Assam Direct Recruitment Driver Exam Important Questions and Answers

 assam direct recruitment driver question paper

১/ তলৰ চিহ্নতোৰ অৰ্থ কি?



(a) সোঁকাষত আলি কেঁকুৰী/ ভাঁজ আছে

(b) ইউ টাৰ্ন নিষেধ

(c) সোঁকাষে ঘূৰা নিষেধ

(d) বাওঁকাষে ঘূৰা নিষেধ

উত্তৰ:- (b) ইউ টাৰ্ন নিষেধ

২/ এজন পথাচাৰীয়ে 'জেব্ৰা ক্ৰচিং' নথকা স্থানেদি ৰাস্তা পাৰ হ'লে আপুনি -


(a) তীব্ৰ গতিত আগবাঢ়িব

(b) তেওঁৰ সেইটো অধিকাৰ বুলি মানি ল'ব

(c) অসাৱধান পথাচাৰী বুলি নিজে সতৰ্কতাৰে আগবাঢ়িব

(d) গতিবেগ কমাই পথাচাৰীক সাৱধান কৰিব

উত্তৰ:- (d) গতিবেগ কমাই পথাচাৰীক সাৱধান কৰিব

৩/ মটৰ চাইকেলৰ সৰ্বোচ্চ অনুমোদিত গতিবেগ -


(a) প্ৰতি ঘণ্টাত ৭০ কিলোমিটাৰ

(b) প্ৰতি ঘণ্টাত ৬০ কিলোমিটাৰ

(c) প্ৰতি ঘন্টাত ৫০ কিলোমিটাৰ

(d) কোনো সীমা নাই

উত্তৰ:- (c) প্ৰতি ঘন্টাত ৫০ কিলোমিটাৰ

৪/ ৰঙা ট্ৰেফিক লাইটটো জ্বলা-নুমা কৰি থকাৰ অৰ্থ কি?


(a) গাড়ীখন ৰখাওক আৰু নিৰাপদ যেন দেখিলে আগবাঢ়ক

(b) গতি কমাওক আৰু অগ্ৰসৰ হওঁক

(c) গতি তীব্ৰ কৰক

(d) সেউজীয়া লাইটটো নজ্বলা পৰ্যন্ত গাড়ীখন ৰখাওক

উত্তৰ:- (a) গাড়ীখন ৰখাওক আৰু নিৰাপদ যেন দেখিলে আগবাঢ়ক

৫/ পৰিবাহক গাড়ী চলোৱাৰ যোগ্য বয়স -


(a) ২১ বছৰ

(b) ১৮ বছৰ

(c)  ২৫ বছৰ

(d) ২০ বছৰ

উত্তৰ:- (d) ২০ বছৰ

৬/ তলৰ চিহ্নটোৰ অৰ্থ কি?





(a) বাওঁফাললৈ ঘূৰা নিষেধ

(b) সোঁফাললৈ ঘূৰা নিষেধ

(c) বাওঁফালেদি গাড়ী অতিক্ৰম কৰা নিষেধ

(d) ইউ টাৰ্ন নিষেধ

উত্তৰ:- (b) সোঁফাললৈ ঘূৰা নিষেধ

৭/ সুৰাসক্ত হৈ গাড়ী চালনা কৰাটো প্ৰমাণিত হ'লে চালকৰ হ'ব পাৰে -


(a) ১ বছৰ কঠোৰ জেল

(b) ৬ মাহ পৰ্যন্ত জেল অথবা ২০০০ টকাৰ জৰিমনা বা দুয়োটা

(c) ২ বছৰ কঠোৰ জেল

(d) ১ বছৰ পৰ্যন্ত জেল অথবা ৪০০০ টকাৰ জৰিমনা বা দুয়োটা

উত্তৰ:- (b) ৬ মাহ পৰ্যন্ত জেল অথবা ২০০০ টকাৰ জৰিমনা বা দুয়োটা

৮/ সন্মুখৰ পৰা অহা গাড়ীক আপোনাৰ -


(a) সুবিধাজনক দিশত পাৰ হ'বলৈ দিয়া উচিত

(b) সোঁকাষেদি পাৰহৈ যাবলৈ দিয়া উচিত

(c) ইচ্ছানুযায়ী পাৰ হ'বলৈ দিয়া উচিত

(d) বাওঁকাষেদি পাৰ হৈ যাবলৈ দিয়া উচিত

উত্তৰ:- (b) সোঁকাষেদি পাৰহৈ যাবলৈ দিয়া উচিত

৯/ পথ সংযোগস্থলীত হালধীয়া লাইটটো জ্বলিলে চালকে কি কৰিব লাগে?


(a) শিঙা বজাই তীব্ৰ গতিৰে অগ্ৰসৰ হ'ব

(b) শিঙা বজাই নিজ পথেৰে অগ্ৰসৰ হ'ব

(c) গাড়ীৰ গতি ক্ৰমাৎ কম কৰি বাহনখন ৰখাব

(d) চাৰিওদিশে চাই নিৰাপদ যেন অনুভৱ কৰিলে অগ্ৰসৰ হ'ব

উত্তৰ:- (c) গাড়ীৰ গতি ক্ৰমাৎ কম কৰি বাহনখন ৰখাব

১০/ গাড়ীৰ প্ৰদূষণ পৰীক্ষা কৰিব লাগে প্ৰতি -


(a) ১ বছৰে

(b) ২ বছৰে

(c) ৩ মাহে

(d) ৬ মাহে

উত্তৰ:- (d) ৬ মাহে

১১/ ট্ৰেক্টৰ চালকে কদাপিও -


a) চালকক ধৰি সৰ্বমুঠ দুজনতকৈ অধিক মানুহ নকঢ়িয়াব

b) চালকৰ বাদে অন্য মানুহ কঢ়িয়াই নিনিব

c) চালকৰ উপৰি তিনিজনতকৈ অধিক মানুহ নকঢ়িয়াব

d) চালকৰ উপৰি দুজনতকৈ অধিক মানুহ নকঢ়িয়াব

উত্তৰ:- b) চালকৰ বাদে অন্য মানুহ কঢ়িয়াই নিনিব

১২/ তলৰ চিহ্নটোৰ অৰ্থ কি?




a) বাধ্যতামূলকভাবে সোঁদিশে যাওক

b) বাধ্যতামূলকভাবে পোনে পোনে যাওক অথবা সোঁদিশে ঘূৰক

c) সোঁদিশে উপপথ

d) বাধ্যতামূলকভাবে পোনে পোনে যাওক অথবা বাওঁদিশে ঘূৰক

উত্তৰ:- d) বাধ্যতামূলকভাবে পোনে পোনে যাওক অথবা বাওঁদিশে ঘূৰক

১৩/ লানাৰ্চ লাইচেন্সৰ ম্যাদ -


a) ৩০ দিন

b) ৬ মাহ

c) ৪ মাহ

d) মূল লাইচেন্স নোপোৱা পৰ্যন্ত

উত্তৰ:- b) ৬ মাহ

১৪/ স্কুল বাছৰ গতি প্ৰতিঘণ্টাত হোৱা উচিত -


a) ২৫ কিলোমিটাৰ

b) ৪০ কিলোমিটাৰ

c) ৩০ কিলোমিটাৰ

d) ৫০ কিলোমিটাৰ

উত্তৰ:- b) ৪০ কিলোমিটাৰ

১৫/ টেক্সি চালকে কম দূৰত্ব বুলি কাৰণ দৰ্শাই যাত্ৰীক নিবলৈ যদি অস্বীকাৰ কৰে -


a) জেলত যাবলগীয়া হ'ব পাৰে

b) জৰিমনা ভৰিবলগীয়া হ'ব পাৰে

c) চালকৰ অনুজ্ঞাপত্ৰ বাতিল হ'ব পাৰে

d) ওপৰৰ এটাও নহয়

উত্তৰ:- c) চালকৰ অনুজ্ঞাপত্ৰ বাতিল হ'ব পাৰে

১৬/ তলৰ চিহ্নটোৰ অৰ্থ কি?




a) বাওঁফালে কোনো পথ নাই

b) বাওঁফালে নাযাব

c) বাওঁফালে যাব

d) বাওঁদিশে ঘূৰাটো বাধ্যতামূলক

উত্তৰ:- d) বাওঁদিশে ঘূৰাটো বাধ্যতামূলক

১৭/ গাড়ী এখন অতিক্ৰম কৰাৰ আগেয়ে চালকজনে নিশ্চিত হোৱা উচিত -


a) সন্মুখৰ পথছোৱা স্পষ্টভাবে দৃশ্যমান হৈ আছে আৰু অতিক্ৰমৰ বাবে নিৰাপদ

b) সন্মুখত গৈ থকা গাড়ীখন সোঁদিশে ঘূৰিব

c) পিছফালৰ পৰা কোনো গাড়ী অহা নাই

উত্তৰ:- a) সন্মুখৰ পথছোৱা স্পষ্টভাবে দৃশ্যমান হৈ আছে আৰু অতিক্ৰমৰ বাবে নিৰাপদ

১৮/ জেব্ৰা লাইনবোৰে কি বুজায়?


