গুগল ব্লগাৰত কেনেকৈ ব্লগ খুলিব?

 

গুগল ব্লগাৰত কেনেকৈ ব্লগ খুলিব?
গুগল ব্লগাৰত কেনেকৈ ব্লগ খুলিব?

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম গুগল ব্লগাৰ (Google Blogger) কি, কেতিয়া গুগল ব্লগাৰ মুকলি কৰা হৈছিল, কোনে গুগল ব্লগাৰৰ সৃষ্টি কৰিছিল, গুগল ব্লগাৰত কেনেকৈ ব্লগ তৈয়াৰ কৰিব ইত্যাদি। তেন্তে আহকচোন আমি আৰম্ভ কৰোঁ।

গুগল ব্লগাৰ কি?

=>   গুগল ব্লগাৰ হৈছে ব্লগ প্ৰকাশ কৰা মাধ্যম। গুগল ব্লগাৰত গুগল একাউন্ট থকা(gmail account)  সকলোৱে বিনামূলীয়াকৈ sub domain name ব্যৱহাৰ কৰি নিজা নিজা ব্লগ তৈয়াৰ কৰিব পাৰিব। গুগল ব্লগাৰ সৃষ্টি কৰিছিল Pyra Labs নামৰ প্ৰতিষ্ঠান এটাই আৰু মুকলি কৰিছিল ২৩ আগষ্ট, ১৯৯৯ চনত। Pyra Labs ৰ প্ৰতিষ্ঠান আৰু ব্লগাৰ ২০০৩ চনত গুগলে গ্ৰহণ কৰে। পিছলৈ গুগল ব্লগাৰ ( Google Blogger ) নামেৰে জনপ্ৰিয় হয় আৰু বিনামূলীয়া। sub domain name ব্যৱহাৰ কৰি আৰু Custom Domain Name ব্যৱহাৰ কৰি গুগল ব্লগাৰত ব্লগ তৈয়াৰ কৰিব পাৰে। গুগল ব্লগাৰত sub domain name ব্যৱহাৰ কৰিবলৈ ব্লগৰ URL ৰ শেষত blogspot.com ব্যৱহাৰ কৰিব পাৰিব।

গুগল ব্লগাৰত কেনেকৈ ব্লগ খুলিব?

=>   Step 1:- গুগল ব্লগাৰত ব্লগ খুলিবলৈ www.blogger.com ত ক্লিক কৰি Blogger ৰ ৱেবচাইটত প্ৰৱেশ কৰি Create your Blog ত ক্লিক কৰিব।

Step 2:- Create your Blog ক্লিক কৰাৰ পিছত Google Account বাচনি কৰি লব, তাৰ পিছত Choose a Name for your Blog ওলাব তাত ব্লগৰ নাম দি Next কৰিব।


Step 3:- Choose a URL for your Blog ত কি নাম দি ব্লগৰ URL দিব Address ত লিখি দিব (ব্লগৰ নামৰ সৈতে URL দিলে ভাল হয়) / উদাহৰণ স্বৰূপে :- যদি ব্লগৰ নাম Techno India হয় তেন্তে ব্লগৰ URL ৰ নাম technoindia.blogspot.com দিব। / ব্লগৰ URL নাম দিয়াৰ পিছত Next কৰিব।

Step 4:- Confirm your display name ত Blog Author ৰ নাম লিখিব পাৰে বা Admin বুলিও লিখি দিব পাৰে, তাৰ পিছত Finish ক্লিক কৰিব। 

Finish ক্লিক কৰাৰ পিছত আপোনাৰ ব্লগ তৈয়াৰ হৈ যাব।

Google Blogger Control Panel  

সামৰণি:-  আজি আমি জানিবলৈ সক্ষম হলো গুগল ব্লগাৰ (Google Blogger) কি, কোনে সৃষ্টি কৰিছিল, গুগল ব্লগাৰত ব্লগ কেনেকৈ খুলিব লাগে। গুগল ব্লগাৰত বিনামূলীয়াকৈ ব্লগ তৈয়াৰ কৰি জ্ঞান ভাগ-বতৰা কৰাৰ লগতে টকা উপাৰ্জনৰো পথ মুকলি কৰিব পাৰি গুগল এডচেন্সৰ যোগেদি আৰু আন বহু উপায়ৰ জৰিয়তে। গুগল ব্লগাৰত বিনামূলীয়াকৈ sub domain name ব্যৱহাৰ কৰি ব্লগ তৈয়াৰ কৰাৰ উপৰিও Custom Domain Name ব্যৱহাৰ কৰিও ব্লগ তৈয়াৰ কৰিব পাৰে। Domain Name Extension সমূহ যেনে:- .in, .com, .co.in, .org, .xyz আৰু বহুতো ব্যৱহাৰ কৰিব পাৰে। গুগল ব্লগাৰৰ হোষ্টিং যিহেতু গুগল প্ৰতিষ্ঠানে কৰে সেয়ে হোষ্টিংৰ বাবদ গুগল ব্লগাৰত টকা দিব নালাগে আৰু গুগল ব্লগাৰত সীমাহীন দৰ্শক হলেও ব্লগ কোনো কাৰণতে বাধাগ্ৰস্ত নহয় সেয়ে গুগল ব্লগাৰ প্ৰাথমিকভাৱে উত্তম বুলিব পাৰি।

লগতে চাওক:-



1 Comments

Post a Comment
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব