৫৫+ জানিবলগীয়া কিছু কথা

  



১/ আমাজনীয়া -১ (Amazonia - 1) উপগ্ৰহ আৰু ১৮ টা সহ-যাত্ৰী উপগ্ৰহ (18 co-passenger) ক'ত আৰু কেতিয়া উৎক্ষেপণ কৰা হৈছিল?

উত্তৰ:- আমাজনীয়া -১ উপগ্ৰহ আৰু ১৮ টা সহ-যাত্ৰী উপগ্ৰহ ২৮ ফেব্ৰুৱাৰী, ২০২১ চনত PSLV-C51 ৰ জৰিয়তে Indian Space Research Organization (ISRO) য়ে Satish Dhawan Space Centre (SDSC) Sriharikota Range (SHAR) ৰ পৰা উৎক্ষেপণ কৰে।

২/ আমাজনীয়া -১ (Amazonia - 1) উপগ্ৰহটো কোন দেশৰ?

উত্তৰ:- আমাজনীয়া - ১ উপগ্ৰহটো ব্ৰাজিলৰ আৰু এইটো ভাৰতৰ পৰা উৎক্ষেপণ হোৱা প্ৰথম ব্ৰাজিলৰ উপগ্ৰহ।

৩/ আমাজনীয়া - ১ (Amazonia - 1) উপগ্ৰহটোৰ ওজন কিমান?

উত্তৰ:- ৬৩৭ কেজি।

৪/ আমাজনীয়া - ১ (Amazonia - 1) উপগ্ৰহটোৰ কামসমূহ কি কি?

উত্তৰ:- ISRO অৰ্থাৎ Indian Space Research Organization ৰ মতে, আমাজনীয়া - ১ (Amazonia - 1) উপগ্ৰহটোৱে আমাজন অঞ্চলত বন ধ্বংস নিৰীক্ষণ আৰু ব্ৰাজিলৰ অঞ্চলসমূহত বিবিধ কৃষিৰ বিশ্লেষণৰ বাবে ব্যৱহাৰকাৰীসকলক ৰিমট চেনছিং তথ্য প্ৰদান কৰি বিদ্যমান গাথঁনিটো অধিক শক্তিশালী কৰিব।

৫/ প্ৰথম উপগ্ৰহ উৎক্ষেপণ কৰা দেশখনৰ নাম কি আছিল?

উত্তৰ:- Soviet Union, ৰাছিয়া (৪ অক্টোবৰ, ১৯৫৭ চন) ।

৬/ ৰাছিয়াই উৎক্ষেপণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম কি আছিল?

উত্তৰ:- Sputnik - 1 (স্পুটনিক - ১) ।

৭/ মহাকাশত ভ্ৰমণ কৰা পৃথিৱীৰ প্ৰথম প্ৰাণীটো কি আছিল?

উত্তৰ:- লাইকা নামৰ এটা কুকুৰ আছিল। (Sputnik - 2) স্পুটনিক - ২ নামৰ যানখনত ৩ নৱেম্বৰ, ১৯৫৭ চনত Soviet Union, ৰাছিয়াই উৎক্ষেপণ কৰিছিল।

৮/ ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল?

উত্তৰ:- আৰ্যভট্ট।

৯/ আৰ্যভট্ট কৃত্ৰিম উপগ্ৰহ কিমান চনত আৰু কোন ঠাইৰ পৰা উৎক্ষেপণ কৰা হৈছিল?

উত্তৰ:- ১৯ এপ্ৰিল, ১৯৭৫ চনত, Kapustin Yar, ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা হৈছিল।

১০/ চন্দ্ৰ পৃষ্ঠত খোজ পেলোৱা প্ৰথম মহাকাশচাৰীজনৰ নাম কি আছিল?

উত্তৰ:- নীল আমষ্ট্ৰং (Neil Armstrong) ২০ জুলাই, ১৯৬৯ চন।

১১/ মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিজনৰ নাম কি আছিল?

উত্তৰ:- য়ুৰি এলেক্সিয়েভিচ গেগেৰিন। (য়ুৰি এলেক্সিয়েভিচ গেগেৰিনে Vostok 1 মহাকাশযানত ১২ এপ্ৰিল, ১৯৬১ চনত পৃথিৱীৰ চাৰিওফালে এটা কক্ষপথত পৰিভ্ৰমণ সম্পূৰ্ণ কৰে।)

১২/ মহাকাশলৈ যোৱা প্ৰথম মহিলাগৰাকীৰ নাম কি আছিল?

উত্তৰ:- ভেলেন্টিনা টেৰেস্ক'ভা (Valentina Tereshkova) । ১৬ জুন, ১৯৬৩ চনত Vostok 6 নামৰ যানখনত মহাকাশলৈ গৈছিল।

১৩/ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছা (NASA) ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰ:- National Aeronautics and Space Administration.

১৪/ ISRO ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰ:- Indian Space Research Organization. (ভাৰত মহাকাশ গৱেষণা সংস্থা) ।

১৫/ ভাৰত মহাকাশ গৱেষণা সংস্থা (ISRO) কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ:- ১৫ আগষ্ট, ১৯৬৯ চনত।

১৬/ বিগ বেং তত্ত্ব কি?

উত্তৰ:- বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি তত্ত্ব।

১৭/ পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব কিমান?

উত্তৰ:- পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব ৩ লাখ ৮৫ হাজাৰ কিলোমিটাৰ।

১৮/ সৌৰজগতৰ নীল গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায়?

উত্তৰ:- পৃথিৱীক সৌৰজগতৰ নীল গ্ৰহ বুলি জনা যায়।

১৯/ কোনটো গ্ৰহক "Red Planet" বুলি জনা যায়?

উত্তৰ:- মঙ্গল গ্ৰহক "Red Planet" বুলি জনা যায়।

২০/ মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথম মহাকাশচাৰীজনৰ নাম কি আছিল?

উত্তৰ:- ৰাকেশ শৰ্মা। (ৰাকেশ শৰ্মাই Soyuz T-11 মহাকাশযানত ২ এপ্ৰিল, ১৯৮৪ চনত মহাকাশলৈ যাত্ৰা কৰিছিল।)

২১/ মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথম মহিলাগৰাকীৰ নাম কি আছিল?

উত্তৰ:- কল্পনা চাওলা (Kalpana Chawla) ।

২২/ গ্ৰহ কেইটা আৰু কি কি?

উত্তৰ:- গ্ৰহ ৮ টা। সেইকেইটা হ'ল - ১/ বুধ, ২/ শুক্ৰ, ৩/ পৃথিৱী, ৪/ মঙ্গল, ৫/ বৃহস্পতি, ৬/ শনি, ৭/ ইউৰেনাছ, ৮/ নেপচুন।

২৩/ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

উত্তৰ:- সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম - বৃহস্পতি।

২৪/ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি?

উত্তৰ:- সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম - বুধ।

২৫/ পৃথিৱীৰ মহাদেশ কেইখন আৰু কি কি?

উত্তৰ:- পৃথিৱীৰ মহাদেশ ৭ খন। সেইকেইখন হ'ল - ১/ এছিয়া, ২/ আফ্ৰিকা, ৩/ ইউৰোপ, ৪/ উত্তৰ আমেৰিকা, ৫/ দক্ষিণ আমেৰিকা, ৬/ ওছেনিয়া, ৭/ এণ্টাৰ্কটিকা।

২৬/ পৃথিৱীৰ মহাসাগৰ কেইখন আৰু কি কি?

উত্তৰ:- পৃথিৱীৰ মহাসাগৰ ৫ খন। সেইকেইখন হ'ল - ১/ প্ৰশান্ত মহাসাগৰ, ২/ আটলান্টিক মহাসাগৰ, ৩/ ভাৰত মহাসাগৰ, ৪/ উত্তৰ মহাসাগৰৰ, ৫/ দক্ষিণ মহাসাগৰ।

২৭/ বিশ্বৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি?

উত্তৰ:- এছিয়া মহাদেশ।

২৮/ বিশ্বৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি?

উত্তৰ:- ওছেনিয়া মহাদেশ।

২৯/ মোবাইল ফোন পোন প্ৰথমে কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- ৩ এপ্ৰিল, ১৯৭৩ চনত আমেৰিকাৰ ইঞ্জিনীয়াৰ (অভিযন্তা) মাৰ্টিন কপাৰ (Martin Cooper) য়ে উদ্ভাৱন কৰিছিল।

৩০/ টিভি পোন প্ৰথমে কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- Philo Taylor Farnsworth (ফিল টেইলৰ ফ্ৰাঞ্চৱৰ্থ) য়ে টিভি পোন প্ৰথমে উদ্ভাৱন কৰিছিল।

৩১/ মটৰ গাড়ী পোন প্ৰথমে কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- Karl Benz (কাৰ্ল বেঞ্জ) য়ে ১৮৮৬ চনত মটৰ গাড়ী উদ্ভাৱন কৰিছিল।

৩২/ মটৰ চাইকেল পোন প্ৰথমে কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- গটলিব দাইমলাৰ (Gottlieb Daimler) য়ে ১৮৮৫ চনত পোন প্ৰথমে মটৰ চাইকেল উদ্ভাৱন কৰিছিল।

৩৩/ কম্পিউটাৰ পোন প্ৰথমে কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- চাৰ্লছ বেবেজ (Charles Babbage) য়ে ১৮২০ ৰ পৰা ১৮৩০ চনৰ ভিতৰত কম্পিউটাৰ পোন প্ৰথমে উদ্ভাৱন কৰিছিল।

৩৪/ বিখ্যাত কম্পিউটাৰ নিৰ্মাতা প্ৰতিষ্ঠান মাইক্ৰচফ্ট (Microsoft) কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ:- Bill Gates (বিল গেটছ) আৰু Paul Allen (পাউল এলেন) য়ে ৪ এপ্ৰিল, ১৯৭৫ চনত বিখ্যাত কম্পিউটাৰ নিৰ্মাতা প্ৰতিষ্ঠান মাইক্ৰচফ্ট (Microsoft) প্ৰতিষ্ঠা কৰিছিল।

৩৫/ বিখ্যাত ইলেকট্ৰনিক সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠান এপল (Apple Inc.) কেতিয়া আৰু কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ:- ১ এপ্ৰিল, ১৯৭৬ চনত, Steve Jobs, Steve Wozniak আৰু Ronald Wayne য়ে বিখ্যাত ইলেকট্ৰনিক সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠান এপল (Apple Inc.) প্ৰতিষ্ঠা কৰিছিল।

৩৬/ ইংলেণ্ডৰ ৰাণী এলিজাবেথয়ে কোনজন ব্যক্তিক 128th Commonwealth points of light award ৰে সন্মানিত কৰিছিল?

উত্তৰ:- অসম গৌৰৱ "The Forest Man of India" খ্যাত যাদব পায়েং দেৱক ১১ মাৰ্চ, ২০২০ চনত 128th Commonwealth points of light award ৰে সন্মানিত কৰিছিল।

৩৭/ ভাৰতৰ প্ৰথমটো ২৪ ঘন্টীয়া সংবাদ চেনেলৰ নাম কি আছিল?

উত্তৰ:- ষ্টাৰ নিউজ (Star News)

৩৮/ ভাৰতৰ প্ৰথম তথ্যচিত্ৰ মহোৎসৱ ক'ত অনুষ্ঠিত হৈছিল?

উত্তৰ:- মুম্বাইত অনুষ্ঠিত হৈছিল।

৩৯/ ভাৰতবৰ্ষত বাতৰি কাকতৰ প্ৰকাশ আৰম্ভ কেতিয়া হৈছিল?

উত্তৰ:- ১৭৮০ চনত। (Hicky's Bengal Gazette)

৪০/ ভাৰতবৰ্ষত প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিল?

উত্তৰ:- The Bengal Gazette (Hocky's Bengal Gazette)

৪১/ বিশ্ব ক্ৰিকেটৰ ইতিহাসত সৰ্বপ্ৰথম ৩০ হাজাৰৰো অধিক ৰান কৰা ভাৰতীয় খেলুৱৈজনৰ নাম কি আছিল?

উত্তৰ:- শচীন টেণ্ডুলকাৰ।

৪২/ পণ্ডিত ৰবি শংকৰে ৰচনা কৰা কিতাপখনৰ নাম কি?

উত্তৰ:- "My Music My Life"

৪৩/ সৈন্য বাহিনীৰ বাবে সুকীয়াকৈ ডাক ব্যৱস্থাৰ প্ৰৱৰ্তন কেতিয়া হৈছিল?

উত্তৰ:- ১৯৫৬ চনত।

৪৪/ ভাৰতৰ প্ৰথমটো মহিলাৰ দ্বাৰা পৰিচালিত পেট্ৰল পাম্প কেতিয়া মুকলি কৰা হৈছিল?

উত্তৰ:- ১৯৯৩ চনৰ ১৩ ছেপ্টেম্বৰত।

৪৫/ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি আছিল?

উত্তৰ:- আশাপূৰ্ণা দেৱী।

৪৬/ নানা বিষয় সামৰিলৈ প্ৰকাশ কৰা বিশ্বৰ প্ৰথম আলোচনীখনৰ নাম কি?

উত্তৰ:- "মাৰকুৰে গেলান্ট" ।

৪৭/ প্ৰথম অসমীয়া ঘোষিকা গৰাকীৰ নাম কি আছিল?

উত্তৰ:- শ্ৰীযুক্তা পল্লৱী ঠাকুৰীয়া।

৪৮/ অসমত কোনে প্ৰথম পঞ্চায়ত গঠন কৰিছিল?

উত্তৰ:- ডেভিড স্কটে।

৪৯/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথমখন অসমীয়া চলচিত্ৰ "জয়মতী" ক'ত মুক্তি লাভ কৰিছিল?

উত্তৰ:- ভোলাগুৰি চাহবাগিচাৰ 'চিত্ৰবন' ষ্টুডিঅ'ত।

৫০/ গুৱাহাটী মহানগৰৰ কোন ঠাইত এশিঙীয়া গঁড় পোৱা যায়?

উত্তৰ:- অসম ৰাজ্যিক চিৰিয়াখানাত। (Assam State Zoo Cum Botanical Garden)

৫১/ কিমান চনত ভাৰত চৰকাৰে বৰনদীক "বন্যপ্ৰাণী অভয়াৰণ্য" নামেৰে স্বীকৃতি প্ৰদান কৰিছিল?

উত্তৰ:- ১৯৮০ চনত।

৫২/ জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথমখন উপন্যাসৰ নাম কি?

উত্তৰ:- মিৰি জীয়ৰী।(লেখক আছিল:- ৰজনীকান্ত বৰদলৈ)

৫৩/ সাহিত্যিক হোমেন বৰগোহাঞিৰ কাব্য গ্ৰন্থখনৰ নাম কি আছিল?

উত্তৰ:- হৈমন্তী।

৫৪/ অসমত পোৱা বন মানুহ বিধক কি নামেৰে জনা যায়?

উত্তৰ:- হুলক গিবন বা হলৌ বান্দৰ।

৫৫/ ২০০২ চনৰ কমলকুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকীৰ নাম কি ?

উত্তৰ:- ড॰ ভবেন্দ্ৰনাথ শইকীয়া।

৫৬/ ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য অকাডেমি বঁটা লাভ কৰা পুথিখনৰ নাম কি আছিল?

উত্তৰ:- শৃংখল। (১৯৭৬)

৫৭/ হিন্দু ধর্ম গ্ৰহণ কৰা প্ৰথম আহোম স্বৰ্গদেউজনৰ নাম কি আছিল?

উত্তৰ:- চুডাংফা।

৫৮/ প্ৰথম অসমৰ ক্ৰীড়া আলোচনীখনৰ নাম কি আছিল?

উত্তৰ:- অভিৰুচি।

৫৯/ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি আছিল?

উত্তৰ:- ফখৰুদ্দিন আলি আহমেদ।

৬০/ প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি আছিল?

উত্তৰ:- ল'ৰা বন্ধু।

৬১/ এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি আছিল?

উত্তৰ:- অৰ্জুন ভোগেশ্বৰ বৰুৱা।

৬২/ প্ৰথম অসমীয়া কৃষি আলোচনীখনৰ নাম কি আছিল?

উত্তৰ:- আসাম কৃষক।

৬৩/ প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি আছিল?

উত্তৰ:- ঘৰ জেউতি।

৬৪/ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি আছিল?

উত্তৰ:- ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 

৬৫/ অসমৰ বাহিৰৰ পৰা প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি আছিল?

উত্তৰ:- জোনাকী।

৬৬/ নেলচন মেণ্ডেলাৰ আত্মজীৱনী খনৰ নাম কি আছিল?

উত্তৰ:- Long Walk to Freedom.
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব