বিশ্লেষণ পক্ষাঘাত আৰু মানসিক স্বাস্থ্য Analysis paralysis


মানসিক স্বাস্থ্যত বিশ্লেষণ পক্ষাঘাত (Analysis paralysis) এক গুৰুত্বপূৰ্ণ বিষয়। বিশ্লেষণ পক্ষাঘাতে মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়।
মানসিক স্বাস্থ্যৰ লগত ব্যক্তিৰ মানসিক, আবেগিক আৰু সামাজিক সুস্থতাৰ কথা জড়িত হৈ থাকে। ইয়াৰ দ্বাৰা ব্যক্তিৰ চিন্তা,অনুভূতি আৰু আচৰণৰ ওপৰত প্ৰভাৱ পৰে। মানসিক স্বাস্থ্যই ব্যক্তিৰ দৈনন্দিন জীৱনত কেনেদৰে কাম কৰে, মানসিক চাপ, আন ব্যক্তিৰ লগত সামাজিক সম্পৰ্ক, জীৱনত কেনেদৰে অৰিহণা যোগায়, সেইবোৰক প্ৰভাৱিত কৰে। 

বিশ্লেষণ পক্ষাঘাত বা Analysis paralysis হৈছে - যি কোনো বিষয় বা সিদ্ধান্তত উপনিত হব নোৱাৰা এক অৱস্থা, যত বিকল্পও থাকিব পাৰে কিন্তু সঠিক সিদ্ধান্ত কি লব লাগে তাক লৈ মনৰ মাজত এখন অন্তহীন কাজিয়াৰ সৃষ্টি হয় আৰু একো সিদ্ধান্ত বাছি ল’ব নোৱাৰাৰ দৰে অৱস্থাৰ সৃষ্টি হয়।

Analysis paralysis য়ে যেন জীৱনত আউল লগায়। অসমীয়াত ফকৰা-যোজনা এটা আছে - অধিক মাছত বগলী কণা, ইফালে মাছ বগলীৰ প্রিয় খাদ্য আৰু মাছৰ পৰিমাণ যেতিয়া অধিক হয়, সেই সময়ত বগলীৰ মাছ কোনটো এৰি কোনটো ধৰিম ভাবি থাকোতেই মাছ পলাই নোহোৱা হয় আৰু বগলীয়ে সুযোগ পাইও হেৰুৱাই নিৰাশ হব লগা হয়। বিশ্লেষণ পক্ষাঘাতো মনৰ ভিতৰত নানান বিকল্প সিদ্ধান্তৰ সৈতে এনেধৰণৰ ক্ৰিয়া কৰে।

বিশ্লেষণ পক্ষাঘাত (Analysis paralysis) যিকোনো সিদ্ধান্ত অতিমাত্ৰা চিন্তা কৰি থাকিলে, যিকোনো বিষয় বা গৱেষণা অত্যধিক কৰিলে, কৰবাত বিফলতাৰ ভয়, ভুল বাছনি কৰাৰ ভয়ৰ সৃষ্টি হয়, শেষত অগ্ৰগতিত বাধাৰ সৃষ্টি হয়।

বিশ্লেষণ পক্ষাঘাত (Analysis paralysis) য়ে উদ্বেগ, হতাশা আৰু Attention-deficit/hyperactivity disorder (ADHD) ৰ সৃষ্টি কৰিব পাৰে।


বিশ্লেষণ পক্ষাঘাত (Analysis paralysis)ৰ ফলত মানসিক চাপ বৃদ্ধি হব পাৰে, বিকল্প বা ভুল সিদ্ধান্ত লোৱা বুলি ভাবি মনত ভয়ৰ সৃষ্টি হয় আৰু উদ্বেগ আৰু মানসিক চাপৰ দৰে সমস্যাৰ উদ্ভৱ হয়।

বিশ্লেষণ পক্ষাঘাত (Analysis paralysis) কেনেকৈ দূৰ কৰিব -

বিশ্লেষণ পক্ষাঘাত দূৰ কৰিবলৈ জীৱনত সৰু সৰু সিদ্ধান্তৰে আগবাঢ়িব। খোজ কাঢ়িবলৈ যাব পাৰে, ধ্যান, ব্যায়াম, যোগাসন কৰিব। যিকোনো সিদ্ধান্ত লোৱাত বিভ্ৰান্তিৰ সৃষ্টি হলে অত্যধিক লোকৰ পৰা পৰামৰ্শ নিবিচাৰি কেৱল বিশ্বাসযোগ্য ব্যক্তিৰ পৰাহে পৰামৰ্শ  গ্ৰহণ কৰিব। সিদ্ধান্ত গ্ৰহণৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰিব, তেতিয়া দীৰ্ঘদিনীয়া অতিৰিক্ত চিন্তাধাৰা, অত্যাধিক ভাৱে কৰা বিশ্লেষণ আদি ৰোধ কৰাত সহায়ক হ’ব পাৰে। 

Post a Comment (0)
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব