আইদেউ সন্দিকৈ

আইদেউ সন্দিকৈ (Image Source Link - http://www.assaminfo.com/famous-people/33/aideu-handique.htm)

                   আইদেউ সন্দিকৈৰ জন্ম হৈছিল ২৭ জুন, ১৯১৫ চনত গোলাঘাট জিলাৰ পানী-দিহিঙীয়া গাঁৱত আৰু মৃত্যু হৈছিল ১৭ ডিচেম্বৰ, ২০০২ চনত। আইদেউ সন্দিকৈৰ পিতৃৰ নাম আছিল নীলাম্বৰ সন্দিকৈ আৰু মাতৃৰ নাম আছিল মা-লক্ষ্মী।

                   প্রথম অসমীয়া বোলছবি "জয়মতী"(১৯৩৫) জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দ্বাৰা নিৰ্মিত বোলছবিত জয়মতী চৰিত্ৰত অভিনয় কৰিবলৈ সক্ষম হৈছিল। আইদেউ সন্দিকৈয়ে প্ৰথম অসমীয়া বোলছবি "জয়মতী"ত অভিনয় কৰি প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী হোৱাৰ গৌৰৱ লাভ কৰে।

                  জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বোলছবিৰ নিৰ্মাণ কাৰ্য্য ১৯৩৩ চনত আৰম্ভ কৰিছিল। সেই সময়ত বোলছবিত নাৰী চৰিত্ৰত অভিনয় কৰাটো অতি লাজৰ বিষয় বুলি গণ্য কৰা হৈছিল সেয়ে জয়মতী বোলছবিৰ নাৰী চৰিত্ৰ ৰূপায়ণৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বাতৰি কাকতত বিজ্ঞাপন দিয়াৰ ব্যৱস্থা কৰিছিল কিন্তু নাৰী চৰিত্ৰৰ বাবে কোনো মহিলা আগবাঢ়ি নাহিল। সেই সময়তে আইদেউ সন্দিকৈৰ সমন্ধীয় এজনে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আইদেউ সন্দিকৈৰ স্থিৰ চিত্ৰ দেখুৱাইছিল আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আইদেউ সন্দিকৈৰ স্থিৰ চিত্ৰ চাই জয়মতী বোলছবিৰ জয়মতীৰ চৰিত্ৰৰ বাবে উপযুক্ত হ'ব বুলি নিশ্চিত কৰে। আইদেউ সন্দিকৈৰ স্থিৰ চিত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক দেখুওৱা আইদেউ সন্দিকৈৰ সম্বন্ধীয়জন আছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ চিনাকী। আইদেউ সন্দিকৈৰ সমন্ধীয় ব্যক্তিজনে আইদেউ সন্দিকৈক জাহাজ দেখুওৱাৰ চলেৰে আইদেউ সন্দিকৈক ভোলাগুৰি চাহ-বাগিচাত অস্থায়ী ৰূপত থকা জ্যোতি চিত্ৰবনলৈ আনে আৰু তাতেই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আইদেউ সন্দিকৈক জয়মতী চৰিত্ৰৰ বাবে নিৰ্বাচন কৰে। 
আইদেউ সন্দিকৈ জয়মতী চৰিত্ৰত (Image Source Link - https://en.m.wikipedia.org/wiki/Aideu_Handique)

                     আইদেউ সন্দিকৈক জয়মতী চৰিত্ৰৰ বাবে নিৰ্বাচন কৰাৰ পিছত প্ৰথম অৱস্থাত বোলছবিত আইদেউ সন্দিকৈয়ে অভিনয় কৰিবলৈ মান্তি হোৱা নাছিল, পিছৰ পৰ্যায়ত দেউতাক নীলাম্বৰ সন্দিকৈৰ সন্মতি ক্ৰমে জয়মতী বোলছবিত অভিনয় কৰে। জয়মতী বোলছবিত অভিনয়ৰ সময়ত আইদেউ সন্দিকৈৰ বয়স আছিল ১৬ বছৰ আৰু জয়মতী বোলছবিত অভিনয়ৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আইদেউ সন্দিকৈক অভিনয় শিকাই লৈছিল।

                    ১৯৩৫ চনত জয়মতী বোলছবিখন মুক্তি দিয়া হয়। জয়মতী বোলছবিত অভিনয় কৰা বাবে আইদেউ সন্দিকৈক আৰু তেখেতৰ পৰিয়ালক সমাজে এঘৰীয়া কৰিছিল কাৰণ আছিল সেই সময়ত বোলছবিত অভিনয় কৰাটো লাজৰ বিষয় বুলি গণ্য কৰা হৈছিল, অভিনয়ত অন্য পুৰুষক "বঙহৰদেউ" বুলি সম্বোধন কৰাটো দুখৰ কথা বুলি গণ্য কৰা হৈছিল আৰু ঘৰৰ পৰা বাহিৰত বিভিন্ন মানুহৰ সৈতে 'কেম্প' কৰি থকাটোও পাপ কাম বুলি গণ্য কৰা হৈছিল। পিছলৈ পৰিয়ালে ৰাজহুৱাকৈ ক্ষমা খোজাত সমাজে ক্ষমা কৰাত, আইদেউ সন্দিকৈক পৰিয়ালে আছুতীয়াকৈ ঘৰ সাজি দিছিল আৰু খোৱা পানী পুখুৰী বেলেগ আছিল, সেই পুখুৰী অন্য লোকে গ্ৰহণ কৰা নাছিল আৰু আইদেউ সন্দিকৈক বিয়া কৰাবলৈও কোনো আগবাঢ়ি অহা নাছিল।

আইদেউ সন্দিকৈ (Image Source Link - http://onlinesivasagar.com/movies/aideu-handique.html)

                  ১৯৮৫ চনৰ আশে-পাশে অসম চৰকাৰে আইদেউ সন্দিকৈক ১০০০ টকাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছিল আৰু পিছলৈ মাহিলি পেঞ্চন ১৫০০ টকালৈ বৃদ্ধি কৰিছিল। আইদেউ সন্দিকৈয়ে জীৱনৰ শেষৰ সময়ছোৱা গোলাঘাটৰ কমাৰ গাঁৱত ভতিজাকহঁতৰ লগত বসবাস কৰিছিল। ১৯৯১ চনত আইদেউ সন্দিকৈৰ গাঁৱত আইদেউ নামেৰে এখন ছোৱালীৰ বাবে বিদ্যালয় স্থাপন কৰা হয়। আইদেউ সন্দিকৈৰ নাম "পদ্মশ্ৰী বঁটা"ৰ বাবে মনোনীত হৈছিল কিন্তু কেৱল এখন ছবিত অভিনয় কৰাৰ বাবে "পদ্মশ্ৰী বঁটা"ৰ পৰা বঞ্চিত হব লগা হয়। 

আইদেউ সন্দিকৈয়ে ২০০২ চনৰ ১৭ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে।

Post a Comment

Previous Post Next Post