অসমৰ বানপানী সমস্যা

 

আৰম্ভণি:- 

অসম এখন নদীমাতৃক দেশ। অসমৰ মুখ্য নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীয়েই প্ৰধান। বাৰিষা কালত নদী, উপনদী সমূহত জলস্তৰ অত্যাধিক বৃদ্ধিৰ ফলতেই অসমত বানপানীৰ সমস্যা সৃষ্টি হয়। অসমত বানপানীৰ ফলত অৰ্থনৈতিক, শৈক্ষিক, সামাজিক জন-জীৱন, উন্নয়ন স্তব্ধ হৈ পৰে।

বানপানী হোৱাৰ কাৰণ:- 

অসমৰ চাৰিওফালে পৰ্বত-পাহাৰে আৱৰা, বাৰিষা কালত পৰ্বত-পাহাৰৰ পৰা বৰষুণৰ পানী উপনদীসমূহেৰে অসমলৈ বৈ আহে ফলত অসমৰ নদীসমূহ উপচি পৰে। কিছু কিছু ঠাইত নদীৰ মথাউৰিৰ ওপৰেৰে, কিছু কিছু ঠাইত নদীৰ মথাউৰি ভাঙি আৰু কিছুমান ঠাইত মথাউৰি নথকাৰ বাবে বানপানীৰ সৃষ্টি হয়। লগতে বাৰিষাৰ সময়ত পাহাৰীয়া অঞ্চলৰ নদীবান্ধ সমূহ খুলি দিয়াৰ ফলত অসমত বানপানীৰ সমস্যা সৃষ্টি হয়। বানপানী কেৱল পাহাৰীয়া অঞ্চলৰ পৰা বৈ আহি সৃষ্টি হয় এনে নহয়, কিছুমান মথাউৰি বিজ্ঞানসন্মত নোহোৱা বাবে আৰু ঠায়ে ঠায়ে নদীসমূহৰ মথাউৰি নথকাৰ বাবে প্ৰত্যেক বছৰে অসমৰ নদীসমূহে গৰাখহনীয়াৰ সৃষ্টি কৰে ফলত বহু মাটি, ঘৰ-দুৱাৰ, সা-সম্পত্তি আদি নদীত জাহ যায়। গৰাখহনীয়া হোৱাৰ বাবে নদীসমূহ বছৰে বছৰে বাম হৈ আহিছে বাবেও অত্যাধিক পানীৰ বহন ক্ষমতা হ্ৰাস পাইছে।

বানপানীৰ সমস্যা:- 

বানপানীয়ে অসমৰ জনতাক অত্যন্ত মাধমাৰ শোধায় আৰু আৰ্থিক সমস্যাৰ সৃষ্টি কৰে। বানপানীয়ে ঘৰ-দুৱাৰ, কৃষি, পশুধন, মাটি-সম্পত্তি, ৰাস্তা-ঘাট, দলং, মানুহ আদি উটুৱাই লৈ যায়। বহু পৰিয়াল গৃহহীন কৰে আৰু বিস্তৰ ক্ষতিসাধন কৰে। বানপীড়িত ৰাইজ অনিদ্ৰা-অনাহাৰে থাকি দিন পাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। খোৱাপানীৰ অভাৱ, খাদ্যৰ অভাৱ, অস্বাস্থ্যকৰ পৰিবেশত থকাৰ বাবে বানপীড়িত ৰাইজক বেমাৰ-আজাৰ আদিয়ে দেখা দিয়ে।

বানপানী প্ৰতিৰোধৰ উপায়:- 

বানপানী প্ৰতিৰোধ কৰিবলৈ চৰকাৰে অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি উপনদীসমূহৰ মথাউৰিবিলাক সু-পৰিকল্পিত আৰু বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰিব লাগে। নদীসমূহৰ যিবিলাক ঠাইৰ গভীৰতা হ্ৰাস পাইছে সেই সমূহ খনন কাৰ্য চলাব লাগে। নদীসমূহৰ অতিৰিক্ত পানী অন্য কামত ব্যৱহাৰ কৰা আৰু নদীসমূহৰ দুয়োকাষে গছ-গছনি ৰোপণ কৰিব লাগে।

সামৰণি:- 

অসমৰ এই জটিল বানপানী সমস্যা চৰকাৰে স্থায়ী সমাধান কৰিব লাগে। বানপানীয়ে অসমৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক আদি ক্ষেত্ৰত স্থবিৰ কৰি তুলে। অন্য ৰাজ্যৰ তুলনাত অসম আগবাঢ়ি যাবলৈ হলে, চৰকাৰে অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ পদক্ষেপ গ্ৰহণ কৰা উচিত।

Flood in Assam

Post a Comment

Previous Post Next Post