তেজীমলা

 



তেজীমলাৰ ৰিহাত পকা অঙঠা
মেখেলাত নিগনিৰ কঠিন দাঁতৰ নিচান

আই লঘোনে থাকিম মই
ঢেঁকীৰ চাবত মূৰটো কিয় ভাঙ
বুকুখন পাতি চাচোন 
মূৰ থৈ এসোঁতা কান্দিম
আই বুলি সাৱতি ধৰিম

লাও হৈ বগাই ফুৰিছো তোৰেই বাৰীৰ একাষত
জৰা হৈ লাগিছো
ফুল হৈ ফুলিছো
আই বুলি তোকেই মাতি
মাজৰাতি উচুপি উঠিছো

ঘোঁৰাৰ পিঠিত কোঁৱৰ 
আহিছেনে উভতিছে
আঙুলিবোৰ পাবে পাবে ফুটিছে
সপোন এটাই কাষতে বহি ইনাই বিনাই কান্দিছে

নাতি দূৰত এখন নাওঁ
নাৱত এখন কেঁচা তামোলৰ চোবা
এখন ফুলাম গামোচা
আৰু এহাল তলবল চকু

শালিকী এটি হৈ
এই মাত্ৰ চাই আহিলো
কোঁৱৰে গীত এটি গাইছে
নৈ এখন বুকুৰে পাৰ হৈ গৈছে ৷৷
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →