বৰ্তমানৰ ডিজিটেল যুগত 'কৃত্ৰিম বুদ্ধিমত্তা' বা এ আই (Artificial Intelligence) কেৱল এটা কাৰিকৰী শব্দ হৈ থকা নাই। এ আই আমাৰ পাকঘৰৰ পৰা আৰম্ভ কৰি অফিচৰ কামলৈকে বিয়পি আছে বুলিব পাৰি। 'কৃত্ৰিম বুদ্ধিমত্তা' বা এ আই (Artificial Intelligence) য়ে মানৱ সভ্যতাৰ প্ৰতিটো খণ্ডতে এক আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে। এই পৰিৱৰ্তনৰ নেতৃত্ব লৈ ভাৰতে আজি বিশ্বৰ দৰবাৰত নিজকে এক শক্তিশালী ৰূপত থিয় কৰাবলৈ সক্ষম হৈছে। নতুন দিল্লীৰ প্ৰখ্যাত ভাৰত মাণ্ডপামত (Bharat Mandapam) ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈ থকা 'ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬' (India AI Impact Summit 2026) ইয়াৰ এক উদাহৰণ। ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই পাঁচদিনীয়া সন্মিলনখনে ইতিমধ্যে সমগ্ৰ বিশ্বৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। এই India AI Impact Summit 2026 সন্মিলনখন অনুষ্ঠিত কৰিছে - ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (Ministry of Electronics and Information Technology), ডিজিটেল ইণ্ডিয়া (Digital India), INDIAai আদি বিভাগ সমূহে।
India AI Impact Summit 2026 সন্মিলনৰ মূল লক্ষ্য হৈছে - মানুহ আৰু প্ৰগতিৰ একত্ৰীকৰণ।
এআইৰ গণতান্ত্ৰিকৰণ- কৃত্ৰিম বুদ্ধিমত্তা বা এআই প্ৰযুক্তি কেৱল উন্নত দেশসমূহৰ মাজত আৱদ্ধ নাৰাখি 'গ্ল’বেল চাউথ' (Global South) বা উন্নয়নশীল দেশসমূহৰ বাবে সহজলভ্য কৰি তোলা।
দায়িত্বশীল আৰু নৈতিক ব্যৱহাৰ (Responsible AI)- এআইৰ ব্যৱহাৰ যাতে মানৱ সমাজৰ বাবে সুৰক্ষিত হয় আৰু ইয়াৰ কোনো কু-প্ৰভাৱ নপৰে, তাৰ বাবে এক গোলকীয় নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা।
অন্তৰ্ভুক্তিকৰণ (Inclusion)- সমাজৰ প্ৰতিটো স্তৰৰ মানুহে, বিশেষকৈ শিক্ষা, স্বাস্থ্য আৰু কৃষি খণ্ডত যাতে এআইৰ সুবিধা লাভ কৰিব পাৰে, তাক নিশ্চিত কৰা।
ভাৰতক বিশ্বৰ AI Hub হিচাপে গঢ়া- 'ইণ্ডিয়া এআই মিছন'ৰ জৰিয়তে ভাৰতৰ নিজা এআই আন্তঃগাঁথনি (যেনে- কম্পিউট শক্তি আৰু থলুৱা মডেল) শক্তিশালী কৰি বিশ্বক নেতৃত্ব দিয়া।
জীৱিকাৰ সুৰক্ষা- এআই প্ৰযুক্তিয়ে যাতে মানুহৰ সংস্থাপন কাঢ়ি নিয়াতকৈ তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰি জীৱিকাৰ মান উন্নত কৰাতহে সহায় কৰে, সেই দিশত গুৰুত্ব দিয়া।
সাৰ্বভৌম টেক ষ্টেক (Sovereign Tech Stack)- নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য এআই প্ৰযুক্তিৰ এক নিজস্ব গাঁথনি তৈয়াৰ কৰা।
চমুটো ক’বলৈ গ’লে, এই ছামিটৰ লক্ষ্য হৈছে "সকলোৰে বাবে এআই" (AI for All) ধাৰণাটোক বাস্তৱায়িত কৰা।
এই ছামিটৰ মূল বিষয়বস্তু বা থিম হৈছে ‘পিপল, প্লেনেট আৰু প্ৰগ্ৰেছ’ (People, Planet, and Progress)। ব্যক্তিগতভাৱে মই অনুভৱ কৰোঁ যে ভাৰতে ইয়াৰ জৰিয়তে বিশ্বক এটা অতি গুৰুত্বপূৰ্ণ বাৰ্তা দিছে - এআই প্ৰযুক্তি কেৱল ব্যৱসায়িক লাভৰ বাবে নহয়, বৰঞ্চ ই আমাৰ দৰে সাধাৰণ মানুহৰ জীৱনশৈলী উন্নত কৰিবলৈ আৰু পৃথিৱীখনক সুৰক্ষিত কৰিবলৈ ব্যৱহাৰ হ'ব লাগে। গ্ল’বেল চাউথৰ (Global South) দেশসমূহৰ ভিতৰত ভাৰতেই প্ৰথম যিয়ে ইমান বৃহৎ পৰিসৰত এখন আন্তঃৰাষ্ট্ৰীয় এআই সন্মিলন আয়োজন কৰিছে।
"এক বহনক্ষম এআই AI ভৱিষ্যত গঢ়ি তোলাৰ তিনিটা মূল সূত্ৰ" -
১/ People - AI must serve humanity in all its diversity, preserving dignity and ensuring inclusivity.
অর্থাৎ (AI) এআইক মানৱীয় প্ৰগতিৰ এক শক্তি হিচাপে কল্পনা কৰে। ইয়াৰ মূল লক্ষ্য হ’ল - এআইৰ নক্সা আৰু প্ৰয়োগৰ ক্ষেত্ৰত সাংস্কৃতিক বৈচিত্ৰ্যক সন্মান জনোৱা, মানুহৰ মৰ্যাদা অক্ষুণ্ণ ৰখা আৰু সকলোৰে অন্তৰ্ভুক্তি নিশ্চিত কৰা। ই এই কথা দৃঢ়তাৰে কয় যে প্ৰযুক্তি সদায় মানৱ-কেন্দ্ৰিক হ'ব লাগিব। সুৰক্ষা, বিশ্বাস আৰু সামূহিক লাভৰ ওপৰত ভিত্তি কৰি ই জনসাধাৰণক প্ৰথম স্থান দিয়া উন্নয়নক অগ্ৰাধিকাৰ দিয়ে।
২/ Planet - AI innovation must align with environmental stewardship and sustainability. অর্থাৎ (AI) এআই উদ্ভাৱনৰ আহ্বান জনায় যিয়ে দায়িত্বশীলভাৱে পৰিৱেশৰ সুৰক্ষা দিয়ে। ই এআই প্ৰযুক্তি চলোৱাৰ বাবে প্ৰয়োজন হোৱা সম্পদৰ ব্যৱহাৰ (Resource Footprint) হ্ৰাস কৰি জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰাত সহায় কৰে। ইয়াৰ মূল আদৰ্শ হ’ল - প্ৰযুক্তিগত প্ৰগতি সদায় পৃথিৱীৰ তত্ত্বাৱধানৰ সৈতে সংগতিপূৰ্ণ হ'ব লাগিব, যাতে এআইয়ে গোলকীয় বহনক্ষমতাক দুৰ্বল কৰাৰ পৰিৱৰ্তে অধিক শক্তিশালীহে কৰে।
৩/ Progress - AI's benefits must be equitably shared, advancing global development and prosperity. অর্থাৎ এআইক অন্তৰ্ভুক্তিমূলক বিকাশৰ এক ইঞ্জিন হিচাপে গণ্য কৰে। ইয়াৰ লক্ষ্য হ’ল এআই-ৰ সুফলসমূহ গোলকীয় উন্নয়নৰ অগ্ৰাধিকাৰসমূহৰ সৈতে খাপ খুওৱা আৰু সুযোগৰ সম-অধিকাৰ নিশ্চিত কৰা। এই সূত্ৰই এআই সম্পদসমূহৰ গণতান্ত্ৰিকৰণৰ ওপৰত গুৰুত্ব দিয়ে, যাতে স্বাস্থ্য, শিক্ষা, শাসন আৰু কৃষিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ আৰ্থ-সামাজিক অগ্ৰগতি দ্ৰুততৰ কৰিবলৈ ইয়াক প্ৰয়োগ কৰিব পাৰি।
'ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬'ত বিশ্বৰ ৪৫ খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰিছে। এই সন্মিলনত বিশেষকৈ G20 অন্তর্ভুক্ত দেশসমূহ আৰু গ্ল’বেল চাউথৰ উন্নয়নশীল দেশসমূহৰ প্ৰতিনিধিত্ব অতি শক্তিশালী।
বিশ্বৰ আগশাৰীৰ কোম্পানী যেনে- Google, Microsoft, IBM, Zoom, Kyndryl, Cloudflare, Accenture, NVIDIA, Bharti Enterprises (airtel), Zoho, Paytm, Cognizant, HCLTech, Infosys, OpenAI, Nokia, Chairman & Managing Director (Chairman & MD), Reliance Industries Limited, আৰু Adobe ৰ মুখ্য কাৰ্যবাহী বিষয়াসকল (CEOs)। তেওঁলোকে ভাৰতৰ এআই আন্তঃগাঁথনিৰ সৈতে বিশ্বজুৰি কেনেকৈ সমন্বয় ৰক্ষা কৰিব পাৰি, সেই বিষয়ে আলোচনা কৰিছে।
গোলকীয় সহযোগিতাৰ মূল বিষয়বস্তু -
সাতটা মূল স্তম্ভ বা চক্ৰসমূহ হ’ল -
১/ মানৱ সম্পদ (Human Capital): এআই ক্ষেত্ৰত দক্ষ জনশক্তি গঢ়ি তোলা।
২/ সামাজিক সবলীকৰণৰ বাবে অন্তৰ্ভুক্তি (Inclusion for Social Empowerment): সমাজৰ প্ৰতিটো স্তৰৰ মানুহক এআই-ৰ জৰিয়তে শক্তিশালী কৰা।
৩/ সুৰক্ষিত আৰু বিশ্বাসযোগ্য এআই (Safe & Trusted AI): এআই ব্যৱহাৰৰ ক্ষেত্ৰত নিৰাপত্তা আৰু বিশ্বাস যোগ্যতা নিশ্চিত কৰা।
৪/ বিজ্ঞান (Science): বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনত এআই-ৰ প্ৰয়োগ।
৫/ অৰ্থনৈতিক উন্নয়ন আৰু সমাজ কল্যাণৰ বাবে এআই (AI for Economic Development & Social Good): অৰ্থনীতিৰ বিকাশ আৰু সমাজৰ মংগলৰ বাবে এআই-ৰ ব্যৱহাৰ।
৬/ এআই সম্পদৰ গণতান্ত্ৰিকৰণ (Democratizing AI Resources): এআই প্ৰযুক্তি আৰু সম্পদসমূহ যাতে সকলোৰে বাবে সহজলভ্য হয়, সেয়া নিশ্চিত কৰা।
৭/ স্থিতিস্থাপকতা, উদ্ভাৱন আৰু দক্ষতা (Resilience, Innovation and Efficiency): প্ৰযুক্তিৰ জৰিয়তে নতুন উদ্ভাৱন আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰা।
ভাৰতৰ বিশাল বিনিয়োগ: ১০,৩৭২ কোটি টকাৰ IndiaAI Mission -
২০২৪ চনৰ মাৰ্চ মাহত ভাৰত চৰকাৰে দেশত এক শক্তিশালী এআই (AI) পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ লক্ষ্যৰে ১০,৩৭২ কোটি টকাৰ বাজেট সাপেক্ষে 'ইণ্ডিয়া এআই মিছন' (IndiaAI Mission) আৰম্ভ কৰিছিল।
শক্তিশালী জিপিইউ (GPU) - ৩৮,০০০ তকৈও অধিক GPU ক্ষমতা সাজু কৰা হৈছে। এইবোৰ অতি কম মূল্যত ভাৰতীয় ষ্টাৰ্ট-আপ আৰু শিক্ষানুষ্ঠানসমূহক যোগান ধৰা হৈছে।
থলুৱা সমাধান- ভাৰতৰ নিজা 'ফাউণ্ডেশ্যন মডেল' বা 'লাৰ্জ লেংগুৱেজ মডেল' (LLM) বিকশিত কৰিবলৈ ১২ টা দক্ষ দলক নিৰ্বাচিত কৰা হৈছে।
ভাৰতীয় এপ্লিকেশ্বন- ভাৰতৰ স্থানীয় সমস্যাসমূহ সমাধান কৰিব পৰাকৈ ৩০ টা বিশেষ এআই এপ্লিকেশ্বন (AI Applications) নিৰ্মাণৰ বাবে ইতিমধ্যে অনুমোদন জনোৱা হৈছে।
এআই গৱেষণাগাৰ (Labs)- দেশজুৰি ইতিমধ্যে ২৭ টা 'ইণ্ডিয়া ডাটা এণ্ড এআই লেব' স্থাপন কৰা হৈছে আৰু ভৱিষ্যতে আৰু ৫৪৩ টা এনে লেব স্থাপনৰ বাবে চিনাক্ত কৰা হৈছে।
এক্সপো আৰু আমাৰ সমাজত ইয়াৰ প্ৰভাৱ -
India AI Impact Summit 2026 সন্মিলনৰ কাষতে চলি থকা 'এআই ইমপেক্ট এক্সপো' ত গৈ আপুনি আচৰিত হ'ব যে কেনেকৈ এআই-য়ে এজন কৃষকক বতৰৰ সঠিক খবৰ দিছে বা দুৰ্গম অঞ্চলৰ এজন ৰোগীক বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লবলৈ সহায় কৰিছে। শিক্ষা খণ্ডত ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যক্তিগত শিক্ষাদানৰ ব্যৱস্থাই দেখুৱাই দিছে যে এআই আমাৰ বাবে এক মহান শিক্ষক হ'ব পাৰে।
নীতি আৰু নৈতিকতা- দায়িত্বশীল এআই আজিৰ আলোচনাত আটাইতকৈ বেছি গুৰুত্ব পোৱা বিষয়টো হ’ল এআইৰ নৈতিক ব্যৱহাৰ। বহুতেই ভয় কৰে যে AI য়ে মানুহৰ চাকৰি কাঢ়ি নিব। কিন্তু এই সন্মিলনত স্পষ্ট কৰি দিয়া হৈছে যে এআইৰ লক্ষ্য মানুহক সংস্থাপনহীন কৰা নহয়, বৰঞ্চ মানুহৰ ক্ষমতা বৃদ্ধি কৰাহে। গ্ল'বেল চাউথৰ দৰে উন্নয়নশীল অঞ্চলবোৰে কেনেকৈ প্ৰযুক্তিৰ সমানে সুবিধা পাব পাৰে, সেয়া আজিৰ ডাঙৰ আলোচনাৰ বিষয়।
নতুন দিল্লীত অনুষ্ঠিত হৈ থকা 'India AI Impact Summit 2026' ত অসমৰ প্ৰযুক্তি খণ্ডৰ এক ঐতিহাসিক সফলতা প্ৰদৰ্শন কৰা হয়। বিশ্বৰ প্ৰথমটো অসমীয়া (Speech-to-text) টুল 'আখৰ এআই' (Aakhor AI) এই বিশ্বমঞ্চত উপস্থাপন কৰা হৈছে।
ডিজিটেল ইণ্ডিয়া ভাষিণী (Digital India BHASHINI) ভাৰত চৰকাৰৰ (MeitY) অধীনত ২০২২ চনত মুকলি হোৱা 'ভাষিণী' হ’ল এই বিপ্লৱৰ মেৰুদণ্ড।
ইয়াৰ বৈশিষ্ট্যসমূহ হ’ল- ২২+ ভাষাৰ সংযোগ: অত্যাধুনিক AI/ML ব্যৱহাৰ কৰি ২২ খনতকৈও অধিক ভাৰতীয় ভাষাত বাস্তৱ সময়ত অনুবাদ কৰিব পাৰে, ভয়েচ আৰু টেক্সট কেৱল লিখা নহয়, মানুহৰ কথাৰো নিখুঁত অনুবাদ কৰি ই-গভৰ্নেন্স, স্বাস্থ্য আৰু শিক্ষা সেৱা সহজলভ্য কৰি তুলিছে।
মোৰ দৃষ্টিত, 'ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬' কেৱল এক অনুষ্ঠান নহয়, ই হ’ল ভাৰতৰ আত্মবিশ্বাসৰ এক প্ৰতিধ্বনি। আজি ভাৰতে বিশ্বক দেখুৱাই দিছে যে আমি কেৱল প্ৰযুক্তি ব্যৱহাৰ নকৰোঁ, আমি প্ৰযুক্তি গঢ়োঁ। (AI for All) বা সকলোৰে বাবে এআই - এই আদৰ্শই যদি সঁচাকৈয়ে বাস্তৱায়িত হয়, তেন্তে এখন সমতাপূৰ্ণ সমাজ গঢ়াত কোনেও বাধা দিব নোৱাৰিব।

