চেয়াৰ মাৰ্কেটত সম্পদ সৃষ্টি কৰিবলৈ কি তিনিটা C ৰ দৰকাৰ জানো আহকচোন

 

✍️ জয়ন্ত মাধৱ বৰুৱা

3C - Courage, Conviction & Capital And RJ

ষ্টক মাৰ্কেটত টিকি থাকিবলৈ আৰু সঁচা অৰ্থত সম্পদ সৃষ্টি কৰিবলৈ তিনিটা C দৰকাৰ - Courage, Conviction & Capital - সাহস, প্ৰত্যয় আৰু মূলধন ।
ষ্টক এটাত invest কৰিবলৈ প্ৰথম সাহস লাগিব। যাৰ কলিজাত দম নাই তথা  risk ল'বলৈ ভয় কৰে তেনে মানুহ পোনপটীয়া stock investing ত নহাই ভাল । তেনে মানুহ ষ্টক price অলপ তললৈ আহিলে anxiety ত ভুগিব পাৰে । গতিকে সাহসটো দৰকাৰ ।এই সাহসটো আকৌ বঢ়াব পাৰি ।  ষ্টক টোৰ ওপৰত পৰ্যাপ্ত conviction থাকিলে আপোনাআপুনি সাহসটো  বাঢ়িব । Conviction টো আকৌ এনেই ওপৰতে নাহে, তাৰ বাবে stock টোৰ underlying business টো বুজি পাব লাগিব । Business model টো বুজি পালে আৰু ভবিষ্যতৰ big picture টো চাব জানিলে conviction টো সুদৃঢ় হয়  । অৰ্থাৎ conviction building ৰ বাবে নিজৰ অধ্যয়নটো জৰুৰী । অধ্যয়ন মানে Stock টোৰ fundamental analysis তথা current business-environment  analysis সকলো আহে । Conviction build হ'লে সাহস আৰু ধৈৰ্য   দুয়োটা বাঢ়ে ।

এতিয়া আপোনাৰ Courage আছে, নিৰ্দিষ্ট ষ্টকটোত Conviction আছে, কিন্তু বিনিয়োগ কৰিবলৈ Capital নাই  । হ'ব জানো ? Capital নিজে সৃষ্টি হোৱা বস্তু নহয়  । ই man made  আৰু সময়  লাগে । অৰ্থাৎ,  হয় নিজে আৰ্জন কৰি লব লাগিব নহয় উত্তৰাধিকাৰী সূত্ৰে পূৰ্বপুৰুষৰ পৰা পোৱা হব লাগিব ।  অৰ্থনীতিত Capital মানে cash money ৰ উপৰিও  building, machinery, equipment, infrastructure আদি সকলো বুজায় । কিন্তু যি capital এ নহওক, প্ৰথম savings হ'ব লাগিব, savings ৰ পৰাহে capital গঠন হয়  । Savings হ'বলৈ আকৌ আয়ৰ উৎসটো প্ৰথম ঠিক  হ'ব লাগিব । আয়ৰ উৎসটো যিমান মজবুত হয়, বিনিয়োগৰ বাবে হাতত ৰৈ যোৱা capital টোও সিমান শক্তিশালী হয়  । এতিয়া আয়ৰ উৎসটো কেনেকৈ মজবুত হ'ব ? প্ৰথম কথা আপোনাৰ skill কি, passion বা interest কিহত ? দ্বিতীয় কথা এতিয়া কি কৰি আছে - চাকৰি, ব্যবসায় নে বেলেগ profession ? মানুহৰ ভাল লগা বিষয়টোৰ (passion/interest/skill) লগত আয়ৰ উৎসটো (চাকৰি/ব্যবসায় আদি)  মিলি গ'লে productivity সৰ্বোচ্চ স্তৰত হয়, ফলত আয়‌ বাঢ়ে । কিন্তু বাস্তৱত বেছিভাগৰ ক্ষেত্ৰত সেইটো নহয়; খেলুৱৈ হ'বলগা জন  হয়গৈ চাকৰিয়াল বা আন কিবা, Entrepreneure জন হয়গৈ ডাক্তৰ/অভিযন্তা ইত্যাদি । নিজৰ ৰাপ থকা বিষয়টোত skill বৃদ্ধি কৰি আয়ৰ উৎস বঢ়াব পাৰি (অবশ্যে চৰকাৰী চাকৰিয়ালৰ বাবে অলপ অসুবিধা) । আজিৰ digital যুগত hyper-productive মানুহৰ বাবে নতুন নতুন বিষয়ত Skill বঢ়াবলৈ যথেষ্ট সুবিধা । উদাহৰণস্বৰূপে, এজন ভাল কলেজ ষ্টুডেন্টে টিওচন কৰি এটা আয়ৰ উৎস সৃষ্টি কৰি লব পাৰে, যাৰ এটা অংশ নিয়মীয়াকৈ ষ্টক মাৰ্কেটত বিনিয়োগ কৰিব পাৰে ।  ইয়াত ছাত্ৰজনে পঢ়ুতে তথা পঢ়ুৱাওতে এটা Skill গঠন হৈছে, আকৌ ষ্টক মাৰ্কেটত বিনিয়োগ কৰিবলৈ যাওতে এটা নতুন Skill আয়ত্ব কৰি লব লগা হৈছে - যি তেওঁৰ ভবিষ্যত জীৱনৰ financial planning ত সহায় কৰিব  ।

