১০০+ অসম কুইজ Assam Quiz ২০২৬

 


১/ অসমৰ প্ৰাচীন নাম কি আছিল?

উত্তৰ:- অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ আছিল।

২/ অসমৰ প্ৰথম মহিলা IAS (আই. এ. এছ.) কোন আছিল?

উত্তৰ:- পাৰুল দাস।

৩/ কোনজন আহোম ৰজাই বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল?

উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল।

৪/ বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল?

উত্তৰ:- ৰাধা গোবিন্দ বৰুৱাই বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত অৱতীৰ্ণ কৰাইছিল।

৫/ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য কোন আছিল?

উত্তৰ:- কৃষ্ণকান্ত সন্দিকৈ।

৬/ অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ:- বসন্ত দাস।

৭/ সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি?

উত্তৰ:- বনফুল। (১৯৫৫ চন / বনফুল এখন কবিতা পুথি / কবি - যতীন্দ্ৰ নাথ দুৱৰা।)

৮/ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?

উত্তৰ:- নলিনীবালা দেৱী।

৯/ অসমত মানসিক ৰোগৰ চিকিৎসালয় কোন ঠাইত আছে?

উত্তৰ:- তেজপুৰ।

১০/ অসমত সৈনিক স্কুল কোন ঠাইত আছে?

উত্তৰ:- গোৱালপাৰা।

১১/ অসমত কলা আৰু বোবা সকলৰ বাবে বিদ্যালয় কোন ঠাইত আছে?

উত্তৰ:- গুৱাহাটীৰ কাহিলীপাৰাত আছে।

১২/ অসমত প্ৰাকৃতিক গেছ প্ৰকল্প কোন ঠাইত আছে?

উত্তৰ:- নামৰূপ আৰু বঙাইগাঁওত আছে।

১৩/ অসমত ফৰেষ্ট বিদ্যালয় কোন ঠাইত আছে?

উত্তৰ:- গুৱাহাটীৰ জালুকবাৰীত আছে।

১৪/ অসমত ৰাসায়নিক সাৰ কাৰখানা কোন ঠাইত আছে?

উত্তৰ:- নামৰূপত আছে।

১৫/ বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আছিল?

উত্তৰ:- পুবেৰুণ।

১৬/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল?

উত্তৰ:- ৩,১২,০৫,৫৭৬ জন।

১৭/ অসমীয়া প্ৰথম ৰঙীন কথাছবিখনৰ নাম কি আছিল?

উত্তৰ:- ভাইটি।

১৮/ অসমত চিমেণ্ট কাৰখানা কোন ঠাইত আছে?

উত্তৰ:- বোকাজানত আছে।

১৯/ চামেলি মেমচাব কথাছবিয়ে ৰাষ্ট্ৰীয় বঁটা কেতিয়া লাভ কৰিছিল?

উত্তৰ:- ১৯৭৫ চনত।

২০/ অসমত কাগজ কল কোন ঠাইত আছে?

উত্তৰ:- জাগীৰোড, পাঁচগ্ৰাম।

২১/ অসমত মৰাপাটৰ কল কোন ঠাইত অৱস্থিত?

উত্তৰ:- শিলঘাট।

২২/ অসমীয়া জাতিৰ প্ৰাণ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল?

উত্তৰ:- ১৪৪৯ চনত।

২৩/ শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম কি আছিল?

উত্তৰ:- মহেন্দ্ৰ কন্দলি।

২৪/ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্যজনৰ নাম কি আছিল?

উত্তৰ:- শ্ৰীমন্ত মাধৱদেৱ।

২৫/ শ্ৰীমন্ত শংকৰদেৱৰ পত্নীৰ নাম কি আছিল?

উত্তৰ:- সূৰ্যৱতী আৰু কালিন্দী।

২৬/ প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিজনৰ নাম কি আছিল?

উত্তৰ:- ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

২৭/ অসমৰ প্ৰথম কোনজন ব্যক্তিয়ে লণ্ডন বিশ্ববিদ্যালয়ত ডি লিৰ্ট উপাধি লাভ কৰিছিল?

উত্তৰ:- ড॰ সূৰ্যকুমাৰ ভূঞা।

২৮/ অসমত বিশ্ব স্বাস্থ্যকেন্দ্ৰ কোন ঠাইত আছে?

উত্তৰ:- চাবুৱাত আছে।

২৯/ অসমত সংস্কৃত মহাবিদ্যালয় কোন কেইখন ঠাইত আছে?

উত্তৰ:- গুৱাহাটী আৰু নলবাৰীত আছে।

৩০/ অসমত অন্ধসকলৰ বাবে বিদ্যালয় কোন কেইখন ঠাইত আছে?

উত্তৰ:- গুৱাহাটী, নগাঁও, ডিব্ৰুগড়।

৩১/ অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?

উত্তৰ:- এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত।

৩২/ আহোমৰ শেষ ৰজা জনৰ নাম কি আছিল?

উত্তৰ:- পুৰন্দৰ সিংহ।

৩৩/ অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি আছিল?

উত্তৰ:- ছাৰ চালেহ মহম্মদ আকবৰ হায়দৰী।

৩৪/ অসমৰ প্ৰথম কথাছবিৰ নাম কি আছিল?

উত্তৰ:- জয়মতী।

৩৫/ অসমত তেল শোধনাগাৰ কেইটা আছে?

উত্তৰ:- অসমত তেল শোধনাগাৰ চাৰিটা আছে। সেইকেইটা হ'ল - ডিগবৈ, নুমলীগড়, গুৱাহাটী, বঙাইগাঁও।

৩৬/ অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকতৰ নাম কি আছিল?

উত্তৰ:- টাইমচ্ অৱ অসম।

৩৭/ অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল?

উত্তৰ:- পদ্মনাথ গোহাঞি বৰুৱা।

৩৮/ গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি আছিল?

উত্তৰ:- কেলভিন।


৩৯/ অসমৰ প্ৰাচ্য পণ্ডিত বুলি কাক জনা যায়?

উত্তৰ:- কৃষ্ণকান্ত সন্দিকৈ।


৪০/ অসম কেশৰী বুলি কাক জনা যায়?

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰী।

৪১/ দেশভক্ত বুলি কাক জনা যায়?

উত্তৰ:- তৰুণৰাম ফুকন।

৪২/ অসমৰ কলাগুৰু বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- বিষ্ণুপ্ৰসাদ ৰাভা।

৪৩/ অসমৰ গৌৰৱ কোন আছিল?

উত্তৰ:- হেম বৰুৱা।

৪৪/ অসমৰ সংগীত সূৰ্য কোন আছিল?

উত্তৰ:- ড॰ ভূপেন হাজৰিকা।

৪৫/ অসমৰ বিপ্লৱী কবি বুলি কাক জনা যায়?

উত্তৰ:- প্ৰসন্নলাল চৌধুৰী।

৪৬/ অসমৰ অগ্নিকবি ৰূপে কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- কমলাকান্ত ভট্টাচাৰ্য।

৪৭/ অসমত প্ৰথম কুইজ প্ৰতিযোগিতা ক'ত আৰু কিমান চনত হৈছিল?

উত্তৰ:- ১৯৬৫ চনত কটন কলেজত।

৪৮/ অসমৰ উপন্যাস সম্ৰাট কোন আছিল?

উত্তৰ:- ৰজনীকান্ত বৰদলৈ।

৪৯/ গুৱাহাটীৰ পুৰণি নাম কি আছিল?

উত্তৰ:- প্ৰাগজ্যোতিষপুৰ।

৫০/ অসমত প্ৰথম চিনেমা ষ্টডিঅ' ক'ত আৰু নাম কি আছিল?

উত্তৰ:- গুৱাহাটীৰ কাহিলীপাৰাত আছিল। ষ্টডিঅ'টোৰ নাম আছিল - জ্যোতি চিত্ৰবন।

৫১/ অসমত প্ৰথম প্লেনেটৰিয়াম ক'ত আছিল?

উত্তৰ:- এম. জি. ৰোড, লতাশিল, উজান বজাৰ, গুৱাহাটীৰ উচ্চতম ন্যায়ালয় (High Court) ৰ ওচৰত।

৫২/ অসমৰ প্ৰথমজন স্নাতক আৰু আই. চি. এছ. (ICS) বিষয়াজনৰ নাম কি আছিল?

উত্তৰ:- আনন্দৰাম বৰুৱা।

৫৩/ অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?

উত্তৰ:- ১২৬ খন।

৫৪/ প্ৰথম অসম বিধান সভা কিমান চনত অনুষ্ঠিত হৈছিল?

উত্তৰ:- ১৯৩৭ চনৰ ৭ এপ্ৰিল তাৰিখে।

৫৫/ অসমত প্ৰথম গ্ৰন্থমেলা কোন ঠাইত অনুষ্ঠিত হৈছিল?

উত্তৰ:- নগাঁওত অনুষ্ঠিত হৈছিল।

৫৬/ অভিনেত্ৰী মলয়া গোস্বামীয়ে কোনখন অসমীয়া চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু কিমান চনত?

উত্তৰ:- "ফিৰিঙতি" চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ৩৯তম্ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ১৯৯২ চনত।

৫৭/ চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু কিমান চনত এই বঁটা লাভ কৰিছিল?

উত্তৰ:- "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

৫৮/ অসমৰ ভাস্কৰ বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- বাণীকান্ত কাকতি।

৫৯/ ঢোলৰ যাদুকৰ বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- মঘাই ওজা।

৬০/ অসমৰ অজগৰ বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- চৈয়দ আব্দুল মালিক।

৬১/ প্ৰতিমাৰ খনিকৰ বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।

৬২/ সেউজকোঁৱৰ বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- পৰাগ চলিহা।

৬৩/ নিজৰা কবি বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- শৈলধৰ ৰাজখোৱা।

৬৪/ বিহগী কবি বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- ৰঘুনাথ চৌধুৰী।

৬৫/ শেৱালি কবি বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- ৰত্নকান্ত বৰকাকতি।

৬৬/ শৰতৰ কবি বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- পাৰ্বতী প্ৰসাদ বৰুৱা।

৬৭/ কলংপৰীয়া কবি বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- দেৱকান্ত বৰুৱা।

৬৮/ সাহিত্য কাণ্ডাৰী বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- পদ্মনাথ গোহাঞি বৰুৱা।

৬৯/ বনফুলৰ কবি বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- যতীন্দ্ৰ নাথ দুৱৰা।

৭০/ তপোবনৰ কবি বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- অতুল চন্দ্ৰ হাজৰিকা।

৭১/ জ্ঞান মালিনী কবি বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- মফিজুদ্দিন আহমদ হাজৰিকা।

৭২/ চনেট কবি বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- হিতেশ্বৰ বৰুৱা।

৭৩/ বকুলবনৰ কবি বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- আনন্দ বৰুৱা।

৭৪/ নাট্যপ্ৰভাকৰ বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- সত্যপ্ৰসাদ বৰুৱা।

৭৫/ কবিতা কোঁৱৰ বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- অমলেশ্বৰ চেতিয়া ফুকন।

৭৬/ বাগ্মীবৰ বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- নীলমণি ফুকন।

৭৭/ অসমৰ সিংহ পুৰুষ বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- ৰাধা গোবিন্দ বৰুৱা।

৭৮/ অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰীৰ নাম কি?

উত্তৰ:- আইদেউ সন্দিকৈ।

৭৯/ অসমত কাঁহ-পিতলৰ শিল্প কোন ঠাইত আছে?

উত্তৰ:- সৰ্থেবাৰী।

৮০/ অসমৰ লুইত কোঁৱৰ বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- ৰুদ্ৰ বৰুৱা।

৮১/ আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?

উত্তৰ:- ১৬৭১ চনত।

৮২/ "হস্তীবিদ্যাৰ্ণৱ" পুথিখন কোনে লিখিছিল আৰু কোনজন আহোম শাসকৰ অধীনত লিখিছিল?

উত্তৰ:- সুকুমাৰ বৰকাইথে লিখিছিল, শিৱ সিংহ আৰু বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ৰাজ অনুগ্ৰহত ৰচনা কৰা হাতীৰ ৰক্ষণাবেক্ষণ, ব্যৱস্থাপনা আৰু চিকিৎসাৰ বিষয়ে উল্লেখ আছে।

৮৩/ সৰ্বানন্দ সোণোৱাল অসমৰ কিমান তম্ মুখ্যমন্ত্ৰী?

উত্তৰ:- ১৪তম্ মুখ্যমন্ত্ৰী।

৮৪/ সনন্ত তাঁতিয়ে কোনখন কবিতা পুথিৰ বাবে ২০১৮ চনত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰ:- "কাইলৈৰ দিনটো আমাৰ হ'ব" নামৰ কবিতা পুথিৰ বাবে সনন্ত তাঁতিয়ে ২০১৮ চনত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

৮৫/ বড়ো ভাষাৰ সাহিত্য অকাডেমি বঁটা ২০১৭ চনত কোনজন ব্যক্তিয়ে লাভ কৰিছিল?

উত্তৰ:- ৰীতা বড়ো। ("থৈচাম" নামৰ উপন্যাসৰ বাবে ২০১৭ চনত ৰীতা বড়োয়ে বড়ো ভাষাৰ সাহিত্য অকাডেমি বঁটা ২০১৭ চনত লাভ কৰিছিল।)

৮৬/ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা ২০১৭ চনত কোনজন ব্যক্তিয়ে লাভ কৰিছিল?

উত্তৰ:- জয়ন্ত মাধৱ বৰা । ("মৰিয়াহোলা" উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা ২০১৭ চনত লাভ কৰিছিল।)

৮৭/ অসমৰ জাতীয় নৃত্য কি?

উত্তৰ:- বিহু নৃত্য।

৮৮/ অসমৰ জাতীয় উৎসৱ কি?

উত্তৰ:- বিহু।

৮৯/ অসমৰ জাতীয় গছ কি?

উত্তৰ:- হোলোং।

৯০/ অসমৰ জাতীয় ফুল কি?

উত্তৰ:- কপৌ ফুল।

৯১/ অসমৰ জাতীয় পক্ষী কি?

উত্তৰ:- দেওহাঁহ।

৯২/ অসমৰ জাতীয় জন্তু কি?

উত্তৰ:- এশিঙীয়া গঁড়।

৯৩/ অসমৰ জাতীয় সংগীত কি?

উত্তৰ:- অ' মোৰ আপোনাৰ দেশ।

৯৪/ অসমৰ জাতীয় সংগীত "অ' মোৰ আপোনাৰ দেশ"ৰ ৰচকজনৰ নাম কি?

উত্তৰ:- ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা।

৯৫/ অসমৰ ৰাজ্যিক ভাষা কি?

উত্তৰ:- অসমীয়া ভাষা।

৯৬/ অসমৰ ৰাজ্যিক সাহিত্য সভা কি?

উত্তৰ:- অসম সাহিত্য সভা।

৯৭/ অসমৰ জাতীয় শ্লোগান কি?

উত্তৰ:- জয় আই অসম।

৯৮/ অসমৰ ৰাজ্যিক মোহৰ কি?

উত্তৰ:- অসম চৰকাৰ।
অসমৰ ৰাজ্যিক মোহৰ - অসম চৰকাৰ

৯৯/ কালিৰাম মেধিয়ে বৰগীত সমূহক কি বুলি আখ্যা দিছিল?

উত্তৰ:- Great Song বা Songs Celestial বুলি আখ্যা দিছিল।

১০০/ বৰগীতসমূহক কোনে "Holy Song" আখ্যা দিছিল?

উত্তৰ:- দেৱেন্দ্ৰ নাথ বেজবৰুৱা দেৱে বৰগীতসমূহক "Holy Song" আখ্যা দিছিল।

১০১/ ড॰ বাণীকান্ত কাকতি দেৱে বৰগীত সমূহক কি আখ্যা দিছিল?

উত্তৰ:- ড॰ বাণীকান্ত কাকতি দেৱে বৰগীত সমূহক "Noble Numbers" আখ্যা দিছিল।

১০২/ অসমৰ পাট মুগাৰ শিল্প কোন ঠাইত আছে?

উত্তৰ:- শুৱালকুচিত পাট মুগাৰ শিল্প আছে।

১০৩/ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি আছিল?

উত্তৰ:- ড॰ মামণি ৰয়ছম গোস্বামী। (২০০০ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল)।

১০৪/ "আশীৰ্বাদৰ ৰং" কাৰ উপন্যাস? 

উত্তৰ:- অৰুণ শৰ্মাৰ। ("আশীৰ্বাদৰ ৰং" প্ৰথম প্ৰকাশ হৈছিল - ১৯৯৬ চনত আৰু ১৯৯৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল)। 

১০৫/ সাহিত্য আৰু শিক্ষাৰ বাবে ২০২২ বৰ্ষৰ পদ্মশ্ৰী বঁটা অসমৰ কোনজন ব্যক্তিয়ে লাভ কৰিছিল? 

উত্তৰ:- ধনেশ্বৰ ইংতি। 

১০৬/ সমাজ সেৱাৰ বাবে ২০২২ বৰ্ষৰ পদ্মশ্ৰী বঁটা অসমৰ কোনজন ব্যক্তিয়ে লাভ কৰিছিল? 

উত্তৰ:- শকুন্তলা চৌধুৰী। 

১০৭/ অসমৰ জাতীয় ফল কি? 

উত্তৰ:- কাজি নেমু।

১০৮/ হিমা দাসক কি নামেৰে জনা যায়?

উত্তৰ:- ধিং এক্সপ্ৰেছ।

১০৯/ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটাটো কি?

উত্তৰ:- অসম বৈভৱ।

১১০/ অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:- ১ অক্টোবৰ।

১১১/ অসমৰ কটন কলেজ কেতিয়া প্ৰতিষ্ঠা হৈছিল?

উত্তৰ:- ১৯০১ চনত।

১১২/ অসমত প্ৰথম চিনেমা হলটো ক'ত আছিল?

উত্তৰ:- তেজপুৰ (জোনাকী ছবিঘৰ)।

১১৩/ আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধখন কি আছিল?

উত্তৰ:- ইটাখুলিৰ যুদ্ধ (১৬৮২)।

১১৪/ ২০২৪ চনৰ ২৬ জুলাইত অসমৰ কোনটো কীৰ্তিচিহ্নই UNESCO বিশ্ব ঐতিহ্যৰ মৰ্যাদা লাভ কৰিছে?

উত্তৰ:- চৰাইদেউ মৈদাম।

১১৫/ অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল?

উত্তৰ:- মহীৰংগ দানৱ।

১১৬/ অসমৰ প্ৰথম ঐতিহাসিক ৰজাজনৰ নাম কি?

উত্তৰ:- পুষ্যবৰ্মন।

১১৭/ বৰ্মন বংশৰ প্ৰতিষ্ঠাপকজনৰ নাম কি?

উত্তৰ:- পুষ্যবৰ্মন।

১১৮/ জীয়ভৰলী নদী অসমৰ কোনখন জিলাত অৱস্থিত?

উত্তৰ:- শোণিতপুৰ জিলাত।

১১৯/ অসমৰ মুঠ মাটিকালি কিমান?

উত্তৰ:- ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ।

১২০/ মাধৱদেৱৰ জন্ম ক'ত হৈছিল?

উত্তৰ:- লেটেকুপুখুৰীত।

১২১/ অসম সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ:- ১৯১৭ চনত।

১২২/ অসমৰ বৰ্তমান জিলা কিমানখন?

উত্তৰ:- ৩৫ খন।

১২৩/ আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল?

উত্তৰ:- যোৰহাট।

১২৪/ অসমৰ প্ৰথম দৈনিক বাতৰি কাকতৰ নাম কি আছিল?

উত্তৰ:- দৈনিক বাতৰি।

১২৫/ অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান?

উত্তৰ:- ১৪ খন।

১২৬/ অসমীয়া চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন?

উত্তৰ:- ৰীমা দাস।

১২৭/ নামঘোষাৰ ৰচক কোন?

উত্তৰ:- শ্ৰী শ্ৰী মাধৱদেৱ।

১২৮/ অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল?

উত্তৰ:- ১৯৮৫ চনত।

১২৯/ অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়?

উত্তৰ:- হাফলং।

১৩০/ ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটাপ্ৰাপক অসমীয়া আৰু বড়ো ভাষাৰ সাহিত্যিক দুগৰাকীৰ নাম আৰু তেওঁলোকৰ বঁটা বিজয়ী উপন্যাস দুখনৰ নাম কি?

​উত্তৰ:- অসমীয়া ভাষাৰ সাহিত্যিক দেৱব্ৰত দাস, তেওঁৰ উপন্যাস ‘কড়ি খেলাৰ সাধু’।
​বড়ো ভাষাৰ সাহিত্যিক চাহায়চুলি ব্ৰহ্ম, তেওঁৰ উপন্যাস ‘দৌংৱি লামা মৌনসে গাথৌ’।

১৩১/ প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?

উত্তৰ:- ধৰ্মপুস্তক।

১৩২/ অসমীয়া চুটি গল্পৰ জনক কোন?

উত্তৰ:- ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা।

১৩৩/ অসমত অম্বুবাচী মেলা ক'ত অনুষ্ঠিত হয়?

উত্তৰ:- কামাখ্যা মন্দিৰ।

১৩৪/ আহোমৰ প্ৰথমজন ৰজা কোন আছিল? 

উত্তৰ:- স্বৰ্গদেউ চাওলুং চুকাফা

১৩৫/ অসম আৰক্ষীৰ বৰ্তমানৰ শ্ল'গান বা মূল মন্ত্ৰটো কি?

উত্তৰ:- জনহিত জনসেৱাৰ্থে। 

9 Comments

Post a Comment
Previous Post Next Post