● আৰম্ভণি:
● ন শিকাৰু সকলে মিউচুৱেল ফাণ্ডত বিনিয়োগ আৰম্ভ কৰা আগতে কি কি চাব
● ন শিকাৰু সকলে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিবৰ বাবে ডিমেট একাউণ্ট কেনেকৈ খুলিব
আমাৰ দ্বাৰা আগবঢ়োৱা বিনিয়োগ আৰু সেৱাসমূহ সকলো বিনিয়োগকাৰীৰ বাবে উপযুক্ত নহ'ব পাৰে। যদি বিনিয়োগৰ গুণাগুণ সম্পৰ্কে আপোনাৰ কোনো সন্দেহ আছে, আপুনি এজন স্বতন্ত্ৰ বিত্তীয় উপদেষ্টাৰ পৰা পৰামৰ্শ লোৱা উচিত।
● সামৰণি:
FAQs
মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাটো সুৰক্ষিত হয়নে?
সুৰক্ষিত, কাৰণ মিউচুৱেল ফাণ্ড SEBI ৰ তত্বাৱধানত থাকে আৰু মিউচুৱেল ফাণ্ড সমূহ অভিজ্ঞ ফাণ্ড মেনেজাৰে পৰিচালনা কৰে বাবে আমি সুৰক্ষিত বুলিব পাৰো।
মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিবলৈ কেনেকৈ আগবাঢ়িব?
মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিবলৈ ন শিকাৰু সকলে Groww, Angel One, Zerodha, Upstox, Dhan ইত্যাদি এপ্লিকেচনত ডিমেট একাউণ্ট খুলি আগবাঢ়িব লাগিব।
Index মিউচুৱেল ফাণ্ড কি হয়?
Index মিউচুৱেল ফাণ্ড হৈছে ভাৰতৰ শ্বেয়াৰ বজাৰৰ Nifty50, Sensex ইত্যাদিৰ Index অনুসৰণ কৰে। Nifty50 ত ভাৰতৰ ১৩ টা খণ্ডৰ ডাঙৰ ডাঙৰ ৫০ টা কোম্পানী অন্তৰ্ভুক্ত হৈ আছে। Nifty50 NSE ৰ সূচাংক আৰু Sensex BSE ৰ সূচাংক। Sensex ত ভাৰতৰ ৩০ টা ডাঙৰ ডাঙৰ কোম্পানী অন্তৰ্ভুক্ত হৈ আছে। Sensex, Nifty50 ইত্যাদি যেনেকৈ আগবাঢ়িব বা কিবা কাৰণত নিম্নগামী হলে, তেতিয়া সেই Nifty50, Sensex Index মিউচুৱেল ফাণ্ডও সেই ধৰণে গতি কৰিব।
মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে ৰিটাৰ্ন পোৱাটো নিশ্চিত হয়নে?
নিশ্চিত নহয়, কাৰণ মিউচুৱেল ফাণ্ড বা অন্য কোনো শ্বেয়াৰত বিনিয়োগ কৰিলে অতীতৰ প্ৰদৰ্শন ভৱিষ্যতৰ গেৰাণ্টি নহয়, কিন্তু ভাৰতৰ অৰ্থনীতি যেনেকৈ উত্থান হব তেনেকৈ মিউচুৱেল ফাণ্ড, শ্বেয়াৰ বজাৰ ইত্যাদি আগবাঢ়ি যাব কিন্তু অৰ্থনীতি পতন ঘটিলে শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ড ইত্যাদিও নিম্নগামী হব।
মিউচুৱেল ফাণ্ডৰ AMC ৰ কাম কি?
AMC অৰ্থাৎ Asset Management Company । AMC কোম্পানীসমূহ SEBI ৰ দ্বাৰা পঞ্জীয়নভুক্ত। মিউচুৱেল ফাণ্ডৰ AMC কোম্পানী সমূহে বিনিয়োগকাৰীৰ টকা সমূহ অভিজ্ঞ ফাণ্ড মেনেজাৰৰ দ্বাৰা পৰিচালনা কৰি বিনিয়োগকাৰীক আয় দিবলৈ চেষ্টা কৰে আৰু বিনিয়োগকাৰীৰ সামান্য টকা প্ৰতিষ্ঠান সমূহে মাচুল হিচাপে গ্ৰহণ কৰে। উদাহৰণ স্বৰূপে কেইটামান AMC কোম্পানী হৈছে - Axis Mutual Fund, ICICI Prudential Mutual Fund, Nippon India Mutual Fund, Kotak Mahindra Mutual Fund, HDFC Mutual Fund, UTI Mutual Fund, SBI Mutual Fund