নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ব্লগলৈ স্বাগতম জনালো। আজি আমি ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছো, আগৰ ব্লগৰ লেখনিত ইন্টাৰনেটৰ আৰম্ভণিৰ সম্পৰ্কে কিছুমান কথা আলোচনা কৰিছিলো আৰু ইণ্টাৰনেট আৰু আমাৰ সমাজত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হৈছিল। আজি আমি ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে আলোচনা কৰিম।
আৰম্ভণিঃ
ইণ্টাৰনেট হৈছে বিশ্বজুৰি বিস্তৃত হৈ থকা বিশাল ইলেকট্ৰনিক সংযোগ ব্যবস্থা। ইণ্টাৰনেটৰ জৰিয়তে পৃথিৱীৰ সকলো মোবাইল, কম্পিউটাৰ আৰু আধুনিক ইলেকট্ৰনিক সঁজুলি ইটোৰ লগত সিটো সংলগ্ন হৈ তথ্য আদান-প্ৰদান কৰিব পাৰে। বৰ্তমান সময়ত ইণ্টাৰনেটৰ অবিহনে জীৱন অচল বুলিব পাৰি, কিয়নো ৰাতিপুৱা বিচনাৰ পৰা সাৰ পাই উঠি প্ৰথমে মবাইল ফোনটো অন কৰি সময়, তাৰিখ, বাৰ চোৱাৰ উপৰিও ফেচবুক, ওৱাটছএপ, ইউটিউব আদি চোৱাটো দেশৰ ৪৫ শতাংশ লোকৰ অভ্যাস আছে বুলি কলেও হয়টো ভুল কোৱা নহব। এই সকলোবোৰ সম্ভৱ হৈ উঠিছে একমাত্ৰ 4G, 5G সহজলভ্য ইন্টাৰনেট ব্যৱস্থাৰ বাবে।
আধুনিক সমাজত ইন্টাৰনেটে ইতিবাচক আৰু নেতিবাচক এই দুয়োধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে। বৰ্তমানৰ একবিংশ শতিকাত ইণ্টাৰনেট আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। যেনেকৈ ৰাতিপুৱা শুই উঠাৰ সময়ৰ পৰা ইন্টাৰনেটৰ প্ৰয়োজন ঠিক তেনেকৈ নিশা শুবলৈ যোৱালৈকে আমি প্ৰত্যক্ষ বা পৰোক্ষভাৱে ইণ্টাৰনেটৰ ওপৰতে নিৰ্ভৰশীল হ'বলগীয়া হয়।
ইণ্টাৰনেটে সমগ্ৰ পৃথিৱীখনক এখন গোলকীয় গাঁৱলৈ (Global Village) ৰূপান্তৰিত কৰিছে। ভাৰতৰ পৰা আমেৰিকা, আমেৰিকাৰ পৰা আফ্ৰিকা আদি যিকোনো ঠাইলৈ হঠাৎ যোগাযোগ কৰিবলৈ সক্ষম হৈছে। The Indian Express ৰ এক প্ৰতিবেদন অনুসৰি ফেব্ৰুৱাৰী ২০২৫ চনৰ তথ্য মতে - চীন দেশ ইন্টাৰনেট ব্যৱহাৰকাৰী দেশ হিচাপে প্ৰথম স্থানত আছে, প্ৰায় ১,১১০ মিলিয়ন লোকে ইন্টাৰনেট ব্যৱহাৰ কৰে। দ্বিতীয়তে ভাৰতৰ ৮০৬ মিলিয়ন লোক ইন্টাৰনেট ব্যৱহাৰ কৰে। তৃতীয়তে আমেৰিকাৰ ৩২২ মিলিয়ন লোকে ইন্টাৰনেট ব্যৱহাৰ কৰে।
Datareportal.com ৰ তথ্য অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ আধাতকৈ অধিক (৫৫.৩%) লোক ইণ্টাৰনেটৰ সৈতে জড়িত হৈ আছে।
শক্তিশালী মাধ্যম হিচাপে ইণ্টাৰনেটে যেনেদৰে প্ৰতিজন লোকক সহায়, সুবিধা প্ৰদান কৰিছে ঠিক তেনেদৰে বহুতো অসুবিধাৰ সৃষ্টি কৰিছে। আজি আমি ইন্টাৰনেটৰ ১৫ টা সুবিধা আৰু ১৫ টা অসুবিধাৰ বিষয়ে আলোচনা কৰিম।
ইণ্টাৰনেটৰ ১৫ টা সুবিধা (Advantages of Internet):-
১/ তথ্যৰ বিশাল ভড়াল:-
গুগল বা অন্য চাৰ্চ ইঞ্জিনৰ সহায়ত আমি যিকোনো বিষয়ৰ জ্ঞান তৎক্ষণাৎ লাভ কৰিব পাৰোঁ। আজিকালি AI ৰ দ্বাৰা অনুসন্ধান কৰা মূল বিষয়সমূহৰ চমু টোকা চাৰ্চ ইঞ্জিনৰ প্ৰথমতে দেখুৱাই।
২/ দ্ৰুত যোগাযোগ:-
পৃথিৱীৰ যিকোনো কোণত থকা বন্ধু-বান্ধৱী বা আত্মীয়ৰ সৈতে ভিডিঅ' কল বা মেচেজৰ জৰিয়তে যোগাযোগ কৰা এতিয়া অতি সহজ। 4G, 5G ইন্টাৰনেট ব্যৱস্থাৰ জৰিয়তে এয়া সম্ভৱপৰ হৈ উঠিছে।
৩/ অনলাইন শিক্ষা:-
ইণ্টাৰনেটৰ বাবেই আজি দূৰ-দূৰণীৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে দেশ-বিদেশৰ শিক্ষাগুৰুৰ পৰা জ্ঞান লাভ, বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছে।
৪/ ই-কমাৰ্চ বা অনলাইন বজাৰ:-
আজিকালি ঘৰত বহিয়েই অনলাইন ষ্টৰ সমূহৰ পৰা সুলভ মুল্যত কাপোৰ-কানিৰ পৰা খাদ্য-বস্তুলৈকে সকলো কিনিব পাৰি, যাৰ ফলত সময়, কিছু টকা আৰু কষ্টৰ ৰাহি হয়।
৫/ ডিজিটেল বেংকিং:-
বেংকলৈ নোযোৱাকৈয়ে মোবাইলৰ জৰিয়তে টকাৰ লেনদেন, বেংক একাউন্ট খোলা আৰু বিল পৰিশোধ কৰাৰ দৰে বিত্তীয় কাম-কাজ সম্ভৱ হৈ উঠিছে।
৬/ মনোৰঞ্জনৰ মাধ্যম:-
চিনেমা চোৱা, গান শুনা, গেমখেলা ইত্যাদিৰ বাবে ইণ্টাৰনেট এক ডাঙৰ প্লেটফৰ্ম হিচাপে পৰিগণিত হৈছে।
৭/ কৰ্মসংস্থাপনৰ সুযোগ:-
ফ্ৰীলেঞ্চিং, ব্লগিং, বিভিন্ন পৰ্টেল, ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউবৰ দৰে নতুন নতুন কেৰিয়াৰৰ পথ ইণ্টাৰনেটে মুকলি কৰিছে।
৮/ চাকৰিৰ তথ্য:-
বিভিন্ন ৱেবছাইটৰ জৰিয়তে শেহতীয়া চাকৰিৰ খৱৰ সমূহ অতি সোনকালে পোৱা যায়। অসমৰ শেহতীয়া চাকৰিৰ খবৰসমূহ আমি assamcareer.com,
