই জীৱন হৈ পৰে মৃত্যু সম।তেতিয়া বিশ্বাস আঁতৰি যায়,খোপনি লয় সন্দেহে।বিশ্বাস বিহীন জীৱন প্ৰাণবিহীন জড় ৰ নিচিনা।জীৱনত এটা মাত্ৰ পৰম শক্তিয়ে আমাক জীয়াই ৰাখে,সেইয়া হ'ল প্ৰেম।জীৱনৰ প্ৰতি প্ৰেম।অন্যথা আমাৰ ওপৰত মৰণশক্তিয়ে বিজয় সাব্যস্ত কৰিব।গতিকে জীৱনত বিশ্বাসক জীয়াই ৰখাটো খুব দৰকাৰী।
      জীৱনত মোৰ দৰে আপুনিও নিশ্চয় নিঃসংগতা অনুভৱ কৰি পাইছে।অলেখ চিন্তাৰ দুখ,কষ্টৰ বোজাও ভাৰ বব লগা হৈছে।এনে লাগে তেতিয়া যে এইবোৰৰ পৰা পৰিত্ৰাণৰ উপায় কি?ভাব হয় ভিক্ষা কৰি খোৱাতকৈ হয়তো বেছি কষ্টকৰ এই আশাৰে পৰশা জীৱন।দেহ বিক্ৰী কৰি পৰিয়ালক পালন কৰা এজনী বেশ্যাতকৈ হয়তো বহুত জটিল আৰু ক্ষোভপূৰ্ণ এই জীৱন,য'ত মোৰ সূক্ষ্ম মগজুৰ প্ৰত্যেকডাল স্নায়ু বাৰে বাৰে ধৰ্ষিতা হব লগা হৈছে সময়ৰ এটা এটা পলৰ ওচৰত।যাৰ যন্ত্ৰণা কোনো গুণে নহয় কম ধৰ্ষিতাৰ জীৱনতকৈ।কিন্তু তেওঁলোক মুক্ত জীৱনৰ মিছা প্ৰলোভনৰ পৰা।

খোৱা কামোৰা,জীৱন যুজঁ কৰিটো পশু পক্ষীও জীয়াই থাকে, আমিতো জীৱশ্ৰেষ্ঠ।জন্মৰ আঁৰৰ ৰহস্য নিশ্চয় আছে।কিয় আপুনি, মই আজি ইয়াত;কিয়?আমাৰ প্ৰত্যেকৰে জন্মৰ আঁৰৰ উদ্দেশ্য আছে।কিবা নহয় কিবা কৰিবৰ বাবে আমি আজি এই পৃথিৱীত।উদ্দেশ্য বিহীন জীৱন আমাৰ কাৰো নাই।কিন্তু চিনি পোৱা কঠিন আপুনি কোন পথৰ গৰাকী।যদি পোৱা নাই সঠিক পথ,ক'ৰবাত আমি দিকভ্ৰষ্ট,পথভ্ৰষ্ট।
     প্ৰত্যেক মানুহৰ একোটা বিশেষ টেলেণ্ট থাকে।সেইটো হ'ল এনে কাম যিটো কৰি আমাৰ ভাল লাগে।যিটো কৰিলে আমি আমনি নাপাওঁ।বৰঞ্চ তৃপ্ত হয় আত্মা।সেই কাম কৰি আমি সন্তুষ্টি লাভ কৰোঁ।সেয়াই হ'ল আমাৰ 'god gifted talent.'কিন্তু সেই কামটো চিনি পাবলৈ আমি বহুত বছৰো অপেক্ষা কৰিবলগা হব পাৰে।কিন্তু এদিন নহয় এদিন সি আমাক ধৰা দিবই।প্ৰকৃতিয়ে নিজে জ্বলা যান্ত্ৰণাৰেও আমাক সেই কামৰ ওচৰ পোৱাই দিব পাৰে।মাথোঁ আমি অলপ কষ্টৰ মুখামুখি হ'ব লাগিব।কেতিয়াবা ইমান আন্ধাৰ হ'ব যে এটা সৰু জোনাকীও হ'ব পাৰে আমাৰ পোহৰ যাত্ৰাৰ সাৰথি।
        জীৱনৰ প্ৰতিটো পল আমাৰ বাবে প্ৰয়োজনীয়,ৰঙীন,আনন্দময় আৰু শিক্ষাদায়ক।সূক্ষ্ম দৃষ্টিৰে প্ৰত্যক্ষ কৰিলে জীৱনৰ প্ৰত্যেক সময়ৰ মাজতে লুকাই আছে একো একোটা উৎসাহজনক পল আৰু সেই দিনবোৰ একোটা আনন্দময় দিন।আমি কিদৰে পাৰ কৰিছোঁ,কিদৰে গ্ৰহণ কৰিছোঁ সেইয়া আমাৰ ওপৰত।উদাহৰণস্বৰূপে --আমি যদি নিজৰ নিজৰ জীৱনৰ আমি আনন্দময় বুলি ভবা দিনবোৰলৈ ঘূৰি চাওঁ,কি দেখা পাম?হয়তো এক আনন্দৰ ,প্ৰশান্তিৰ কিৰণ আমাৰ গালে মুখে বিয়পি পৰিব।আমি আৰু অলপ সূক্ষ্ম দৃষ্টিৰে চাই দেখা পাম যে সেই দিনবোৰ আচলতে আমাৰ বাবে ভাল দিন আছিল, নে আমাৰ মন মস্তিষ্কই আনন্দমনে গ্ৰহণ কৰা  বাবে দিনবোৰ ভাল আছিল?প্ৰকৃতাৰ্থত সেই দিনবোৰত আমি যিমান পাৰি নিজক শিশুৰ দৰে সহজ সৰল আৰু কিবা এক নতুনত্বৰ আগমনত,অনুসন্ধিৎসু মন লৈ  আনন্দমনে গ্ৰহণ কৰিছিলোঁ।শৈশৱ সেইবাবেই মধুৰ।সেই দিনবোৰৰ পৰা আমি কোনো দাবী কৰা নাছিলো যে দিনবোৰ আমাৰ এইদৰে পাৰ হওঁক।দিনবোৰৰ লগত মিলি গৈছিলোঁ শিশুৰ মনৰ দৰে।সেইবাবে সেই সময় আছিল সুমধুৰ ।আৰু আজি...........?      (ক্ৰমশঃ)

2 Comments

  1. অতি সুন্দৰ উপলব্ধি..........

    ReplyDelete
    Replies
    1. ধন্যবাদ জনালোঁ 🙏

      Delete
Post a Comment
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব