ইণ্টাৰনেট আৰু আমাৰ সমাজত ইয়াৰ প্ৰভাৱ



বৰ্তমান ইণ্টাৰনেটৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ বিকাশৰ ফলত সমগ্ৰ বিশ্বকে এখন গোলকীয় গাঁৱলৈ ৰূপান্তৰিত কৰিছে। ডাটাৰিপ’ৰ্টেল ৱেবচাইটৰ মতে (datareportal.com) ২০২৫ চনৰ আৰম্ভণিতে বিশ্বজুৰি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে ৫.৬৪ বিলিয়ন, অৰ্থাৎ  ৫৬৪ কোটি। যিয়ে বিশ্বৰ জনসংখ্যাৰ ৬৮.৭% প্ৰতিনিধিত্ব কৰে। আনহাতে, চাইবাৰক্ৰাইম মেগাজিনৰ মতে (cybersecurityventures.com) ২০৩০ চনৰ ভিতৰত বিশ্বজুৰি ৭.৫ বিলিয়নতকৈ অধিক ইণ্টাৰনেট ব্যৱহাৰকাৰী থাকিব, যিয়ে বৰ্তমান বিশ্বৰ জনসংখ্যা ৮.৫ বিলিয়নৰ প্ৰায় ৯০% প্ৰতিনিধিত্ব কৰে। 

ইণ্টাৰনেটৰ অবিহনে বৰ্তমানৰ সমাজ অচল বুলিব পাৰি। কাৰণ যোগাযোগ, বাণিজ্য, শিক্ষা, আৰু তথ্যৰ প্ৰয়োজনীয়তা সকলো সময়তে লাগে। গতিকে ইণ্টাৰনেটে সমাজত গভীৰ আৰু বহুমুখী প্ৰভাৱ পেলাইছে আৰু ভুল তথ্য, চাইবাৰ অপৰাধ, সামাজিক বিচ্ছিন্নতাৰ দৰে নতুন প্ৰত্যাহ্বানৰ সন্মুখীন কৰি তুলিছে।

সমাজত ইণ্টাৰনেটৰ প্ৰভাৱসমূহ তলত উল্লেখ কৰা হৈছে -

১/ যোগাযোগ:- ইণ্টাৰনেটৰ বাবে বিশ্বজুৰি মানুহে তৎক্ষণাত যোগাযোগ কৰিব পৰিছে, যাৰ ফলত সমগ্ৰ বিশ্বৰ ব্যক্তি আৰু সম্প্ৰদায়ৰ সৈতে বাস্তৱ সময়ৰ যোগাযোগৰ সুবিধা হৈছে। ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদিৰ দৰে সামাজিক গণমাধ্যম সমূহৰ উন্মেষ ঘটিছে, যাৰ ফলত মানুহে নিজৰ চিন্তা, জীৱনশৈলি আৰু মতামত সমগ্ৰ বিশ্বৰ দৰ্শকৰ সৈতে ভাগ-বতৰা কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ফলত সমাজৰ পৰিবৰ্তন ঘটিছে।

২/ তথ্যৰ প্ৰৱেশ:- ইণ্টাৰনেটৰ যোগেদি যিকোনো বিষয়ৰ ওপৰত সীমাহীন জ্ঞানৰ তথ্যৰ সুবিধা লাভ কৰিব পাৰি। অনলাইন শিক্ষণ অধিক প্ৰচলিত হৈ পৰিছে, ফলত সুলভ শিক্ষাৰ সুযোগ পোৱা গৈছে। অনলাইন শিক্ষণ প্ৰক্ৰিয়াত আজীৱন শিক্ষণ আৰু দক্ষতা বিকাশৰ সুবিধা হৈছে।

৩/ বাণিজ্য:- ইণ্টাৰনেটৰ যোগেদি অনলাইনৰ ই-কমাৰ্চ শ্বপিং চাইট সমূহ অৰ্থনীতিৰ এক উল্লেখযোগ্য অংশত পৰিণত হৈছে। গ্ৰাহকে ঘৰৰ পৰাই সামগ্ৰী  ক্ৰয় কৰিব পাৰে আৰু পৰম্পৰাগত নগদ ধনৰ লেনদেনৰ পৰিবৰ্তে ইণ্টাৰনেটৰ জৰিয়তে ডিজিটেল পেমেণ্টৰ দ্বাৰা ধনৰ লেনদেন কৰাৰ ফলত বিত্তীয় লেনদেন অধিক কাৰ্যক্ষম হৈ উঠিছে।

৪/ বিনোদন:- অনলাইন ষ্ট্ৰীমিং সেৱাসমূহ যেনে ইউটিউব, নেটফ্লিক্স, এমেজন প্ৰাইম, জিঅ' হটষ্টাৰ আৰু অন্যান্য মঞ্চ (platform) সমূহৰ উত্থানে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰাৰ ধৰণ সলনি কৰিছে, ইয়াত প্ৰদৰ্শন কৰা বিষয়বস্তুসমূহ গ্ৰাহকৰ বাবে প্ৰয়োজনীয় হৈ পৰিছে আৰু অনলাইন গেম খেলি ভালপোৱা লোক সকলক সংযোগ কৰি ভাৰ্চুৱেল কমিউনিটিৰ সৃষ্টি কৰিছে । বৰ্তমান সময়ত অনলাইন গেমিং উদ্যোগ এটা উল্লেখযোগ্য উদ্যোগলৈ পৰিণত হৈছে।

৫/ ৰাজনৈতিক আৰু সামাজিক সক্ৰিয়তা:- অনলাইনৰ সামাজিক গণমাধ্যমসমূহ, 
অনলাইন মঞ্চ (platform) সমূহত সামাজিক সক্ৰিয়তাত ভূমিকা গ্ৰহণ কৰিবলৈ আৰু ৰাজনৈতিক আন্দোলন কৰিবলৈ ব্যক্তিসকলক নিজৰ মতামত প্ৰকাশ কৰাৰ লগতে সামাজিক পৰিৱৰ্তনৰ বাবে সংগঠিত হোৱাৰ এখন মঞ্চ প্ৰদান কৰিছে।


৬/ সাংস্কৃতিক প্ৰভাৱ:- বিশ্বব্যাপী ইণ্টাৰনেটৰ প্ৰসাৰ আৰু প্ৰচাৰে সাংস্কৃতিক বিনিময়ৰ সুবিধা প্ৰদান কৰিছে, যাৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলে নিজ-নিজ বৈচিত্ৰময় সংস্কৃতিৰ ভাগ-বতৰা কৰিবলৈ সক্ষম হৈছে আৰু সামাজিক পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু সাংস্কৃতিক প্ৰকাশৰ বাবে নতুন পথৰ সৃষ্টি কৰিছে।

৭/ কৰ্ম আৰু ব্যৱসায়:- ইণ্টাৰনেটৰ জৰিয়তে দূৰৱৰ্তী কাম ঘৰৰ পৰা বা যিকোনো স্থানৰ পৰাই কৰিবলৈ সক্ষম কৰি তুলিছে, ফলত ব্যক্তিয়ে ইণ্টাৰনেট সংযোগৰ সৈতে কাম কৰি থাকিব পাৰে। 
ইণ্টাৰনেটৰ যোগেদি উদ্যোগীসকলে অনলাইন ব্যৱসায় কৰিবলৈ সক্ষম হৈছে আৰু বিশ্বব্যাপী প্ৰসাৰতা লাভ কৰিবলৈ সুবিধা হৈছে।

৮/ উন্নত স্বাস্থ্যসেৱা আৰু অভিগম্যতা:- ইণ্টাৰনেটে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। ইণ্টাৰনেটৰ সুবিধাৰ ফলত দূৰৱৰ্তী ঠাইসমূহত স্বাস্থ্যসেৱাৰ তথ্য আৰু টেলিমেডিচিনৰ সেৱাসমূহ আগবঢ়াবলৈ সক্ষম হৈছে। ভাৰতৰ ই-সঞ্জীৱনীৰ (eSanjeevani- National Telemedicine Service) দৰে প্লেটফৰ্মে ৰোগীক চিকিৎসকৰ সৈতে দূৰৈৰ পৰা সংযোগ কৰে, বিশেষজ্ঞৰ সৈতে যোগাযোগৰ সুবিধা উন্নত কৰে।

৯/ গোপনীয়তা আৰু সুৰক্ষা:- ইণ্টাৰনেটত ব্যক্তিগত তথ্যৰ গোপনীয়তাৰ প্ৰত্যাহ্বান সৃষ্টি হৈ থাকে। কাৰণ অনলাইনত ব্যৱহাৰকাৰী সকলে যথেষ্ট পৰিমাণৰ তথ্য ভাগ-বতৰা কৰে। ইয়াৰ ফলত ডিজিটেল গোপনীয়তা আৰু তথ্য সুৰক্ষাৰ বিষয়ে বিভিন্ন বিতৰ্ক আৰু আলোচনাৰ সৃষ্টি হৈ থাকে। ইণ্টাৰনেটত চাৰ্ভাৰ হেকিং, ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ পৰিচয় চুৰি আৰু অন্যান্য চাইবাৰ অপৰাধৰ আশংকা থাকে।


Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব