এটা শব্দত প্ৰকাশ কৰা ( One Word Substitution ) | |
যি বিদ্যালাভ কৰিছে | কৃতবিদ্য |
যি কোনো পক্ষ নলয় | নিৰপেক্ষ |
যি ইন্দ্রিয় জয় কৰে | জিতেন্দ্রয় |
যি অতি দীঘল নহয় | নাতিদীর্ঘ |
যাক সহজে পাবলৈ টান | দুর্লভ, দুষ্প্রাপ্য |
একে সময়তে হোৱা | সমসাময়িক |
যি শক্তিক পূজা কৰে | শাক্ত |
যি মাটি ফুটি ওলায় | উদ্ভিদ |
যাক বাৰণ কৰিব নোৱাৰি | অনিবাৰ্য |
যি সকলোৰে মাজত প্ৰিয় | লোকপ্ৰিয় |
যি মাটিৰ উৎপাদিকা শক্তি নাই | অনুৰ্বৰ |
যি শত্ৰুক বধ কৰে | শত্ৰুঘ্ন |
যাৰ ধন আছে | ধনী |
যি গাঁৱত থাকে | গাঁৱলীয়া |
যাক মূল্য দি কিনিব নোৱাৰে | অমূল্য |
যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে | দূৰদৰ্শী |
দীর্ঘকাল জীয়াই থকা | দীর্ঘজীবী |
কৰিবলগীয়া কাম | কর্তব্য |
গৰৈ মাছৰ সৰু পোৱালি | গৰৈচিৰিকা |
এটা শব্দত প্ৰকাশ কৰা ( One Word Substitution ) | |
যাৰ মূৰত চুলি নাই | তপা |
পথৰ পৰা যি বিচলিত হৈছে | পথভ্রষ্ট |
যি কষ্ট সহিব পাৰে | কষ্টসহিষ্ণু |
যি কণীৰ পৰা জন্মে | অণ্ডজ |
যিজনে আইন জানে | আইনজ্ঞ |
তাৱৈৰ পত্নী | আমৈ |
দেউতাকৰ সখিয়েক | তাৱৈ |
যাৰ ঘৰ নাই | অঘৰী |
যি ঠাইত মানুহ নাই | জনশূন্য |
দেশক ভাল পোৱা মানুহ | দেশভক্ত |
যাক গণনা কৰিব নোৱাৰি | অগণন |
যি কথা কোৱা উচিত নহয় | অকথ্য |
যাক বুজিব পাৰি | বোধগম্য |
যাক শুনিব নোৱাৰি | অশ্ৰাব্য |
যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে | কিংকৰ্তব্যবিমূঢ় |
লোকৰপৰা পোৱা নিন্দা | লোকনিন্দা |
যাক পৰিহাৰ কৰিব নোৱাৰি | অপৰিহাৰ্য |
আনৰ ভাল দেখিব নোৱাৰা | পৰশ্ৰীকাতৰ |
যি কথা কব নোৱাৰে | বোবা |
কঁঠালৰ সৰু সৰু কলি | মুচি |
এটা শব্দত প্ৰকাশ কৰা ( One Word Substitution ) | |
ঘোঁৰা বন্ধা ঘৰ | অস্তাবল |
বিহুৰ আগ দিনা | উৰুকা |
কাৰো লগত মিলিব নোৱাৰা লোক | অজীনপাতকী |
যি অনাই বনাই ঘূৰি ফুৰে | যাযাবৰ |
নাটক লিখা লোক | নাট্যকাৰ |
যি আনৰ বস্তু বলেৰে নিয়ে | ডকাইত |
যাক বৰ্ণনা কৰিব নোৱাৰি | অবৰ্ণনীয় |
ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি | প্রত্যুৎপন্নমতি |
যি শুনাও নাপায় আৰু কথাও ক'ব নোৱাৰে | মুকবধিৰ |
মাৰ ভনীয়েক | মাহী |
যি ৰাতি নেদেখে | কুকুৰীকণা |
যি দিনত নেদেখে | দিনকণা |
পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ | পৰমুখাপেক্ষী |
লোকক দেখি পাছত যি কৰা যায় | অনুকৰণ |
মাছ মৰা লোক | মাছুৱৈ/মাছমৰীয়া |
যি নিজৰ কেৱল কথা চিন্তা কৰে | স্বাৰ্থপৰ |
সঁচা কথা কোৱা মানুহ | সত্যবাদী |
যাক দেখা নাযায় | অদৃশ্য |
যি কথা জনা নাযায় | অজ্ঞাত |
যি একো নাজানে | অজ্ঞ |
যাৰ ধাৰ আছে | ধাৰুৱা |
যি পুৰি নাযায় | অদাহ্য |
এটা শব্দত প্ৰকাশ কৰা ( One Word Substitution
) |
|
শিং নথকা গৰু |
লাওমূৰা |
মাটিৰে নিৰ্মিত |
মৃন্ময় |
শৰৎ কালত হোৱা |
শাৰদীয় |
মাগুৰ মাছৰ সৰু |
মাগুৰজালি |
সকলোকে সমানভাৱে দেখা |
সমদৰ্শী |
যি ভয় নকৰে |
নিৰ্ভীক |
যাৰ মান আছে |
মানী |
লোকক দেখি পিছে পিছে যোৱা |
অনুসৰণ |
নোহোৱা বস্তুৰ উদ্ভাৱন |
আৱিস্কাৰ |
যি নিজৰ ওপৰত নিৰ্ভৰ কৰে |
স্বাৱলম্বী; আত্মনিৰ্ভৰশীল |
যি বহুত কথা কয় |
বহুবল্কী |
যি খুজি মাগি খায় |
মগনিয়া/ খোজনীয়া |
সৈন্য থকা ঠাই |
ছাউনী |
যি পুৰুষ ভয়াতুৰ |
কাপুৰুষ |
ধানৰ বাকলি |
তুঁহ |
যি জানিবলৈ ইচ্ছা কৰে |
জিজ্ঞাসু |
যি নিশা চৰে |
নিশাচৰ |
একে গুৰুৰ শিষ্য |
সতীৰ্থ |
যি বিষ্ণুক পূজা কৰে |
বৈষ্ণৱ |
যি কথা কোৱা উচিত নহয় |
অকথ্য |
য'ত যাব পাৰি |
সুগম |
য'ত যাব নোৱাৰি |
দুৰ্গম |
হাল বোৱা গৰু |
বলধ |
এটা শব্দত প্ৰকাশ কৰা ( One Word Substitution
) |
|
পনীয়া গাখীৰ দিয়া গাই |
জলাহী |
যাৰ সীমা নাই |
অসীম |
যাক লংঘন কৰিব নোৱাৰি |
অলংঘ্য |
আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ |
অজীৰ্ণ |
বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য |
খৰিচা |
ছবি অঁকা লোক |
চিত্ৰকাৰ |
কবিতা লিখা লোক |
কবি |
যাৰ বিবেচনা শক্তি নাই |
অবিবেচক |
যি গোচৰ তৰে |
গুচৰীয়া |
নিজে নিজে হোৱা |
স্বয়ম্ভু |
যাৰ নাম নাই |
অনামী |
একে মাকৰ পৰা জন্ম যাৰ |
সহোদৰ |
গৰু বন্ধা ঘৰ |
গোহালি |
যি বনত ওপজে |
বনজ |
যি ঠাইত অতি ঠাণ্ডাও নহয়, গৰমো নহয় |
নাতিশীতোষ্ণ |
যাক সকলোৱে জানে |
বিখ্যাত |
খাৰণি সনা সৰিয়হৰ গুৰি |
খাৰলি |
মাগিলেও ভিক্ষা নোপোৱা সময় |
দুৰ্ভিক্ষ |
যি বিধিসন্মত |
বৈধ |
দেশৰ অপকাৰ কৰা মানুহ |
দেশদ্ৰোহী |
দৰমহা নোলোৱাকৈ কাম কৰা মানুহ |
অবৈতনিক |
ধান দোৱা তিৰোতা |
দাৱনী |
ধান ৰোৱা তিৰোতা |
ৰোৱনী |
এটা শব্দত প্ৰকাশ কৰা ( One Word Substitution
) |
|
যি জলত বাস কৰে |
জলচৰ |
ধান থোৱা ঘৰ |
ভঁৰাল |
ককাৰ দেউতাক |
আজোককা |
শ’ল মাছৰ সৰু |
শ’লঠাৰি |
শাৰীৰিকভাৱে অক্ষম যি |
প্ৰতিবন্ধী |
যি নগৰত থাকে |
নগৰীয়া |
যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে |
ভিক্ষাৰী |
দুয়োটা চকুৰে নেদেখা লোক |
অন্ধ |
যি এটা চকুৰে নেদেখে |
কণা |
বোকাত যাৰ জন্ম |
পংকজ |
যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে |
অকৃতজ্ঞ |
যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে |
কৃতজ্ঞ |
বৰষুণ নোহোৱা বতৰ |
খৰাং |
যাৰ বিয়া হৈছে |
বিবাহিত |
বিয়া নকৰোৱা মানুহ |
অবিবাহিত |
কাৱৈ মাছৰ সৰু পোৱালি |
কাৱৈটিলা |
যাক কল্পনা কৰিব নোৱাৰি |
কল্পনাতীত |
বাটেদি যোৱা লোক |
বাটৰুৱা |
কাৰো নাম নধৰাকৈ পৰা গালি |
গুৱাল-গালি |
যি অলপতে শুনে |
শহাকণীয়া |
পৰৰ অধীন |
পৰাধীন |
জন্মৰ পৰা অন্ধ যি |
জন্মান্ধ |
যি কথা লগাই ফুৰে |
খলুৱা |
এটা শব্দত প্ৰকাশ কৰা ( One Word Substitution
) |
|
যি বিদেশত থাকে |
প্ৰবাসী |
গান গোৱা লোক |
গায়ক |
মিছা কথা কোৱা লোক |
মিছলীয়া |
ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা
তিৰোতা |
পোহাৰী |
পুৰুষৰ উত্তম |
পুৰুষোত্তম |
যাৰ অন্ত নাই |
অনন্ত |
যি স্থলত চৰে |
স্থলচৰ |
খাবলৈ অনা কলপুলি |
পচলা |
দেউতাৰ ভনীয়েক |
পেহী |
চেলেকি খোৱা বস্তু |
লেস্য |
জিভাৰে চেলেকি চাব পৰা বস্তু |
লেহ্য |
চোবাই খোৱা বস্তু |
চৰ্ব্য |
যি কথাৰ অৰ্থ নাই |
নিৰৰ্থক |
যাৰ আশ্ৰয় নাই |
নিৰাশ্ৰয় |
ৰূপেৰে নিৰ্মিত বা ৰূপ চৰোৱা |
ৰূপোৱালী |
সোণেৰে নিৰ্মিত বা সোণ চৰোৱা |
সোণোৱালী |
যি বাহ বেতৰ কাম কৰে |
বাঢ়ৈ |
মাটিৰ বাচন সাজোঁতা |
কুমাৰ |
লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক |
কমাৰ |
কাঁহৰ বাচন গঢ়োঁতা |
কঁহাৰ |
দুটা মাহৰ মাজৰ দিন |
দোমাহী বা সংক্ৰান্তি |
মাটিৰে তৈয়াৰী শিল্পকৰ্ম |
মৃৎশিল্প |
ঠেং নথকা ভেকুলীৰ পোৱালি |
লালুকী |
যাৰ ঋণ আছে |
ঋণী |
যাক সহজে লাভ কৰা যায় |
সুলভ |
এটা শব্দত প্ৰকাশ কৰা ( One Word Substitution
) |
|
পি খোৱা বস্তু |
পেয় |
যিয়ে গৰু গাড়ী চলায় |
গাড়োৱান |
ৰিপুক জয় কৰে যি |
ৰিপুঞ্জয় |
শত্ৰুক জয় কৰে যি |
শত্ৰুঞ্জয় |
যি গৰমো নহয় ঠাণ্ডাও নহয় |
কুহুমীয়া |
য'ত বহুতো ল'ৰা-ছোৱালীয়ে পঢ়ে |
পঢ়াশালি |
চিঠি বিলাই ফুৰা লোক |
পিয়ন |
একে সময়তে হোৱা |
সমসাময়িক |
বিদেশৰ পৰা অহা লোক |
বিদেশী |
যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে |
অদূৰদৰ্শী |
যাৰ শত্ৰু নাই |
অজাতশত্ৰু |
যাক কোনেও নাজানে |
অখ্যাত |
যি আগতে হৈছে বা ঘটিছে |
ভূতপূৰ্ব |
যি আগতে কেতিয়াও হোৱা নাই |
অভূতপূৰ্ব |
মাছৰ পোৱালি |
পোনা |
যি কম কথা কয় |
মিতভাষী |
দেশৰ কাৰণে মৃত্যু বৰণ কৰা লোক |
শ্বহীদ |
পানী আৰু মাটিত চৰে যি |
উভচৰ |
গৰু চৰোৱা লোক |
গৰখীয়া |
যি কথা বিশ্বাস কৰিব নোৱাৰি |
অবিশ্বাস্য |
যাৰ দুই হাত সমানে চলে |
সব্যসাচী |
যাৰ পূৰ্ব জন্মৰ কথা মনত আছে |
জাতিস্মৰ |
যি শিৱক পূজা কৰে |
শৈৱ |
প্ৰাণক পণ কৰি |
প্ৰাণপণে |
পুৱাই নাম ল’বলগীয়া বা পুৱাই স্মৰণ কৰাৰ যোগ্য |
প্ৰাতঃস্মৰণীয় |
যি এই লোকৰ নহয় |
অলৌকিক |
আনৰ দোষ দেখা স্বভাৱ |
অসূয়া |
সহজে যি জীণ যায় |
লঘুপাকী |
যাক নিমিষতে ভঙ্গ কৰিব পাৰি |
ক্ষণভঙ্গুৰ |
ঘৰৰ চালৰ পানী পৰা ঠাই |
পানী পচা |
জন্তুৰ নিচিনা |
জান্তৱ |
যাৰ পিছত জন্ম |
অনুজ |
গোটেই জীৱন জুৰি |
আজীৱন |
ফুল নুফুলাকৈ গুটি হোৱা গছ |
বনস্পতি |
যি নিয়ম মতে খৰচ কৰে |
মিতব্যয়ী |
যি ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে |
ভিক্ষাৰী |
যাৰ ওপৰত গোচৰ তৰে |
পদকীয়া |
গৰুৰ পোৱালি |
দামুৰি |
একেলগে ওপজা দুটা সন্তান |
যমজ |
হাতী চৰোৱা লোক |
মাউত |
দাঁত ওলোৱা হাতী |
দঁতাল |
বহুত মানুহ একেলগে যোৱা |
সমদল |
আনৰ ভাল দেখিব নোৱাৰা |
পৰশ্ৰীকাতৰ/ চকুচৰহা |
দুই বছৰৰ মূৰত পোৱালি দিয়া গাই |
দুৰচী/ দোৰাহী |
সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক |
সোণাৰী/ স্বৰ্ণকাৰ |
যাৰ একোৱেই নাই |
নিঃস্ব |
মাতৃৰ গাখীৰ খাই জীৱন ধাৰণ কৰা
প্ৰাণী |
স্তন্যপায়ী |
যি ঈশ্বৰক বিশ্বাস কৰে |
আস্তিক |
যি ঈশ্বৰক বিশ্বাস নকৰে |
নাস্তিক |
HSLC 2013
ঘৰতে থাকি কৰিব পৰা উদ্যোগ - কুটীৰ শিল্প
যাৰ মৰণ নাই - আমৰণ
কাঁহৰ বাচন গঢ়োতা - কঁহাৰ
HSLC 2014
যাক পৰিহাৰ কৰিব নোৱাৰে - অপৰিহাৰ্য
যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে - জিতেন্দ্ৰয়
কঁঠালৰ সৰু কলি - মচি
HSLC 2015
পনীয়া গাখীৰ দিয়া গাই গৰু - জলাহী
যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই - নাস্তিক
যি কথাৰ অৰ্থ নাই - অৰ্থহীন, নিৰৰ্থক
এবাৰ গুটি লাগি মৰা গছ - ঔষধি
HSLC 2016
যি কণীৰ পৰা জন্মে - অণ্ডজ
যি আগেয়ে হোৱা নাই - অভূতপূৰ্ব
একে গুৰুৰ শিষ্য - হৰিভকত, সতীৰ্থ
যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে - অকৃতজ্ঞ, কৃতঘ্ন
HSLC 2017
বিষ্ণুৰ ভকত যি তেওঁ - বৈষ্ণৱ
ৰান্ধি খাব পৰা কলৰ পুলি - পচলা
একে মাতৃৰ গৰ্ভত জন্ম যাৰ - সহোদৰ
একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক - অঘৰী
HSLC 2018
পনীয়া গাখীৰ দিয়া গাই - জলাহী
যি একেলগে পঢ়ে - সহপাঠী
যাক মূল্য দি কিনিব নোৱাৰি - অমূল্য
যাক পৰিত্যাগ কৰিব নোৱাৰি - অপৰিহাৰ্য
HSLC 2019
ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি - প্ৰত্যুৎপন্নমতি
ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত - প্ৰাতঃ স্মৰণীয়
নেজ নসৰা বেঙৰ পোৱালী - লালুকী
HSLC 2020
কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ - সঁজাতী
HSLC 2021
যি কোনো পক্ষ নলয় - নিৰপেক্ষ
যাৰ দয়া-মমতা নাই - নিৰ্দয়
যি কথা কোৱা উচিত নহয় - অকথ্য
HSLC 2023
যি সকলো জানে - সৰ্বজান, সৰ্বজ্ঞ
যাৰ দুইহাত সমানে চলে - সব্যসাচী
হঠাতে হোৱা ঘটনা - আকস্মিক