আপুনি শ্বেয়াৰ বজাৰ (ইকুইটি)ত কিয় বিনিয়োগ কৰা উচিত ?

 আপুনি শ্বেয়াৰ বজাৰ (ইকুইটি)ত কিয় বিনিয়োগ কৰা উচিত ?


✍️ নৰোত্তম ৰাভা, ফোন-7002265500


আপুনি শ্বেয়াৰ বজাৰ (ইকুইটি)ত কিয় বিনিয়োগ কৰা উচিত ?


যেতিয়া আপুনি বিত্তীয় পৰিকল্পনা নিৰ্ধাৰণ কৰে, তেতিয়া আপুনি সম্পত্তি সৃষ্টিৰ দিশত আগবাঢ়ে । আমাৰ ভৱিষ্যতৰ আৰ্থিক প্ৰয়োজনৰ বাবে অথবা সম্ভাৱ্য আৰ্থিক নাটনি যোৰা মাৰিবলৈ আমি বিনিয়োগ কৰোঁ । বিনিয়োগৰ বাবে গুণাগঁথা কৰাৰ লগে লগেই আপোনাৰ সন্মুখত বহুবোৰ বিকল্প আহি পৰে । এটা দুধোৰ-মুধোৰ অৱস্থাৰ সৃষ্টি হয় । বিনিয়োগৰ বহুবোৰ সাধনৰ বিষয়ে আপোনালোকে সচৰাচৰ শুনি আহিছে । ইয়াৰ কোনবোৰ আপোনাৰ বাবে উত্তম হ'ব, সেয়া নিৰ্ধাৰণ কৰাৰ আগতে আপুনি এইবোৰ নিৰীক্ষণ কৰি ল'ব লাগিব । তেনে সাধনবোৰ হৈছে-

১/ ফিক্সড ডিপজিট (FD)
২/ বীমা আঁচনি
৩/ মিউচুৱেল ফাণ্ড( Mutual Funds)
৪/ ইকুইটি ( Equities)
৫/সোণ আৰু ৰূপ
৬/ স্থাৱৰ সম্পত্তি(Real Estate)
৭/ ডাকঘৰৰ সঞ্চয় আঁচনি আৰু পাব্লিক প্ৰভিডেণ্ট ফাণ্ড (PPF)

ৰিটাৰ্ণৰ আশাবোৰ সম্যক জ্ঞান-


আপোনালোকে স্থিৰীকৃত আয় প্ৰতিভূতি (Fixed Income Securities)ৰ বিষয়ে জানে । PPF, Bank FD, ডাকঘৰৰ সঞ্চয় আঁচনি আদিবোৰ এই শ্ৰেণীত পৰে । চৰকাৰৰ আঁচনিৰ ওপৰত নিৰ্ভৰ কৰি এইবোৰে আপোনাক ধৰাবন্ধা ৰিটাৰ্ণ দিয়ে । যেনে ধৰক PPF বিলাকে আপোনাক বছৰি ৮ শতাংশ মান ৰিটাৰ্ণ দিয়ে, যিটো চৰকাৰে আগতেই নিদিৰ্ষ্ট কৰি ৰাখে । এইবোৰৰ বাহিৰেও আন কিছুমান পৰিৱৰ্তনশীল আয় দিয়া বিনিয়োগৰ সাধন আছে । এইবোৰক কোৱা হয় পৰিৱৰ্তনশীল আয় প্ৰতিভূতি । সহজ ভাষাত মিউচুৱেল ফাণ্ড, স্থাৱৰ সম্পত্তি, ইকুইটি আদিবোৰ এই শ্ৰেণীত পৰে । এইবোৰৰ ৰিটাৰ্ণ নিৰ্ভৰ কৰে বজাৰৰ আওভাওৰ ওপৰত । বজাৰৰ গতিশীলতাৰ সৈতে এনেবোৰ সাধনৰ ৰিটাৰ্ণ সালসলনি হৈ থাকে ।
বিনিয়োগৰ পূৰ্বে আমি চাব লাগিব আমি কিমান ৰিটাৰ্ণ আশা কৰোঁ আৰু আমাৰ ৰিস্ক-বৈশিষ্ট্য কেনে ধৰণৰ । এইবোৰ দিশ বিবেচনাৰ পিছতহে আপুনি উপযুক্ত সিদ্ধান্ত লোৱা উচিত । পৰিৱৰ্তনীয় আৰু স্থিৰীকৃত আয় প্ৰতিভূতি, এই দুয়োটাৰে দোষ-গুণবোৰ আপুনি পৰীক্ষা কৰি লব লাগিব । 
যদিহে আপুনি বিনিয়োগৰ সাধনবোৰৰ ৰিটাৰ্ণ তুলনা কৰে, তেন্তে দেখিব যে ইকুইটিৰ বিনিয়োগে সৰ্বাধিক ৰিটাৰ্ণ দি আহিছে । উদাহৰণ স্বৰূপে তলৰ সাধনবোৰে বিগত পাঁচ বছৰত দিয়া ৰিটাৰ্ণ চাওক -

ইকুইটি - ৩৫ শতাংশ বা  তাতোধিক
সোণ - ১০ শতাংশ
PPF - ৮/৯ শতাংশ
বেংকত সঞ্চয় - ৬/৭ শতাংশ

আপোনালোকে লক্ষ্য কৰিছে যে বিগত পাঁচ বছৰত ইকুইটিয়ে আন সকলো বিনিয়োগৰ সাধনক পাছ পেলাইছে । এইবাবে ভাৰতীয় প্ৰতিভূতি বজাৰত অংশগ্ৰহণকাৰীৰ হাৰ দিনক দিনে হোৰাহোৰে বাঢ়িছে । 

ইকুইটিত দীঘলীয়া সময় বিনিয়োগ


ইকুইটিত দীঘলীয়া সময়ৰ বিনিয়োগে আপোনাক বাৰুকৈয়ে লাভৱান কৰে । বিগত ১৫ বছৰৰ বজাৰৰ ৰিটাৰ্ণে এই কথা প্ৰমাণ কৰে । তলৰ কাৰকসমূহে এই কথা প্ৰমাণ কৰে-

১) উদ্যোগ আৰু কোম্পানীৰ লগত জড়িত ব্যৱসায়বোৰ পৰিপক্ক হৈ উঠিবলৈ দীঘলীয়া সময় লাগে । এই উদ্যোগসমূহৰ বৃদ্ধিৰ লগে লগে তাৰ লগত জড়িত কোম্পানীবোৰৰ আয় বাঢ়ে । উদাহৰণস্বৰূপে আপুনি দূৰ-সংযোগ উদ্যোগক্ষেত্ৰ খন চাওক । ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ ৬.৫ শতাংশ দূৰ-সংযোগ ক্ষেত্ৰৰ পৰাই আহে আৰু সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰতৰ দূৰ-সংযোগ উদ্যোগ দ্বিতীয় স্থানত আছে । সেয়েহে, দীঘলীয়া সময়ত বিনিয়োগকাৰীয়ে যথেষ্ট লাভ আহৰণ কৰিব পাৰে ।

২/ বজাৰ চক্ৰীয় দশাৰে চলে , অৰ্থাৎ নিদিৰ্ষ্ট সময়ৰ মূৰে মূৰে বজাৰৰ গতি সালসলনি হৈ থাকে । উত্থান-পতন বজাৰৰ স্বাভাৱিক চক্ৰ । কম সময়ৰ বিনিয়োগে কেতিয়াবা আপোনাক এই চক্ৰীয় দশাৰ বাবে লোকচান কৰিব পাৰে কিন্তু দীঘলীয়া সময়ত আপুনি ভাল ৰিটাৰ্ণ পাবলৈ সক্ষম হ'ব । সেয়েহে দীৰ্ঘম্যাদীৰ লক্ষ্যৰেহে ইকুইটিত বিনিয়োগ কৰা ভাল ।

৩/ ভাৰত বৰ্তমান বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি আৰু অনাগত সময়তো ভাৰতৰ অৰ্থনীতিৰ বৃদ্ধি ক্ষিপ্ৰতাৰে হৈ থাকিব বুলি অনুমান কৰিব পাৰি । আমাৰ উদ্যোগ তথা সেৱাখণ্ড সমূহে এই বৃদ্ধিৰ যাত্ৰাত সৰ্বাধিক লাভৱান হয় । এইটো প্ৰায় নিশ্চিত যে অহা কেইবছৰমানলৈ উৎপাদনৰ সূচ্যাংক ( IIP ) দহ শতাংশৰ ওপৰত বাঢ়ি থাকিব । ইয়াৰ ফলত কোম্পানীবোৰৰ লাভৰ পৰিসৰ বাঢ়িব আৰু এই বৃদ্ধি প্ৰতিফলিত হ'ব শ্বেয়াৰৰ দামত ।

ষ্টক বজাৰৰ সূচ্যাংকসমূহ :


চেনচেক্স অথবা নিফটিৰ বিষয়ে আপোনালোকে খবৰ কাকতত পঢ়িবলৈ পায় । দেশ-বিদেশৰ বিভিন্ন খবৰৰ বাবে এই চেনচেক্স অথবা নিফটিৰ মূল্য উঠা-নমা কৰি থকাৰ বাতৰি আপোনালোকে সততে শুনি আহিছে । এই চেনচেক্স অথবা নিফটি হৈছে ষ্টক বজাৰৰ সূচ্যাংক । যেনেকৈ আমাৰ দেহত জ্বৰ উঠিলে, থাৰ্মমিটাৰে তাপমান জোখা হয়, তেনেকৈ ষ্টক বজাৰৰ গতি জুখিবলৈও এই সূচ্যাংক ব্যৱহাৰ কৰা হয় । সূচ্যাংক সমূহ নিৰীক্ষণ কৰিলেই আপুনি বজাৰৰ দিশ থাওকতে বুজিব পাৰিব । কথাটো হ'ল, এই সূচ্যাংক সমূহ কেনেকৈ গঠন কৰে বা কিয় উঠা-নমা কৰি থাকে ? আচলতে ষ্টক সূচ্যাংক গঠন কৰিবলৈ কেইটামান ষ্টক নিৰ্বাচিত কৰি লোৱা হয় । ধৰি লওক ৫০ টা ষ্টক সামৰি এটা সূচ্যাংক গঠন কৰা হ'ল । এতিয়া এই ৫০ টা ষ্টকৰ মূল্যৰ হ্ৰাস-বৃদ্ধিৰ একেলগে সূচ্যাংকটোত দেখা যাব । গোটেই বজাৰৰ খনত কেইবা হাজাৰ ষ্টক আছে , গতিকে আটাইবোৰ ষ্টক সামৰি এটা সূচ্যাংক গঠন কৰা অসম্ভৱ । সেইবাবে অৰ্থনীতিৰ কেইটামান গুৰুত্বপূৰ্ণ খণ্ডৰ পৰা উৎকৃষ্ট ষ্টক নিৰ্বাচন কৰি এটা সূচ্যাংক গঠন কৰা হয় । চেনচেক্স অথবা নিফটি হৈছে তেনে দুটা সূচ্যাংকৰ উদাহৰণ । 

BSE SENSEX আৰু NIFTY50 ক বিশেষ ভাৱে উল্লেখ কৰা প্ৰয়োজন । এই সূচ্যাংকবোৰৰ বিষয়ে সংক্ষিপ্ত বিবৰণ তলত দিয়া হ'ল ।
১/  BSE SENSEX - Bombay Stocks Exchange (BSE) ভাৰতৰ আটাইতকৈ পুৰণা ষ্টক বজাৰ । "Sensex" হৈছে সংবেদনশীল সূচ্যাংক ( sensitive index ) । ইয়াক 1978-79 বৰ্ষত ভিত্তিমূল্য 100 বুলি ধৰি লৈ গঠন কৰা হৈছিল । চেনচেক্সত মুঠ ত্ৰিশ টা কোম্পানী  থাকে । ভাৰতৰ অৰ্থনীতিৰ প্ৰধান খণ্ড যেনে যেনে বেংকিং, তথ্য-প্ৰযুক্তি, চিমেণ্ট, যান-বাহন, নিৰ্মাণ, মূলধনী সামগ্ৰীৰ ভাল কম্পেনীবোৰক সামৰি এই সূচ্যাংক গঠন কৰা হৈছে । অৰ্থনীতিৰ উত্থান হোৱা খণ্ডৰ পৰা কোম্পানীবোৰ চামিল কৰিবলৈ সময়ে সময়ে চেনচেক্সক সংশোধিত কৰা হয় ।

২/ NIFTY 50- Nifty হৈছে National Stocks Exchange (NSE)ৰ ষ্টক বজাৰ সূচ্যাংক । নিফটিত ৫০ টা কোম্পানী  থাকে । ভাৰতৰ ২৫ টা খণ্ডৰ আটাইতকৈ বৃহৎ আৰু liquid কোম্পানীৰে গঠন কৰা হৈছে । ষ্টক বজাৰৰ আচৰণ প্ৰতিফলিত কৰাৰ পৰিৱৰ্তে  আধুনিক প্ৰয়োগ যেনে সূচ্যাংক ফাণ্ড আৰু সূচ্যাংক derivativesত ব্যৱহাৰ কৰাৰ উদ্দেশ্যৰে ১৯৯৫ চনত ইয়াক প্ৰচলন কৰা হৈছিল । NSE য়ে ১৯৯৮ চনৰ পৰা ইয়াক অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত ইয়াক IISL ( India Index Services and Products Ltd) য়ে পৰিচালনা কৰে ।

শ্বেয়াৰ বজাৰৰ Father Warren  Buffett এ কৈছিল----'যেতিয়া শ্বেয়াৰ বজাৰত শ্বেয়াৰৰ দাম কমি নিম্নমুখী হয় মোৰ মনটো আনন্দত ভৰি পৰে, কাৰণ তেতিয়া মই জানো কিছুদিনৰ পিছত শ্বেয়াৰৰ দাম আকৌ বাঢ়িব।দাম পৰিলে মই আনন্দত শ্বেয়াৰ কিনিবলৈ আৰম্ভ কৰো'। 
Warren Buffett শ্বেয়াৰ বজাৰত ধন খটুৱাই পৃথিৱীৰ ধনী ব্যক্তিৰ তালিকাত নিজৰ স্হান এতিয়াও দখল কৰি আছে।

শ্বেয়াৰ বজাৰত ১০০% সফল হবলৈ ....

১)যেতিয়া শ্বেয়াৰৰ দাম কম হয়, তেতিয়াহে শ্বেয়াৰ কিনিব।
২)শ্বেয়াৰ দাম বাঢ়ি আপোনাৰ প্ৰচুৰ লাভ হ'লে বিক্ৰী কৰিব।
৩)ভাল কোম্পানীৰ শ্বেয়াৰহে ( Fundamentally strong, bluechip stocks) কিনিব। এটা কোম্পানীৰ কম হ'লেও ২০টা শ্বেয়াৰ ৰাখিব।
৪) চাৰি-পাছ বছৰ বা তাতোকৈ বেছি সময় ৰাখিব বিছাৰিলে Dividend আৰু Bonus দিয়া শ্বেয়াৰবোৰ ৰাখিলে বেছি লাভ হয়।
৫) Penny stocks নিকিনাই ভাল।
৬) শ্বেয়াৰ বজাৰত নতুনকৈ প্ৰৱেশ কৰাসকলে Intraday trading নকৰিব।
৭) RIL, Affle India, HDFC Bank, Kotak Mahindra Bank,Infosys, ITC, HCL Tech, TCS, HUL, Wipro,Bajaj Finance, Muthoot Finance ,Cipla, BPCL ,Asian Paints,Berger Paints, Ashok Leyland, Divi's Labs,Pidilite, Nestle , Indiamart ,Aurobinda Pharma, Laurus Labs আদি কেইটামান ভাল শ্বেয়াৰ।

চিকিউৰিটি বজাৰত বিনিয়োগ/ব্যৱসায় বজাৰৰ বিপদাশংকা সাপেক্ষে, অতীতৰ প্ৰদৰ্শন ভৱিষ্যতৰ প্ৰদৰ্শনৰ গেৰাণ্টি নহয়। ইকুইটছ, ডেৰিভেটিভ, সামগ্ৰী আৰু মুদ্ৰাকে ধৰি চিকিউৰিটি বজাৰত ব্যৱসায় আৰু বিনিয়োগত লোকচানৰ আশংকা যথেষ্ট হ'ব পাৰে। এইবোৰ হৈছে লাভান্বিত সামগ্ৰী যি আপোনাৰ বিনিয়োগ কৰা মূলধনলৈকে লোকচানৰ যথেষ্ট বিপদাশংকা বহন কৰে আৰু সকলোৰে বাবে উপযুক্ত নহ'ব পাৰে। সেয়েহে আপুনি আপোনাৰ বিত্তীয় অৱস্থাৰ পৰিপ্ৰেক্ষিতত এনে ব্যৱসায় আপোনাৰ বাবে উপযুক্ত নে নহয় সাৱধানে বিবেচনা কৰা উচিত। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি অন্তৰ্ভুক্ত বিপদাশংকাবোৰ সম্পূৰ্ণভাৱে বুজি পায় আৰু আপোনাৰ বিপদাশংকা বহন ক্ষমতা অনুসৰি ধন বিনিয়োগ কৰে।

সঘনাই সোধা প্ৰশ্নসমূহ:-


কোনো কোম্পানীৰ শ্বেয়াৰ কিনোতে কি কি চাব ?

১) PE ratio: PE ratio 20 ৰ তলত থাকিলে বেছি ৰিটাৰ্ণ দিয়াৰ আশা থাকে।
২) ROE :  ROE 10 ৰ ওপৰত থকাবোৰ লব লাগে। 10 তলত থাকিলেও ক্ৰমান্বয়ে বাঢ়ি আহিব লাগে। ROE য়ে কোম্পানীৰ উন্নতি সূচায়।
৩)কোম্পানীৰ ধাৰ-ঋণ আছে নে নাই চাব লাগে। প্ৰায় ভাগ কোম্পানীৰ ঋণ থাকিলেও কোম্পানী টো  Blue chip ত পৰে নে নাই চাব লাগে। L&T , Tata motors , Motherson Sumi আদিৰ ধাৰ থাকিলেও ইহঁত Blue chip Stocks.
৪)কোম্পানীয়ে যোৱা এক বছৰত, ৫বছৰত আৰু সৰ্বাধিক কিমান ৰিটাৰ্ণ দিছে চাব লাগে।
৫)Peer stocks কি কি আছে , তুলনা কৰি চাব লাগে।
৬)কোম্পানীয়ে dividend , bonus, splits আদি দিছে নে নাই চাব লাগে।
৭)কোম্পানীৰ প্ৰতি বছৰে উৰ্পাজন বাঢ়িছে নে নাই চাব লাগে।
৮) NSE India website, Money control app , Tickertape , Google আদিৰ সহায়ত উপৰোক্ত তথ্য পাব ।

Google Finance :-

  আপোনালোকে Google Finance ব্যৱহাৰ কৰে নে ? Google Finance এপ নহয়, Home sceen হে। আমি Google Finance ত watchlist  তৈয়াৰ কৰি লব পাৰো। আমাৰ বহুতৰে এটাতকৈ বেচি ব্ৰকাৰ থাকে। Portfolio ত থকা ষ্টকবোৰ watchlist ত যোগ কৰি ল'লে , এটা ঠাইতে সকলি ষ্টক নিৰীক্ষণ কৰিব পাৰি।ইয়াৰ সহায়ত আমাৰ Watchlist ত থকা সকলো ষ্টকৰ আপডেট, বাতৰি আদি আমাক Google দি থাকে। লগতে US, Asia, Europe আদিৰ মাৰ্কেট আপডেট , Currencies, Crypto আদিৰ পাব। কেৱল আমি মাজে মাজে চাই থাকিলেই হ'ল। কেনেকৈ আমি Google Finance ৰ Home sceen পাম।
      ১) প্ৰথমে যিকোনো এটা ষ্টকৰ নাম Google ত চাৰ্চ কৰক । যেনে HDFC Bank share price
       2) ষ্টকৰ নামৰ সোঁফালে Follow শব্দৰ বাওঁফালে তিনিটা সৰু বিন্দু দেখা পাব। তাত ক্লিক কৰিলে Add to home sceen দেখা পাব। Add to home sceen ত ক্লিক কৰিলে আপুনি Google Finance আপোনাৰ ম'বাইল sceen ত পাব।

Zerodha ত Demat Account কেনেকৈ খুলিব ?


প্ৰথমে আপুনি পানকাৰ্ড, কেনচেল চেক বা বেংক পাছবুকৰ ১ম পেজ ফটো মাৰি crop কৰি লব।তেনেদৰে নিজৰ চহী বগা কাগজত লিখি ফটো মাৰি crop কৰি লব। তেতিয়া upload কৰোতে সোনকালে হয়। তাৰ পিছত লিংকত গৈ মবাইল নম্বৰ দি OTP verify কৰিব। নাম , Email Id দি ইমেইল verify  কৰিব। 200 টকা payment কৰিব। আধাৰ নম্বৰ দি আধাৰ verify কৰিব। এনেদৰে কি আহে কৰি গৈ থাকিব। শেষত esign কৰোতে দুবাৰ আধাৰ OTP verify কৰিব লাগে। তাৰ পিছত Finish কৰিলে Congratulation আহিলে সম্পূৰ্ণ হব।এদিন পিছত ইমেইলত user id পালে Kite by Zerodha এপ লৈ login কৰিব।( নোট বহীত User ID, Password, Login PIN, Demat Accoun number(BO ID), TPIN, Email Id, Mobile number আদি নোট কৰি থব। মবাইল হেৰালে বা নষ্ট হলে প্ৰয়োজন হয়)।

Zerodha 2 Factor TOTP কেনেকৈ কৰিব?

2 Factor ( TOTP) : এই কাম কৰিবলৈ ৫ মিনিট সময় নালাগে। এই কাম কৰাৰ আগতে Zerodhaৰ Password লগত ৰাখিব।
১) Google Auth. এপ install কৰি লব।
২) Zerodha Profile ত গৈ Password & Secuirity ত যাব। Manage ত ক্লিক কৰি Enable ToTP কৰিব।
৩) Gmail(email) ত অহা OTP  কপি কৰি paste কৰিব।
৪) এতিয়া Gmail OTP দিয়াৰ পিছত QR কোড দেখা পাব। QR কোডৰ তলত Copy the KEY ত হেঁচি KEY টো কপি কৰিব। লগতে এই পেজটো sceenshot ৰাখি থব। মবাইল হেৰালে Key টো প্ৰয়োজন হব।
৫) এতিয়া Google Auth. এপটো খুলি Get started ত গৈ Account Name ত Zerodha লিখি দিব। তাৰ তলত Your Key ত কপি কৰি লোৱা Key টো paste কৰি Add ত ক্লিক কৰিব। নতুন কৈ আৰম্ভ হোৱা TOTP কপি কৰি লব।
৬) এতিয়া পুনৰ Kite ত গৈ  কপি কৰি লোৱা TOTP 
paste কৰি Zerodha ৰ password দি Ok কৰিব।
৭) লগে লগে Zerodha ই Password বিছাৰিব । পাছৱৰ্ড দিয়াৰ লগে লগে TOTP বিছাৰিব। Kite minimise কৰি Google Auth. খুলি নতুন TOTP কপি কৰি Kite ত paste কৰি Login কৰিব। ধন্যবাদ।

Stock Splits:-

কোনো এটা কোম্পানীৰ শ্বেয়াৰ দাম বাঢ়ি গৈ থাকিলে খুচুৰা বিনিয়োগকাৰীসকলে সেই কোম্পানীৰ শ্বেয়াৰ কিনিবলৈ অসমৰ্থ হয়। তেনে সময়ত কোম্পানীয়ে খুচুৰা বিনিয়োগকাৰীক সকাহ দিবৰ বাৰে কোম্পানীয়ে Stock Splits ঘোষনা কৰিব পাৰে। Stock Splits মানে শ্বেয়াৰ এটা ভাঙি খণ্ড-বিখণ্ড কৰা। Stock Splits কৰাৰ পিছত শ্বেয়াৰৰ দাম কমি যায় আৰু শ্বেয়াৰৰ সংখ্যা সেই অনুপাতে বাঢ়ি যায়। কিন্ত্ত কোম্পানীৰ Market capitalisation  একে থাকে। কোম্পানীৰ Face Value ৰ ওপৰত নিৰ্ভৰ কৰি কিমান অনুপাতত split কৰিব সেয়া কোম্পানীয়ে নিৰ্ধাৰণ কৰে।  যোৱা 7 October 2021 তাৰিখে Affle Indiaৰ  ষ্টক splits হৈছিল। তেতিয়া Affle India ৰ পুৰণা Face Value আছিল 10 আৰু splits হোৱাৰ পিছত  নতুন Face Value 2 হয়। অৰ্থাৎ 5:1 অনুপাতত splits হৈছিল। ইয়াৰ অৰ্থ হ'ল আপোনাৰ যদি এটা শ্বেয়াৰ থাকে, splits পিছত 5টা হব। আপোনাৰ যদি 10 টা থাকে, splits পিছত 50 টা হ'ব। Splits দিনাখন  যদি ষ্টকৰ দাম 5000  টকা আছিল তেতিয়া splits ৰ পিছত দাম হব 1000 টকা।
কোম্পানীয়ে stock splits ঘোষনা কৰা দিনটোক Announcement date বুলি কয়। তাৰ কেইদিন পিছত Record date ঘোষনা কৰে। এই Record date ৰ দুদিন আগত বা তাৰ আগতে আপুনি কোম্পানীটোৰ শ্বেয়াৰ কিনি থৈছিল তেতিয়া আপুনিও splits সুবিধা পাব। আৰু ষ্টক splits হোৱা দিনটোক Ex date বুলি কোৱা হয়। Ex dateৰ পৰা 10-15 দিনৰ ভিতৰত splits শ্বেয়াৰবোৰ আপোনাৰ Demat Account ত জমা হব।
 IRCTC অহা 28 October ত 5:1 অনুপাতত Splits হব  আৰু ইয়াৰ Record date ৰাখিছে 29 October 2021.

Moving Average:-

এটা ষ্টক দিনটোত কেইবাবাৰো উঠা-নমা কৰে। যেতিয়া বজাৰ বন্ধ হয়, তেতিয়া Closing Price ত দাম ৰৈ যায়। এনেদৰে আমি এটা ষ্টকৰ 5 দিনৰ Closing Priceৰ যোগফল লৈ 5 হে হৰণ কৰিলে আমি ষ্টকটোৰ 5 দিনৰ গড় দাম পায় । ইয়াকে আমি Moving Average (5MA) বুলি কওঁ। এনে দৰে আমি 10 দিন, 50 দিন, 100 দিন আদিৰ MA উলিয়াই লব পাৰো। কিমান দিনৰ MA লাগে, সেয়া আমি অংক নকৰি চাৰ্টত চালেই পাওঁ। 
       বেচিকৈ ব্যৱহাৰ হোৱা MA বোৰ হ'ল... ...20 MA, 50 MA, 100 MA আৰু 200 MA. 
কোনবোৰ MA আমাৰ বাবে ফলদায়ক :-
১) MA সদায় ক্ৰমান্বয়ে ঊৰ্দ্ধমুখী গতি কৰা হব লাগে। তেনে MA থকা ষ্টক কিনাৰ বাবে বাচি লব পাৰে।
২) MA ৰ ওপৰত ষ্টকৰ Candle গঠন হব লাগে বা থাকিব  লাগে।
৩)20 MA shorterm আৰু 100MA  longterm ত ব্যৱহাৰ হয়।

Golden Cross:-








যদি 50 SMA( Simple Moving Average, 50 দিনৰ সাধাৰণ চলমান গড়) ৰেখাডালে 200 SMA( 200 দিনৰ সাধাৰণ চলমান গড়) ডালক Cross কৰে , তেতিয়া তাক Golden Cross বুলি কোৱা হয় । এনে Golden Cross কৰিলে ষ্টকটোৱে উৰ্দ্ধমুখি (Uptrend) গতি কৰে আৰু ইয়াক Buy Signal বুলি ধৰা হয়। যদি ইয়াৰ বিপৰীত হয় অৰ্থাৎ 200 SMA ৰেখাডালে 50 SMA ৰেখাডালক Cross কৰে তেতিয়া ষ্টকটোৱে নিম্নগামী(Downtrend) গতি কৰে আৰু তেতিয়া ষ্টকটো বেচিব পাৰে।গতিকে ষ্টকটো Uptrend নে Downtrend গতি কৰিব , সেইটো জানিবৰ বাবে আমি Zerodha ত কেনেকৈ Moving Average( 50 SMA & 200 SMA) চাব পাৰি-সেইটো শিকিম।
Zerodha Kite খুলি watchlist ৰ যিকোনো এটা ষ্টকত ক্লিক কৰক। তাৰ পিচত View Chart ত ক্লিক কৰিব। চাৰ্টত গৈ...
১) fx ত ক্লিক কৰি CLEAR ALL কৰক।
২) তাৰ পিছত Moving Average search কৰক।
৩) Period 50 ৰাখি , MA colour ৰঙা লৈ( যিকোনো ৰঙ লব পাৰে) বাকী একো নকৰি DONE কৰিব।
৪) পুনৰ fx ত ক্লিক কৰি  Moving Average search কৰিব।
৫) এইবাৰ Period : 200 লিখি লব আৰু Type: exponential বাচি লব। তাৰ পিছত MA colour সেউজীয়া লৈ DONE কৰক।
৬) চাৰ্টখন পথালিকৈ চাবৰ বাবে ওপৰত থকা মবাইল চিনত ক্লিক কৰি দিব।
14/ 09/21 তাৰিখে Tata Motors ৰ চাৰ্টখনত Golden cross কৰিছিল । তাৰ পিছত ষ্টকটোৱে ঊৰ্দ্ধমুখি গতি কৰিছিল।

CANDLESTICK PATTERN :-



Candlestick charts are a type of financial chart for tracking the movement of securities. 

Candlestick Pattern বুলিলে আমি কি বুজোঁ ? শ্বেয়াৰ বজাৰত ষ্টকৰ দামৰ তাৰতম্য ঘটিলে যি চাৰ্ট গঠন হয় তাক আমি Candlestick chart বুলি ক'ব পাৰো। সেই Candlestick chart ত বিভিন্ন আকাৰৰ candle গঠন হয়, যিবোৰ candle নিৰীক্ষণ কৰি আমি 
stock, currency, derivative আদিৰ গতি অনুমান কৰিব পাৰোঁ, তাক আমি Candlestick Pattern বুলিব পাৰোঁ। ১৮ শতিকাত Munehisa Homma নামৰ জাপানীজ ট্ৰেডাৰে candlestick chart উদ্ভাবন কৰিছিল। Hommaক Father of Candlestick chart আখ্যা দিয়া হয়।

আমি সচৰাচৰ দেখি থকা দুটা কেণ্ডেল হ'ল সেউজীয়া আৰু ৰঙা কেণ্ডল। যেতিয়া বজাৰত কিনা বেচি(Buying pressure) হয় তেতিয়া সেউজীয়া কেণ্ডেল আৰু বিক্ৰী  বেচি(Selling pressure) হ'লে ৰঙা কেণ্ডেল গঠন হয়।এই কেণ্ডেলবোৰৰ সমষ্টিয়ে হ'ল Candlestick Pattern. এই candlestick pattern ত সৰু ডাঙৰ ৩৫ বিধ সেউজীয়া আৰু ৰঙা কেণ্ডেলেৰে পৰিপূৰ্ণ ।

1.Hammer Candlestick Pattern:-




বৈশিষ্ট্য:-
১) Hammer candle downtrend ত গঠন হয়।
২) Hammer candle দেখাত হাতুৰীৰ দৰে। নাল(Lower wick) দীঘল হব লাগে,গা(body)নালতকৈ চুটি আৰু ওপৰত নাল(Upper wick)ওলাই থাকিব নালাগে বা থাকিলেও চুটি হব লাগে।
৩)Hammer candle ৰ পিছৰ candle তাৰ পৰা অলপ ওপৰত গঠন হ'ব লাগে।
৪)Hammer Candle এ Buy signal দিয়ে।

আপোনালোকেও Hammer candle বিচাৰি উলিয়াব। যিকোনো শ্বেয়াৰ কিনাৰ আগতে chart চোৱাৰ অভ্যাস কৰিব। Intraday, Swing বা যিকোনো Trader ৰে Candlestick pattern নিৰীক্ষণ কৰিহে Entry/exit কৰে।

2.Hanging Man Candlestick Pattern:-

বৈশিষ্ট্য :-
১)Hanging Man candle, stock uptrend ত থাকোতে গঠন হয়।
২) Hammer আৰু Hanging Man candle দেখাত একে। কেৱল ইহঁতৰ গঠন হোৱা স্হান বেলেগ বেলেগ।
Hammer bottom ত আৰু Hanging man top ত গঠন হয়।
৩) Hanging Man candle ৰ পিছৰ  candleটো তাৰ তলত গঠন হ'ব লাগে।
৪) ই Bearish candlestick pattern. গতিকে ই Sell signal দিয়ে।
       উপৰোক্ত বৈশিষ্ট্য চাই আমি Hanging man candlestick pattern ৰ সংকেত পাব পাৰো।



3.Inverted Hammer Candlestick:-


Inverted Hammer দেখাত Hammer Candleৰ দৰে , কিন্ত্ত ওলোটা। চাৰিটা বৈশিষ্ট্য চাই ইয়াক চিনিব পাৰি।
১)Hammer candle ৰ দৰে ই downtrend ত গঠন হয়।
২) Upper shadow/wick,গা(body)তকৈ দুগুণ বেচি দীঘল। Lower shadow/wick চুটি বা থাকিব নালাগে।
৩)Candle Green বা Red হ'ব পাৰে; কিন্ত্ত Green হ'লে valid signal সূচায়। কাৰণ ই Buy signal দিয়ে।
৪) Inverted Hammer candle ৰ পিছৰ candle টো তাৰ ওপৰত গঠন হ'ব লাগে।

Central Depository Services(India) Limited:

~~~~~~~~~~~~~~~~~~~~~~~~~~~
চমুকৈ আমি CDSL বুলি জানো। CDSL হ'ল ভাৰত চৰকাৰ দ্বাৰা পন্জ্ঞীয়নভুক্ত শ্বেয়াৰ জমা ৰখা প্ৰতিস্হান।যেনেকৈ বেংকবোৰে আমাৰ টকা-পইচাৰ হিচাপ আৰু জমা ৰাখে তেনেকৈ CDSL এ আমাৰ শ্বেয়াৰ(shares), MFs, Debentures আদি ইলেকট্ৰনিক মাধ্যমত জমা আৰু হিচাপ ৰাখে। CDSL এ প্ৰদান কৰা Demat Account বোৰ 16 টা সংখ্যাযুক্ত।
      Zerodha, Groww, Angel One আদি ব্ৰকাৰে আমাক কেৱল শ্বেয়াৰ কিনা-বেচাৰ সুবিধা কৰি দিয়ে ।সেইবাবে ইহঁতক Depository Participant বুলি কয় আৰু CDSL ক  Depository কোৱা হয়। আমি শ্বেয়াৰ বেচাৰ সময়ত DP charge লয়। এই টকা CDSL আৰু DP এ ভাগ কৰি লয়।
      কিবা কাৰণত যদি Zerodha, Groww আদি ব্ৰকাৰ(DP) বন্ধ হৈ যায়, ভয় কৰাৰ কোনো কাৰণ নাই।কাৰণ CDSL তহে আমাৰ শ্বেয়াৰবোৰ জমা থাকে। তেনেক্ষেত্ৰত আমাৰ শ্বেয়াৰবোৰ অন্য DP লৈ tranfer কৰিব পাৰে। Depository, DP আৰু Exchange বোৰক SEBI( Secuiritiৰes and Exchange Board of India)য়ে চোকা নজৰ ৰাখে।
        CDSL ৰ ষ্টক 2017 চনৰ জুন মাহত listing হৈছিল। তেতিয়া এটা CDSL শ্বেয়াৰৰ দাম মাত্ৰ 261.60 টকা। বৰ্ত্তমানৰ দাম 1290 টকা আৰু 52 week high1579 টকা। এই ষ্টক এতিয়াও কিনিব পৰা হৈ আছে। 
      এয়া CDSL ৰ বিষয়ে সম্যক মোৰ চমু ধাৰণা। 
(N Rabha 03/10/21)

BUYBACK OF SHARE :-

~~~~~~~~~~~~~~

কোম্পানীয়ে নিজৰ শ্বেয়াৰ পুনৰ কিনি লোৱা ব্যৱস্হাক Buyback বুলি কোৱা হয়। কোম্পানীয়ে Buyback কৰিলে কোম্পানীৰ outstanding শ্বেয়াৰৰ সংখ্যা  কমি যায়। ফলত  শ্বেয়াৰৰ দাম বাঢ়ি যায়। যিসকলে কোম্পানী ৰ শ্বেয়াৰ আগৰে পৰা কিনি ৰাখিছিল বা Record date ৰ আগত কিনিছিল তেওঁলোকে ইচ্ছা কৰিলে buyback apply কৰিব পাৰে। কোম্পানীয়ে CMP তকৈ অধিক দামত Buyback ৰ দাম নিৰ্দ্ধাৰণ কৰে। যোৱা 2020 চনত Wipro শ্বেয়াৰ দাম 350 টকাৰ তলত থাকোতে buyback  ঘোষণা কৰিছিল আৰু দাম নিৰ্দ্ধাৰণ কৰিছিল 400 টকা। কোম্পানীয়ে 22,89,04,785 শ্বেয়াৰ Buyback ৰ জৰিয়তে কিনি লোৱাৰ সিদ্ধান্ত  লৈছিল। Buyback ৰ সময় নিৰ্দ্ধাৰণ কৰিছিল Dec.29,2020 ৰ পৰা 11 Jan.2021 লৈকে। কিন্ত্ত Buyback আবেদন কৰা সময় নাপাওঁতেই Wipro ৰ দাম 400 টকা অতিক্ৰম কৰিছিল। ঠিক তেনেকৈ 14 April 2021 তাৰিখে Infosys Ltd. য়ে buyback ঘোষনা কৰিছিল। তেতিয়া Infosys ৰ দাম 1350 টকাৰ আশেপাশে আছিল আৰু দাম নিৰ্দ্ধাৰণ কৰিছিল 1750 টকা। এতিয়াও Infosys ৰ buyback ৰ সময় উকলি যোৱা নাই।  ডিচেম্বৰ মাহৰ 24 তাৰিখলৈকে আছে। Buyback ৰ সময় সুচী বহুত দীঘলীয়া।
       Buyback ৰ সম্যক ধাৰণা। 

Interim, Special & Default Dividend: 

কোম্পানী বিত্তীয় বৰ্ষৰ  শেষৰ আগত দিয়া dividend বোৰক Interim dividend বোলা হয়। এই dividend কোম্পানীৰ ভাল লাভ হলে প্ৰদান কৰে।আনহাতে বিত্তীয় বৰ্ষৰ শেষত বা কোম্পানীৰ Annual General Meeting ৰ পিছত দিয়া dividend বোৰক Final dividend বুলি কয়।Special dividend হ'ল কোম্পানীয়ে প্ৰদান কৰা অতিৰিক্ত non- reccuring dividend .কোম্পানীৰ প্ৰচুৰ লাভ হলে interim বা final dividend লগত যোগ কৰি special dividend প্ৰদান কৰে। Default dividend মানে কোম্পানীয়ে কিবা কাৰণত আগৰ পৰা দি থকা dividend দিব নোৱৰা বুজায়।

ETF কি হয়?


Exchange Traded Fund(ETF): এই ETF বোৰ কিছুমান index, commodity, sector আদিৰ সমষ্টি , যাক আমি শ্বেয়াৰ হিচাপে কিনিব পাৰো। Goldbees, Niftybees. Axis gold etf, Motilal Oswal Midcab 100 আদি কিছুমান ETF ৰ উদাহৰণ।

PE Ratio( Price to Earning ratio) :- 


PE ratio Fundamental Analysis ৰ প্ৰধান indicator ভিতৰত এটা পৰে। কোনো এটা কোম্পানীৰ শ্বেয়াৰ কিনাৰ আগতে তাৰ PE ratio অৰ্থাৎ দামৰ তুলনাত উপাৰ্জনৰ অনুপাত চাব লাগে। কোম্পানীটোৰ শ্বেয়াৰৰ দাম....
১) Undervalued( অতি কম দামৰ)
২) Fairvalued( উপযুক্ত দামৰ )
৩) Overvalued( অধিক দামৰ) হৈছে , সেইটো আমি PE ratio ৰ দ্বাৰা জানিব পাৰো। সাধাৰণতে PE ratio 10 ৰ পৰা 25 লৈকে থকা ষ্টক আমি উপযুক্ত বুলি বিবেচনা কৰিব পাৰো। আনহাতে কিছুমান কোম্পানীৰ PE ratio ঋণাত্মক( negative) দেখা যায়। তেনে PE ratio থকা  ষ্টক লোকচান হৈ থকা বুজায় আৰু এনে ষ্টক কিনিলে লোকচান হোৱাৰ সম্ভাৱনা থাকে। 
          কোনো এটা কোম্পানীৰ PE ratio আমি সহজতে উলিয়াই লব পাৰো। EPS ( Earning Per Share) অৰ্থাৎ প্ৰতিটো শ্বেয়াৰে এবছৰত কৰা উপাৰ্জনৰ পৰিমাণেৰে শ্বেয়াৰটোৰ বৰ্ত্তমান দামক(CMP) হৰণ কৰিলে PE ratio পাম। HCL Tech ৰ আজিৰ(17/11/2021) দাম (CMP)1152.45 আৰু EPS 47.88 ...
   এতেকে, PE ratio= CMP ÷ EPS
                              =1152.45 ÷ 47.88
                              = 24.06
গতিকে, HCL Tech আমি উপযুক্ত দামত কিনিব পৰা হৈ আছে। তাৰোপৰি ষ্টক PE টো Sector PE ৰ লগত তুলনা কৰি চাব লাগে। HCL Tech,  IT sector ৰ হোৱাৰ বাবে সকলো IT sector ৰ গড় PE ratio হ'ল 35.29,  HCL  Tech ৰ PE ratio, Sector PE তকৈ কম। গতিকে এই ষ্টক Fairvalued বা Undervalued হৈ আছে।

10,000 টকা দহ বছৰত 10 লাখ টকা

হয়, দহ হাজাৰ টকা দহ বছৰত আপোনাৰ দহ লাখ টকা হ'ব। আপোনি যদি প্ৰতিষ্ঠিত ভাল কোম্পানীৰ ষ্টকত প্ৰতি মাহত এক হাজাৰ কৈ টকা বিনিয়োগ কৰে বা বছৰত দহ হাজাৰ টকা বিনিয়োগ কৰে আৰু দহ বছৰৰ বাবে থৈ দিয়ে তেন্তে আপুনি দহ লাখ টকা ৰিটাৰ্ণ পোৱাটো নিশ্চিত । কাৰণ ভাৰতীয় শ্বেয়াৰ বজাৰত প্ৰতি ডেৰ বছৰত আপোনাৰ বিনিয়োগৰ টকা দুগুণ বা তাতোতকৈ বেচি হয়( fundamentally strong বা Blue chips stocks)। আপুনি যদি সেই দহ লাখ টকা withdraw নকৰাকৈ পুনৰ দহ বছৰলৈ থৈ দিয়ে তেন্তে সেই টকা এক কোটিৰো বেছি হ'ব পাৰে । উদাহৰণৰ বাবে আপোনালোকে Google ত চাৰ্চ কৰক..
1. Bajaj Finance share price
2. Deepak Nitrate share price
3.Infosys share price
4. Wipro share price
5. Tata Steel share price
6. Astral share price...আদি
চাৰ্চ কৰিলে আপোনালোকে গ্ৰাফ এটা দেখিব। গ্ৰাফত 1D, 5D, 1M, 6M.. more দেখিব। ইয়াৰ অৰ্থ হ'ল এক দিন, ৫দিন , একমাহ , ছয় মাহত ষ্টকৰ দামৰ তাৰতম্য। তেনেকৈ more ক্লিক কৰিলে এক বছৰ, ৫ বছৰ আৰু সৰ্বাধিক (Maximum) ষ্টকৰ দাম কিমান বাঢ়িছে সেয়া গম পাব। আপুনি Max. ত গৈ গ্ৰাফৰ আৰম্ভণিত আঙুলি চুই দিয়ক। তলত মই Deepak Nitrate ৰ sceenshot দিছো। 30 March 2021 তাৰিখে(2.00pm) Deepak Nitrate এটা শ্বেয়াৰ দাম 1617.10 টকা , +56.10 মানে 56.10 টকা 30 মাৰ্চত বাঢ়িছে। 2010 চনৰ এক অক্টোবৰত এই শ্বেয়াৰৰ দাম মাত্ৰ 17.81 টকা আছিল। আপুনি যদি সেই দিনা দহ হাজাৰ টকাৰ শ্বেয়াৰ কিনিলে কমেও 561 টা পালেহেঁতেন।  2014 চনৰ 20 জুনত stock splits হয় 5:1 অনুপাতত অৰ্থাৎ আপোনাৰ শ্বেয়াৰ 5গুণ হ'ব , 561x5 =2805 এতিয়া 2805টা শ্বেয়াৰ 30 মাৰ্চ 2021 তাৰিখে বেচিলে আপুনি পাব 2805x1617.10=45,35,965.50 টকা । তাৰোপৰি প্ৰতিবছৰে dividend দিয়াবোৰ হিচাপত ধৰা নহ'ল। গতিকে শ্বেয়াৰ বজাৰত টিকি থাকিবলৈ ধৈয্য আৰু মনোবল লাগে, তেতিয়াহে প্ৰকৃত ৰিটাৰ্ণ পাব পাৰি।তেনেকৈ ওপৰত উল্লিখিত শ্বেয়াৰবোৰৰ হিচাপটো নিজে কৰি চালে বুজি পাব যে শ্বেয়াৰ বজাৰত দীৰ্ঘদিনৰ বাবে বিনিয়োগ কৰিলে কোটি হোৱাটো বিশেষ ডাঙৰ কথা নহয়।


চিকিউৰিটি বজাৰত বিনিয়োগ/ব্যৱসায় বজাৰৰ বিপদাশংকা সাপেক্ষে, অতীতৰ প্ৰদৰ্শন ভৱিষ্যতৰ প্ৰদৰ্শনৰ গেৰাণ্টি নহয়। ইকুইটছ, ডেৰিভেটিভ, সামগ্ৰী আৰু মুদ্ৰাকে ধৰি চিকিউৰিটি বজাৰত ব্যৱসায় আৰু বিনিয়োগত লোকচানৰ আশংকা যথেষ্ট হ'ব পাৰে। এইবোৰ হৈছে লাভান্বিত সামগ্ৰী যি আপোনাৰ বিনিয়োগ কৰা মূলধনলৈকে লোকচানৰ যথেষ্ট বিপদাশংকা বহন কৰে আৰু সকলোৰে বাবে উপযুক্ত নহ'ব পাৰে। সেয়েহে আপুনি আপোনাৰ বিত্তীয় অৱস্থাৰ পৰিপ্ৰেক্ষিতত এনে ব্যৱসায় আপোনাৰ বাবে উপযুক্ত নে নহয় সাৱধানে বিবেচনা কৰা উচিত। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি অন্তৰ্ভুক্ত বিপদাশংকাবোৰ সম্পূৰ্ণভাৱে বুজি পায় আৰু আপোনাৰ বিপদাশংকা বহন ক্ষমতা অনুসৰি ধন বিনিয়োগ কৰে।

Largecap:

যিবোৰ কোম্পানী Market capitalisation 20,000 কোটি টকা বা তাতকৈ বেচি সেইবোৰ কোম্পানীক Largecap ত ৰখা হয়।SEBI ৰ শ্ৰেণীবিভাজনত এনে কোম্পানী ৰেংক 001 ৰপৰা 100 লৈকে ৰখা হৈছে। Largecap কোম্পানীবোৰ বৰ মজবুত আৰু ধীৰ-স্হিৰ গতিত আগবাঢ়ি গৈ থাকে। এনে কোম্পানীৰ ষ্টক বজাৰ পতনৰ সময়ত দাম বৰ বেচি কমি নাযায়। গতিকে নতুন বিনিয়োগকাৰী সকলে প্ৰথম অবস্হাত  এনে Largecap 
কোম্পানীৰ শ্বেয়াৰ কিনিলে দীৰ্ঘদিনত ভাল লাভ কৰিব পাৰিব। কেইটামান Largecap কোম্পানীৰ নাম হ'ল  IRCTC, Tata Motors, Infosys, Wipro, Cipla, Tata Steel, JSW Steel, Hindalco, Larsen & Tourbo, Mothersumi, Ashok Leyland, Devi's Labs, Tata Motors DVR, Asiant Paints, Pidilite, ONGC আদি।
      বিশেষজ্ঞ সকলে মতপোষণ কৰে যে Portfolio ত 50% Largecap, 30% Midcap আৰু 20% Smallcap ৰ ষ্টক ৰাখিব লাগে। যিকোনো ষ্টক ৰাখিলেই যে আমি আশাকৰামতে ভাল ৰিটাৰ্ণ পাম তেনে নহয়। কোনবোৰ ষ্টক কোন সময়ত ভাল ৰিটাৰ্ণ দিব পাৰে বা দি আছে সেইবোৰ খৱৰ ৰাখি নিজৰ Portfolio সজাব পাৰিব লাগিব।

MUHURAT TRADING

-2022

Vikram Samvat ৰ দিনৰে পৰা ভাৰতীয়সকলে 'দিৱালী' দিনটোক নতুন বিত্তীয় বৰ্ষ হিচাপে পালন কৰি আহিছে। তেতিয়াৰ দিনৰে পৰা 'দিৱালী' কেৱল উপহাৰ আৰু মিঠাইৰ পৰ্ব নহৈ ভাৰতীয় সমাজত ঐশ্বৰ্য্যশালী দিন হিচাপে পৰিগণিত হৈ আহিছে। এনে দিনত সোণ-ৰূপ আদি মূল্যৱান ধাতু কিনাৰ উপৰিও শ্বেয়াৰ বজাৰত  ভাল কোম্পানীৰ ষ্টক কিনা-বেচা কৰাটো নিজকে সৌভাগ্যশালী বুলি বিবেচনা কৰে।

'দিৱালী' দিনটো সমগ্ৰ ভাৰতবৰ্ষত বন্ধৰ দিন হোৱাৰ বাবে এনে এটা ঐশ্বৰ্য্যশালী দিনত বিনিয়োগকাৰীসকলক শ্বেয়াৰ কিনা-বেচা কৰিবলৈ গধূলি এঘণ্টাৰ বাবে শ্বেয়াৰ বজাৰ খুলি দিয়ে। 'দিৱালী' এই এঘণ্টা সময় খোলা থকা দিনটোকে  MUHURAT TRADING বুলি কয়। 2022 চনৰ Muhurat Trading অহা 24 অক্টোবৰ, সোমবাৰে গধূলি 6:15 বজাৰ পৰা 7:15 বজালৈ সময় ঘোষণা কৰা হৈছে।

এই Muhurat Trading ত ষ্টক কিনা-বেচা কৰিলে ঘৰলৈ 'লক্ষ্মী' আগমন ঘটে বুলি ভাৰতীয়সকলে বিশ্বাস কৰে। গুজৰাটীসকলে এই বিশেষ দিনত শ্বেয়াৰ কিনাত অধিক গুৰুত্ব দিয়ে আৰু নতুনকৈ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিম বুলি ভাবি থকা সকলে এই সৌভাগ্যশালী দিনতে ভাল কোম্পানীৰ ষ্টক কিনি বিনিয়োগ যাত্ৰা আৰম্ভ কৰে।

Bombay Stock Exchange(BSE) 1957 চনতে পৰীক্ষামূলকভাবে Muhurat Trading আৰম্ভ কৰিছিল আৰু এতিয়াও প্ৰতিবছৰে চলি আছে। National Stock Exchange এ 1992 চনৰ পৰা Muhurat Trading আৰম্ভ কৰি আহিছে।

Stockbroker সকলেও Muhurat Trading দিনৰে পৰা পুৰণা লেজাৰ একাউণ্টবোৰ বন্ধ কৰে আৰু নতুন লেজাৰ একাউণ্ট আৰম্ভ কৰে। নতুন লেজাৰ আৰম্ভ কৰাৰ আগতে Stockbroker সকলে 'Chopra Pooja' (Worship of Account books) কৰি ধন-সম্পদ বৃদ্বিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে।

    Muhurat Trading ৰ চমু আভাস। এই Muhurat Trading ত নকৈ trading শিকি থকাসকলে trading নকৰি কমেও এটা ভাল ষ্টক কিনি দীৰ্ঘসময়ৰ বাবে বিনিযোগ কৰে যেন। কাৰণ আনন্দময় উৎসৱৰ দিনত লোকচান হ'লে মন বেয়া লাগিব। গতিকে 'লক্ষ্মী'ক আদৰিবলৈ সকলোৱে সাজু হওঁক আৰু বিনিয়োগ কৰি নিজকে স্বাবলম্বী কৰি তোলক।

শ্বেয়াৰ বজাৰত ১০০% সফল হবলৈ ...

১)যেতিয়া শ্বেয়াৰৰ দাম কম হয়, তেতিয়াহে শ্বেয়াৰ কিনিব।
২)শ্বেয়াৰ দাম বাঢ়ি আপোনাৰ প্ৰচুৰ লাভ হ'লে বিক্ৰী কৰিব।
৩)ভাল কোম্পানীৰ শ্বেয়াৰহে ( Fundamentally strong, bluechip stocks) কিনিব। এটা কোম্পানীৰ কম হ'লেও ২০টা শ্বেয়াৰ ৰাখিব।
৪) চাৰি-পাছ বছৰ বা তাতোকৈ বেছি সময় ৰাখিব বিছাৰিলে Dividend আৰু Bonus দিয়া শ্বেয়াৰবোৰ ৰাখিলে বেছি লাভ হয়।
৫) Penny stocks কিনাৰ পৰা আঁতৰি থাকিব।
৬) শ্বেয়াৰ বজাৰত নতুনকৈ প্ৰৱেশ কৰাসকলে Intraday trading নকৰিব।
৭) RIL, HDFC Bank, Kotak Mahindra Bank,Infosys,Dixon Tech, Tata Elsxi, Tata Motors,  Tata Steel, JSW Steel, Hindalco, ITC, HCL Tech, TCS, HUL, Wipro,Bajaj Finance, Muthoot Finance ,Cipla , Asian Paints,Berger Paints, Ashok Leyland, Divi's Labs, Pidilite, Tata power, Happiest Minds, IRCTC, Ease My Trip, IEX , CDSL আদি কেইটামান ভাল কোম্পানীৰ ষ্টক।
৮) Note book ব্যৱহাৰ কৰিব। তাত আপুনি কিনিব বিচৰা ষ্টকৰ নাম, তাৰিখৰ সৈতে দাম, একবছৰ, পাঁছবছৰ আৰু সৰ্বাধিক কিমান ৰিটাৰ্ণ দিছে- সেইবোৰ লিখি থব। মাজে মাজে Google ত চাৰ্চ কৰি দামটো চাব- কিমান বাঢ়িছে/ কমিছে । যেনে Tata Power share price বুলি Google ত চাৰ্চ কৰিলে সকলো তথ্য পাব।

চিকিউৰিটি বজাৰত বিনিয়োগ/ব্যৱসায় বজাৰৰ বিপদাশংকা সাপেক্ষে, অতীতৰ প্ৰদৰ্শন ভৱিষ্যতৰ প্ৰদৰ্শনৰ গেৰাণ্টি নহয়। ইকুইটছ, ডেৰিভেটিভ, সামগ্ৰী আৰু মুদ্ৰাকে ধৰি চিকিউৰিটি বজাৰত ব্যৱসায় আৰু বিনিয়োগত লোকচানৰ আশংকা যথেষ্ট হ'ব পাৰে। এইবোৰ হৈছে লাভান্বিত সামগ্ৰী যি আপোনাৰ বিনিয়োগ কৰা মূলধনলৈকে লোকচানৰ যথেষ্ট বিপদাশংকা বহন কৰে আৰু সকলোৰে বাবে উপযুক্ত নহ'ব পাৰে। সেয়েহে আপুনি আপোনাৰ বিত্তীয় অৱস্থাৰ পৰিপ্ৰেক্ষিতত এনে ব্যৱসায় আপোনাৰ বাবে উপযুক্ত নে নহয় সাৱধানে বিবেচনা কৰা উচিত। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি অন্তৰ্ভুক্ত বিপদাশংকাবোৰ সম্পূৰ্ণভাৱে বুজি পায় আৰু আপোনাৰ বিপদাশংকা বহন ক্ষমতা অনুসৰি ধন বিনিয়োগ কৰে।

শ্বেয়াৰ বজাৰৰ ইটো-সিটো:-

১)শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিবলৈ উচ্চশিক্ষিত বা কমাৰ্চ, বেংক আদিৰ লগত জড়িত হ'ব নালাগে। বিনিয়োগ  হৈছে এটা কলা। 
২) শ্বেয়াৰ মাৰ্কেটত যিমান কম বয়সত সোমাব পাৰি সিমানেই অভিজ্ঞতা আৰু জ্ঞান অৰ্জনৰ লগতে ভাল উপাৰ্জন এটা কৰিব পাৰি।
৩)শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ  কৰিবলৈ লাখ টকা নালাগে। ১০টকা, ৫০ টকা,১০০টকাৰেও আৰম্ভ কৰিব পাৰি।
৪) FD, RD বা অন্য কোনো সঞ্চয় আঁচনিত টকা থলে নিদিষ্ট সময়ৰ মূৰতহে আপোনি উলিয়াব পাৰিব। কিন্তু শ্বেয়াৰ বজাৰত এসপ্তাহৰ পিছতে আপোনি শ্বেয়াৰ বেচি টকা উলিয়াব পাৰিব।
৬) শ্বেয়াৰ বজাৰত নতুনকৈ মনোনিবেশ কৰা সকলে Money Control, BSE India , Tickertape আদি এপ ব্যৱহাৰ কৰি উপকৃত হ'ব পাৰিব। যিকোনো তথ্য Google চাৰ্জ কৰিও পাব পাৰি।
৭) Youtube ৰ সহায় ল'ব পাৰে।  The Mukul Agrawal ৰ চেনেল মাজে মাজে চাব পাৰে। 
৮) দিগন্ত  কুমাৰ কাকতিৰ " শ্বেয়াৰ বজাৰ বুজো আহক" , গৌতম প্ৰসাদ বৰুৱাৰ " আপুনিও কোটিপতি হ'ব পাৰে" আদি গ্ৰন্থ অধ্যয়ন কৰিব পাৰে।

BONUS:

যেতিয়া এটা কোম্পানীৰ শ্বেয়াৰৰ দাম সৰ্বোচ্চ হয় তেতিয়া নতুন বিনিয়োগকাৰীসকলে শ্বেয়াৰটো কিনিবলৈ অপাৰক হয় আৰু বিনিয়োগকাৰীক উৎসাহ দিবৰ বাবে কোম্পানীয়ে বনাচ ঘোষণা কৰিব পাৰে। 1:1, 1:2, 1:3 আদি অনুপাতত বনাচ ঘোষণা কৰে। ইয়াৰ অৰ্থ হ'ল এটা শ্বেয়াৰ থাকিলে এটা, দুটা থাকিলে এটা আৰু তিনিটা থাকিলে এটা বনাচ পাব। বনাচ ঘোষণা কৰাৰ ফলত কোম্পানীটোৰ শ্বেয়াৰ সংখ্যা বাঢ়ি যায় আৰু সেই অনুপাতত শ্বেয়াৰৰ মূল্য কমি যায়। উদাহৰণ স্বৰূপে A নামৰ কোম্পানীয়ে 1:2 অনুপাতত বনাচ ঘোষণা কৰিলে। সেই কোম্পানীৰ শ্বেয়াৰ আপোনাৰ 100 টা আছে। তেতিয়া আপুনি বনাচ হিচাপে 50 টা শ্বেয়াৰ পাব। আপোনাৰ মুঠ শ্বেয়াৰ হ'ব 150 টা। ধৰাহওঁক, 100 টা শ্বেয়াৰৰ গড় দাম আছিল 150 টকা আৰু মুঠ বিনিয়োগ 15000 টকা। বনাচ পোৱাৰ পিচত আপোনাৰ গড় দাম( Avg. price) হ'ব 100 টকা। এতিয়ালৈকে বেচিকৈ বনাচ দিয়া কোম্পানীবোৰ হ'ল Wipro, Infosys, ITC, Motherson Sumi, HCL Tech, Cipla আদি।

ষ্টক বাচনিৰ কৌশল:-

নতুনকৈ শ্বেয়াৰ বজাৰত প্ৰবেশ কৰা সকলে ডিমেট একাউন্ট খোলাৰ পিছত কি কি কোম্পানীৰ শ্বেয়াৰ কিনিব-সেই লৈ বহুত সমস্যা সন্মুখীন হোৱা দেখা যায়। আপোনাৰ সেই সকলো সমস্যা Google এ সমাধান কৰিব। আপোনি Google ত চাৰ্চ কৰক....
1.  Top Grainer Nifty50 stocks 
2. Top Largecap stocks
3. Top 5 IT stocks
4.Top 5 Banking Stocks
5. Top 5 Metal stocks
6.Top 5 Pharma stocks
7. Top 5 Midcap stocks
8. Top 5 Smallcap stocks
9. Top 5 FMCG stocks
10. Top 5 Chemicals stocks etc.
   এনেকৈ চাৰ্চ কৰি নাম আৰু দাম বহীত লিখি থব আৰু প্ৰতিটো ষ্টকে বাৰ্ষিক, পাঁচ বছৰ আৰু সৰ্ব্বাধিক কিমান ৰিটাৰ্ণ দিছে লিখি থব। সেইবোৰৰ পৰাই আপোনাৰ সাধ্য অনুসৰি প্ৰতিটো বিভাগৰ পৰা এটাকৈ ষ্টক বাচি প্ৰতি মাহে কিনি যাব। শ্বেয়াৰ কিনোতেও অতি সাৱধান হ'ব লাগে। ধৰক, আপোনাৰ দহ হাজাৰ টকা আছে। আপুনি Tata Motors শ্বেয়াৰ কিনিম বুলি ভাবিছে। আপুনি একেবাৰে দহ হাজাৰ টকাৰ শ্বেয়াৰ কিনি নেপেলাব। ধৰক, 10 বজাত এটা Tata motors ৰ শ্বেয়াৰৰ দাম 300 টকা। আপুনি প্ৰথমতে 10 টা কিনিব । দহটাত আপোনাৰ 3000 টকা গ'ল। এঘণ্টা পিছত দেখিলে যে শ্বেয়াৰৰ দাম 10 টকা কমি 290 টকা হ'ল। পুনৰ 10 টা শ্বেয়াৰ কিনিব। এইবাৰ আপোনাৰ খৰচ হ'ল 2900 টকা। 20 টা শ্বেয়াৰত Avg. price হ'ল 295 টকা । এতিয়াও প্ৰতি শ্নেয়াৰত আপোনাৰ 5 টকাকৈ মুঠ 100 টকা লোকচান হৈ আছে। পুনৰ দুই বা তিনি বজাত এবাৰ চাই লব। দেখিলে যে আৰু 5 টকা কমি 285 হৈ আছে। তেতিয়া আপুনি বাকী থকা টকাৰে পুনৰ কিনিলে 14 টা শ্বেয়াৰ পাব। আপোনাৰ 34টা শ্বেয়াৰৰ Avg. price হ'ব 290.88 টকা আৰু একাউণ্টত জমা থাকিব 110 টকা । যদি আপুনি এবাৰতে 300 টকা দৰত দহ হাজাৰ টকাৰ শ্বেয়াৰ কিনিলে 33 টা শ্বেয়াৰ হে পালেহেতেন আৰু লোকচাৰ পৰিমানো বেচি হ'লহেতেন। যদি প্ৰথম 10 টা শ্বেয়াৰ কিনাৰ পিছত দাম বাঢ়ি যায় তেন্তে সেইদিনা নিকিনি দাম কমা লৈকে ৰৈ দিয়ক। দুই তিনি দিনৰ পিছত কমিলে কিনিব। নহলে অন্য লব পৰা কি ষ্টক আছে আপোনাৰ নোট বহীৰ পৰা বিছাৰি লব। কোনো ষ্টক 52 weeks high ৰ পৰা কমেও 100 টকাৰ তলত থাকিলেহে কিনিব বা PE ratio 20 ৰ তলত থকাবোৰ কিনিলে লোকচান হোৱাৰ ভয় নাথাকে।

পেপাৰ ট্ৰেড:- 



আজি আপোনালোকক পেপাৰ ট্ৰেডৰ বিষয়ে ক'বলৈ লৈছো। যিসকলৰ ডিমেট একাউন্ট নাই বা থাকিলেও শ্বেয়াৰ কিনিবলৈ ভয় কৰি আছে তেওঁলোকে পেপাৰ ট্ৰেড কৰি বহুত সুফল লাভ কৰিব পাৰিব। পেপাৰ ট্ৰেড কৰিবলৈ আপোনালোকলৈ পাঁছটা ষ্টক দিছো বা আপোনালোকে নিজৰ ইচ্ছামতে পাঁছটা বা দহটা ষ্টক বাচি লব পাৰে। মনত ৰাখিব যে প্ৰতিটো ষ্টকত প্ৰায় সমান পৰিমানৰ মূলধন বিনিয়োগ কৰে। মই প্ৰতিটো ষ্টকত 10000 টকা বিনিয়োগ কৰাৰ তালিকা প্ৰস্ত্তত কৰিছো। আপোনালোকেও নোট বহী এখন লৈ মই দিয়াৰ দৰে তালিকা এখন তৈয়াৰ কৰি লব। বিক্ৰী কৰা দাম আৰু তাৰিখ নোট কৰি থব। কিমান লাভ হ'ল উল্লেখ কৰিব। সকলোতে লাভবোৰ হিচাপ কৰি উলিওৱা পিছত কোনটো ষ্টকত বেচি লাভ হ'ল সেই ষ্টকটো কিনাৰ বাবে বিবেচনা কৰিব পাৰে। এই পেপাৰ ট্ৰেড Swing আৰু Trading কৰিব বিছৰা সকলেও অনুশীলন কৰিলে ভাল ফলাফল পাব। কেৱল Swing আৰু Trading ৰ বাবে শ্বেয়াৰৰ সংখ্যা বেচি হ'ব লাগে, তেতিয়া বেচি লাভ হ'ব।

Option Trading ৰ প্ৰাথমিক কথা:-


১)Strike Price বাচনিত গুৰুত্ব দিব। Nifty50 যোৱাকালি closing হয় 17352. Nifty ৰ সূচাংক চাই আমি Strike price নিৰ্দ্ধাৰণ কৰি লব লাগে। আপুনি যদি বজাৰ ওপৰলৈ যাব বুলি ধাৰণা কৰি Call লব বিছাৰে তেন্তে 
17350, 17400, 17450, 17500, 17550, 17600 আদি Strike price বাচি লব। ইয়াৰে 17350 ক AT THE MONEY (ATM) বুলি কয়, কাৰণ ই Nifty ৰ সূচাংকৰ সমান পয্যায়ত আছে। ইয়াত ৰিস্ক মধ্যমীয়া আৰু লাভো মধ্যমীয়া । বাকী 17400 বা তাৰ ওপৰৰ Strike price বোৰক OUT THE MONEY (OTM) বুলি কয়। OTM ৰ ৰিস্ক কম আৰু লাভো কম। দামো কম হয়। Nifty সূচাংক (Spot price) ৰ পৰা 200-250 পইণ্টৰ ভিতৰত ল'ব পাৰে( 17400-17600)। আপুনি কিনা OTM Nifty ৰ সূচাংক বাঢ়ি গৈ থাকিলে ATM হব পাৰে আৰু আপোনাৰ প্ৰচুৰ লাভ হ'ব পাৰে। গতিকে নতুন সকলে ATM আৰু OTM বাচনি কৰি লব। Nifty ত 50-50 কৈ Strike price বাঢ়ি গৈ থাকে। আনহাতে Banknifty 100-100 কৈ বাঢ়ে।আপুনি watchlist ত গৈ Nifty 17 Feb 17400 CE বা PE চাৰ্চ কৰি add কৰি লব। 
২) Nifty Spot price ৰ তলৰ Strike price বোৰক IN THE MONEY(ITM) বুলি কয়। যেনে 17250, 17200, 17150 আদি। ITM ত ৰিস্ক বেচি, লাভ বেচি আৰু দামো বেচি হয়। গতিকে নতুন কৈ শিকি থকা সকলে ITM লব নালাগে।
৩) Nifty ৰ  50 টকা আৰু Banknifty ৰ 100 টকাৰ ওপৰত থকা Premium লোৱা উচিত। ঘপককৈ বজাৰ তললৈ আহিলে Premium Zero হোৱাৰ পৰা বাচি যাব।

   আমি প্ৰথমতে Nifty 50 ত শিকিম। Option ৰ প্ৰাথমিক কথাবোৰ আপোনালোকে Youtube ত চাই শিকি লব। Option Trading কৰিবলৈ যাওঁতে আমি কি কি কথাত গুৰুত্ব দিব লাগে।
১) Global Market পয্যবেক্ষণ কৰিব।ৰাতিপুৱা Australia, Japan ৰ লগতে এচিয়াৰ প্ৰায়বোৰ Stocks Exchange খোলে। এক বজাৰ পিছত European market open হয় আৰু গধূলি 7:30 বজাৰ পিছত US market open হয়। এইবোৰ চাই আমাৰ বজাৰ কোন দিশত যাব-কিছু আভাষ পোৱা যায়।
২)Support আৰু Resistance মন কৰিব। Support break কৰিলে PE বা Put  কিনাৰ বাট মুকলি হয়। ঠিক তেনেদৰে Resistance break কৰিলে CE বা Call কিনিলে লাভ অধিক হোৱাৰ আশা থাকে।
৩)Chart চাবলৈ শিকিব। Nifty ৰ সূচাংক চাইহে আমি কি trade লম সিদ্ধান্ত কৰিম।
৪) 9:15 AM ত বজাৰ খোলাৰ আগতে Nifty ৰ সূচাংক চাই market Gap Up নে Gap down হব অনুমান কৰিব পাৰে।
৫) বজাৰ খোলাৰ লগে লগে trade লোৱা উচিত নহয়। কমেও 15-30 মিনিট বজাৰ পয্যবেক্ষণ কৰা উচিত।
৬) কিনাৰ পিছত যিমান সোনকালে পাৰে Exit কৰিবলৈ চেষ্টা কৰা উচিত। 

   যিসকল একেবাৰে নতুন তেওঁলোকে অহাকালি Live paper trading কৰিব পাৰে। ধৰক, Nifty Strike price 16600 CE ৰ দাম 190 আৰু 200 টকাৰ মাজত চলি আছে। আপুনি 1M chart চাই Limit order ত buy( পেপাৰত) কৰি থলে। আপোনাৰ 190 টকাত order executed হ'ল(এক লট=50)। লগে লগে Exit order লগাই থব। যদি দাম বাঢ়ি গৈ থাকে তেন্তে  20 টকা লাভত exit order লগাব( 210.00) যদি দাম কমি আহে আৰু 170 পায়হি তেন্তে Avg কৰিব পাৰে বা লোকচানত Exit কৰিব পাৰে। যদি আপুনি Avg কৰে তেন্তে avg 180 হব আৰু exit order 190.00 টকাত লগাই দিব। যদি executed হয় তেন্তে ক'ত কিমান লাভ হব পাৰে হিচাপ কৰি চাব।
1. Buy Price 190x50=9500 টকা
   Exit price 210x50=10500 টকা
   লাভ=1000 টকা
 2. Avg. Buy price 180x100=18000 টকা
  Exit price 190x100=19000 টকা
   লাভ=1000 টকা
  3. Buy price 190x50=9500 টকা
   Exit price 170x50=8500 টকা
   লোকচান 1000 টকা।
Pepar trading ৰ নমুনা।

NIFTY FUTURE TRADING শিকোঁ আহক:-

Future contract বোৰ দীঘলীয়া সময়ৰ বাবে ৰাখিব পাৰে বাবে সময় সাপেক্ষে ৰিস্ক সন্তোলন কৰিব পাৰে। Future ত আমি Buy বা Sell প্ৰায় একে দামত কিনিব পাৰে। Future contract তিনি প্ৰকাৰৰ( উদাহৰণসহ)...
1. Current month future(Nifty May Fut)
2. Near month future(Nifty Jun Fut)
4. Far month future(Nifty July Fut)
Nifty Future trading ৰ বাবে কোনবোৰ কথা মন কৰা উচিত...
১)Fut সদায় মাহৰ প্ৰথম সপ্তাহত লবলৈ চেষ্টা কৰিব। তেতিয়া লোকচানত থাকিলে যথেষ্ট সময় পাব।
২) Nifty ৰ সূচাংক চাই BUY নে SELL লব সিদ্ধান্ত লব।
৩)Nifty Fut এক লটত 50 quantities থাকে। যদি Nifty May Fut ৰ দাম 17084.25 তেন্তে এক লটৰ দাম হব 8,54,212.50 টকা। কিন্ত্ত আমি Leverage পোৱাৰ বাবে মাত্ৰ 1,06,611.00 টকা কিনিবলৈ পাম।
৪) Nifty এদিনত কমেও 100-200 পইন্ট উঠা-নমা কৰে। গতিকে 100 পইন্টত 100x50=5000 টকা,
200x50=10000 টকা, 400x50=20000 টকা আদি পাব পাৰে। 
৫) Nifty কেতিয়াবা পাছদিন উঠিলে আপোনাৰ কিমান লাভ হব ভাবি চাব পাৰে। গতিকে সঠিক সময়ত লব পাৰিলে প্ৰচুৰ লাভ হব।
৬) লোকচান হ'লে Rollover কৰিবলৈ আপোনাৰ একাউন্টত Margin থাকিব লাগিব।
৭) Nifty future trading কৰি একমাহত 25000-50000 টকা আৰামত পাব পাৰে।
৮) সন্তোষজনক লাভ পালে Exit কৰিব পাৰে।

BTST Strategy: 

Buy Today Sell Tomorrow- এই ট্ৰেড লবৰ বাবে আমি বিভিন্ন দিশ চাব লগা হয়। সেইবোৰ কথা চমুকৈ উল্লেখ কৰিছো। 

১) Nifty বা Banknifty হওঁক, Day High ত বজাৰ বন্ধ হ'লে বা হোৱাৰ সম্ভাৱনা থাকিলে Call লব লাগে। ঠিক তেনেকৈ Day Low ত বজাৰ বন্ধ হ'লে PUT লব পাৰে।
২)  সোমবাৰ,  মংগলবাৰ আৰু বৃহস্হপতিবাৰে BTST trade লব। বৃহস্হপতিবাৰে পিছৰ সপ্তাহৰ Expiry লব লাগে। শুক্ৰবাৰে BTST লব নালাগে। কাৰণ বজাৰ দুদিন বন্ধ থকাৰ পিছত যিকোনো বা-বাতৰিৰ বাবে বজাৰ বিপৰীত দিশত গতি কৰিব পাৰে।
৩) BTST trade আবেলি 3:20 বজাৰ পিছত লব লাগে।
৪) আবেলি 3:20 বজাৰ পিছত NSE India website ত Volume আৰু OI চাই সিদ্ধান্ত লব পাৰে।
৫) আবেলি European market চাইও বজাৰ কোন দিশত গতি কৰিব- কিছু আভাস লব পাৰে। 
৬) Stock Option ত Q result, Corporate action  আদিৰ ফলাফল চাই BTST লব পাৰে। যেনে  Bajaj Finservৰ Splits আৰু Bonus ৰ বাতৰি বাবে ষ্টকটো কেইদিনমান দৌৰিব পাৰে। গতিকে তাৰ Call option লোৱাৰ সিদ্ধান্ত লব পাৰে।( মাত্ৰ উদাহৰণ, লবলৈ কোৱা নাই)
৭) উপৰোক্ত কাৰণবোৰৰ চালি-জাৰি পোৱাৰ পিছত হে ট্ৰেড লব । তাৰ উপৰিও কিছুমান Indicator আছে। সেইবোৰও আপোনালোকে চাব পাৰে।

প্ৰশ্ন:- Trailing Stoploss বুলি এটা পদ্ধতি আছে৷ সেইবিষয়ে জনাবচোন৷ তেতিয়া লাভত থকা trade এটা continue কৰাত সুবিধা হয়?

উত্তৰ:- Order place কৰোতে SL লগাব লাগে আৰু Profit হৈ গৈ থাকিলে SL modify কৰি গৈ থাকিব লাগে। ধৰক, আপুনি 100 টকাত কিনিছে  আৰু SL 90 লগাইছে। দাম বাঢ়ি  115টকা পালেগৈ। তেতিয়া SL modify কৰি 108 টকা কৰিব । তাৰ পিছতো দেখিলে যে দাম আৰু বাঢ়ি 125 টকা হ'ল। আৰু Modify কৰিব। এইদৰে দাম ওপৰলৈ গৈ থাকিলে SL বঢ়াই থাকিব। এনে কৰিলে exit কৰাৰ পিছত সোনকালে exit কৰিলো বুলি অনুশোচনা  নাহে । লাভো যথেষ্ট পাব।

BANK NIFTY SCALPING STRATEGY

~~~~~~~~~~~~~~~~~~~~~~~~~~~
Call বা Put হওঁক Bank Nifty ত আমি Scalping কৰি দিনত 2000 টকাৰ পাৰ 3000 টকা উপাৰ্জন কৰিব পাৰো। Scalping ৰ অৰ্থ হ'ল অতি কম সময়ৰ ভিতৰত লাভ অৰ্জন কৰা। কাৰণ Bank Nifty ত  Volatility বেচি থাকে বাবে অতি কম সময়ৰ ভিতৰত 20-25 পইন্ট লাভ কৰিব পাৰো। গতিকে Scalping কৰি দিনত এটা বা দুটাকৈ লট লৈ চাৰি/পাঁছবাৰ ট্ৰেড কৰিব পাৰে। ইয়াৰ বাবে কমেও Premium 300 টকা থকা Strike price বাচি লব লাগে।

Setup:-
 1. Time frame: 1M
 2. EMA : 10 P
 3. RSI (5) : 60/40 
 Entry:-
 1.যেতিয়া RSI 40ৰ তলৰ পৰা আহি 40 পাৰ হবলৈ ধৰে ।
 2. EMA ৰেখাডালৰ মাজত Candle গঠন হৈ তাৰ ওপৰত পিছৰ candle গঠন হ'লে।
 Stoploss : প্ৰতি ট্ৰেডত SL 15 বা 20 পইন্ট ৰাখিব।
 Exit: প্ৰতি ট্ৰডত 20-25 পইন্ট পালে Exit কৰিব লাগে।
  ট্ৰেড কৰাৰ আগতে দুবাৰমান পেপাৰ ট্ৰেড বা পৰীক্ষা কৰি চাব। মই দুদিন মান কৰি সুফল পাইছো।

Swing trading ৰ বাবে ....

১) ষ্টকৰ ভাল খৱৰৰ লগত চাৰ্ট মিলাই চাব লাগে( News base stock selection)
২) Buy in Support and Sell in Resistance - এই নিয়ম ব্যৱহাৰ কৰিব পাৰে।
৩) RSI ত Oversold range ত কিনিব লাগে আৰু Overbought range ত বেচিব লাগে।

ETF SWING TRADING :-


যিসকলৰ Intraday(stocks), F&O, Currency আদি ট্ৰেডিং কৰিবলৈ ভয় কৰে বা নিজৰ কষ্টৰ ধন নিৰাপদ ৰাখি মুনাফা অৰ্জন কৰিব বিচাৰে তেওঁলোকে বিশেষ কষ্ট নকৰাকৈ ETF Swing Trading কৰি সপ্তাহত 1000-2000 টকা লাভ কৰিব পাৰে।
ETF হ'ল কিছুমান ষ্টকৰ সমষ্টি(Busket). আমি এটা ষ্টকত ট্ৰেডিং কৰাটো অলপ ৰিস্ক আছে। তেনেক্ষেত্ৰত ETF ত ট্ৰেডিং কৰিলে 50% ৰ দাম কমিলেও অন্য 50% ষ্টকৰ দাম বঢ়াৰ সম্ভাৱনা আছে আৰু সেইবাবে লোকচানৰ ভয় নাথাকে। যদি বজাৰ ইতিবাচক হয় তেনে ক্ষেত্ৰত দুই দিনৰ ভিতৰত 5% ৰিটাৰ্ণ পোৱা অতি সহস। 
 ETF Swing Trading ত মন কৰিবলগীয়া কথা:
1. NSE ত Listed ETF ৰ সংখ্যা প্ৰায় 100. তাৰে ভিতৰত যিবোৰ ETF ৰ Trading Volume এক লাখ বা তাতকৈ বেচি সেইবোৰ বাচি লব পাৰে। NSEIndia website ত ETF ৰ নাম, দাম, Volume আদি চাব পাৰে।
2. 3% দাম পৰিলে কিনিব লাগে আৰু 5%  বা তাৰ ওপৰত লাভ হ'লে Exit কৰিব লাগে।
3. Quantity বেচি হ'লে লাভ বেচি। গতিকে কিনাৰ সময়ত এবাৰতে নিকিনি তিনি-চাৰি ভাগত কিনিব। ধৰক, আপুনি CPSE ETF 1000 কিনিম বুলি ভাবিছে। দহ বজাত 33.50 টকাত 300 টা কিনিলে। এক বজাত দাম কমি 33.20 হ'ল। গতিকে পুনৰ 300 টা কিনিব। তিনি বজাত আৰু কমি 33.12 হ'ল। গতিকে বাকী 400 টা 33.12 টকাত কিনিব।
4. 5% লাভ হোৱাৰ পিছত বেচি দিব আৰু দাম কমালৈ ৰৈ থাকিব বা অন্য ETF চাব। CPSE ETF, Niftybees, SBI Nifty ETF আদি দুটামান উদাহৰণ ।

   CPSE ETF : ETF (Echange Traded Fund) হ'ল এক প্ৰকাৰ Fund য'ত কেইবাটাও ষ্টক লগ লগাই গঠন কৰা হয়। একোটা Mutual fund ত যেনেকৈ কেইবাটাও ষ্টক থাকে , ঠিক তেনেকৈ ETF বোৰতো কেইবাটাও একে শ্ৰেণীৰ ষ্টক থাকে। এই ETF বোৰ শ্বেয়াৰৰ দৰে কিনা-বেচা বা trading কৰিব পাৰে।

CPSE( Central Public Sector Enterprises) ETF ভাৰত চৰকাৰৰ চৰকাৰী আৰু অৰ্ধ-চৰকাৰী কোম্পানী কিছুমানৰ সমষ্টি । এই ETF ত থকা 12 টা কোম্পানী বা ষ্টকবোৰ হ'ল ONGC, NTPC, Power Grid, Coal India, Bharat Electronics, NMDC, Oil India, NBCC,SJVN,NCL India, Cochin Shipyard আৰু NHPC . এটা ETF কিনা মানে আপুনি কোম্পানী অংশ কিনা। এনে ETF swing trading ৰ উপযুক্ত । ঠিক তেনেকৈ NETFIT ত 10 টা IT কোম্পানীৰ ষ্টক আছে। 

   NETFIT : Mind Tree, TCS, LTI, Infosys আদি শ্বেয়াৰ আমি কিনিম বুলি ভাবিও দাম অধিক বাবে বহুতৰে কিনা নহয়গৈ। এনেদৰে 10 টা IT ষ্টক লগলাগি NETFIT(Nippon India ETF Nifty IT) ETF গঠন কৰা হৈছে। NETFIT শ্বেয়াৰ এটাৰ দাম আজিৰ তাৰিখত মাত্ৰ 37.31 টকা। NETFIT ত থকা IT ষ্টকবোৰ হ'ল TCS, Infosys, HCL Tech, Wipro, Tech Mahindra, Larsen & Tourbo Infotech, Mphasis, Mind Tree, L &T Technology Services আৰু Coforge. প্ৰতিকূল বজাৰতো যোৱা এমাহত প্ৰায় 9% ৰিটাৰ্ণ দিয়া এই ETF Swing trading ৰ বাবে বাচি লব পাৰে।

Nippon India ETF Nifty Bees : 


ভাৰতৰ আটাইতকৈ পুৰণা আৰু প্ৰথম ETF হ'ল Nippon India ETF Nifty Bees চমুকৈ Nifty Bees বুলি পৰিচিত।  2001 চনৰ 28 ডিচেম্বৰত আৰম্ভ হোৱা এই ETF 2002 চনত  Trading ৰ বাবে  Exchange মুকলি হয় , তেতিয়া তাৰ দাম আছিল মাত্ৰ 10.81 টকা। তেতিয়া যদি এক লাখ টকা এই ETF ত বিনিয়োগ কৰিলে এতিয়ালৈকে প্ৰায় 20 লাখ টকা পালেহেতেঁন। Nifty 50 ত থকা ষ্টকসমূহ এই ETF ত আছে। ই এটা Index Fund, গতিকে ই কেতিয়াও বন্ধ হ'ব নোৱাৰে। Nifty 50 ৰ কোনো ষ্টক বা কোম্পানী দেওলীয়া বা মৰি গলে তাৰ ঠাইত নতুন কোম্পানী সোমাব। গতিকে আপোনালোকে নিচিন্তমনে এই ETF ত বিনিয়োগ কৰিব পাৰে বা Swing trading ৰ বাবে বাচি লব পাৰে। 2019 চনৰ ডিচেম্বৰত যেতিয়া ইয়াৰ দাম 1193 টকা আছিল তেতিয়া  Split হৈ face value 10 টকাৰ পৰা 1 টকা হয়। অৰ্থাৎ তাৰ আগত কোনোৱে যদি এটা শ্বেয়াৰ কিনি ৰাখিছিল তেন্তে তাৰ ঠাইত 10 টা শ্বেয়াৰ পালেহেতেঁন, 100 টা থাকিলে 1000 পালেহেঁতেন । Nifty Bees ৰ দৰে Nifty 50 ৰ কেইটামান ETF হ'ল SBI Nifty 50 ETF, UTI Nifty 50 ETF, Kotak Nifty ETF আদি।

Niftybees অহা দহবছৰত কিমান ৰিটাৰ্ণ দিব পাৰে ?

যোৱা 2021 চনৰ জুলাই মাহৰ পৰা 2022 চনৰ জুন মাহলৈ Niftybees প্ৰতি মাহত প্ৰায় 5000 টকাকৈ বিনিয়োগ কৰিলে আগলৈ কিমান টকা ৰিটাৰ্ণ পাব পাৰে তাৰ এটা আনুমানিক হিচাপ কৰা হৈছে। Google chart ৰ পৰা দাম কমা দামটো ধৰা হৈছে।

July 2021= 169x29=4901.00
Aug.         =178x28=4984.00
Sept.        =190x26=4940.00
Oct.          =191x26=4966.00
Nov.          =183x27=4941.00
Dec.          =179x28=5012.00
Jan.2022  =187x27=5049.00
Feb.           =178x28=4984.00
March       =173x29=5017.00
Apr.            =184x27=4968.00
May            =171x29=4959.00
June           =166x30=4980.00
--------------------------------
Total shares = 334
Total Investment=59,701.00
Avg. price=178.00
Niftybees যোৱা 2002 চনৰ পৰা 2022 চনলৈ 1510% ৰিটাৰ্ন দিছে, বছৰি শতকৰা গড় ৰিটাৰ্ণ প্ৰায় 75% . আমি যদি বছৰত 50% পাম বুলি ধৰি ল'লে উপৰোক্ত 334 টা শ্বেয়াৰত কিমান ৰিটাৰ্ণ পাম অৰ্থাৎ দুবছৰত আমাৰ টকা দুগুণ হ'ব।
2 বছৰত = 178x2=356.00( Avg. Price 178)
10 বছৰত= 178x5=890.00 টকা
10 বছৰত শতকৰা ৰিটাৰ্ণ= 890/178 x100%
                                        =500%

এটা শ্বেয়াৰত লাভ= বেচাদাম- কিনাদাম
                            =890 - 178 টকা
                            =712 টকা
                            
                            
  মুঠ লাভ= 334x712 টকা
               =2,37,808 টকা
   334 টা শ্বেয়াৰত এক বছৰ বিনিয়োগ কৰি দহ বছৰত লাভ। লাভ ইয়াতকৈ বেচিও হব পাৰে কমও হব পাৰে।
 যদি আমি দহ বছৰ প্ৰতিমাহত 5000 কৈ বিনিয়োগ কৰিলে কিমান হব পাৰে । 20 বছৰ প্ৰতিমাহত 5000 কৈ বিনিয়োগ কৰিলে কিমান হব পাৰে ?
 আপোনালোকে হিচাপ কৰি চাব পাৰে।

BANKBEES: 



Niftybees ৰ পিছত অন্য এটা জনপ্ৰিয় Index Fund ETF হ'ল Bankbees(Nippon India ETF Bank Bees). 100% নিৰাপদ এই ETF 2004 চনৰ জুন মাহত NSE ত Listing হৈছিল। এই ETF ত HDFC, ICICI, Kotak Mahindra, Axis, SBI, Bandan, PNB Bank আদি 12 টা কোম্পানীৰ বেংক আছে। কোনো বেংক যদি দেওলীয়া বা বন্ধ হৈ যায় তেতিয়াও এই ETF চলি থাকিব। কাৰণ ই এটা Index ETF . Listing ৰ সময়ত এই ETFৰ দাম মাত্ৰ  23.74 টকা আছিল। তেতিয়া যদি কোনোৱে দহ হাজাৰ টকা বিনিয়োগ কৰিলে 18 বছৰত ডেৰ লাখ টকা, এক লাখ বিনিয়োগ কৰিলে পোন্ধৰ লাখ টকা পালেহেতেন। Swing Trading আৰু Longterm ৰ বাবে এই ETF বাচি লব পাৰে।

52 Week high: 434.88
52 Week low: 324.50
CMP:354.75

Commodity Trading শিকোঁ আহক:-


   Gold, Silver, Zinc, Copper, Aluminium, Crude Oil, Natural Gas, Rice, Cotton, Rubber আদি আমি প্ৰকৃতিৰ পৰা পাওঁ। প্ৰকৃতিৰ উৎসৰ পৰা পোৱা এনে সম্পদ সমগ্ৰ বিশ্বত মানৱ সমাজৰ বাবে  অতি মূল্যবান। এনে সম্পদক লৈ সমগ্ৰ বিশ্বত Trading কৰাৰ এটা সুচল ব্যৱস্হা হ'ল Commodity Trading.

 আমাৰ ভাৰতবৰ্ষতো 2003 চনৰ 10 নবেম্বৰত Multi Commodity Exchange(MCX) স্হাপন কৰা হয়। MCX ৰ মধ্যাস্হকাৰী হিচাপে ব্ৰকাৰবোৰে কাম কৰে।

আজি Commodity trading ত কেনেকৈ Natural Gasৰ Trading কৰিব লাগে- সেই বিষয়ে কিছু লিখিছো।
১)যিহেতু চলিত মাহৰ  Natural Gas Future কিনিবলৈ আমাক কমেও 1,20,000 মান টকা প্ৰয়োজন হয়। সেয়েহে কিছু কম টকাৰে আমি NG ৰ  Option Trading কৰিব পাৰে। NG ৰ Option Expiry মাহেকীয়া হয়। 
২) Natural Gas  Apr Fut ধৰা 510 টকা চলি আছে। গতিকে এই দামটোক spot price হিচাপে লৈ আমি কি Call বা Put লম সিদ্ধান্ত কৰিব লাগে। 480, 490 আদি ITM,  510(ATM) , 520, 530, 540 আদি OTM Call হব।
৩)NG trading ৰ বাবে বহুতো Indicators চোৱাৰ প্ৰয়োজন নাই। Swing low আৰু Swing high - এই দুটা চাইও trading কৰিব পাৰে।
৪)এটা লটত 10,000 quantity থাকে। ধৰক আপুনি 520 CE 21 টকাত কিনিলে আৰু 22 টকাত Exit কৰিলে আপোনাৰ লাভ হব 1250.00 টকা। ধৈৰ্য থাকিলে এক লটত 2-4 পইন্ট আৰামত পাব পাৰে। এক লটত মূলধন লাগিব কমেও 20000-25000 বা তাতোতকৈ বেচি। Premium বাঢ়ি গৈ থাকিলে মূলধন বেচি লাগে। কেতিয়াবা 15000 টকাতো এক লট পাব পাৰে।
৫) কিনাৰ সময়ত Strike price ৰ Trading Volume চাব লাগে। Trading volume কমেও 100 বেচি থকাবোৰহে কিনিব লাগে।
৬) NG ৰ দাম কমিব নে বাঢ়িব - পূৰ্বানুমান কৰিবলৈ কিছু সহজ। কাৰণ ভাৰতীয় বজাৰ বন্ধ থাকিলেও Global market( Commodity) প্ৰায় 24 ঘন্টা চলি থাকে। গতিকে Global market চাই আমি কি কিনিম সিদ্ধান্ত লব পাৰে।  ইয়াৰ বাবে আপোনালোকে Investing.com এপ ব্যৱহাৰ কৰিব পাৰে।
৭) Commodity trading ৰ সময় দুটা ভাগত বিভক্ত। প্ৰথম ভাগ-পুৱা 9:00 বজাৰ পৰা আবেলি 5:00 বজালৈ আৰু দ্বিতীয় ভাগ- আবেলি 5:00 বজাৰ পৰা নিশা 11:30 বজালৈ। গতিকে দিনত সময় নোপোৱা ব্যক্তিসকলে এই সুযোগ গ্ৰহণ কৰিব পাৰে।

 Natural Gas ৰ ওপৰত মই প্ৰায় এমাহ সময় অধ্যয়ন আৰু নিৰীক্ষণ কৰি আছিলো। যোৱা সপ্তাহৰ পৰা Trading কৰিছো। পাঁছ দিনত 20,000 টকাৰ অধিক লাভ কৰিছো। Currency আৰু Option trading তকৈ NG ৰ trading কৰি যথেষ্ট সুফল পাইছো। 

Natural Gas Trading কৰোতে Tweezer Bottom আৰু Tweezer Top candle মন কৰিব পাৰে।
Tweezer Bottom : ই downtrend ত গঠন হয় আৰু Buy signal দিয়ে।
Tweezer Top: ই uptrend ত গঠন হয় আৰু Sell signal দিয়ে।
আপোনালোকে ফটো চাই বৈশিষ্ট্যবোৰ মন কৰিব। Time frame 5M


  

 Silvermic Future Trading :

Commodity ত কম মূলধনেৰে মোটা-মুটি লাভ অৰ্জন কৰিবলৈ Silvermic Fut trading কৰিব পাৰে। আনহাতে Silverৰ expiry দুমাহেকীয়া । Trading কৰাৰ আগতে দুটামান কথা মন কৰা প্ৰয়োজন ।
১) প্ৰতিমাহত Highest আৰু Lowest দাম মন কৰা প্ৰয়োজন। এপ্ৰিল মাহত Silver Highest 70,730 আৰু Lowest 63,872 , পাৰ্থক্য 6858 পইন্ট।
২) এই H আৰু L চাই আমি Buy নে Sell লম সিদ্ধান্ত  কৰিব পাৰে। 
৩) Future ত Buy আৰু Sell প্ৰতি লটত একে দামত( প্ৰায় 7500 টকা) পোৱা যায়।
৪) Fut Buy কৰাৰ পিছত যদি লোকচান হয় তেন্তে লগে লগে অন্য মাহৰ Sell লৈ Hedge কৰিব পাৰে। Buy লৈ থোৱাৰ বাবে আপুনি Sell মাত্ৰ 815 টকাৰ ভিতৰত পাব। উদাহৰণ , আপুনি Silvermic Jun Fut Buy কৰাৰ পিছত লোকচান হৈছে তেন্তে  Silvermic Aug Fut Sell লৈ hedge কৰিব পাৰে।
৫) প্ৰায় 24 ঘন্টা আপুনি Global market চাই Silver ৰ দাম নিৰীক্ষণ কৰিব পাৰে।
৬) যদি আপুনি Hedge নকৰে তেন্তে লোকচান বচাবৰ বাবে Margin ৰাখিব লাগিব।
৭) সঠিক দাম লব পাৰিলে এটা লটত কমেও 500-1000 টকা লাভ কৰিব পাৰে।

Currency Trading:-


 Currency Trading হ'ল কিছুমান জনপ্ৰিয় কাৰেন্সী যোৰা(pair) কিনা বা বেচা কৰা পদ্ধতি ।আমাৰ ভাৰতত NSE আৰু BSE ত currency trading ৰ সুবিধা আগবঢ়ায়। যেনেকৈ আমি শ্বেয়াৰ NSE আৰু BSE ত কিনিব পাৰো, ঠিক তেনেকৈ আমি CDS বা BCD ত যিকোনো Currency pair কিনিব পাৰো। CDS হ'ল Currency Derivatives Segment (in NSE) আৰু BCD হ'ল BSE Derivatives Segment. 

যিসকলৰ Zerodha ত Demat Account আছে, তেওঁলোকে অতি সহজে, কম ৰিস্ক আৰু কম মূলধনত Currency trading কৰিব পাৰে বা Currency Future( FUT) কিনিব পাৰে। ইয়াৰ বাৰে Profile ত গৈ segment active কৰি লব পাৰে। Zerodha ত আমি চাৰিযোৰ Currency pair trading আৰু মাহেকীয়া FUT কিনিব পাৰো। সেইবোৰ হ'ল --
    1. Dollar-Rupee(USDINR)
     2. Pound-Rupee( GBPINR)
     3. Yen-Rupee(JPYINR) আৰু
     4. Euro-Rupee( EURINR)
   
Zerodha ত Currency কিনা-বেচা কৰিবলৈ প্ৰথমতে Watchlistত Currency pair add কৰি নিৰীক্ষণ কৰিব পাৰে। Sceenshot লোৱাৰ সময়ত USDINR DEC FUT 75.1425 (-0.31%) অৰ্থাৎ যোৱাকালিৰ closing price তকৈ দাম কমি আছে। গতিকে USDINR Dec FUT কিনিব পাৰে। ধৰক আপুনি 75.1425 দামত দুটা লট কিনিলে( প্ৰতি লটৰ দাম প্ৰায় 1800 টকা, প্ৰতি লটত থাকে 1000 )। এঘন্টাৰ পিছত দেখিলে যে  দাম বাঢ়ি 75.4500 টকা হ'ল। গতিকে আপোনাৰ লাভ হৈ আছে 75.4500 -75.1425=307.5 অৰ্থাৎ প্ৰতি লটত 307.5 টকাকৈ মুঠ=615.00 টকা। ইচ্ছা কৰিলে আপুনি Exit কৰিব পাৰে নাইবা আৰু দুদিনমান থব পাৰে।যিহেতু আপুনি Overnight Normal ত কিনিছিল।


USDINR OPTION কৰোঁ আহক:

 আমাৰ ভাৰতবৰ্ষৰ Zerodha, Angel One, Upstock আদি ব্ৰকাৰবোৰত  USDINR, GBPINR, EURINR আৰু JPYINR - এই চাৰিযোৰ Currency ত Future Trading কৰিব পাৰে। কেৱল USDINR তহে Option Trading কৰিব পাৰে। বাকীবোৰত Strike price পোৱা যায় যদিও Trading Volume নাথাকে। গতিকে USDINR  Option trading ৰ বাবে উপযুক্ত আৰু যথেষ্ট Volume পোৱা যায়। গতিকে USDINR ত Option Trading কৰিবলৈ ন-শিকাৰু হিচাপে কি কি দিশ চোৱা উচিত।

১) Investing.Com এপৰ Currency শিতানত USDINR ৰ Spot Price লক্ষ্য কৰিব লাগে আৰু সেইমতে Strike price নিৰ্ধাৰণ কৰি লব লাগে।উদাহৰণস্বৰূপে 11/11/22 তাৰিখে বজাৰ বন্ধৰ সময়ত Investing.com ত USDINR 80.505 চলি আছিল।যিহেতু যোৱা দুদিনমান ধৰি USDINR ধাৰাবাহিকভাবে তললৈ নামি আহিছে। গতিকে আমি  80.5 PE, 80.25 PE, 80.00 PE আৰু 79.75 PE Strike price হিচাপে বাচি লব পাৰো। যদি USDINR ওপৰলৈ গতি কৰে তেতিয়া 80.5 CE, 80.75CE, 81.25 CE আৰু 81.5 CE Strike price হিচাপে লব পাৰে। Strike price সদায় ATM বা তাৰ ওচৰৰ লোৱা উচিত বা Trading volume চাই লোৱা উচিত।

২) Bank Nifty বা Nifty Option ত বজাৰ কোন দিশত যাব সহজে অনুমান কৰিব নোৱাৰে। কিন্তু USDINR ত বজাৰ খোলাৰ আগত বা বন্ধ হোৱাৰ পিছতো আপুনি Investing.com বা অন্য Global market চাই  পূৰ্ব অনুমান কৰি লব পাৰে।

৩) কম মূলধনৰে আপুনি USDINR Option শিকিব পাৰে। এটা লট মাত্ৰ 150 টকাৰ পৰা  500 টকাৰ ভিতৰত পাব পাৰে। এটা লটত 1000 quantity থাকে। ( NR12/11/22)


জানিবলগীয়া কথা:-
১) শ্বেয়াৰ বজাৰ ঊৰ্দ্ধমুখি হ'লে কাৰেন্সী নিম্নমুখি হয় আৰু শ্বেয়াৰ বজাৰ নিম্নমুখি হ'লে কাৰেন্সী ঊৰ্দ্ধমুখি হয়।গতিকে শ্বেয়াৰ বজাৰ চাই কাৰেন্সীত কি ট্ৰেড(Buy / Sell) সিদ্ধান্ত কৰিব পাৰে।
২) কাৰেন্সীত পুৱা 9:00 বজাৰ পৰা আবেলি 5:00 বজালৈ ট্ৰেড কৰিব পাৰে।
৩)আমেৰিকাত এজন Forex Trader বাৰ্ষিক $ 178,908 সৰ্বাধিক আৰু $ 41,846 নিম্নতম উৰ্পাজন কৰে।

Forex Tradig ৰ সুবিধা:

1. Forex trading সোমবাৰ ৰাতি 12:00 বজাৰ পৰা শুক্ৰবাৰ ৰাতি 12:00 বজালৈ সমগ্ৰ বিশ্বত চলে।
2. 50 টা Currency pairs কিনা-বেচাৰ সুবিধা।
3. Forex ত কোনো Expiry date নাই। Dec Fut, Jan Fut বুলি নাই।
4. Forex trading ত brokerage Charge(Swap) অতি নগন্য। Swap short হ'ল এদিনত কৰা trade ৰ brokerage আৰু swap long হ'ল Overnight hold কৰাৰ brokerage.
5. কমেও এক ডলাৰৰ ভিতৰত এটা লট(Lot) কিনাৰ সুবিধা(0.01 lot) । 0.05, 01, 02 , আদিও কিনিব পাৰে। শিকি থাকোতে সৰু লট কিনিব পাৰে।
6. সৰহকৈ লট কিনিলে কমিচন দিয়ে।
7. সৰহ টকা Deposit কৰিলে 100% deposit bonus( FBS $900).
8. বেংক একাউন্ট লিংক কৰাৰ প্ৰয়োজন নাই। Paytm, VISA, Mastercard, BTC, ETH, LTC আদিৰে withdraw ৰ কৰাৰ সুবিধা।

FBS ত কেনেকৈ আপুনি একাউন্ট খুলিব? 
১)লিংকত ক্লিক কৰি FBS-Trading Broker এপটো install কৰি লব।
২)Google বা Facebook ৰে Signup/Login কৰিব।
৩) Email আৰু Mobile number verify কৰিব।
৪) ID verify কৰিব(আধাৰ কাৰ্ডৰ নম্বৰ দি দুই পিঠি আপলোড কৰিব)
৫) Standard Account বাচি লব। পিছলৈ সুবিধা হয়।
৫)Email ত অহা  ID( Account number) আৰু password লিখি ৰাখিব।
৬) ইমেইলত MT5 install কৰিব দিব আৰু তাত Meta Trader login (আপোনাৰ ac ID) , Meta Trader Server: FBS-Real আৰু View the Password আহিব। View the password ত ক্লিক কৰি password লিখি লব।
৭) এতিয়া FBS এপটো খুলি Promotions ত গৈ No deposit bonus account টো active কৰি TRADE ত  ক্লিক কৰিলে MT5 লৈ গুচি যাব। তাত আপোনাৰ Ac ID আৰু password দি Login কৰিলে আপুনি trade কৰিব পৰা হ'ব। ( Terms & conditions পঢ়ি চাব) তেনেকৈ Level up Bonus account টো active কৰি লব লাগে। ইয়াৰ বাবে Facebook ৰে login কৰিব লাগে। সেইকাৰণে account খোলাৰ সময়তে Facebook বাচি লব।
৮) আপুনি Standard Account খুলিছে যদিও প্ৰথম অৱস্হাত তাত trade কৰিব বা টকা জমা কৰিব নালাগে। প্ৰথমতে Bonus account বোৰত trade কৰি থাকিব। Level up bonus account টো ভাল বুলি ভাবো।



CURRENCY ত SELL:- 


আমাৰ সকলোৰে মনত ধাৰণা এটা সোমাই আছে যে কোনো বস্তু নিকিনাকৈ কেনেকৈ SELL কৰিম। আমি শ্বেয়াৰ কিনো আৰু লাভ হ'লে বিক্ৰী কৰো, এই কথা সকলোৱে জানে। SELL ৰ ধাৰণা BUY ৰ সম্পূৰ্ণ বিপৰীত। F&O ত CALL (CE) আৰু PUT(PE) বিষয়ে পাইছে। CALL ত BUY কৰিলে আপোনাৰ কিনা দামতকৈ বেচা দাম অধিক হ'লে লাভ হয়। ঠিক তেনেকৈ PUT কিনিলে আপোনাৰ কিনা দামতকৈ বেচা দাম কমিলেহে আপোনাৰ লাভ হ'ব।  গতিকে Currency ত যেতিয়া দাম বাঢ়ি উচ্চ পৰ্যায় পায় , তেনে অৱস্হাত আপুনি BUY কৰিলে লোকচান হ'ব পাৰে। গতিকে আপুনি SELL কিনিব পাৰে।
  
      আজি মই JPRYINR ৰ চাৰিটা SELL লট কিনিছো। Avg. 66.7700 টকা আৰু LTP 66.6750 . এটা লটত লাভ 66.7700 - 66.6750=95.00 টকা , মুঠ লাভ 95x4=380.00 টকা। বুজিবৰ বাবে উদাহৰণটো দিলো। গতিকে যিমানে দাম কমি যাব সিমানে লাভ হব। BUY আৰু SELL লট কিনোতে দাম প্ৰায় সমান হয়।


এটা ডিমেট একাউণ্ট কিয় প্ৰয়োজনীয় ? ডিমেট একাউণ্টৰ লক্ষ্য আৰু উদ্দেশ্য কি ?


উত্তৰ :- যদিহে আপুনি ষ্টক বজাৰত বিনিয়োগ কৰিব খুজিছে, তেন্তে আপোনাক এটা ডিমেট একাউণ্ট খুলিবলৈ পৰামৰ্শ দিয়া হয় । ইয়াৰ মূখ্য কাৰণ তিনিটা -

১) ষ্টক বজাৰত বিনিয়োগ কৰিবলৈ - আপোনাৰ ডিমেট একাউণ্টত, আপুনি Exchange Traded Fund, Bond, Government Bond, Mutual Fund, Equity Share, আদি থব পাৰে । সেয়েহে আপুনি প্ৰথমে অনলাইন ডিমেট একাউণ্ট এটা খুলিব লাগিব ।  Stock/share কিনাৰ অৰ্ডাৰ আপোনাৰ ট্ৰেডিং একাউণ্টৰ যোগেদি হ'ব, আৰু এই stock কিনাৰ বাবে যি ধন লাগিব, সেয়া আপোনাৰ বেংক একাউণ্টৰ পৰা আহিব । Stockটো কিনাৰ পিছত এইটো আপোনাৰ ডিমেট একাউণ্টলৈ যাব ।

২) সুৰক্ষিত বিনিয়োগৰ বাবে - শ্বেয়াৰ কিনাৰ পিছত চাৰ্টিফিকেটৰ আকাৰত থোৱাতো অলপ বিপদজনক । যিকোনো কাৰণত নষ্ট হ'ব পাৰে বা হেৰাই যাব পাৰে । ডিমেট একাউণ্টত আপোনাৰ শ্বেয়াৰটো ডিজিটেল ৰূপত থাকিব, ফলত হেৰাই যোৱা, চোৰ হোৱা বা নষ্ট হৈ যোৱাৰ ভয় নাই । লগতে আপুনি ট্ৰেন্সফাৰ কৰিবও পাৰিব ।

৩) ওপৰঞ্চিকৈ পোৱা ধন বা ভাত্তা - ডিমেট একাউণ্টক আপুনি বেংকৰ পৰা লোৱা ঋণৰ ক্ষতিপূৰক হিচাপেও ব্যৱহাৰ কৰিব পাৰে । ডিমেট একাউণ্টৰ যোগেদি আপুনি ঋণ ও ল'ব পাৰে । বেংকত ঋণ জমাবন্দী হিচাপেও দিব পাৰে । যদি আপুনি কোনো কম্পেনীৰ শ্বেয়াৰ কিনি থৈছে, তেন্তে কম্পেনীয়ে শ্বেয়াৰধাৰকক দিয়া লাভাংশ, সূত, ৰিফাণ্ড আপোনাৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব ।

ডিমেট একাউণ্টৰ লক্ষ্য আৰু উদ্দেশ্য :-


ক) সুৰক্ষা প্ৰদান 
ডিমেট একাউণ্টৰ সৰ্বপ্ৰথম লক্ষ্য আৰু উদ্দেশ্য হৈছে বিনিয়োগকাৰীৰ বিনিয়োগক সুৰক্ষা প্ৰদান কৰা । ডিমেটত শ্বেয়াৰবোৰ ইলেকট্ৰণিক ৰূপত সংৰক্ষিত হৈ থকা বাবে শ্বেয়াৰৰ কিনা-বেচাৰ খতিয়ান, হিচাপ আদি লক্ষ্য ৰাখিবলৈ সহজ হ'ল । এইবাবে কোনো ধৰণৰ জালিয়াতি হোৱাৰো সম্ভাৱনা নাই ।

খ) সুচলতা 
সুৰক্ষাৰ লগতে গ্ৰাহকৰ বাবে প্ৰয়োজনীয় আন এটা দিশ হ'ল সুচলতা । যিসময়ত ডিমেট একাউণ্টৰ ব্যৱস্থা নাছিল, আপোনাৰ নামলৈ শ্বেয়াৰ ট্ৰেন্সফাৰ কৰিবলৈ হ'লে, কম্পেনীলৈ শ্বেয়াৰ চাৰ্টিফিকেট সমূহ পঠাই দিব লাগিছিল, বা পঞ্জীয়ন কৰাব লাগিছিল । এইটো বৰ আমনিদায়ক,খৰচী আৰু সাংঘাটিক ধৰণে লেহেমীয়া প্ৰক্ৰিয়া আছিল । কেতিয়াবা কম্পেনীলৈ প্ৰেৰণ কৰোতে মাজবাটতে নষ্ট হৈছিল বা হেৰাই গৈছিল । তদুপৰি শ্বেয়াৰখিনি নিজৰ নামলৈ আহোতে কেইবা মাহ পৰ্যন্ত লাগিছিল । আপোনাৰ ঠিকনা সলাব লগা হ'লেও কম্পেনীলৈ লিখিব লাগিছিল । বৰ্তমান সময়ত ডিমেট একাউণ্টত খুব বেছি তিনিদিনত (T+2) সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হয় । যিকোনো ধৰণৰ সালসলনিত বাবে আপোনাৰ ব্ৰকাৰত ( Depositary Participant) জনালেই, তেওঁলোকে ক্ষীপ্ৰতাৰে সলনি কৰি দিয়ে ।

গ) ব্যয় কুশলতা 
যেতিয়া ধনৰ সৰবৰাহ উন্নত মানৰ হয়, কিনা-বেচাৰ বাবে হোৱা ব্যয়ৰ মানো কম হয় । শ্বেয়াৰ কিনা-বেচাৰ ক্ষেত্ৰতো একেই হয় । আপুনি অনলাইনৰ মাধ্যমতে শ্বেয়াৰ কিনা-বেচা কৰিব পাৰে বাবে আনুসংগিক ব্যয় কিছুমানৰ পৰা হাত সাৰে । আগতে শ্বেয়াৰ কিনা-বেচা কৰিবলৈ বহুতো প্ৰ-পত্ৰ পূৰণ কৰিব লগা হৈছিল, যাতে প্ৰ-পত্ৰবোৰ সময়ত গন্তব্যস্থান গৈ পায়গৈ । আগতে বিনিয়োগকাৰী এজনে ষ্টক একচেঞ্জৰ পৰা share transfer stamp সংগ্ৰহ কৰি, শ্বেয়াৰ চাৰ্টিফিকেটত লগাই পঠাব লগা হৈছিল । সৰু নগৰ অঞ্চলৰ মানুহৰ কাৰণে এইটো বৰ কঠিন আৰু খৰচী কাম আছিল । ডিমেট একাউণ্ট অহাৰ পৰা শ্বেয়াৰ কিনা-বেচাৰ বাবে কৰা ব্যয় হ্ৰাস পালে আৰু stamp dutyৰ প্ৰয়োজন নোহোৱা হৈ পৰিল ।

ঘ) নমনীয়তা 
শ্বেয়াৰ বজাৰত শ্বেয়াৰ কিনা-বেচা কৰিবলৈ ধনী বিনিয়োগকাৰী আৰু ক্ষুদ্ৰ বিনিয়োগকাৰীৰ বাবে সমান সুযোগ থাকে । আগতে কম শ্বেয়াৰ থকা গ্ৰাহক এজনে, তেওঁৰ শ্বেয়াৰখিনি বেচিবলৈ কিনোতা বিচাৰিয়েই নাপাইছিল । যিসকল সৰহীয়াকৈ শ্বেয়াৰ কিনিছিল, তেওঁলোকেহে সহজে বেচিব পাৰিছিল । গোটেই হিচাপবোৰ হাতেৰে কৰা হৈছিল বাবে ক্ষুদ্ৰ বিনিয়োগকাৰীক কমকৈ গুৰুত্ব দিছিল । এতিয়া আপুনি যিমান ইচ্ছা, সিমান শ্বেয়াৰ কিনা-বেচা কৰিব পাৰে ।

(সময়ৰ খেতি সময়ৰ চপাব:-

এজন খেতিয়কে বছৰত কেইবাটাও খেতি কৰে। ধান খেতি, সৰিয়হ খেতি, আলু, বিলাহী, কবি আদি। এইবোৰ হস্ৰম্যাদী(Shorterm)। কিছুমান ফলৰ খেতি এবাৰ কৰাৰ পিছত বছৰ বছৰ ধৰি ফল দি থাকে। এনেবোৰ খেতিক আমি দীৰ্ঘম্যাদী(Longterm) খেতি কব পাৰো। এনে খেতি ৰোপন কৰাৰ পৰা চাৰি-পাঁছবছৰৰ পিছতহে ফল দিবলৈ ধৰে।যেনে আম, কঠাল, নাৰিকল, তামোল আদি।
শ্বেয়াৰ বজাৰতো আমি বিনিয়োগ কৰোতে কোনবোব ষ্টক Shorterm আৰু কোনবোৰ ষ্টক Longertm ত বিনিয়োগ কৰিব লাগে জনা উচিত।যিবোৰ ষ্টক Fundamentally মজবুত আৰু Largecapৰ তেনে ষ্টকহে আমি Longermৰ বাবে বিবেচনা কৰা উচিত। দুই-এটা Midcaps ভাল ষ্টক Longterm ৰ বাবে ৰাখিব পাৰে। Largcapৰ ষ্টক প্ৰথম এক-দুই বছৰত ভাল ৰিটাৰ্ণ দিব নোৱাৰিলেও পিছলৈ ভাল ৰিটাৰ্ণ আশা কৰিব পাৰে। আম এজোপা ৰুৱাৰ পাঁছবছৰৰ পিছতহে ভাল ফল দিব।
যিমানে ডাল মেলি ডাঙৰ হ'ব সিমানে পিছলৈ ফল বেচি পোৱাৰ আশা কৰিব পাৰে।
ধান, সৰিয়হ আদি খেতি সময়ত চপাব নোৱাৰিলে পথাৰতে নষ্ট হৈ যাব। এন্দুৰ, চৰাই-চিৰিকতি খাই নষ্ট  কৰিব।ঠিক তেনেকৈ Smallcap বা Penny ষ্টক আদি লাভত থাকোতে Profit booking বা বেচিব লাগে। তেনে নকৰিলে দাম কমি গলে মনবোৰ অনুশোচনা হয়। এয়া মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছো।)

শ্বেয়াৰ মাৰ্কেট বুলি কলে আমাৰ মানুহে বেচি ভাগেই ভয় কৰে।ভয় কৰে investment বা বিনিয়োগ কৰা টকাখিনি ডুবি যাব নেকি ? ডুবি যাব পাৰে যদিহে আপুনি ভাল কোম্পানীৰ শ্বেয়াৰ কিনিব নাজানে, বা আপুনি কোনো অধ্যয়ন নকৰাকৈ Intraday trading কৰিছে। কেৱল আপোনাক ধৈর্য্য আৰু মনোবল লাগিব। কেতিয়াবা আপুনি কিনা ভাল কোম্পানীৰ শ্বেয়াৰো এমাহমান লোকচান দিব পাৰে, তেনে পৰিস্হিতিত শ্বেয়াৰ নেবেচি আৰু কিনিব লাগে। পুনৰ কিনিলে আপোনাৰ গড় কিনা দাম (Avg. Price) কমি যাব আৰু সোনকালে লাভৰ মুখ দেখিব। বিনিয়োগ কলে আমি কিনা শ্বেয়াৰবোৰ কমেও এবছৰ ৰাখিব লাগে। যিমানে বেচি দিন ৰাখিব সিমানে আমাৰ লাভ বেচি হ'ব।

✍️ নৰোত্তম ৰাভা, ফোন-7002265500

loading widget to trade HINDUNILVR

loading widget to trade RELIANCE

loading widget to trade TCS

loading widget to trade PIDILITIND

loading widget to trade INFY

loading widget to trade WIPRO

loading widget to trade HDFCBANK

loading widget to trade BHARTIARTL


চিকিউৰিটি বজাৰত বিনিয়োগ/ব্যৱসায় বজাৰৰ বিপদাশংকা সাপেক্ষে, অতীতৰ প্ৰদৰ্শন ভৱিষ্যতৰ প্ৰদৰ্শনৰ গেৰাণ্টি নহয়। ইকুইটছ, ডেৰিভেটিভ, সামগ্ৰী আৰু মুদ্ৰাকে ধৰি চিকিউৰিটি বজাৰত ব্যৱসায় আৰু বিনিয়োগত লোকচানৰ আশংকা যথেষ্ট হ'ব পাৰে। এইবোৰ হৈছে লাভান্বিত সামগ্ৰী যি আপোনাৰ বিনিয়োগ কৰা মূলধনলৈকে লোকচানৰ যথেষ্ট বিপদাশংকা বহন কৰে আৰু সকলোৰে বাবে উপযুক্ত নহ'ব পাৰে। সেয়েহে আপুনি আপোনাৰ বিত্তীয় অৱস্থাৰ পৰিপ্ৰেক্ষিতত এনে ব্যৱসায় আপোনাৰ বাবে উপযুক্ত নে নহয় সাৱধানে বিবেচনা কৰা উচিত। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি অন্তৰ্ভুক্ত বিপদাশংকাবোৰ সম্পূৰ্ণভাৱে বুজি পায় আৰু আপোনাৰ বিপদাশংকা বহন ক্ষমতা অনুসৰি ধন বিনিয়োগ কৰে।

2 Comments

Previous Post Next Post