সাঁথৰ

 

১/ তোক কাটিলে মই কান্দো, তোকো নাকাটি থাকিব নোৱাৰো।
উত্তৰ:- পিয়াঁজ

২/ আছে গুটি বাকলি নাই, মুখত দিলে পমি যায়।
উত্তৰ:- বৰফ

৩/ আগ তিতা, গুৰি মৌ, কি কৰিলা ভেবেলী বৌ।
উত্তৰ:- কুঁহিয়াৰ

৪/ ঘৰৰ ওপৰত ঘৰ, তাতে পৰি মৰ।
উত্তৰ:- আঁঠুৱা

৫/ কি পানীত মাছ নাই?
উত্তৰ:- চকুৰ পানীত

৬/ আহিলা গ'লা, গ'লা-আহিলা, আকৌ নাহিলা। 
উত্তৰ:- দাঁত

৭/ লোৰ দামুৰী কাঠৰ গাই, যিমান দিয়া সিমান খায়।
উত্তৰ:- খুন্দনা

৮/ বাঘ নহয় মানুহ খাই, চৰাই নহয় উৰি যায়।
উত্তৰ:- মহ

৯/ পানীত জন্মে, পানীত মৰে।
উত্তৰ:- নিমখ

১০/ তিনিটা আখৰৰ বস্তুটোক সকলোৱে পঢ়ে, প্ৰথমটো এৰি দিলে গৰম অনুভৱ কৰে।
উত্তৰ:- কিতাপ

১১/ চফা হ'লে ক'লা, লেতেৰা হ'লে বগা। এইটোনো কি চেপেটা বস্তু ল'ৰাহঁতক সুধা।
উত্তৰ:- চিলেট

১২/ অলপ পানীত বগলীটো চৰে, পানীকন শুকালে বগলীটো মৰে।
উত্তৰ:- কলম

১৩/ গৰুৰ দৰে ঘাঁহ খায়, পক্ষীৰ দৰে উৰি যায়।
উত্তৰ:- ফৰিং

১৪/ কি পাতৰ আগ নাই?
উত্তৰ:- টিনপাত

১৫/ খালে থিয় হৈ থাকে, নাখালে শুই থাকে?
উত্তৰ:- বস্তা

১৬/ সৰুকালত দুই শিং ডেকা হ'লে সৰে, বুঢ়া কালত দুনাই গজে, আকাশত চৰে। 
উত্তৰ:- জোন

১৭/ পেট ডাঙৰ মুখ সৰু, গিলি খায় মানুহ-গৰু।
উত্তৰ:- ঘৰ

১৮/ গছত সেউজীয়া হয়, বজাৰলৈ নিলে ক'লা হয়, খালে ৰঙা হয় কি?
উত্তৰ:- চাহপাত

১৯/ বৃক্ষ নহওঁ মই বৃক্ষৰ সন্তান, মানুহৰ সেৱা কৰোঁ নাই অভিমান।
উত্তৰ:- কাঠ

২০/ অসম দেশৰ বিষম কথা, কি গছৰ পাত গোটা? 
উত্তৰ:- পিয়াজ

২১/ এজনী কলী গাই, ঘাটে ঘাটে পানী খায়?
উত্তৰ:- বৰশী

২২/ এঠেঙীয়া বগলী, নিতৌ নাচে গধুলি? 
উত্তৰ:- বিচনী

২৩/ পেট আছে পেটু নাই, মুখ আছে জিভা নাই?
উত্তৰ:- কলহ

২৪/ মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা?
উত্তৰ:- জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক)

২৫/ ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগে শিপা।
উত্তৰ:- ভূমিকম্প

২৬/ খাওঁতে খায়, পেটো নভৰে মুখেও নাপায়।
উত্তৰ:- উজুটি

২৭/ গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, এইটো কি নিলাজৰ সঁচ।
উত্তৰ:- আনাৰস

২৮/ টুপ টুপ টুপলি, পানী পালে মুকলি।
উত্তৰ:- জাল

২৯/ হাবিত কাঁহে ওলাই নাহে।
উত্তৰ:- কুঠাৰ

৩০/ কলিংগৰ লিংগ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি মজা মাৰি খা। 
উত্তৰ:- কঁঠাল

৩১/ খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল। 
উত্তৰ:- নাৰিকল

৩২/ ৰজাৰ লাঠী, ঘন ঘন গাঁঠি।
উত্তৰ:- কুঁহিয়াৰ

৩৩/ তিনিকোণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল। 
উত্তৰ:- জাকৈ

৩৪/ ডেকাত কুঁজা, বুঢ়াত পোন, তাক নাখায় থাকে কোন?
উত্তৰ:- ঢেকীয়া

৩৫/ গছত লাগে, আনোতাই আনে, ৰান্ধোতাই ৰান্ধে, খাওঁতাই খাই কিন্ত পেলাই দিয়ে।
উত্তৰ:- তেজপাত

৩৬/ মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই।
উত্তৰ:- ৰেডিঅ'

৩৭/ চাৰি ভাইৰ কাণ কটা, দুই ভাইৰ পেট ফুটা।
উত্তৰ:- তাঁতৰ খুটা

৩৮/ খেতিয়কে খেতি কৰে গুটি নাই, ফুল নাই কেৱল মাথোন পাতেৰে ভৰে।
উত্তৰ:- পান

৩৯/ ঘন ঘন গাঁঠিৰে ডিঙিত পিন্ধি মণি, ওপৰলৈ চাই আছে কোনে চুলি মেলি?
উত্তৰ:- তামোল গছ

৪০/ কমাৰৰ ঘৰৰ মাটি, বতাহ খাই উজান ভাটি।
উত্তৰ:- নাক

৪১/ আকাশত ঘৰ, পাতালত দুৱাৰ, ওলাই চাই ৰজাৰ কোঁৱৰ।
উত্তৰ:- টুনি চৰাইৰ বাহ।

৪২/ জলত জন্ম স্থলত বাস
মাকে চুলেই হয় সর্বনাশ।
উত্তৰ:- নিমখ

৪৩/ কলগছ যেন ঠেং তাৰ
বিচনীৰ দৰে কাণ,
কোৱাচোন কোনে পাৰা
তাৰ কি নাম?
উত্তৰ:-  হাতী

৪৪/ এডাল খেৰে বৰঘৰটো বেৰে।
উত্তৰ:- চাকি

৪৫/ ৰজাৰ ঘৰৰ হাতী
ধান খায় পাচি পাচি।
উত্তৰ:- ঢেঁকী

৪৬/ ঢাপে ঢাপে গ'লোঁ
ঢাপলিকা পালোঁ
কুটি-বাছি থৈ
ছমাহলৈ খালোঁ।
উত্তৰ:- বাঁহ গাজ

৪৭/ চাৰিটাকৈ ভৰি মোৰ
হাত হ'লে দুখন,
আনক মই কোলাত লওঁ
যিমানেই হওক ওজন।
উত্তৰ:- চকী

৪৮/ মেকুৰী মাহী মোৰ
নহয় মই মেকুৰী;
মৃগ ধৰিবলৈ
বনত ফুৰোঁ চেঁকুৰি।
উত্তৰ:- বাঘ

৪৯/ বজালে বাজে পানীত থাকে, বেচিলে দাম পায়, ভাঙি চালে একো নাই। কি বাৰু?
উত্তৰ:- শংখ

৫০/ ৰজাৰ ঘৰৰ কাকবাহঁ , তাতে পৰে ৰাজহাঁহ; ৰাজহাঁহে কণী পাৰে, কোনে কিমান লেখিব পাৰে। কি বাৰু?
উত্তৰ:- আকাশৰ তৰা

৫১/ দেৱতাৰ ফুলনিত বহু ফুল ফুলে, দিন হ'লে মৰে ৰাতি হ'লে ফুলে, কি বাৰু ?
উত্তৰ:- আকাশৰ তৰা


















25 Comments

  1. তিনিটা আখৰ মিলি জন্তুৰ নাম , প্ৰথম দুটা মিলি লৰাৰ নাম আৰু শেষৰ দুটা মিলি ছোৱালীৰ নাম

    ReplyDelete
  2. Oi dad aru belag hathor dibo

    ReplyDelete
  3. কমতাত আছে,অসমত নাই

    কলকতাত দুই ঠাইত পায় ;

    কামাখ্যাত আছে কিন্তু গুৱাহাটীত নাই

    কি বাৰু কোৱাচোন ভাই।

    ReplyDelete
    Replies
    1. ক আখৰটো, কলিকতাত দুবাৰ আছে।

      Delete
    2. 'ক' আখৰটো

      Delete
  4. Bohutu bala lagisa hathot

    ReplyDelete
  5. Replies
    1. স্বাগতম জনালোঁ 🙏

      Delete

  6. অতি সুন্দৰ।

    ReplyDelete
  7. বহুত ভাল লাগিল সাঁথৰ বোৰ পঢ়ি

    ReplyDelete
  8. ধন্যবাদ জনালোঁ৷

    ReplyDelete
    Replies
    1. স্বাগতম জনালোঁ 🙏

      Delete
  9. Hathor khini pohi bohut vaal lagil 👍

    ReplyDelete
    Replies
    1. ধন্যবাদ জনালোঁ 🙏

      Delete
  10. Rojar ghorar baakbah,taate pore rajhaah,rajhaahe koni paare,kune kiman gonibo paare

    ReplyDelete
    Replies
    1. ৰজাৰ ঘৰৰ কাকবাহঁ , তাতে পৰে ৰাজহাঁহ; ৰাজহাঁহে কণী পাৰে , কোনে কিমান লেখিব পাৰে। কি বাৰু?

      উত্তৰ:- আকাশৰ তৰা

      Delete
Post a Comment
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব