মহাকাব্যৰ দৰে

 


✍ ৰাজশ্রী বৰগোহাঁই

মহাকাব্যৰ দৰে

এই নাট মহাকাব্যৰ দৰে,

সংগ্ৰাম আৰু সংঘৰ্ষৰ বিষাদগাঁথা।

কেতিয়াবা দেখা পাওঁ দিশভ্ৰষ্ট ,অসহায় অৰ্জুনক,

যাৰ বাবে সমুখ সমৰ প্ৰতিদিনেই।

আকৌ কেতিয়াবা পাওঁ দেখা শোকাগ্ৰস্ত  গান্ধাৰীক,

কেতিয়াবা অসহায় কুন্তীক,

ক'ব যেন, ভগৱান, মোক যদি বৰ দিব খুজিছা,

 তেন্তে দিয়া দুখকেই,নহলে যে  তোমাক পাহৰিম।

আকৌ পাওঁ দেখা কেতিয়াবা 

বিদ্ৰোহী যাজ্ঞসেনীক ,

যাৰ প্ৰতিডাল চুলিয়ে আজিও বিচাৰি আছে দুঃশাসনৰ ৰক্ত।

হাজাৰ দুৰ্যোধন,শকুনিক পাওঁ দেখা,

চলাইছে অধৰ্মৰ ৰাজ্য।

কেতিয়াবা পাওঁ দেখা কৰ্ণক,

বিধাতাৰ কুটিল পৰিক্ৰমাত বন্দী হৈ সত্যক জানিও হৃদয়ক ঢাকি কৰা কৰ্তব্যৰ যাত্ৰা।

সঁচাকৈয়ে এইয়া মহাকাব্যৰ দৰে ।

কেতিয়াবা পাওঁ দেখা পিতামহক,

কিন্ত ক'ত সেই মহাযুদ্ধৰ মহানায়ক?

ভূমিষ্ঠ হৈ কাৰাগৰৰ পৰা যাওঁতে যি হাঁহি, 

ব্যাধৰ শৰত ধাৰাশায়ী হৈয়ো একে হাঁহি।

মহাকাব্যৰ দৰে হাজাৰ পৰীক্ষাৰ মাজত আমিওতো লাগিব হাঁহিব হৈ একে পথৰ যাত্ৰী........।

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"পিতৃৰ দৃষ্টিত জুবিন"

কপিল ঠাকুৰে পুত্ৰ জুবিন গাৰ্গৰ জীৱনৰ আধাৰত লিখা গ্ৰন্থখনৰ কিছু অনুভৱ - ঋতুপৰ্ণ বৰা

সম্পূৰ্ণ পঢ়ক →