প্ৰশ্নাৱলী:-
১/ আহোমসকল আদিতে কোন জাতিৰ লোক আছিল?
উত্তৰ:- আহোমসকল মূলতঃ টাই জাতিৰ মানুহ।
২/ আহোমসকলৰ আদি বাসস্থান ক'ত আছিল?
উত্তৰ:- আহোমসকলৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল, বৰ্তমানৰ ইউনান প্ৰদেশৰ মুংমাও ৰাজ্যত।
৩/ আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল?
উত্তৰ:- ৬০০ বছৰৰ অধিক কাল অসমত শাসন কৰিছিল।
৪/ আহোমসকলৰ আদিভাষা কি আছিল?
উত্তৰ:- আহোমসকলৰ আদিভাষা টাই বা শ্যান আছিল।
৫/ আহোমসকলৰ কেইটিমান উৎসৱৰ নাম লিখা।
উত্তৰ:- মে - ডাম - মে ফী, ৰিকখন, ওমফা, চাইফা, জাচিংফা আদি ।
৬/ চমুটোকা লিখা:
(ক) লাচিত বৰফুকন
উত্তৰ:- লাচিত বৰফুকনৰ জন্ম হৈছিল ১৬২২ খ্ৰীষ্টাব্দত গড়গাঁৱৰ ওচৰতে দিখৌ নৈৰ পাৰত। এই গৰাকী লাচিত বৰফুকনে আহোম-মোগলৰ শৰাইঘাট যুদ্ধৰ মূল নেতৃত্ব লৈছিল আৰু অসমৰ ইতিহাসত দেশপ্ৰেমিক বীৰ বুলি ক'লে বিশেষভাৱে লাচিত বৰফুকনৰ নামেই লোৱা হয়। লাচিত বৰফুকনৰ দেউতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাঙ লা চেঙ আইদেউ। কনিষ্ঠ সন্তান লাচিত বৰফুকনৰ তিনিজন ককায়েক আছিল ক্ৰমে - লালুকসোলা, মৰংগী আৰু ভাৰধৰা। খুব সোনকালেই নিজৰ দক্ষতাৰ বলত ৰজাঘৰত লাচিতে নিযুক্তি লাভ কৰিছিল। প্ৰথম অৱস্থাত ৰাজমন্ত্ৰী ডাঙৰীয়াই 'হাঁচতিধৰা তামুলী' হিচাপে লাচিতক নিযুক্তি দিয়ে। ইয়াৰ পিছতে কিছুদিনৰ বাবে 'ঘোঁৰা বৰুৱা' পদবী তেওঁ লাভ কৰে। এই পদবীত থকাৰ সময়ত ৰজাৰ ঘোঁৰাশালৰ ভালেমান ঘোঁৰাক তত্বাৱধান কৰি সেইবোৰক প্ৰশিক্ষণ দিছিল। ইয়াৰ পিছতে 'দোলীয়া বৰুৱা' আৰু 'শিমলুগুৰীয়া ফুকন'ৰ পদত নিযুক্তি লাভ কৰে। সেই সময়তে মিৰজুমলাই অসম আক্ৰমণ কৰাত লাচিতে দিখৌমুখত শত্ৰুসৈন্যৰ লগত যুদ্ধ কৰিছিল আৰু নিজৰ দক্ষতা দেখুৱাব পাৰিছিল। লাচিতৰ পাৰদৰ্শিতা আৰু পৰাক্ৰমৰ উমান পাই সেই সময়ৰ আহোম ৰজা চক্ৰধ্বজ সিংহই লাচিতক বৰসেনাপতি পাতিলে আৰু বৰফুকন পদত নিযুক্তি কৰিলে। আমিনগাঁৱৰ ওচৰৰ গড় এটা বন্ধাৰ মূল দায়িত্ব পৰিছিল লাচিতৰ এজন মোমায়েকৰ ওপৰত। মোমায়েকৰ দায়িত্বহীনতাৰ বাবেই গড়টোৰ কাম বহুত পিছ পৰি থকাত লাচিত বৰফুকন খঙত জ্বলি-পকি উঠিল আৰু হেংদাং উলিয়াই একে ঘাপতে মোমায়েকক কাটি দুছোৱা কৰি ক'লে - দেশতকৈ মোমাই ডাঙৰ নহয়। লাচিত বৰফুকনৰ এনে উগ্ৰমূৰ্তি দেখি গড়ৰ কাম কৰা লোকসকলে ভয় খালে