চীট বেল্ট, আপোনাৰ জীৱন ৰক্ষক

 



চীট বেল্ট, আপোনাৰ জীৱন ৰক্ষক

   বৰ্তমান আধুনিক যুগৰ গাড়ীসমূহত যাত্ৰী তথা আৰোহীৰ সুৰক্ষাৰ বিষয়টো এক গুৰুত্বপূৰ্ণ কথা হৈ পৰা পৰিলক্ষিত হৈছে। সেইবোৰৰ ভিতৰত সুৰক্ষা চীট বেল্ট (Safety seat-belt) হৈছে অন্যতম। পথ দুৰ্ঘটনাত চীট বেল্টে যাত্ৰী তথা চালকৰ প্ৰাণৰক্ষাত যে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সেইকথা বৰ্তমান এক স্বীকৃত সত্য। প্ৰতি ঘণ্টাত ৮০ কিলোমিটাৰ গতিবেগেৰে গৈ থকা গাড়ী এখনৰ চালক আৰু আৰোহী কেইজনৰ শৰীৰ কেইটাইয়ো ৮০ কিলোমিটাৰ গতিৰেই ধাৱমান হয়। কেতিয়াবা দুৰ্ঘটনাবশতঃ হঠাতে গাড়ীখন ৰৈ যাবলগীয়া অৱস্থা এটাৰ সৃষ্টি হ'লেও গাড়ীখনৰ ভিতৰত থকা ব্যক্তিকেইজনৰ শৰীৰ কেইটাই কিন্তু ওপৰত উল্লেখ কৰি অহাৰ দৰেই ঘণ্টাত ৮০ কিলোমিটাৰ গতিৰে সমুখলৈ আগবাঢ়ি যায় আৰু এনে এক অকল্পনীয় গতিৰে সমুখৰ ষ্টিয়েৰিং হুইল, ডেচ্-বৰ্ড বা আয়না (Wind shield) ত খুন্দা মাৰিবলগীয়া হোৱাৰ ফলত গাড়ীৰ আৰোহী তথা চালকৰ থিতাতে মৃত্যু নাইবা চিৰজীৱনৰ বাবে পংগু হৈ পৰে। এক সমীক্ষাৰ পৰা দেখা গৈছে যে দুৰ্ঘটনাসমূহত ৭০ শতাংশ ব্যক্তিৰ মৃত্যু হয় কেৱল চীট বেল্ট ব্যৱহাৰ নকৰাৰ বাবে। গতিকে গাড়ী চলাওঁতে চীট বেল্ট পৰিধান কৰিবলৈ কদাপিতো নাপাহৰিব। আপোনাৰ গাড়ীত থকা চীট বেল্ট কেইডাল অলংকাৰ নহয় বৰং আপোনাৰ জীৱন ৰক্ষাৰ বাবে সংযোজন কৰা একপ্ৰকাৰ বিশেষ সঁজুলিহে।

হেলমেট কিয় পিন্ধিব লাগে

  দুচকীয় বাহন এখনত দুটা চকা হোৱাৰ বাবেই যিকোনো মুহূৰ্ততে পৰি যোৱাৰ ভয় থাকে। চলি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হ'লেই মূৰত আঘাত পোৱাৰ সম্পূৰ্ণ আশংকা থাকে। শিৰত হোৱা আঘাত সকলোতকৈ গুৰুতৰ বুলি ধৰা হয়। সেয়েহে মূৰত হোৱা আঘাতৰ পৰা ৰক্ষা পাবলৈকে শিৰস্ত্রাণ (Helmet) পৰিধান দুচকীয়া বাহন চলাওঁতা আৰু পিছফালে উঠোতা উভয়ৰে বাবে যান-বাহন আইনৰ ১২৯ ধাৰাত বাধ্যতামূলক কৰা হৈছে। এই আইন ভংগ কৰিলে দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হয়।

(সংগ্ৰহীত, সকলোৰে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাগ-বতৰা কৰা হৈছে)

লগতে চাওক:-
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব