মহৎ লোকৰ বাণী | Mohot Lukor Bani | অমৃত বাণী অসমীয়া

অসমীয়া উপদেশ বাণী অসমীয়া সুপ্রভাত বাণী অসমীয়া মহৎ লোকৰ বাণী মহৎ লোকৰ বাণী ফটো 


১/ কৰ্মই উপাসনা হাঁহিয়েই জীৱন । - বিষ্ণুপ্ৰসাদ ৰাভা

২/ ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক । - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

৩/ স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু - মহাত্মা গান্ধী

৪/ শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। - ৰাজা ৰামমোহন ৰায়

৫/ কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে। - এইচ. মেনন

৬/ আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ। - ৰাজা ৰামমোহন ৰায়

৭/ অন্য মানুহে খাবলৈহে জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ। - চক্ৰেটিছ 

৮/ আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী। -  চক্ৰেটিছ

৯/ খং নকৰিবা, নিজৰ সৰ্বনাশ হ'ব, অহংকাৰ নকৰিবা, পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা। - স্বামী বিবেকানন্দ

১০/ ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। - ৰবীন্দ্ৰনাথ ঠাকুৰ

১১/ কম কথা কোৱা বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে। - ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ

১২/ এটা বন্দুকৰ গুলিতকৈ এবটল চিয়াঁহীৰ মূল্য বেছি। - মাদাৰ টেৰেছা

১৩/ আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। - গুৰু নানক

১৪/ গৃহ হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু । - ৰোচেন ক্ৰেজ

১৫/ মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা। - স্বামী বিবেকানন্দ

১৬/ শিক্ষা জাতিৰ মেৰুদণ্ড। এই মেৰুদণ্ড ভাঙিলে জাতিৰ উন্নতিৰ সকলো পথেই অবৰুদ্ধ হয়। - ৰাজা ৰামমোহন ৰায়

১৭/ নিৰক্ষৰতা মানেই জ্ঞানবিহীন নহয়। - ৰবীন্দ্ৰনাথ ঠাকুৰ

১৮/ শিক্ষকসকল হ'ল ৰাষ্ট্ৰৰ মান আৰু আমাৰ প্ৰকৃত খনিকৰ। - জৰ্জ ৱাশ্বিংটন

১৯/ ৰুটি আৰু মদ শেষ হৈ যায়, প্ৰিয়াৰ চকু ঘোলা হৈ পৰিব কিন্তু কিতাপ হ'ল অনন্ত যৌৱন ৰূপে থাকি যাব যদিহে এখন মহৎ কিতাপ হয়। - ওমৰ খায়াম

২০/ শিক্ষক হ'ল এডাল মমৰ নিচিনা, যি নিজে গলি আনক পোহৰ দিয়ে। - জৱাহৰলাল নেহৰু

২১/ যিসকলে স্বাধীনতাক ভাল পাওঁ বুলি কয় অথচ আন্দোলনৰ বিৰোধিতা কৰে, তেওঁলোক হ'ল বিজুলী-ঢেৰেকণি নোহোৱাকৈ বৰষুণ বিচৰা মানুহ। তেওঁ লোকে সাগৰ বিচাৰে , কিন্তু সাগৰৰ জলৰাশিৰ গৰ্জন নিবিচাৰে । - ফ্ৰেডেৰিক ডগলাছ

২২/ চৰিত্ৰ গঠন কৰাই হ'ল শিক্ষাৰ উদ্দেশ্য ।- হাৰ্চলি

২৩/ সৰু মনৰ ডাঙৰ মানুহতকৈ ডাঙৰ মনৰ সৰু মানুহ শ্ৰেষ্ঠ । - ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ

২৪/ জ্ঞানতকৈ পবিত্ৰ বস্তু এই জগতত একো নাই । - আনন্দ চন্দ্ৰ আগৰৱালা

২৫/ মহৎ মনবোৰে নতুন ধাৰণাৰ কথা পাতে, মজলীয়া মনবোৰে ইভেন্টৰ কথা পাতে আৰু সৰু মনবোৰে পাতে মানুহৰ কথা । - এলেনোৰ ৰুছভেল্ট

২৬/ জীৱনৰ সমস্ত কলাৰে, শ্ৰেষ্ঠ কলা হৈছে ভালদৰে জীয়াই থাকিব জনাটো। - মহাত্মা গান্ধী

২৭/ জীৱনলৈ অহা সৰু-সুৰা সুবিধাৰেই সুখী হ'বলৈ চেষ্টা কৰিব লাগে। - বেঞ্জামিন ফ্ৰেংকলিন

২৮/ সত্য সদায় নিৰাপদ। সত্যৰ বাহিৰে একোৱেই নিৰাপদ নহয়। যি মানুহে সমাজৰ আন লোকৰ পৰা সত্য গোপন কৰে তেওঁলোক হয় কাপুৰুষ, নহয় অপৰাধী বা দুয়োটাই। - মেক্সমূলাৰ

২৯/ সত্যৰ বাবে বন্দী জীৱনৰ কঠোৰ নিয়ম মানি চলিব লগা হলেও আমি মুকলি চৰাইৰ দৰেই সুখী হ'ব লাগিব। - মহাত্মা গান্ধী

৩০/ সময়েই হ'ল মানুহৰ আটাইতকৈ মূল্যবান সম্পদ, কাৰণ সময় এবাৰ গ'লে কেতিয়াও ঘূৰি নাহে। - টমাচ্ আলভা এডিচন

৩১/ কৃতকাৰ্য হ'বলৈ হলে তোমাৰ ভীষণ অধ্যাৱসায় আৰু প্ৰৱল ইচ্ছা শক্তি থাকিব লাগিব। - স্বামী বিবেকানন্দ

৩২/ যেতিয়ালৈকে মানৱ আত্মাক শক্তিশালী কৰিব নোৱাৰি তেতিয়ালৈকে শিক্ষা সম্পূৰ্ণ নহয়। - মহাত্মা গান্ধী

৩৩/ পৰিশ্ৰমেই হ'ল মানুহৰ একমাত্ৰ পৰিত্ৰাণ। যি মানুহে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে সেই মানুহৰ মনলৈ আত্মবিশ্বাস আপোনা-আপুনি আহে। - হোমেন বৰগোহাঞি

৩৪/ আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয় আৰু যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ'ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত নিজে থিয় দি আত্মনির্ভৰশীল হ'ব পাৰো। - স্বামী বিবেকানন্দ

৩৫/ এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একে কথা। - মিল্টন

৩৬/ জীৱনটোও একপ্ৰকাৰৰ পৰ্বত আৰোহণ। অসীম দুখ-কষ্ট আৰু দুৰ্লংঘ বাধা আছে বাবেই সি ৰোমাঞ্চকৰ। - হোমেন বৰগোহাঞি

৩৭/ একমাত্ৰ পৰিশ্ৰমী লোকেহে বিজয়ী হ'ব পাৰে। - হোমাৰ

৩৮/ এলাহ মানুহৰ বাবে অভিশাপ। এলাহে ব্যক্তিৰ আৰু জাতিৰ অন্তঃসত্তা নাইকিয়া কৰে আৰু লোহাত মামৰে ধৰাৰ দৰে ব্যক্তি আৰু জাতিৰো ক্ষতি কৰে। - ছেমুৱেল স্মাইলছ

৩৯/ মানুহৰ প্ৰকৃত পৰিচয় জন্ম লৈ নহয়, কৰ্মলৈহে। - মহাবীৰ

৪০/ এজন মানুহৰ যিমানেই প্ৰতিভা নাথাকক কিয় যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে। - টমাছ আলভা এডিছন

৪১/ বিফল হলে কেতিয়াও হতাশ হ'ব নালাগে। বিফলতাই সফলতাৰ মূল চাবি কাঠি। - ড° এ. পি. জে. আব্দুল কালাম

৪২/ মহৎ কাৰ্য সমাধা কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন। দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈছে, এডাল হ'ল উদ্যোগী মন আৰু আনডাল আদৰ্শ- ছেমুৱেল

৪৩/ শিক্ষা হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ, যাক ব্যৱহাৰ কৰি আপুনি পৃথিৱীখন সলনি কৰিব পাৰিব। - নেলচন মেণ্ডেলা

৪৪/ আন্ধাৰ যিমান গভীৰ হ'ব, প্ৰভাতো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। - জ্যোতিপ্ৰসাদ আগৰৱালা

৪৫/ নিজে আনন্দিত হ'বৰ বাবে আনক আনন্দ দিব পাৰিব লাগে। - মাৰ্ক টোৱেইন

৪৬/ সমালোচনা কৰিবলৈ যোগ্যতা নালাগে কিন্তু সমালোচিত হ'বলৈ যোগ্যতা লাগে। - নেলচন মেণ্ডেলা

৪৭/ ব্যৰ্থ হোৱাৰ বিভিন্ন উপায় আছে, কিন্তু সফলতাৰ উপায় হৈছে এটাই আৰু সেয়া হ'ল আকৌ এবাৰ চেষ্টা কৰা। - এৰিষ্ট'টল

৪৮/ আনক আঘাত দিলে, সেই আঘাত এদিন নিজে ভোগ কৰিব লাগিব। - তুলসীদাস

৪৯/ মানুহে ভুল স্বীকাৰ কৰিবলৈ লাজ পোৱা উচিত নহয়। - আলেকজেণ্ডাৰ পোপ

৫০/ মনবোৰ শুদ্ধ হ'লে পৃথিৱীত সংকোচ কৰিবলগীয়া একো নাই। কলুষিত মানুহে সকলোতে কলুষ দেখে। - হেম বৰুৱা

৫১/ কোনো ধৰণৰ সন্মান নোপোৱাটোৱেই বা পাব নিবিচৰাটোৱেই হ'ল প্রকৃততে সন্মানপ্ৰাপ্তিৰ সংক্ষিপ্ততম পথ। - চেমুৱেল বাটলাৰ ইয়েটছ

৫২/ সিদ্ধান্ত ল'ব নোৱাৰা মানুহতকৈ দুৰ্ভগীয়া আন কোনো নাই। - উইলিয়াম জেমছ

৫৩/ সকলোতকৈ খৰকৈ সেইজন মানুহেই আগবাঢ়ি যাব পাৰে, যিয়ে অকলে খোজ দিয়ে। - ৰুডিয়াড কিপলিং

৫৪/ আপুনি নিজকে যি বুলি ভাবে প্রকৃততে আপুনি সেয়া নহয়। আচলতে আপুনি নিজে যি ভাৱনা-চিন্তা কৰে আৰু তাৰ দ্বাৰা উজ্জীৱিত হৈ যি কাম কৰে আপুনি সেয়াহে। - নৰ্মেন ভিনচেণ্ট পীল

৫৫/ যদি আপুনি দ্ৰুতগতিত খোজ কাঢ়িব বিচাৰে, অকলে খোজ কাঢ়ক। কিন্তু, যদি আপুনি দূৰলৈ খোজ কাঢ়িব বিচাৰে, একেলগে খোজ কাঢ়ক। - ৰতন টাটা

৫৬/ ভাবি চাওক, আজিৰ দিনটো আৰু জীৱনত কেতিয়াও উভতি নাহে। গতিকে ইয়াকেই পৰিপূৰ্ণভাৱে যাপন কৰক। - ডাণ্টে

৫৭/ তুমি দুখীয়া হৈ জন্ম লৈছা তাত একো ভুল নাই। কিন্তু তুমি যদি দুখীয়া হৈয়ে মৃত্যুবৰণ কৰা তেন্তে নিশ্চয়কৈ তোমাৰ ভুল। - ধীৰুভাই আম্বানী

৫৮/ এজন মানুহৰ প্ৰতিভাৰ শতকৰা ৯৯ ভাগেই অধ্যাৱসায়ৰ ফল, বাকী এক শতাংশহে জন্মগত। - থমাছ আলভা এডিছন

৫৯/ জীৱনৰ মূল প্ৰতিপদ্য হ'ল - যিজন জয়ী হয়, তেওঁ পলায়নৰ পথ গ্ৰহণ নকৰে আৰু যিজন পলাতক, তেওঁ জীৱনত জয়ী হ'ব নোৱাৰে। - নৰ্মেন ভিনচেণ্ট পীল

৬০/ মুক্তিৰ প্ৰথম চৰ্ত হ'ল শব্দ। যি মানুহে নিজৰ ক'বলগীয়াখিনি প্ৰকাশ কৰিব নোৱাৰে, তেওঁ দাসত্বৰ পৰা কেতিয়াও মুক্তি নাপায়। - ৰেগি ক্ৰে

৬১/ কাহানিও ধৈর্য নেহেৰুৱাব। হতাশ নহ'ব কাহানিও, যদি হতাশো হয় তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব। - এডমাণ্ড বাৰ্ক

৬২/ সহজতে পোৱা কোনো বস্তুৰে পৰা মানুহে তৃপ্তি নাপায়, কষ্টসাধ্য বস্তুৱেহে মানুহৰ মন পৰিতৃপ্ত কৰে। - থমাছ হাৰ্ডি

৬৩/ জন্ম আৰু মৃত্যু হ'ল সাহসৰ দুই শক্তিশালী কণ্ঠস্বৰ। - খলিল জিব্ৰান

৬৪/ কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা। বৰং সমস্যাকহে তোমাৰ অধীন কৰা আৰু নিঃশেষ কৰা। - ড॰ এ পি জে আব্দুল কালাম

৬৫/ আমাৰ জীৱনটো ফেন আৰু বুদবুদৰ বাহিৰে আন একো নহয়। সেই বুদবুদৰ মাজতো কঠিন শিলৰ দৰে স্থবিৰ হৈ ৰয় মাথো দুটা বস্তুহে - আনৰ বিপদৰ সময়ত সহানুভূতি তথা সহমৰ্মিতা আৰু নিজৰ বিপদৰ সময়ত ধৈর্য আৰু সাহস। - আডাম লিণ্ডছে গৰ্ডন

৬৬/ জীৱনৰ প্ৰকৃত অৰ্থ লুকাই থাকে আশাৰ মাজত। - লক্ষ্মীনাথ বেজবৰুৱা

৬৭/ আপুনি জীৱনত যিবোৰ বস্তু বিচাৰে সেইবোৰ লাভ কৰাৰ প্ৰথম পদক্ষেপ হ'ল আপুনি কি কি বিচাৰে, অতি দৃঢ়তাৰে সেইবোৰ ঠিক কৰি লওক। - বেন ষ্টেইন

৬৮/ যি মানুহে নামমাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই। - মণ্টেইন

৬৯/ অফুৰন্ত কৌতূহল অথবা অনুসন্ধিৎসাই হ'ল বলিষ্ঠ মানুহৰ মনৰ প্ৰথম পৰিচয়। - ছেমুৱেল জনছন

৭০/ নিজে সৎ হোৱা, তেতিয়া নিসন্দেহে কব পৰিবা যে পৃথিৱীৰ পৰা অন্ততঃ অসৎ লোক কমি গৈছে। - থমাছ কাৰ্লাইল

৭১/ প্রতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে। আকৌ এচাম মানুহ আছে, যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে। - উইলিয়াম এ ৱাৰ্ড

৭২/ কৰ্মতহে তোমাৰ অধিকাৰ, তাৰ ফলাফলত নহয়। কৰ্মফল লাভৰ প্ৰতি যেন তুমি কাহানিও প্ৰলোভিত নোহোৱা আৰু কৰ্ম ত্যাগ কৰিবলৈও যেন ইচ্ছা নকৰা। - শ্ৰীকৃষ্ণ

৭৩/ ইচ্ছাশক্তি প্ৰবল হ'লে জটিলতাই কোনোধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে। - মেকিয়াভেলি

৭৪/ শিক্ষাই এজন লোকক সুসভ্য কৰে, কিন্তু কথোপকথনৰ মাজেদিহে এই কথা প্ৰকাশ পায় যে তেওঁ পূৰ্ণাংগ মানৱ হয়নে নহয়। - থমাছ মূলাৰ

৭৫/ জীৱনৰ বাটত আগুৱাই যাওঁতে বহুতো বাধা-বিঘিনি, সংঘাতৰ মুখামুখি হ'বলগীয়া হয়। কিন্তু তাৰবাবে আমি ভয় খোৱা বা ধৈর্য হেৰুওৱা উচিত নহয়। - পাওলো কয়েলহো

৭৬/ এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল। - হজৰত মহম্মদ

৭৭/ জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ, আৰু সময়ে শিকায় জীৱনৰ মূল্য দিবলৈ।ড॰ এ পি জে আব্দুল কালাম

৭৮/ আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজকে সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা। - চক্ৰেটিছ

৭৯/ কাম কৰাৰ সময় এতিয়াই। কিবা এটা কৰাৰ সময় কেতিয়াওঁ শেষ হৈ নাযায়। - কাৰ্ল ছেণ্ডবাগ

৮০/ কোনোৱে তোমাক সহায় কৰিব নোৱাৰে। নিজেই নিজৰ সহায় লোৱা। - বুদ্ধদেৱ

৮১/ মানুহে নিজৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে, কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে। অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিয়ে। - ড॰ এ পি জে আব্দুল কালাম

৮২/ আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা। - হজৰত মহম্মদ

৮৩/ আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়। - আনন্দ চন্দ্ৰ আগৰৱালা

৮৪/ জীৱনটো কি বস্তু, সেই কথা বুজিবলৈ হ'লে আমি পাছলৈ ঘূৰি চাব লাগিব; কিন্তু জীৱনটো উদযাপন কৰিবলৈ হ'লে আমি চাব লাগিব সন্মুখলৈ। - ছোৰেন কিয়েৰ্কগাৰ্ড

৮৫/ সাফল্যৰ উচ্চতম শৃংগত যদি আৰোহণ কৰিবলৈ ইচ্ছা কৰিছা, তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা। - ছাইৰাছ

৮৬/ নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা। - বেঞ্জামিন ফ্ৰেংকলিন

৮৭/ যদি জীৱনত আগুৱাই যাব বিচাৰিছা তেন্তে বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। - জুলিয়েট বেষ্টিয়েনা

৮৮/ শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব, অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। - চাণক্য

৮৯/ ভিৰৰ মাজত থিয় হোৱাটো সহজ, কিন্তু অকলে থিয় হ'বলৈ সাহসৰ প্ৰয়োজন। - মহাত্মা গান্ধী

৯০/ যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাবা। কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া। তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা। - স্বামী বিবেকানন্দ

৯১/ এটা ভাল মনৰ অধিকাৰী হোৱাটোৱেই যথেষ্ট নহয়, আচল কথা তাৰ সঠিকভাৱে ব্যৱহাৰ কৰাটোহে। - ৰেণে ডেকাৰ্টে

৯২/ আমি যি জানো সি অতি সামান্য। আমি যি নাজানো তাৰ সীমা নাই। - পাৰলেচ

৯৩/ অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয়। - হেম বৰুৱা

৯৪/ শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি। ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য। - চক্ৰেটিছ

৯৫/ সকলো ধৰ্মৰ মূল কথা এটাই, সেইটো হৈছে মানুহক মানুহ ৰূপে গঢ়ি তোলা। - ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ

৯৬/ আমাৰ কৰ্তব্য নিজক ঘৃণা নকৰা। - স্বামী বিবেকানন্দ

৯৭/ শিক্ষাই ব্যক্তিৰ সুস্থ নৈতিক চৰিত্ৰ গঠন কৰে। - হাৰ্বাট

৯৮/ ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ প্ৰক্ৰিয়াই হ'ল শিক্ষা। - পাৰ্চিনান

৯৯/ অহিংসা কেৱল ঋষি মুনিৰ বাবেই নহয়, ই জনতাৰ কাৰণেও। অহিংসা মানৱীয় ধৰ্ম আৰু হিংসা হৈছে পশুৰ ধৰ্ম। - মহাত্মা গান্ধী

১০০/ বিশ্বৰ বাবে প্ৰয়োজন খাদ্য, আশ্ৰয়, মৰম-স্নেহ আৰু প্রার্থনাই শান্তি আৰু ঐক্যৰ বান্ধোন। - মাদাৰ টেৰেছা

১০১/ যি মাতৃয়ে ভাল ভাৱে লালন-পালন কৰি বুদ্ধিমান, স্বাস্থ্যবান সন্তান দেশক দিব পাৰে, সেই মাতৃয়ে সঁচাকৈয়ে দেশৰ প্ৰকৃত সেৱা কৰে। - মহাত্মা গান্ধী

১০২/ কৰো বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে। ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰে। - এইছ জি ৱেইলছ

১০৩/ মুখমণ্ডলৰ সৌন্দৰ্যৰ সৈতে হৃদয়ৰ সুন্দৰতাৰ মিল নাথাকিলে কোনো এগৰাকী নাৰীয়েই সুন্দৰী হ'ব নোৱাৰে। - জৰ্জ বাৰ্ণাৰ্ড শ্বো

১০৪/ জ্ঞানৰ সমান পবিত্ৰ বস্তু একো নাই। - শ্ৰীকৃষ্ণ

১০৫/ ভৰি পিছল খালে দুখ পাই কিন্তু জিভা পিছল খালে আপদ ঘটে। - আনন্দ চন্দ্ৰ আগৰৱালা

১০৬/ যি মানুহৰ শিক্ষা নাই তেওঁ এডাল কাঠ খৰিৰ দৰে। - হজৰত মহম্মদ

১০৭/ ভৱিষ্যতৰ বিষয়ে বৰকৈ চিন্তা-ভাৱনা কৰা উচিত নহয়। ভৱিষ্যত সোনকালে বৰ্তমানত পৰিণত হয়। - আইনষ্টাইন

১০৮/ আত্মাৰ উপলব্ধিয়েই শিক্ষা। - শংকৰাচাৰ্য্য

১০৯/ ভাগ্যৰ বলত মানুহ জ্ঞানী হ'ব নোৱাৰে। - চেনেক

১১০/ পৰীক্ষাত নকল কৰাটো যিমান দোষ, আনৰ পৰা চাই লোৱাটো সিমানেই দোষ। - হেম বৰুৱা

১১১/ ধনৰ দ্বাৰা মানুহে নিজক ৰক্ষা কৰিব নোৱাৰে। - মহাবীৰ

১১২/ সত্যতকৈ ধৰ্ম নাই, সময়েও সত্যক পৰাজয় কৰিব নোৱাৰে। - মহাত্মা গান্ধী

১১৩/ বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি। - মাদাৰ টেৰেছা

১১৪/ বলিষ্ঠ মনৰ পৰিচায়ক হ'ল অফুৰন্ত অনুসন্ধিৎসা। - ছেমুৱেল জন

১১৫/ পৃথিৱীত সবাতোকৈ সহজ কাম হৈছে আনৰ সমালোচনা কৰা, সবাতোকৈ টান কাম হৈছে নিজকে সংশোধন কৰা। - হেম বৰুৱা

১১৬/ আনক দুখ দি নিজৰ সুখ কামনা কৰা লোকে কেতিয়াও শত্ৰুতা ভাবৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে। - বুদ্ধদেৱ

১১৭/ কাৰ কি জাতি ভগৱানে খবৰ নকৰে, কোনে কি কৰে তাকেহে ভগৱানে খবৰ কৰে। - গুৰু নানক

১১৮/ একাগ্ৰতা থাকিলে অন্তৰৰ বাসনা সদায় সফল হয়। - মহাত্মা গান্ধী

১১৯/ পৃথিৱীৰ আটাইতকৈ বেয়া কামটো হৈছে আনৰ সুনাম নষ্ট কৰাটো। - ৰামকৃষ্ণ পৰমহংস

১২০/ কু-সংস্কাৰেই হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰ বোজা। - ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ

১২১/ চৰিত্ৰ ঘৰতহে গঠন হয়। - গোপীনাথ বৰদলৈ

১২২/ মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। - সত্যনাথ বৰা

১২৩/ পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ফুল, কিন্তু তাৰ শিপা মাটি আৰু গোবৰতহে থাকে। - ডি লৰেঞ্চ এইছ

১২৪/ আমি নিজকে শ্ৰদ্ধা কৰিব পাৰিলে উন্নত হয় আমাৰ নৈতিকতা, আমি আনক শ্ৰদ্ধা কৰিব পাৰিলে উন্নত হয় আমাৰ আচৰণ। - লৰেঞ্চ ষ্টান

১২৫/ যিকোনো মানুহৰে প্ৰধান কৰ্তব্য হ'ল মনৰ ভিতৰত জাগ্ৰত ভয়ক দমন কৰা। - টমাছ কাৰ্লাইল

১২৬/ পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত। - পিয়েৰ টেলহাৰ্ড

১২৭/ যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই, ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনোদিনে যত্ন কৰা নাই। - এৰিষ্ট'টল

১২৮/ শিক্ষা হ'ল ডাঙৰ সম্পদ, শিক্ষাই অকল নিজৰ উপকাৰ নকৰে, শিক্ষাই গোটেই সমাজৰ উন্নয়ন সাধন কৰে। - ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ

১২৯/ হতাশাক আশ্ৰয় নিদিবা, এবাৰ প্ৰশ্ৰয় দিলেই ই তোমাৰ অংগ হৈ পৰিব। - ছিডনী স্মিথ

১৩০/ সফল হ'বলৈ মানুহৰ জন্ম হয়, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসেই মানুহৰ সাফল্যৰ প্ৰথমটো সোপান। - হেনৰী ডেভিদ থৰো

১৩১/ আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া। - হেম বৰুৱা

১৩২/ সময়ৰ সদব্যৱহাৰৰ অৰ্থ হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ কামখিনি বাছি উলিওৱা আৰু উচিতমতে কাম কৰি যোৱা। - লী ইয়াকুকা

১৩৩/ সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে, কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। - মহাত্মা গান্ধী

১৩৪/ এজন বিশ্বাসী বন্ধু হৈছে জীৱনৰ মহৌষধ। - টিৰুক কুৰাল

১৩৫/ এখন ভাল কিতাপ এশ ভাল বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু এটা লাইব্ৰেৰীৰ সমান। - ড॰ এ পি জে আব্দুল কালাম

১৩৬/ প্ৰথম সাফল্যৰ পিছত বহি নাথাকিবা। কাৰণ দ্বিতীয়বাৰ যেতিয়া তুমি ব্যৰ্থ হ'বা, তেতিয়া অনেকেই ক'ব যে প্ৰথমবাৰত কেৱল ভাগ্যৰ বলতহে সফল হৈছিল। - ড॰ এ পি জে আব্দুল কালাম

১৩৭/ কাৰোবাক পৰাজয় কৰাটো অতি সহজ, কিন্তু কঠিন হ'ল কাৰোবাৰ মন জয় কৰা। - ড॰ এ পি জে আব্দুল কালাম

১৩৮/ যি ধনৰ লেনদেনত শুদ্ধ নহয়, তেওঁ কোনো ক্ষেত্ৰতে শুদ্ধ নহয়। - চাণক্য

১৩৯/ ব্ৰেণ্ডেড কাপোৰ পিন্ধি সস্তীয়া চিন্তা কৰা মানুহতকৈ সস্তীয়া কাপোৰ পিন্ধি ব্ৰেণ্ডেড চিন্তা কৰা মানুহৰ মূল্য বহু গুনেই বেছি। - আব্দুল কালাম

১৪০/ যদিহে উপযুক্ত সময়ত যথাযথ পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে আকাল এই শতিকাৰ কলংক হৈ ৰ'ব। - ব্ৰুন' লে মেয়'

১৪১/ শক্তি প্ৰয়োগতকৈ ধৈৰ্য ধৰিবলৈ শিকা, কাৰণ শক্তিতকৈ ধৈৰ্যৰ জোৰ বেছি। - এডমাণ্ড বুৰ্কে

১৪২/ আমি চৰাইৰ দৰে উৰিবলৈ শিকিছোঁ, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছোঁ সঁচা, কিন্তু এই পৃথিৱীত পৰস্পৰৰ স'তে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই। - মাৰ্টিন লুথাৰ

১৪৩/ বহু মানুহে জীৱনত এইবাবেই বিফল হয় তেওঁলোকে এই কথা উপলব্ধি কৰিব নোৱাৰে যে তেওঁলোকে সফলতাৰ কিমান কাষত আছে। সফলতাৰ এটা নিজস্ব সুগন্ধ আছে, এই সুগন্ধ ল'ব জানিব লাগে। - টমাছ আলভা এডিছন

১৪৪/ সকলো বিপদৰ একমাত্ৰ ঔষধ হৈছে ধৈৰ্য। - প্লেটো




















































































































































8 Comments

Previous Post Next Post