jobassam.in ইত্যাদিৰ মাধ্যমেৰে লাভ কৰিবলৈ সক্ষম হওঁ।
৯/ জি.পি.এছ. সেৱা:-
অচিনাকি ঠাই বিচাৰি উলিওৱাত, ৰাস্তাত গৈ থকা অৱস্থাত গুগল মেপ বা জি.পি.এছ. এ আমাক যথেষ্ট সহায় কৰে। ইণ্টাৰনেটৰ দ্বাৰা এই GPS সেৱাই যাতায়ত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰিছে।
১০/ তৎকালীন খবৰ:-
পৃথিৱীৰ যিকোনো ঠাইত ঘটা ঘটনা-দুৰ্ঘটনা বা খবৰ আমি ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন সামাজিক মাধ্যম যেনে - ফেচবুক, ইউটিউব, টুইটাৰ (X), ৱেবচাইট আদিত লগে লগে জানিব পাৰোঁ।
১১/ চৰকাৰী সেৱা:-
আজিকালি প্ৰায়বোৰ চৰকাৰী আবেদন অনলাইনযোগে কৰিব পাৰি। সেয়া চাকৰিৰ আবেদনৰ পৰা আৰম্ভ কৰি বিভিন্ন চাৰ্টিফিকেটৰ আবেদন কৰিব পাৰি, অনলাইনত কৰা আবেদন সমূহ বহু কেইটা বিভাগে নিৰিক্ষণ কৰি থাকে যাৰ ফলত দেশত দুৰ্নীতি কমোৱাত সহায় কৰিছে।
১২/ ফাইলৰ আদান-প্ৰদান:-
সৰু-ডাঙৰ ফাইল ইমেইল, ওৱাটচএপ, ক্লাউড ইত্যাদিৰ জৰিয়তে নিমিষতে পঠিয়াব পাৰি। ইণ্টাৰনেটৰ জৰিয়তে FTP ব্যৱহাৰ কৰি ডাঙৰ ডাঙৰ ফাইলৰ আদান-প্ৰদান কৰাটো বৰ্তমান সংবাদ মাধ্যমৰ বাবে অতি সহজ হৈ পৰিছে।
১৩/ স্বাস্থ্য সেৱা:-
অনলাইন এপইণ্টমেণ্ট আৰু টেলি-মেডিচিনৰ জৰিয়তে ঘৰতে ডাক্তৰী পৰামৰ্শ ল'ব পাৰি, ভাৰতৰ ই-সঞ্জীৱনী (eSanjeevani) নামৰ টেলী-মেডিচিন সেৱাৰ জৰিয়তে এতিয়া ৰোগীসকলে ঘৰত বহিয়েই ইন্টাৰনেটৰ সহায়ত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লাভ কৰিব পাৰে।
১৪/ সামাজিক সজাগতা:-
ইণ্টাৰনেটৰ জৰিয়তে সমাজৰ বিভিন্ন কু-প্ৰথাৰ বিৰুদ্ধে জনমত গঠন কৰা সহজ হৈছে। আজিকালি উঠি অহা যুৱপ্ৰজন্মই ইন্টাৰনেটৰ যোগেদি ভাল ভাল জ্ঞান লাভ কৰি, নিজকে সজাগ কৰি আনকো সহায় কৰি সঠিক পথত আগবঢ়াই নিবলৈ চেষ্টা কৰা দেখা গৈছে।
১৫/ গৱেষণাৰ সুবিধা:-
বিজ্ঞানী আৰু গৱেষকসকলৰ বাবে ইণ্টাৰনেটৰ দ্বাৰা তথ্য সংগ্ৰহ এক প্ৰধান উৎস। গৱেষক, বিজ্ঞানীসকলে বৰ্তমান ইণ্টাৰনেটৰ বিশাল তথ্যৰ পৰা দ্ৰুতগতিত তেওঁলোকৰ গৱেষণা কৰিবলৈ সক্ষম হৈছে।
ইণ্টাৰনেটৰ ১৫ টা অসুবিধা (Disadvantages of Internet):-
১/ সময়ৰ অপচয়:-
সামাজিক গণমাধ্যমৰ (Social Media) আসক্তিয়ে বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ বহুমূলীয়া সময় নষ্ট কৰিছে। আজিৰ প্ৰজন্মৰ বাবে সামাজিক গণমাধ্যম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। অনলাইনত শিক্ষা গ্ৰহণ কৰাৰ বিপৰিতে চচিয়েল মিডিয়াত সময় কটোৱা এনেধৰণৰ আসক্তিয়ে ছাত্ৰ-ছাত্ৰীৰ মনোযোগ পঢ়া-শুনাৰ পৰা আঁতৰাই নি তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ অমূল্য সময়বোৰ কাঢ়ি নিছে বুলিব পাৰি।
২/ চাইবাৰ অপৰাধ:-
হেকিং আৰু অনলাইন জালিয়াতিৰ ফলত মানুহৰ কষ্টোপাৰ্জিত ধন আৰু গোপন তথ্য চুৰি হয়। আজিকালি ডিজিটেল এৰেষ্ট নামৰ কেলেংকাৰী সংঘটিত হৈছে। প্ৰকৃততে ডিজিটেল এৰেষ্ট নামৰ কোনো প্ৰক্ৰিয়া ভাৰতীয় আইনত নাই, এয়া কেৱল এক সুপৰিকল্পিত অনলাইন ডকাইতিহে। ইয়াত চাইবাৰ অপৰাধীয়ে পুলিচ বা চিবিআইৰ দৰে উচ্চপদস্থ বিষয়াৰ পৰিচয় দি ভিডিঅ' কল আৰু ফোন কৰে আৰু ভুৱা অপৰাধৰ দোহাই দি মানুহক মানসিকভাৱে আতংকিত কৰি ধন আত্মসাৎ কৰে।
৩/ ভুল তথ্য বা উৰাবাতৰি:-
ইণ্টাৰনেটত দ্ৰুতগতিৰে বিয়পি পৰা মিছা বাতৰিয়ে সমাজত অশান্তিৰ সৃষ্টি কৰিব পাৰে। ২০২০ চনৰ ক’ভিড মহামাৰীৰ পৰা ২০২৫ চনৰ AI ৰ যুগত প্ৰৱেশ কৰালৈকে, ভাৰতত ভুল তথ্য বা উৰাবাতৰিৰ প্ৰসাৰ এক ভয়ংকৰ সমস্যা হৈ থিয় দিছে। ২০২০ চনত স্বাস্থ্য বিষয়ক মিছা খবৰৰ পৰা আৰম্ভ কৰি ২০২৪-২০২৫ চনৰ ডিপফেক ভিডিঅ’লৈকে, ইণ্টাৰনেটে সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাত নেতিবাচক ভূমিকা পালন কৰিছে।
৪/ স্বাস্থ্যজনিত সমস্যা:-
ডিজিটেল সঁজুলি যেনে মোবাইল বা কম্পিউটাৰত বেছিভাগ সময় আমি ইন্টাৰনেট ব্যৱহাৰ কৰো। মোবাইল, কম্পিউটাৰৰ ওপৰত আমাৰ অতিমাত্ৰা নিৰ্ভৰশীলতাই দিনে দিনে স্বাস্থ্যৰ বাবে বিপদ মাতি আনিছে। ই কেৱল চকুৰ দৃষ্টিশক্তি হ্ৰাস কৰাই নহয়, ডিঙিৰ বিষ, পিঠিৰ বিষ, শাৰীৰিক পৰিশ্ৰমৰ অভাৱত মেদবহুলতাৰ দৰে সমস্যাৰো সৃষ্টি কৰিছে।
৫/ নিসংগতা আৰু মানসিক চাপ:-
বৰ্তমান সময়ত আমি বাস্তৱ জগততকৈ ভার্চুৱেল জগততহে বেছি সময় অতিবাহিত কৰো। ইয়াৰ ফলত মানুহৰ মাজত থকা প্ৰকৃত সামাজিক আন্তঃক্ৰিয়া আৰু হৃদয়েৰে গঢ়ি উঠা বন্ধুত্বৰ বান্ধোন লাহে লাহে শিথিল হৈ পৰিছে।
৬/ গোপনীয়তাৰ অভাৱ:-
ইণ্টাৰনেটৰ দৰে মুকলি মঞ্চত আমি ভাগ-বতৰা কৰা গোপনীয় আৰু ব্যক্তিগত তথ্যসমূহ সদায় সুৰক্ষিত হৈ নাথাকে। ইন্টাৰনেট ব্যৱহাৰকাৰী সজাগ নহলে চাইবাৰ অপৰাধীয়ে বিভিন্ন কৌশলেৰে এই তথ্যসমূহ চুৰি কৰি আমাৰ গোপনীয়তা ভংগ কৰাৰ লগতে আৰ্থিক লোকচানৰো সৃষ্টি কৰিব পাৰে।
৭/ চাইবাৰ বুলিং (Cyberbullying):-
ডিজিটেল মাধ্যমক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি কাৰোবাক ইতিকিং কৰা বা মানসিকভাৱে হাৰাশাস্তি কৰাটো এটা ডাঙৰ চাইবাৰ অপৰাধ হিচাপে পৰিগণিত কৰা হয়। ইণ্টাৰনেটৰ দৰে মুকলি মঞ্চত এনে আচৰণে এজন মানুহক সামাজিক মৰ্যাদা হানি কৰাৰ লগতে তেওঁক গভীৰ হতাশালৈ ঠেলি দিব পাৰে। এই ধৰণৰ কাৰ্যক চাইবাৰ বুলিং বুলি কোৱা হয়।
৮/ নিচা বা আসক্তি:-
ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে এক নিচাৰ সৃষ্টি কৰিব পাৰে। তেতিয়া কেৱল ইণ্টাৰনেটত সময় কটাবলৈ মন যাব, বেলেগ কাম কৰিবলৈ মন নোযোৱা হ'ব, যিটো মানসিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।
৯/ আপত্তিজনক সমল:-
ইণ্টাৰনেটত কিছুমান বেয়া প্ৰভাৱ থকা ভিডিঅ’ই কিশোৰ-কিশোৰীসকলক ভুল পথে পৰিচালিত কৰিব পাৰে। এইক্ষেত্ৰত অভিভাৱকসকল সজাগ হোৱা উচিত।
১০/ ভাইৰাছৰ ভাবুকি:-
ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে ডিভাইচত ভাইৰাছ সোমাই গুৰুত্বপূৰ্ণ ফাইল নষ্ট কৰিব পাৰে সেয়ে ইণ্টাৰনেট ব্যৱহাৰৰ সময়ত সুৰক্ষিত নোহোৱা ৱেবছাইট বা লিংকত প্ৰৱেশ কৰিব নালাগে। পৰাপক্ষত কেৱল http থকা ৱেবচাইত প্ৰৱেশ নকৰাই ভাল। https থকা ৱেবচাইটতহে প্ৰৱেশ কৰিব লাগে কিন্তু কি ধৰণৰ সমল থকা ৱেবচাইট/ব্লগ সেয়া নিশ্চিত কৰিব লাগে। ইন্টাৰনেটত বিভিন্ন বেৱচাইট, এপ আদিৰ জৰিয়তে আমাৰ ডিভাইচত মালৱেৰ (Malware) বা ভাইৰাছ প্ৰৱেশ কৰিব পাৰে। এই ক্ষতিকাৰক প্ৰগ্ৰেমসমূহে কম্পিউটাৰ বা মোবাইলৰ গুৰুত্বপূৰ্ণ ফাইলসমূহ চিৰদিনৰ বাবে নষ্ট কৰাৰ লগতে গোটেই চিষ্টেমটো বিকল কৰি দিব পাৰে।
১১/ টোপনিৰ বিসংগতি:-
নিশা দেৰিলৈকে মোবাইল ব্যৱহাৰ কৰাৰ ফলত তাৰ পৰা নিৰ্গত হোৱা নীলা পোহৰে (Blue Light) আমাৰ টোপনিৰ হৰম’নত বাধা দিয়ে। ইয়াৰ ফলত অনিদ্ৰাৰ দৰে সমস্যাই দেখা দিব পাৰে।
১২/ শাৰীৰিক এলেহুৱা ভাব:-
ই-কমাৰ্চ আৰু অনলাইন ডেলিভাৰী সেৱাই আমাৰ জীৱন সহজ কৰি তুলিছে যদিও ইয়াৰ এক নেতিবাচক দিশো নথকা নহয়। ঘৰত বহিয়েই সকলো সামগ্ৰী উপলব্ধ হোৱাৰ বাবে মানুহৰ দৈনন্দিন খোজ-কাঢ়া বা শাৰীৰিক পৰিশ্ৰম কমি গৈছে, যিয়ে শাৰীৰিক এলেহুৱা ভাব বৃদ্ধি কৰিছে।
১৩/ অনলাইন গেমৰ কু-প্ৰভাৱ:-
কিছুমান হিংসাত্মক অনলাইন গেমে ল’ৰা-ছোৱালীৰ মানসিকতাত বিৰূপ প্ৰভাৱ পেলায়। এনে ক্ষেত্ৰত অনলাইনত সন্তানে কি গেমত সময় কটাইছে সেয়া অভিভাৱকে চকু দিব লাগে।
১৪/ নিবনুৱা বৃদ্ধিৰ আশংকা:-
আজিকালি ইণ্টাৰনেট আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ AI প্ৰসাৰে বহুতো কাম স্বয়ংক্ৰিয় কৰি তুলিছে। ইয়াৰ ফলত যিবোৰ কাম আগতে মানুহে কৰিছিল, সেইবোৰ এতিয়া (ৰবট) মেচিন, চফ্টৱেৰৰ জৰিয়তে অতি কম সময়তে কৰিব পৰা হৈছে, যাৰ ফলত সাধাৰণ শ্ৰমিকসকলৰ সংস্থাপনৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে।
১৫/ আবেগিক দূৰত্ব বৃদ্ধি:-
ডিজিটেল যুগে আমাক সমগ্ৰ পৃথিৱীৰ খবৰ ৰাখিবলৈ শিকাইছে সেইটো সঁচা, কিন্তু আমাৰ কাষত বহি থকা আপোন মানুহজনৰ খবৰ ল’বলৈ যেন আমাৰ সময় নাই। পৰিয়ালৰ সদস্যসকল একেলগে বহি সময় কটোৱাৰ পৰিৱৰ্তে বৰ্তমান নিজৰ নিজৰ মোবাইলত কৃত্ৰিম পৃথিৱীত ব্যস্ত থকাৰ অভ্যাসে পৰিয়ালৰ মাজত থাকিবলগীয়া মিলা-প্ৰীতিৰ অভাৱ ঘটাইছে।
সামৰণিঃ
ইণ্টাৰনেট বৰ্তমানৰ সমাজৰ এক ডাঙৰ উপহাৰ বুলিব পাৰো। ইন্টাৰনেট আমাৰ বাবে অভিশাপ নে আশীৰ্বাদ, সেয়া আমাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। আজি আমি ইন্টাৰনেটৰ সুবিধা, অসুবিধা, ইন্টাৰনেট ব্যৱহাৰৰ কিছু সজাগতাৰ বিষয়ে উল্লেখ কৰিবলৈ চেষ্টা কৰিলো। আশা কৰিম ইন্টাৰনেটৰ অপকাৰিতাৰ দিশবোৰ পৰিহাৰ কৰি ইন্টাৰনেটৰ ভালবোৰ আঁকোৱালি লৈ আমাৰ জীৱন উন্নত কৰাই সকলোৰে লক্ষ্য হোৱা উচিত।
