ফটোৰ পৰা আখৰবোৰ ইউনিক'ডলৈ ৰূপান্তৰ কেনেকৈ কৰিব ?


ফটোৰ পৰা আখৰবোৰ ইউনিক'ডলৈ ৰূপান্তৰ কেনেকৈ কৰিব ? তাৰ বাবে আপোনালোকে i2ocr.com ৱেবছাইটত Visit কৰিব লাগিব। এই ৱেবচাইটত ১০০ তাতকৈ অধিক ভাষা উপলব্ধ, তাৰে ভিতৰত অসমীয়া ভাষা অন্যতম।



i2ocr.com কি ?

i2ocr.com অনলাইন Optical Character Recognition (OCR) এপ্লিকেচন (Application)। এই i2ocr.com ত ফটো সমূহ যেনে কেমেৰাত বন্দী লিখা ফটো, Screen Short, বেংক  Bank Statement, Faxes, বিভিন্ন চুক্তি পত্ৰ আদি ফটোৰ পৰা আখৰবোৰ ইউনিক'ডলৈ ৰূপান্তৰ কৰিব পাৰিব। বৰ্তমানলৈকে সৰ্বমুঠ ১০০ তাতকৈ অধিক ভাষা এই i2ocr.com ত উপলব্ধ।

   i2ocr.com ত সম্পূৰ্ণ গোপননীয়তা ৰক্ষা কৰে, সেয়ে তৃতীয় পক্ষই আপুনি ফটোৰ পৰা আখৰবোৰ ইউনিক'ডলৈ ৰূপান্তৰ কৰা ফটো, URL আদি চাব নোৱাৰে। i2ocr.com ত কোনো ই-মেইলৰ প্ৰয়োজন নাই আৰু এই ফটোৰ পৰা লিখনিলৈ পৰিৱৰ্তন কৰা সেৱা সম্পূৰ্ণ বিনামূলীয়া। এই i2ocr.com ৱেবচাইট sciweavers.org ৰ দ্বাৰা পৰিচালিত আৰু sciweavers.org ৰ মালিকানাধীন ৱেবচাইট।

    i2ocr.com কম্পিউটাৰ আৰু Android, iOS, Windows Phone তো কাম কৰিব, i2ocr.com যিহেতু ব্ৰাউজাৰত কার্য সম্পাদনা কৰিব পাৰি সেয়ে এই i2ocr.com ব্যৱহাৰ কৰিবলৈ Google Chrome, Firefox আদি ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰিব। 

i2ocr.com ত ফটোৰ পৰা আখৰবোৰ ইউনিক'ডলৈ ৰূপান্তৰ কেনেকৈ কৰিব ? Step by step :- 

 i2ocr.com ত Visit কৰি - 
● Step 1 ত ভাষা নিৰ্বাচন কৰিব

● Step 2 ত দুটা Options থাকিব File আৰু URL, প্ৰায়ভাগে যিহেতু নিজা ডিভাইছৰ পৰা ফটো আপলোড কৰি আখৰবোৰ ইউনিক'ডলৈ ৰূপান্তৰ কৰে, সেয়ে File Select কৰি Select Image ক্লিক কৰি ফটো বাচনি কৰিব বা URL দিব পাৰে 

●Step 3 ত Extract Text ক্লিক কৰিব (কেতিয়াবা Extract Text ক্লিক কৰোঁতে reCaptcha ওলাই সেইয়া ক্লিক কৰি I'm not a robot কৰি লব।)

তাৰ পিছত Recognizing Text, Please Wait... বুলি ওলাব,

তাৰ ৫ চেকেণ্ডমানৰ পিছত ফটোৰ পৰা আখৰবোৰ ইউনিক'ডলৈ ৰূপান্তৰিত হব। Text Format Download, Translate - Google - Bing আৰু Edit Docs আদিত ব্যৱহাৰ কৰিব পাৰিব। 
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব