মিউচুৱেল ফাণ্ডৰ বিষয়ে

 

আৰম্ভণি:

      সকলো বন্ধু-বান্ধৱীকে আমাৰ ব্লগ puhorbisarijau.in লৈ স্বাগতম জনালোঁ। আজি মিউচুৱেল ফাণ্ডত বিনিয়োগৰ সম্পৰ্কে লিখিবলৈ আগবাঢ়িছোঁ। মিউচুৱেল ফাণ্ডৰ বিষয়ে আগতে টিভিৰ বিজ্ঞাপনত দেখি আহিছো "মিউচুৱেল ফাণ্ড চাহী হে" "Mutual fund sahi hai" আৰু সেই বিজ্ঞাপনৰ শেষত যে মানুহ এজনে খৰকৈ পঢ়ি দিয়ে - "Mutual fund Investments are subject to market risks, read all scheme related documents carefully." সেই তাহানিৰ এই বিজ্ঞাপনৰ পৰা ২০২০ চনৰ কোভিড মহামাৰী সময়ৰ আগলৈকে ভালকৈ মিউচুৱেল ফাণ্ডৰ বিষয়ে বুজা হোৱা নাছিল, কিন্তু লাহেকৈ ২০২০ ৰ কোভিড মহামাৰী সাম কটাৰ পিছত মোবাইলৰ বিজ্ঞাপন, ফেচবুকৰ বিভিন্ন গ্ৰুপ, WhatsApp ৰ কিছুমান গ্ৰুপ আদিত মিউচুৱেল ফাণ্ডত বিনিয়োগ, শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ, ট্ৰেডিং আদি আলোচনাই স্থান পাবলৈ ধৰিলে। সেই সময়ৰ পৰা মই এই বিষয়সমূহ গুৰুত্ব দি আহিছো। তেন্তে অলপো পলম নকৰি বলক মিউচুৱেল ফাণ্ডৰ বিষয়ে আগবাঢ়ো।

● মিউচুৱেল ফাণ্ড কি?

         মিউচুৱেল ফাণ্ড হৈছে বিনিয়োগকাৰীৰ পৰা সংগ্ৰহীত টকা বিভিন্ন স্তৰ যেনে - ইকুইটি (ষ্টক), বণ্ড আৰু বিভিন্ন সম্পত্তিত বিনিয়োগ কৰি বিনিয়োগকাৰী সকলক বৈচিত্ৰ্যপূৰ্ণ পৰ্টফলিঅ' প্ৰদান কৰে আৰু বিনিয়োগ কৰা টকাৰ আকৰ্ষণীয় বাৰ্ষিক আয় দিবলৈ চেষ্টা কৰে। মিউচুৱেল ফাণ্ড সমূহ অভিজ্ঞ ফাণ্ড মেনেজাৰে পৰিচালিত কৰে বাবে বিনিয়োগকাৰীৰ বৃহৎ টকা নানান বিনিয়োগৰ মাধ্যমত ৰাখি আয় কৰিবলৈ আগবাঢ়ে।
(ভাৰতৰ কেইটামান মিউচুৱেল ফাণ্ড প্ৰতিষ্ঠান হৈছে - SBI Mutual fund, HDFC Mutual fund, Aditya Birla Sun Life Mutual fund, Axis Mutual fund, UTI Mutual fund, Nippon India Mutual fund, Kotak Mahindra Mutual fund ইত্যাদি।)

● মিউচুৱেল ফাণ্ডৰ প্ৰকাৰ:

     গাঁথনিৰ ওপৰত ভিত্তি কৰি মিউচুৱেল ফাণ্ড ৩ প্ৰকাৰৰ। সেইকেইটা হৈছে - Open-ended Funds, Closed-ended Funds আৰু Interval Funds.

১/ Open-ended Funds (মুক্ত-সমাপ্ত পুঁজি) : Open-ended funds ত বিনিয়োগকাৰীক মিউচুৱেল ফাণ্ডৰ ইউনিট ক্ৰয় আৰু বিক্ৰী কৰিবলৈ অনুমতি অবিৰতভাবে দিয়ে।

২/ Closed-ended funds (বন্ধ-সমাপ্ত পুঁজি) : Closed-ended funds সমূহত বিনিয়োগকাৰীয়ে প্ৰথম মুকলিৰ সময়তহে ক্ৰয় কৰিব পাৰে আৰু মেচিউৰিটিৰ সময়সীমা থাকে। এই Closed-ended funds সমূহত সীমিত সংখ্যক ইউনিট উপলব্ধ থাকে।

৩/ Interval funds (ব্যৱধান পুঁজি) : Interval funds সমূহে মুক্ত আৰু বন্ধ-সমাপ্ত পুঁজি সমূহৰ বৈশিষ্ট্য একত্ৰিত কৰে। Interval funds সমূহত বিনিয়োগকাৰীক পূৰ্বনিৰ্ধাৰিত ব্যৱধানত মাজে-সময়ে ফাণ্ডৰ টকা উলিওৱাত অনুমতি দিয়ে।

● সম্পত্তিৰ শ্ৰেণীসমূহৰ ওপৰত ভিত্তি কৰি মিউচুৱেল ফাণ্ডৰ প্ৰকাৰ সমূহ:
১/ Equity funds
২/ Debt funds
৩/ Hybrid funds

১/ Equity funds (ইকুইটি ফাণ্ড) : মিউচুৱেল ফাণ্ডৰ ফাণ্ড মেনেজাৰ সকল যিহেতু বহুত অভিজ্ঞ। তেওঁলোকে ইকুইটি ফাণ্ড সমূহৰ টকা কোম্পানী সমূহৰ শ্বেয়াৰত বিনিয়োগ কৰে। যেনে - Large cap Equity funds, Midcap Equity funds, Smallcap Equity funds ইত্যাদি।

২/ Debt Funds (ঋণ পুঁজি) : Debt funds ৰ টকা চৰকাৰী বণ্ড, কৰ্পৰেট বণ্ড, ট্রেজাৰী বিল ইত্যাদিত বিনিয়োগ কৰে। Debt funds ৰ সুতৰ হাৰ বিনিয়োগকাৰীয়ে মেচিউৰিটিৰ সময়ত লাভ কৰিব পাৰে। শ্বেয়াৰ বজাৰ উঠা-নমাৰ লগত Debt funds ৰ ৰিটাৰ্নত প্ৰভাৱ নপৰে।

৩/ Hybrid funds (সম্পত্তিৰ মিশ্ৰণ) : Hybrid funds সমূহে শ্বেয়াৰ, বণ্ড ইত্যাদিত মিশ্ৰিতভাবে বিনিয়োগ কৰে। ফাণ্ড মেনেজাৰসকলে সক্ৰিয়ভাবে পৰ্টফলিঅ' পৰিচালনা কৰি ভাৰসাম্য ৰক্ষা কৰি বিনিয়োগকাৰীক ৰিটাৰ্ন প্ৰদান কৰিবলৈ চেষ্টা কৰে।

● কিয় মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব লাগে:

        ক্লাছ টেনত অংক ছাৰে বুজোৱা সেই চক্ৰবৃদ্ধি সুতৰ কথাখিনি এতিয়া ভালকৈ অনুভৱ কৰোঁ। কাৰণ চক্ৰবৃদ্ধি সুত হৈছে - এটা নিৰ্দিষ্ট সময়ৰ শেষত মূলধন আৰু সুতৰ যোগফল হৈছে ধনৰ যোগফল, আকৌ পৰৱৰ্তী সময়ত সেই প্ৰথমতে পোৱা ধনৰ যোগফলৰ ওপৰত পোৱা সুতৰ যোগফল। এনেকৈ এটা নিৰ্দিষ্ট সময়ৰ শেষত যিকোনো মূলধনৰ বৃদ্ধি মূলধনত যোগ কৰা হয় আৰু পৰৱৰ্তী সময়ছোৱাৰ বৃদ্ধি এই বৃদ্ধি পোৱা মূলধনৰ ওপৰত গণনা কৰা হয়। পিছে এই চক্ৰবৃদ্ধি সুতৰ লগত মিউচুৱেল ফাণ্ডৰ কিবা সম্পৰ্ক আছে নে? হয়, আছে। সততে আমি কৈ থাকোঁ Compound Interest Mutual fund বা Power of compounding Mutual fund ইত্যাদি। মিউচুৱেল ফাণ্ড সমূহত টকা চক্ৰবৃদ্ধি সুতৰ দৰেই কাম কৰে। সাধাৰণতে মিউচুৱেল ফাণ্ড সমূহে কমেও বাৰ্ষিক ৰিটাৰ্ন ১৪ শতাংশ দিবলৈ সক্ষম হয় (বজাৰৰ বিপদআশংকা জড়িত হৈ থাকে)।

          যদি প্ৰতি মাহে ৫০০০ টকা মিউচুৱেল ফাণ্ডত ৫ বছৰৰ বাবে বিনিয়োগ কৰোঁ আৰু বছেৰেকত ১৪ শতাংশ ৰিটাৰ্ন ধৰোঁ তেন্তে হব -
◆ বিনিয়োগৰ পৰিমাণ - ৩ লাখ
◆ ৰিটাৰ্ন - ১ লাখ ৩৬ হাজাৰ
◆ মুঠ ৪ লাখ ৩৬ হাজাৰ।

        যদি প্ৰতি মাহে ৫০০০ হাজাৰ টকা মিউচুৱেল ফাণ্ডত ২০ বছৰৰ বাবে বিনিয়োগ কৰোঁ আৰু বছেৰেকত ১৪ শতাংশ ৰিটাৰ্ন ধৰোঁ তেন্তে হব -
◆ বিনিয়োগৰ পৰিমাণ - ১২ লাখ টকা
◆ ৰিটাৰ্ন - ৫৩ লাখ ৮১ হাজাৰ
◆ মুঠ - ৬৫ লাখ ৮১ হাজাৰ।

মুঠ ১২ লাখ টকা বিনিয়োগ কৰা হৈছিল কিন্তু ৫৩ লাখ ৮১ হাজাৰ কেনেকৈ ৰিটাৰ্ন সম্ভৱ হ'ল! এয়াই হৈছে Power of Compounding in Mutual fund ।

   ইমান ধুনীয়া ৰিটাৰ্ন যে দেখিছে মিউচুৱেল ফাণ্ডত কিন্তু Market Risks জড়িত হৈ আছে। যেনে হৈ যোৱা ১৯৯৫-২০০০ চনৰ dotcom bubble, ২০০৮ চনৰ Global financial Crisis, ২০২০ চনৰ Covid-19 ইত্যাদি সমূহত শ্বেয়াৰ মাৰ্কেটত বিপৰ্যয় ঘটিলে পোনপটীয়াকৈ মিউচুৱেল ফাণ্ডতো প্ৰভাৱ পৰে। সেয়ে আপোনাৰ বিপদআশংকা বহন ক্ষমতা অনুসৰি ধন বিনিয়োগ কৰা উচিত।

● মিউচুৱেল ফাণ্ডৰ সুবিধা:

১/ বৈচিত্ৰতা:- মিউচুৱেল ফাণ্ডত আপুনি বিনিয়োগ কৰা টকা অভিজ্ঞ ফাণ্ড মেনেজাৰসকলে ভাল ভাল শ্বেয়াৰ, বণ্ড আৰু অন্যান্য স্তৰত বিনিয়োগ কৰি ভাৰসাম্য ৰক্ষা কৰে।কিছুমান শ্বেয়াৰে ভাল ৰিটাৰ্ন দিবলৈ সক্ষম নহলেও বেলেগ শ্বেয়াৰ বা বণ্ড ইত্যাদিয়ে ৰিটাৰ্ন দিবলৈ সক্ষম হব।

২/ পেছাদাৰী ব্যৱস্থাপনা:- মিউচুৱেল ফাণ্ড সমূহ পেছাদাৰী ফাণ্ড পৰিচালকে দৈনিক নিৰীক্ষণ কৰে আৰু ক'ত বিনিয়োগ কৰিলে সুৰক্ষিত, ৰিটাৰ্ন অধিক পোৱা সম্ভৱ তেনে স্থানত বিনিয়োগ কৰি বিনিয়োগকাৰীক উপকৃত কৰে।

৩/ কম টকাৰ পৰা বিনিয়োগ আৰম্ভ:- মিউচুৱেল ফাণ্ডত নূন্যতম ১০ টকা, ১০০ টকাৰ পৰা SIP বা Lumpsum বিনিয়োগ কৰিব পাৰে। ভাৰতৰ Navi Mutual fund প্ৰতিষ্ঠানে ১০ টকাৰ পৰা মিউচুৱেল ফাণ্ডত বিনিয়োগৰ বাবে খোলা ৰাখিছে।

৪/ লিকুইডিটি:- আপোনাৰ কোনো জৰুৰীকালীন অৱস্থাত মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা টকা দুই-তিনি দিনৰ ভিতৰত উলিয়াব পৰা স্বাধীনতা প্ৰদান কৰে।অৰ্থাৎ যিসমূহ মিউচুৱেল ফাণ্ডৰ Lock in Period নাই সেই সমূহ ফাণ্ডৰ পৰা টকা জৰুৰীকালীন অৱস্থাত প্ৰয়োজন হলে উলিয়াব পাৰি।

৫/ বিনিয়োগৰ সুবিধা:- মিউচুৱেল ফাণ্ডত বিনিয়োগৰ বাবে আজিকালি অনলাইনত একাউণ্ট খুলি বিনিয়োগ আৰম্ভ কৰিব পৰা যায়। Kyc জমা দিয়াৰ পিছত ডিমেট একাউণ্টত দুই-তিনি দিনৰ পিছৰ পৰাই মিউচুৱেল ফাণ্ডত বিনিয়োগ আৰম্ভ কৰিব পাৰে।

● মিউচুৱেল ফাণ্ডৰ অসুবিধা:

১/ মাচুল:- মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে ফাণ্ড মেনেজাৰে সক্ৰিয়ভাৱে পৰিচালিত ধনৰ বাবে নূন্যতম মাচুল আদায় কৰে। বিনিয়োগকাৰীয়ে নিৰ্দিষ্ট সময়ৰ আগতে ইউনিট বিক্ৰী কৰিলে Exit Load ৰ বাবদ মাচুল দিব লাগে।

২/ ফাণ্ড মেনেজাৰৰ ওপৰত নিৰ্ভৰশীল:- মিউচুৱেল ফাণ্ডৰ পুঁজিৰ কাম-কাজ ফাণ্ড মেনেজাৰৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে। মধ্যম স্তৰৰ দক্ষতা থকা ফাণ্ড মেনেজাৰ মিউচুৱেল ফাণ্ডৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।

৩/ বৈচিত্ৰ্যতা অধিক:- মিউচুৱেল ফাণ্ড সমূহে যিহেতু শ্বেয়াৰ, বণ্ড আৰু অন্যান্য স্তৰত বিনিয়োগ কৰাৰ ফলত কোনো আঁচনিৰ কোনো বিশেষ ছিকিউৰিটিৰ মূল্য অধিক হলেও মিউচুৱেল ফাণ্ডৰ পৰ্টফলিঅ' সমূহত অধিক লাভ দেখা নাযায়।

৪/ উঠা-নমা কৰা ৰিটাৰ্ন:- মিউচুৱেল ফাণ্ড সমূহত লাভৰ নিশ্চয়তা দিয়া নহয় কাৰণ শ্বেয়াৰ বজাৰৰ সৈতে প্রত্যক্ষভাৱে জড়িত হৈ থাকে। বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি মিউচুৱেল ফাণ্ড সমূহৰ NAV মূল্য (Net Asset Value), ৰিটাৰ্ন আদি সলনি হৈ থাকে।

● মিউচুৱেল ফাণ্ডৰ NAV কি হয়?


NAV অৰ্থাৎ Net Asset Value। মিউচুৱেল ফাণ্ড সমূহৰ প্ৰতি ইউনিটৰ মূল্য ইয়াৰ NAV ৰ দ্বাৰা বুজোৱা হয়। যেনেকৈ শ্বেয়াৰৰ মূল্য উঠা নমা হয় ঠিক তেনেকৈ মিউচুৱেল ফাণ্ডৰো NAV ইউনিট উঠা নমা হয় কিন্তু শ্বেয়াৰৰ দৰে অত্যধিক অস্থিৰ নহয়। ধৰি লোৱা হ'ল, মিউচুৱেল ফাণ্ডৰ যিকোনো এটা ফাণ্ডৰ NAV মূল্য হৈছে ৪৫ টকা, আপুনি যদি সেই মিউচুৱেল ফাণ্ডত ১০০০ টকা বিনিয়োগ কৰে তেন্তে ২২.২২ পৰিমাণৰ ইউনিট লাভ কৰিব।

আমাৰ দ্বাৰা আগবঢ়োৱা বিনিয়োগ আৰু সেৱাসমূহ সকলো বিনিয়োগকাৰীৰ বাবে উপযুক্ত নহ'ব পাৰে। যদি বিনিয়োগৰ গুণাগুণ সম্পৰ্কে আপোনাৰ কোনো সন্দেহ আছে, আপুনি এজন স্বতন্ত্ৰ বিত্তীয় উপদেষ্টাৰ পৰা পৰামৰ্শ লোৱা উচিত।

সামৰণি:

       মিউচুৱেল ফাণ্ডৰ সম্পৰ্কে এই লেখাটোত মিউচুৱেল ফাণ্ডত বিনিয়োগ, সুবিধা, অসুবিধা, মিউচুৱেল ফাণ্ডৰ প্ৰাথমিক কথা সমূহ ভাগ-বতৰা কৰিবলৈ চেষ্টা কৰিলোঁ। প্ৰতিজন লোকে মিউচুৱেল ফাণ্ডৰ সম্পৰ্কে জানিব লাগে কাৰণ প্ৰতিবছৰে গড়ে ভাৰতৰ মুদ্ৰাস্ফীতিৰ হাৰ ৫.৯৯ শতাংশ। মুদ্ৰাস্ফীতিক অতিক্ৰম কৰি আগবাঢ়িবলৈ হলে মিউচুৱেল ফাণ্ড, শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ আদি অধ্যয়নৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। মিউচুৱেল ফাণ্ড, শ্বেয়াৰ বজাৰ আদি অতীতৰ প্ৰদৰ্শন চাই ভৱিষ্যতৰ বাবে যে ভাল বা বেয়া হব এয়া আমি কোনেও কব নোৱাৰোঁ। কেৱল অনুমান কৰিব পাৰো ভাৰতৰ অৰ্থনৈতিক, বাণিজ্যিক, ৰাজনৈতিক, সামাজিক প্ৰেক্ষাপট চাই, ধন্যবাদ।

Mutual funds FAQs


ভাৰতত মিউচুৱেল ফাণ্ড কিমান চনত আৰম্ভ হৈছিল আৰু প্ৰথম মিছুৱেল ফাণ্ড প্ৰতিষ্ঠান কি আছিল?

ভাৰতত মিউচুৱেল ফাণ্ডৰ আৰম্ভণি হৈছিল ১৯৬৩ চনত। ভাৰত চৰকাৰে সেই সময়ত Unit Trust of India (UTI) আৰম্ভ কৰিছিল।

মিউচুৱেল ফাণ্ড কি?

মিউচুৱেল ফাণ্ড হৈছে বিনিয়োগকাৰীৰ পৰা সংগ্ৰহীত টকা বিভিন্ন স্তৰ যেনে - ইকুইটি (ষ্টক), বণ্ড আৰু বিভিন্ন সম্পত্তিত বিনিয়োগ কৰি বিনিয়োগকাৰী সকলক বৈচিত্ৰ্যপূৰ্ণ পৰ্টফলিঅ' প্ৰদান কৰে আৰু বিনিয়োগ কৰা টকাৰ আকৰ্ষণীয় বাৰ্ষিক আয় দিবলৈ চেষ্টা কৰে। মিউচুৱেল ফাণ্ড সমূহ অভিজ্ঞ ফাণ্ড মেনেজাৰে পৰিচালিত কৰে বাবে বিনিয়োগকাৰীৰ বৃহৎ টকা নানান বিনিয়োগৰ মাধ্যমত ৰাখি আয় কৰিবলৈ আগবাঢ়ে।

মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাটো সুৰক্ষিত নে?

হয়, সুৰক্ষিত। কাৰণ মিউচুৱেল ফাণ্ড SEBI ৰ অধীনত থাকে।

মিউচুৱেল ফাণ্ডত কেনেকৈ বিনিয়োগ কৰিব?

মিউচুৱেল ফাণ্ডত বিনিয়োগৰ বাবে আজিকালি অনলাইনত একাউণ্ট খুলি বিনিয়োগ আৰম্ভ কৰিব পৰা যায়। Kyc জমা দিয়াৰ পিছত ডিমেট একাউণ্টত দুই-তিনি দিনৰ পিছৰ পৰাই মিউচুৱেল ফাণ্ডত বিনিয়োগ আৰম্ভ কৰিব পাৰে।

মিউচুৱেল ফাণ্ড SIP কি হয়?

SIP অৰ্থাৎ - Systematic Investment Plan হৈছে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাৰ এক পদ্ধতি যাৰ দ্বাৰা বিনিয়োগকাৰীয়ে এককালীন ধনৰ পৰিৱৰ্তে নিয়মিতভাৱে মাহেকীয়া হিচাপত নিৰ্দিষ্ট ধন বিনিয়োগ কৰিব পাৰে। SIP ৰ সেই মাহেকীয়া নিৰ্দিষ্ট তাৰিখত বিনিয়োগৰ টকা বিনিয়োগকাৰীৰ বেংক একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে সংগ্ৰহ কৰি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা হয়।

মিউচুৱেল ফাণ্ড Lumpsum Investment কি হয়?

মিউচুৱেল ফাণ্ডৰ এককালীন বিনিয়োগ হৈছে বিনিয়োগৰ সময়ছোৱাৰ আৰম্ভণিতে সম্পূৰ্ণৰূপে বিনিয়োগ কৰা এককালীন ধন। যি সকলে মাহেকীয়া SIP নকৰে বা কিছু এনে লোক আছে যাৰ এটা সময়ত বহুত টকা বিনিয়োগৰ বাবে জমা হয় তেওঁলোকে এনে এককালীন বিনিয়োগ কৰিবলৈ আগবঢ়া দেখা যায়।


লগতে চাওক-

Post a Comment

Previous Post Next Post