a) গাড়ীক প্ৰাধান্য দিয়াটো বুজায়

b) গাড়ীৰ গতি কম কৰাটো নিৰ্দেশ দিয়ে

c) গাড়ীৰ গতিবেগ তীব্ৰ কৰাটো বুজায়

d) পথাচাৰী পথ পাৰ হৈ থকা বুজায়

উত্তৰ:- d) পথাচাৰী পথ পাৰ হৈ থকা বুজায়

১৯/ তলৰ চিহ্নটোৰ অৰ্থ কি?




a) ২ মিটাৰতকৈ অধিক প্ৰস্থৰ বাহনৰ প্ৰৱেশ নিষেধ

b) ২ মিটাৰতকৈ অধিক ওখ বাহনৰ প্ৰৱেশ নিষেধ 

c) গতিবেগ প্ৰতিঘণ্টাত

d) ওপৰৰ এটাও নহয়

উত্তৰ:- a) ২ মিটাৰতকৈ অধিক প্ৰস্থৰ বাহনৰ প্ৰৱেশ নিষেধ

২০/ এটা শোভাযাত্ৰাৰ কাষেদি যাওঁতে গাড়ীৰ সৰ্বোচ্চ গতিবেগ হ'ব লাগে -


a) ২৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত

b) ১৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত

c) ৩০ কিলোমিটাৰ প্ৰতি ঘণ্টাত

d) ২০ কিলোমিটাৰ প্ৰতি ঘণ্টাত

উত্তৰ:- b) ১৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত

২১/ তলৰ চিহ্নটোৰ অৰ্থ কি?




a) ব্যক্তিগত বাহনৰ পাৰ্কিং স্থান

b) টেক্সিৰ পাৰ্কিং স্থান

c) ব্যক্তিগত বাহনৰ প্ৰৱেশ নিষেধ

d) পুলিচ বাহনৰ পাৰ্কিং স্থান

উত্তৰ:- b) টেক্সিৰ পাৰ্কিং স্থান

২২/ গাড়ীৰ হেণ্ড ব্ৰেক কিয় ব্যৱহাৰ কৰিব লাগে?


a) গাড়ীৰ গতিবেগ বঢ়াবৰ বাবে

b) গাড়ীখন এঠাইত পাৰ্কিং কৰি ৰাখোঁতে

c) গাড়ীৰ গতিবেগ কমাবৰ বাবে

d) হঠাৎ গাড়ীখন ৰখাবলৈ হ'লে

উত্তৰ:- b) গাড়ীখন এঠাইত পাৰ্কিং কৰি ৰাখোঁতে

২৩/ নিশা হেডলাইট জ্বলাই গৈ থকা অৱস্থাত সন্মুখৰ পৰা গাড়ী এখন আহি ওচৰ চাপিলে -


a) গাড়ীৰ শিঙা বজাই তীব্ৰ গতিত বাওঁদিশে ঘূৰিব লাগে

b) গাড়ীখন বাওঁদিশলৈ নি আগবাঢ়ি গৈ থাকিব লাগে 

c) হেডলাইটৰ পোহৰ কমাই আৰু বঢ়াই আগবাঢ়ক

d) সন্মুখৰ পৰা অহা গাড়ীখন পাৰ হৈ নোযোৱা পৰ্যন্ত হেডলাইটৰ পোহৰ কমাই ৰাখক

উত্তৰ:- d) সন্মুখৰ পৰা অহা গাড়ীখন পাৰ হৈ নোযোৱা পৰ্যন্ত হেডলাইটৰ পোহৰ কমাই ৰাখক

২৪/ কেতিয়া এজন ব্যক্তিৰ ড্ৰাইভিং লাইচেন্স অযোগ্য ঘোষিত হ'ব পাৰে -


a) গাড়ী চলাই থাকোতে মোবাইল ফোনত কথা পাতিলে

b) গাড়ী চলাওঁতে অনাহকত হৰ্ণ বজাই থাকিলে

c) লগত ড্ৰাইভিং লাইচেন্স নাথাকিলে

উত্তৰ:- a) গাড়ী চলাই থাকোতে মোবাইল ফোনত কথা পাতিলে

২৫/ তলত উল্লেখিত কোনটো স্থানত গাড়ী পাৰ্কিং নিষেধ -


a) পথৰ কাষত

b) ট্ৰেফিক লাইটৰ কাষত

c) পাৰ্কিং কৰাৰ বাবে অনুমোদিত স্থানত

উত্তৰ:- b) ট্ৰেফিক লাইটৰ কাষত

২৬/ অচল গাড়ী এখনক ৰচীৰে বান্ধি আন এখন গাড়ীৰে গেৰেজলৈ নিওঁতে গাড়ী দুখনৰ মাজত ব্যৱধান হ'ব লাগে -


a) ৩ মিটাৰ

b) ৭ মিটাৰ

c) ২ মিটাৰ

d) ৫ মিটাৰ

উত্তৰ:- d) ৫ মিটাৰ

২৭/ অসমত পঞ্জীকৃত সাধাৰণ লোকৰ গাড়ীৰ নম্বৰ ফলক লিখা হয় -


a) এ এচ্

b) অসম

c) এ এচ্ এ

d) এ এচ্ আৰু অসম

উত্তৰ:- a) এ এচ্ (AS)

২৮/ তলৰ চিহ্নটোৰ অৰ্থ কি?




a) পশু কঢ়িওৱা গাড়ী নিষিদ্ধ

b) পশুৰ প্ৰৱেশ নিষেধ

c) পশু জিৰণিৰ স্থান

d) সন্মুখত পথৰ ওপৰত পশু থাকিব পাৰে

উত্তৰ:- d) সন্মুখত পথৰ ওপৰত পশু থাকিব পাৰে

(তলত ২০২২ চনত অনুষ্ঠিত হৈ যোৱা Assam Direct Recruitment ৰ Driver পৰীক্ষাত অহা কেইটামান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে -)


১/ ভাৰতীয় সংবিধানত কেইটা অনুসূচী আছে?


(a) ২৪ টা

(b) ১৫ টা

(c) ১২ টা

(d) ১০ টা

উত্তৰ:- (c) ১২ টা

২/ উমানন্দ মন্দিৰ কোন পাহাৰৰ ওপৰত আছে?


(a) চিত্ৰাচল পাহাৰ

(b) ভস্মাচল পাহাৰ

(c) সন্ধ্যাচল পাহাৰ

(d) নীলাচল পাহাৰ

উত্তৰ:- (b) ভস্মাচল পাহাৰ

৩/ তলৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল নহয় -


(a) Ladakh

(b) Jammu and Kashmir

(c) Puducherry

(d) Kodaikanal

উত্তৰ:- (d) Kodaikanal

৪/ Lotus Temple ক'ত আছে?


(a) দিল্লী

(b) উত্তৰ প্ৰদেশ

(c) পঞ্জাব

(d) তামিলনাডু

উত্তৰ:- (a) দিল্লী

৫/ তলৰ কোনটো অলিম্পিকৰ সাঁতোৰ ইভেণ্ট নহয় -


(a) backstroke

(b) butterfly

(c) medley relay

(d) Breakstroke

উত্তৰ:- (d) Breakstroke

৬/ Largest memory unit of Computer -


(a) GB

(b) MB

(c) TB

(d) KB

Ans:- (c) TB (Terabyte)

৭/ কপৌফুল কোন ৰাজ্যৰ ৰাজ্যিক ফুল?

উত্তৰ:- অসম

(মন কৰিব - কপৌফুল অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল)

৮/ ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি?

উত্তৰ:- বাঘ (ঢেঁকীয়াপতীয়া বাঘ)

৯/ মুখাশিল্পৰ বাবে অসমৰ কোনখন ঠাই বিখ্যাত?

উত্তৰ:- মাজুলী

১০/ প্ৰাচীন ভাৰতৰ চিকিৎসক কোন আছিল?

উত্তৰ:- সুশ্ৰুত (Sushruta)

১১/ জুবিন গাৰ্গৰ প্ৰথম এলবামৰ নাম কি আছিল?

উত্তৰ:- অনামিকা

১২/ শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে কাৰ বিৰুদ্ধে যুঁজ দিছিল?

উত্তৰ:- ৰামসিংহ 

( শৰাইঘাটৰ যুদ্ধ ১৬৭১ চনত সংঘটিত হৈছিল / শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল, আহোম ৰাজ্যৰ লাচিত বৰফুকনৰ নেতৃত্বত আৰু মোগল সাম্ৰাজ্য ৰজা, ৰাজা ৰামসিংহৰ নেতৃত্বত ) 

১৩/ ১৫ আগষ্টৰ দিনা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰ পৰা ভাষণ দিয়ে?

উত্তৰ:- লালকিল্লাৰ পৰা

১৪/ পদুম ফুল কোনখন দেশৰ ৰাষ্ট্ৰীয় ফুল?

উত্তৰ:- ভাৰত

১৫/ শিৱসাগৰ কোনটো ঐতিহ্য ক্ষেত্ৰৰ বাবে বিখ্যাত?

উত্তৰ:- ৰংঘৰ

১৬/ হাইদাং গীত কোন জনগোষ্ঠীৰ?

উত্তৰ:- সোণোৱাল-কছাৰী

১৭/ অসমৰ ৰাজ্যিক পক্ষী কি?

উত্তৰ:- দেওহাঁহ

১৮/ "দিন-ই-ইলাহী" কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰ:- আকবৰ

১৯/ টুচু পূজা কাৰ লগত জড়িত?

উত্তৰ:- চাহ জনগোষ্ঠী

২০/ গছৰ খোৰোঙত কি চৰায়ে বাহ সাজে?


(a) চিলনী

(b) ধনেশ পক্ষী

(c) শগুণ

(d) কাউৰী

উত্তৰ:- (b) ধনেশ পক্ষী

২১/ কম্পিউটাৰৰ কোনটো Output Device -


(a) Keyboard

(b) Bar Code Reader

(c) Scanner

(d) Speaker

উত্তৰ:- (d) Speaker

২২/ ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়?

উত্তৰ:- চৰ্দাৰ বল্লভভাই পেটেল

২৩/ আশাৰীকান্দি কিহৰ বাবে বিখ্যাত?

উত্তৰ:- মৃৎ শিল্পৰ বাবে বিখ্যাত (Terracotta)

২৪/ ভাৰতৰ 'মিছাইল মানৱ' নামেৰে কাক জনা যায়?

উত্তৰ:- এ পি জে আব্দুল কালাম

(সম্পূৰ্ণ নাম - আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম)

২৫/ ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাৰ নাম কি?

উত্তৰ:- আৰাভাল্লী (The Aravalli Range)

২৬/ ৰাজতৰংগীনি (Rajatarangini) কোনে লিখিছিল?

উত্তৰ:- Kalhana

২৭/ জোনবিল মেলা কিহৰ বাবে বিখ্যাত?

উত্তৰ:- বিনিময় প্ৰথা

২৮/ শেহতীয়াকৈ কোনটো তৈলক্ষেত্ৰত দুৰ্ঘটনা সংঘটিত হৈছিল?

উত্তৰ:- বাঘজান

২৯/ প্ৰাপ্তবয়স্ক মানুহৰ স্বাভাৱিক শৰীৰৰ উষ্ণতা কিমান?

উত্তৰ:- 36.1° C to 37.1° C

৩০/ বহুৱা নৃত্য কোন জনগোষ্ঠীৰ?

উত্তৰ:- সোণোৱাল কছাৰী

৩১/ "পকী" কোনজন উপৰিপুৰুষৰ ঘৰ?

উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা

৩২/ ভাৰতৰ একেবাৰে দক্ষিণলৈ থকা নদীখনৰ নাম কি?


(a) গোদাৱৰী

(b) কাবেৰী

(c) যমুনা

(d) নৰ্মদা

উত্তৰ:- (b) কাবেৰী

৩৩/ গছৰ কোনটো অংশই খাদ্য প্ৰস্তুত কৰে?

উত্তৰ:- পাতে খাদ্য প্ৰস্তুত কৰে

৩৪/ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল?

উত্তৰ:- শুক্লধ্বজ

৩৫/ দ্বিতীয় বিশ্বযুদ্ধ কাৰ কাৰ মাজত হৈছিল?

উত্তৰ:- Allies and Axis Power

(Allies - France, Great Britain, the United States, the Soviet Union, and, to a lesser extent, China)

(Axis Powers - Germany, Italy, and Japan)

৩৬/ মেনিলা (Manila) ক'ৰ ৰাজধানী?

উত্তৰ:- ফিলিপাইন (Philippines)

৩৭/ বৰাক নদী ক'ৰ পৰা উৎপত্তি হৈছে?

উত্তৰ:- মণিপুৰ

৩৮/ ২০২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিক (2024 Summer Olympics) ক'ত অনুষ্ঠিত হ'ব?

উত্তৰ:- পেৰিছ, ফ্ৰান্স

৩৯/ ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল?

উত্তৰ:- ইংৰাজ আৰু ব্ৰহ্মদেশৰ মান সকলৰ মাজত

(ইয়াণ্ডাবু সন্ধি চুক্তি স্বাক্ষৰিত হৈছিল - ২৪ ফেব্ৰুৱাৰী, ১৮২৬ চনত)

৪০/ "অভিজ্ঞানম শকুন্তলম" কোনে লিখিছিল?

উত্তৰ:- কালিদাস

Post a Comment

Previous Post Next Post