আকৌ এনেই অবাবত কৰা অযথা খৰছ বোৰ কমাইও savings বঢ়াব পাৰি । এই ক্ষেত্ৰত নিৰ্ভৰ কৰিব আপোনাৰ lifestyle কেনেকুৱা ? খুব খৰচ কৰি ভাল পায় মানে luxurious/lavish lifestyle নে simple living high thinking type. সোনকালে যদি  financial freedom বিচাৰে প্ৰথম অৱস্থাত অলপ সংযমী হ'বই  লাগিব । ধৰি ললো আপুনি থিকে আছে, অলপ মিতব্যয়ী । কিন্তু জীৱন সংগী  যদি সম্পূৰ্ণ ওলোটা হয় তেতিয়াও বিপদ আছে  ! সেয়ে life-partner ও মনেমিলা হ'ব লাগে, বিশেষকৈ financial planning ৰ ক্ষেত্ৰত  ।  অবশ্যে, আপোনাৰ হাতত আগৰপৰাই পৰ্যাপ্ত capital থাকিলে বেলেগ কথা ।

যিহেতু আজিৰ যুগত এজন smart মানুহে ভিন্ন ক্ষেত্ৰত নিজৰ skill বৃদ্ধি কৰি revenue stream বঢ়াব পাৰে, ষ্টক মাৰ্কেট খন নিজেই এটা আয়ৰ উৎস হ'ব পাৰে যদিহে প্ৰয়োজনীয় জ্ঞানখিনি আহৰণ কৰা হৈছে বা শিকি ল'বলৈ আগ্ৰহ থাকে । তাৰ বাবে প্ৰথম খুব বেছি capital নহ'লেও হয় । ভাৰতৰ বিগ বুল ৰূপে পৰিচিত ৰাকেশ ঝুনঝুনৱালাই(RJ)  প্ৰথম ৫০০০ টকাৰে ষ্টক মাৰ্কেটত নামিছিল ।  তেওঁৰ ক্ষেত্ৰত  Passion, Skill  আৰু Profession  সকলো মিলি গৈছিল । Trading আৰু Investing দুয়োটাতে সিদ্ধহস্ত আছিল বাবে stock market খন তেওঁৰ বাবে আয়ৰ উৎসও হৈছিল আৰু wealth multiplication ও কৰিব পাৰিছিল । খুবেই সাহসী আছিল বাবে big bet ল'বলৈ ভয় নকৰিছিল, Conviction আছিল বাবে দীৰ্ঘদিনৰ বাবে Titan ৰ দৰে stock ধৰি ৰাখিব পাৰিছিল  । Titan মানে কেৱল তেওঁ ঘড়ী দেখা নাছিল, অৰ্জুনে কেৱল মাছৰ চকুটো দেখাৰ দৰে তেওঁ দেখিছিল ভবিষ্যতৰ জুৱেলাৰী মাৰ্কেটখন  । অৰ্থাৎ Titan সৰু হৈ থাকোতেই তাৰ  future growth prospect টো তেওঁ ঠিকেই visualise কৰিব পাৰিছিল । চাৰি আগষ্টত Titan ৰ per share 10 টকাকৈ dividend সোমাইছে; এতিয়া ভাবি চাওঁক RJ এ ইহসংসাৰ এৰি যোৱাৰ পাছতো তেওঁৰ পৰিয়ালৰ account ত dividend ৰ নামতে কিমান কোটি টকা জমা হ'ব(যিহেতু তেওঁৰ Titan ত‌ শ্বেয়াৰৰ সংখ্যাই 4 কোটিৰ ওপৰত), শ্বে‌য়াৰ মূল্য বাঢ়ি হোৱা capital gain টো বাদেই দিছোঁ  । This is called wealth creation.

Courage, Conviction আৰু Capital - সকলো থকাৰ পাছতো আপুনি লোৱা decision টোৱে কেতিয়াবা ইতিবাচক ফল নিদিব পাৰে; কাৰণ এইখন Stock market which is not guaranteed. ইয়াৰ গতি-বিধি নিৰ্ভৰ কৰে বিভিন্ন macro/micro তথা internal/external কাৰকৰ ওপৰত  (e.g.  Inflation is a macro factor as well as an external factor &  dishonest corrupted management or good corporate  governance is an internal factor)  । উদাহৰণস্বৰূপে RJৰ portfolio তে কেইবাটাও return নিদিয়া stock ও পাব  । সেয়ে risk minimise কৰিবৰ বাবে Diversification আৰু proper Allocation তথা Discipline দৰকাৰ  ।  Stick to Investing Rules is utmost necessary.

( # Commemorating RJ's death anniversary in this month, 14th August)

লগতে চাওক-


চিকিউৰিটি বজাৰত বিনিয়োগ/ব্যৱসায় বজাৰৰ বিপদাশংকা সাপেক্ষে, অতীতৰ প্ৰদৰ্শন ভৱিষ্যতৰ প্ৰদৰ্শনৰ গেৰাণ্টি নহয়। ইকুইটছ, ডেৰিভেটিভ, সামগ্ৰী আৰু মুদ্ৰাকে ধৰি চিকিউৰিটি বজাৰত ব্যৱসায় আৰু বিনিয়োগত লোকচানৰ আশংকা যথেষ্ট হ'ব পাৰে। এইবোৰ হৈছে লাভান্বিত সামগ্ৰী যি আপোনাৰ বিনিয়োগ কৰা মূলধনলৈকে লোকচানৰ যথেষ্ট বিপদাশংকা বহন কৰে আৰু সকলোৰে বাবে উপযুক্ত নহ'ব পাৰে। সেয়েহে আপুনি আপোনাৰ বিত্তীয় অৱস্থাৰ পৰিপ্ৰেক্ষিতত এনে ব্যৱসায় আপোনাৰ বাবে উপযুক্ত নে নহয় সাৱধানে বিবেচনা কৰা উচিত। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি অন্তৰ্ভুক্ত বিপদাশংকাবোৰ সম্পূৰ্ণভাৱে বুজি পায় আৰু আপোনাৰ বিপদাশংকা বহন ক্ষমতা অনুসৰি ধন বিনিয়োগ কৰে।

Post a Comment

Previous Post Next Post