কৃষি খণ্ডত কোনখন দেশ কিমান শক্তিশালী? এক বিশেষ প্ৰতিবেদন

 

বৰ্তমানৰ পৰিৱৰ্তিত বিশ্বত কেৱল আধুনিক অস্ত্ৰ-শস্ত্ৰ বা কৃত্ৰিম বুদ্ধিমত্তাই (Artificial Intelligence) সুৰক্ষাৰ মুখ্য ভেটি নহয়; 'খাদ্য সুৰক্ষা'ও (Food Security) সমানেই গুৰুত্বপূৰ্ণ। যিকোনো এখন দেশৰ সাৰ্বভৌমত্ব আৰু শক্তিৰ আটাইতকৈ ডাঙৰ স্তম্ভ হিচাপে কৃষি খণ্ডই এক নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে। শেহতীয়া তথ্য আৰু পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি বিশ্বৰ কৃষি খণ্ডৰ এক আলোকপাত তলত আগবঢ়োৱা হ’ল -

১/ চীন (China) - ২,০০৯,৩২৬ বৰ্গ মাইল কৃষিভূমি।
চীনত সৰ্বাধিক উৎপাদিত শস্য - ধান, ঘেঁহু, আলু, মাকৈ, চাহপাত। মুখ্য ৰপ্তানি কৰা হয় - জাপান, আমেৰিকা, দক্ষিণ কোৰিয়া, ভিয়েটনাম।

২/ আমেৰিকা যুক্তৰাষ্ট্ৰ (USA) - ১,৬২৭,৫৭৬ বৰ্গ মাইল কৃষিভূমি।
আমেৰিকাত সৰ্বাধিক উৎপাদিত শস্য - মাকৈ, চয়াবিন, ঘেঁহু, তুলা, বাদাম। মুখ্য ৰপ্তানি কৰা হয় - চীন, মেক্সিকো, কানাডা, জাপান।

৩/ অষ্ট্ৰেলিয়া (Australia) - ১,৪০২,৪৯২ বৰ্গ মাইল কৃষিভূমি।
অষ্ট্ৰেলিয়াত সৰ্বাধিক উৎপাদিত শস্য - ঘেঁহু, বাৰ্লি, কুঁহিয়াৰ, ফল-মূল। মুখ্য ৰপ্তানি কৰা হয় - চীন, জাপান, দক্ষিণ কোৰিয়া, ইণ্ডোনেছিয়া।

৪/ ব্ৰাজিল (Brazil) - ৯১৪,১৩১ বৰ্গ মাইল কৃষিভূমি।
ব্ৰাজিলত সৰ্বাধিক উৎপাদিত শস্য - চয়াবিন, কুঁহিয়াৰ, কফি, মাকৈ, সুমথিৰা। মুখ্য ৰপ্তানি কৰা হয় - চীন, আমেৰিকা, আৰ্জেণ্টিনা।

৫/ ৰাছিয়া (Russia) - ৮৩২,৮২৬ বৰ্গ মাইল কৃষিভূমি।
ৰাছিয়াত সৰ্বাধিক উৎপাদিত শস্য - ঘেঁহু, সূৰ্যমুখী তেল, বাৰ্লি, জই। মুখ্য ৰপ্তানি কৰা হয় - ইজিপ্ত, তুৰস্ক, চীন, কাজাখস্তান।

৬/ কাজাখস্তান (Kazakhstan) - ৮২৭,২৮৪ বৰ্গ মাইল কৃষিভূমি।
কাজাখস্তানত সৰ্বাধিক উৎপাদিত শস্য - ঘেঁহু, তিসি, বাৰ্লি, সূৰ্যমুখী শস্য। মুখ্য ৰপ্তানি কৰা হয় - চীন, উজবেকিস্তান, ৰাছিয়া, ইৰাণ।

৭/ ভাৰত (India) - ৬৮৯,৪৬৬ বৰ্গ মাইল কৃষিভূমি।
ভাৰতত সৰ্বাধিক উৎপাদিত শস্য - ধান, ঘেঁহু, মচলা, কুঁহিয়াৰ, মাহজাতীয় শস্য। মুখ্য ৰপ্তানি কৰা হয় - আমেৰিকা, ইউএই, চীন, বাংলাদেশ।

৮/ চৌদি আৰৱ (Saudi Arabia) - ৬৭০,৪১৮ বৰ্গ মাইল কৃষিভূমি।
চৌদি আৰৱত সৰ্বাধিক উৎপাদিত শস্য - খেজুৰ, ফল-মূল, তৰমুজ। মুখ্য ৰপ্তানি কৰা হয় - ইউএই, কুৱেইট, জৰ্ডান, ওমান।


৯/ আৰ্জেণ্টিনা (Argentina) - ৪৪৮,৪০৫ বৰ্গ মাইল কৃষিভূমি।
আৰ্জেণ্টিনাত সৰ্বাধিক উৎপাদিত শস্য - চয়াবিন, মাকৈ, ঘেঁহু, মাংস। মুখ্য ৰপ্তানি কৰা হয় - চীন, ব্ৰাজিল, ভিয়েটনাম, ভাৰত।

১০/ চুডান (Sudan) - ৪৩৫,০০২ বৰ্গ মাইল কৃষিভূমি।
চুডানত সৰ্বাধিক উৎপাদিত শস্য - তিল, চীনাবাদাম, কপাহ, জোৱাৰ। মুখ্য ৰপ্তানি কৰা হয় - চীন, চৌদি আৰৱ, ইউএই, ইজিপ্ত।

এখন দেশৰ কাৰিকৰী জ্ঞানৰ সমান্তৰালভাৱে সেই দেশৰ প্ৰকৃত শক্তিৰ ভেটি হ’ল - দেশখনৰ নিজৰ জনসাধাৰণৰ ভোক নিবাৰণ কৰিব পৰা ক্ষমতা। ওপৰৰ তালিকাত স্পষ্ট হৈছে যে কৃষিভূমিৰ পৰিমাণৰ ক্ষেত্ৰত ভাৰত সমগ্ৰ বিশ্বৰ ভিতৰত সপ্তম স্থানত আছে। কিন্তু দুৰ্ভাগ্যবশতঃ, ভাৰতত এতিয়াও কৃষিখণ্ডত সম্পূৰ্ণৰূপে আধুনিক প্ৰযুক্তি বা কাৰিকৰী শক্তিৰ প্ৰয়োগ হোৱা নাই; বৰঞ্চ অধিকাংশ ঠাইতে এতিয়াও পৰম্পৰাগত পদ্ধতিৰেই কৃষিকাৰ্য চলি আছে।
​ভাৰতত যদি উন্নত কাৰিকৰী জ্ঞান আৰু আধুনিক যন্ত্ৰপাতি প্ৰয়োগ কৰি কৃষিকাৰ্য কৰা হয়, তেন্তে ফচল উৎপাদনৰ হাৰ ইমান বৃদ্ধি পাব যে বিশ্বৰ খাদ্য বজাৰত ভাৰতক কোনেও বাধা দিব নোৱাৰিব। চীন বা আমেৰিকাৰ দৰে দেশে নিজৰ বিশাল কৃষিভূমিক আধুনিক প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰি ইতিমধ্যে বিশ্বৰ খাদ্য বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। ঠিক সেইদৰেই ভাৰতো এই দিশত আগবাঢ়ি যাব লাগিব। তেতিয়াহে সকলো ফালৰ পৰা আমাৰ দেশ ভাৰতবৰ্ষ বিশ্বদৰবাৰত এক অধিক শক্তিশালী ৰূপত উজ্বলি উঠিব।
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব