Puhor bisari jau পোহৰ বিচাৰি যাওঁ

জুবিন দা আপুনি আমাৰ মাজত সদায় জীয়াই থাকিব...#JusticeForZubeenGarg

সংগীতৰ যাদুৰে জনতাৰ হৃদয় জিনা জুবিন গাৰ্গ

 

জুবিন গাৰ্গৰ জন্ম হৈছিল ১৮ নৱেম্বৰ, ১৯৭২ চনত তুৰা, মেঘালয়ত জন্ম হৈছিল আৰু তেখেতৰ মৃত্যু হৈছিল ১৯ ছেপ্টেম্বৰ, ২০২৫ চনত চিংগাপুৰত।

জুবিন গাৰ্গৰ পিতৃৰ নাম - মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃৰ নাম - স্বৰ্গীয় ইলি বৰঠাকুৰ।

জুবিন গাৰ্গৰ পত্নীৰ নাম - গৰিমা শইকীয়া গাৰ্গ।

জুবিন গাৰ্গৰ পিতৃৰ পৰিয়াল শিৱসাগৰৰ জাঁজীৰ তামুলিছিগা গাঁৱত আছিল। জুবিন গাৰ্গে হাইস্কুলীয়া জীৱন আৰম্ভ কৰিছিল তামুলপুৰ হায়াৰ চেকেণ্ডাৰী স্কুলত, ক্ৰমে হায়াৰ চেকেণ্ডাৰী শিক্ষা গ্ৰহণ কৰিছিল কৰিমগঞ্জ কলেজত আৰু গুৱাহাটীৰ বি. বৰুৱা কলেজত B.Sc. শিক্ষা গ্ৰহণ কৰিছিল যদিও সংগীতৰ বাবে সেই শিক্ষা আধাতে এৰি আহিছিল। পিছলৈ তেওঁক ২০২৪ চনৰ ২৭ আগষ্টত বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় (University of Science and Technology Meghalaya USTM) ৰ পৰা সন্মানীয় Doctor of Literature (D.Litt.) ডিগ্ৰী প্ৰদান কৰিছিল। জুবিন গাৰ্গক এই ডিগ্ৰী শিল্প আৰু সংস্কৃতিৰ প্ৰতি অৱদান আৰু সমাজৰ বাবে কাম কৰি যোৱাৰ বাবে আগবঢ়োৱা হৈছিল।

জুবিন গাৰ্গে ৫২ বছৰীয়া জীৱন কালত অসমৰ লগতে বলিউড জগত আৰু ভিন ভিন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতিত অতুলনীয় অৱদান আগবঢ়াই গৈছে। জুবিন গাৰ্গ মুখ্যতঃ কণ্ঠশিল্পী লগতে তেওঁ গীতিকাৰ, সংগীত পৰিচালক, সুৰকাৰ, চলচ্চিত্ৰ পৰিচালক,চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক, সমাজকৰ্মী, বাদ্যযন্ত্ৰী, কবি, চিত্ৰনাট্যকাৰ আছিল।

জুবিন গাৰ্গে শিল্প কলাৰ লগতে প্ৰকৃতিপ্ৰেমী আছিল আৰু নিঃসহায় লোকক সহায় কৰিছিল। তেওঁ অতি সাধাৰণভাৱে জীৱন যাপন কৰি ভাল পাইছিল। তেওঁ প্ৰকৃতি সেউজীয়া হৈ থকাটো বিচাৰিছিল যত পশু পক্ষীয়ে জিৰণি লব পাৰে। মানুহৰ বিভিন্ন সমস্যাৰ পৰা বেমাৰ আজাৰলৈকে আৰ্থিক সাহায্য প্ৰদান কৰি সহায় কৰিছিল।

জুবিন গাৰ্গৰ প্ৰথমটো এলবাম আছিল অনামিকা। ১৯৯২ চনত অনামিকা এলবাম মুক্তি লাভ কৰিছিল।
জুবিন গাৰ্গে অভিনয় আৰু পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ "তুমি মোৰ মাথোঁ মোৰ"। জুবিন গাৰ্গৰ ৩৩ বছৰীয়া সাংস্কৃতিক যাত্রাত ৪০ টা ভাষাত ৪০,০০০ হাজাৰৰো অধিক গীত গাইছিল। জুবিন গাৰ্গে আগৰ সাক্ষাৎকাৰ সমূহত কোৱা মতে তেওঁ আগতে এৰাতিত ৩৬ টা পৰ্যন্ত গীত গাই ৰেকৰ্ডিং কৰিছিল আৰু প্ৰায়ে  এবছৰত ৮০০ ৰো অধিক গীত গাই ৰেকৰ্ডিং কৰিছিল।

জুবিন গাৰ্গে অভিনয় কৰা অসমীয়া চলচ্চিত্ৰ সমূহ হৈছে -
তুমি মোৰ মাথোঁ মোৰ (২০০০), দীনবন্ধু (২০০৪), মন যায়(২০০৮), গানে কি আনে (২০১৬), মিছন চাইনা (২০১৭), প্ৰিয়াৰ প্রিয় (২০১৭), দ্যা আণ্ডাৰৱৰ্ল্ড (২০১৮), কাঞ্চনজংঘা (২০১৯), ডক্তৰ বেজবৰুৱা ২ (২০২৩) ।

জুবিন গাৰ্গে ২০১৯ চনত বি বৰুৱা কলেজৰ মঞ্চত গীত পৰিৱেশনৰ সময়ত যেতিয়া তেওঁ কৈছিল - মোৰ মৃত্যুৰ পিছত মায়াবিনী গীতটোৱেই বাজিব। সেয়ে তেওঁ আমাক এৰি যোৱা দিন ধৰি ১৯ ছেপ্টেম্বৰ ২০২৫ ৰ পৰা মায়াবিনী ৰাতিৰ বুকুত গীতৰ পৰা প্ৰাৰ্থনালৈ পৰিৱৰ্তন হৈছে আৰু সমগ্র অসমবাসীৰ লগতে জুবিন দাৰ প্ৰতি ভালপোৱা থকা সকলোৰে মুখে মুখে মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত.....  গীতেৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। এই মায়াবিনী শীৰ্ষক গীতটি দাগ (২০০১) চনৰ অসমীয়া চলচ্চিত্ৰৰ বাবে জুবিন গাৰ্গে লিখিছিল, সংগীত পৰিচালনা আৰু কণ্ঠদান কৰিছিল।

Post a Comment

Previous Post Next Post