আৰু অপৰিসীম পৰিশ্ৰম কৰি ৰাতিটোৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ কৰি তুলিলে। সেই গড়টোক এতিয়া 'মোমাই কটা গড়' নামেৰে জনা যায়। তদুপৰি 'দেশতকৈ মোমাই ডাঙৰ নহয়' কথাষাৰ এতিয়াও শ্ৰেষ্ঠ দেশপ্ৰেমমূলক বাক্য বুলি গণ্য কৰা হয়। আহোম আৰু মোগলৰ মাজত ১৬৭১ চনৰ মাৰ্চ মাহৰ মাজভাগত সংঘটিত হোৱা যুদ্ধখনেই হ'ল শৰাইঘাটৰ যুদ্ধ। সেই সময়ত লাচিত বৰফুকন টান নৰিয়াত পৰাৰ স্বত্তেও মোগলৰ সৈতে যুদ্ধ কৰিছিল। যুদ্ধ মূলতঃ তিনি ঠাইত হৈছিল- অশ্বক্লান্ত, ইটাখুলি আৰু কামাখ্যা পাহাৰৰ নামনিত। শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পাছত গুৱাহাটীতে লাচিত বৰফুকনৰ মৃত্যু হ'ল।
(খ) সতী জয়মতী
উত্তৰ:- জয়মতী কুঁৱৰীৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ মাদুৰি গাঁৱত। ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁই ডাঙৰীয়াৰ ২৪ জন পুত্র আৰু ১৩ গৰাকী কন্যা আছিল, জয়মতী কুঁৱৰী আছিল প্ৰথম জী। তুং-খুঙ্গীয়া ফৈদৰ লাঙ্গি গদাপাণিৰ পত্নী আছিল জয়মতী কুঁৱৰী। গদাপাণি - জয়মতী কুঁৱৰীৰ সময়ত আহোম ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি জটিল আছিল। মন্ত্ৰী লালুক সোলা সেই সময়ত অসমৰ উঠি-ৰজা বহি-ৰজা হৈছিল। ১৬৭৯ চনৰ কাতি মাহত ১৪ বছৰীয়া চামগুৰীয়া ফৈদৰ সৰু গোহাঞিক আনি মন্ত্ৰী লালুক সোলাই অসমৰ ৰজা পাতিলে। আহোম নাম দিছিল - ছ্যু-লিক্-ফা আৰু হিন্দু নাম দিলে - ৰত্নধ্বজ সিংহ। বয়সৰ ফালৰ পৰা ৰজা সৰু দেখি প্ৰজাৰ মাজত 'লৰা-ৰজা' নামটোহে খ্যাত হ'ল। ৰাজপৰিয়ালৰ চাৰিটা ফৈদত ৰজা হ'ব পৰা কোঁৱৰ ভালেইকেইজন আছিল, তেনেস্থলত লালুক সোলাৰ বাসনা কেনেকৈ পূৰণ হ'ব! তেওঁৰ সেইদেখি ভয় হ'ল বিশেষকৈ এই কোঁৱৰ কেইগৰাকীলৈ। কোনগৰাকীয়ে কেতিয়া বিদ্ৰোহ কৰি সিংহাসন কাঢ়ি লয় তাৰ ঠিক নাই! লালুক সোলাই লৰা ৰজাক কলে - উপযুক্ত আৰু প্ৰাপ্তবয়স্ক ভালেইকেইজন ৰাজকোঁৱৰ থাকোঁতেও তেওঁক ৰজা পতা হ'ল। এই কথা কোঁৱৰসকলে সহ্য কৰিব পৰা নাই। কোনজন কোঁৱৰে কেতিয়া স্বৰ্গদেৱৰ প্ৰাণ লয় ঠিক নাই। গতিকে নিষ্কন্টক হবলৈ হ'লে কোঁৱৰকেইগৰাকীক অংগক্ষত কৰি ৰজা হোৱাৰ যোগ্যতা নাইকিয়া কৰিব লাগিব আৰু তাকে কৰিবলৈ হ'লে প্ৰথমতে ভয় থকা ডাঙৰীয়া-বিষয়াসকলক অঁতৰাই পঠাব লাগিব। ল'ৰা ৰজাৰ মগজত লালুক সোলাৰ যুক্তি সোমাই গ'ল। লগে লগে লালুক সোলাই কোঁৱৰ নিধন পৰ্ব আৰম্ভ কৰিলে। তুং-খুঙ্গীয়া ফৈদৰ লাঙ্গি গদাপাণিৰ বাহিৰে বাকী আটাইকেইটা ফৈদৰ কোঁৱৰকে লালুক সোলা বৰফুকনে হয় অংগক্ষত নহয় হত্যা কৰিলে। গোবৰ ৰজাৰ কোঁৱৰ লাঙ্গি গদাপাণিক ধৰিব নোৱাৰাত লালুক সোলা বৰফুকনৰ শোৱন-খাৱন নাইকিয়া হ'ল। জয়মতী কুঁৱৰীয়ে বিশ্বাস কৰিছিল যে লালুকসোলাৰ স্বেচ্ছাচাৰী শাসনৰ ওৰ পেলাই গদাপাণিয়ে এদিন ৰাজ্যলৈ শান্তি ঘূৰাই আনিব পাৰিব। সেইবাবে ৰজাৰ চোৰাংচোৱাই ধৰাৰ আগতেই তেওঁ গদাপাণিক ঘৰ এৰি পলাই যাবলৈ অনুৰোধ কৰে। ঘৰৰ পৰা পলাই গৈ গদাপাণি কেইদিনমান মেটেকাত বগী বৰপোহাৰীৰ ঘৰত আছিলগৈ। তাৰ পিছত তেওঁ নগা পাহাৰত আশ্ৰয় লয়।
গদাপাণিক বিচাৰি নাপাই ৰজাৰ সৈন্যই জয়মতী কুঁৱৰীকে ধৰি নিয়ে। ৰাজসভাত থিয় কৰাই সোধ-পোচ কৰাৰ পিছতো গদাপাণিৰ ঠিকনা নাপাই লালুক সোলাই ভাবিলে যে পত্নীক ৰাজহুৱাকৈ অত্যাচাৰ কৰিলে গদাপাণিয়ে নিজেই আহি ধৰা দিব। সেইমতে জেৰেঙা পথাৰত কোটকোৰা গছত বান্ধি লৈ চাওদাঙৰ হতুৱাই জয়মতী কুঁৱৰীক নানা প্ৰকাৰৰ শাস্তি প্ৰদান কৰা হ'ল। ইয়াৰ পিছতো জয়মতী কুঁৱৰীয়ে স্বামীৰ বাতৰি ক'বলৈ অমান্তি হয়। এই শাস্তিৰ বাতৰি গদাপাণিৰ কাণত পৰাত তেওঁ ছদ্মবেশেৰে নগা পাহাৰৰ পৰা জেৰেঙা পথাৰলৈ আহে। এজন অচিনাকি মানুহৰ ৰূপত তেওঁ জয়মতী কুঁৱৰীক শাস্তি খোৱাতকৈ স্বামীৰ কথা কৈ দিবলৈ অনুৰোধ কৰে। কিন্তু জয়মতী কুঁৱৰীয়ে তেওঁক চিনিব পাৰি আঁতৰি যাবলৈ কয়। ১৪ দিনৰ নিৰ্যাতন সহ্য কৰি ১৬০১ শকৰ ১৩ চ'ত বা ১৬৭৯ চনত জয়মতী কুঁৱৰীৰ মৃত্যু হয়। সতী জয়মতীৰ জ্যেষ্ঠ পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃদেৱীৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে জেৰেঙা পথাৰত ১৬৯৭ চনত সাগৰ-সদৃশ বৃহৎ পুখুৰী এটা খন্দালে আৰু নাম দিলে জয়সাগৰ। ইয়াৰ পাঁচ বছৰৰ পাছতে ৰুদ্ৰসিংহ স্বৰ্গদেৱে মাতৃ জয়মতীৰ তেজেৰে পবিত্ৰ কৰি থৈ যোৱা জেৰেঙা পথাৰলৈকে ৰাজধানী গড়গাঁৱৰ পৰা তুলি আনিলে, নাম দিলে ৰংপুৰ। তদুপৰি স্বৰ্গদেৱে পুৰণি আলি আৰু বৰ আলিৰ মাজত মাতৃৰ মৈদাম নিৰ্মাণ কৰিলে। এই পবিত্ৰ মৈদামে এতিয়াও সতী জয়মতীৰ স্মৃতি সজীৱ কৰি ৰাখিছে।
(গ) টেঙাই মহন
(ঘ) পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন
(ঙ) কৃষ্ণকান্ত সন্দিকৈ
(চ) পদ্মনাথ গোহাঞি বৰুৱা