জানিবলগীয়া কিছু কথা

  



১/ আমাজনীয়া -১ (Amazonia - 1) উপগ্ৰহ আৰু ১৮ টা সহ-যাত্ৰী উপগ্ৰহ (18 co-passenger) ক'ত আৰু কেতিয়া উৎক্ষেপণ কৰা হৈছিল?

উত্তৰ:- আমাজনীয়া -১ উপগ্ৰহ আৰু ১৮ টা সহ-যাত্ৰী উপগ্ৰহ ২৮ ফেব্ৰুৱাৰী, ২০২১ চনত PSLV-C51 ৰ জৰিয়তে Indian Space Research Organization (ISRO) য়ে Satish Dhawan Space Centre (SDSC) Sriharikota Range (SHAR) ৰ পৰা উৎক্ষেপণ কৰে।

২/ আমাজনীয়া -১ (Amazonia - 1) উপগ্ৰহটো কোন দেশৰ?

উত্তৰ:- আমাজনীয়া - ১ উপগ্ৰহটো ব্ৰাজিলৰ আৰু এইটো ভাৰতৰ পৰা উৎক্ষেপণ হোৱা প্ৰথম ব্ৰাজিলৰ উপগ্ৰহ।

৩/ আমাজনীয়া - ১ (Amazonia - 1) উপগ্ৰহটোৰ ওজন কিমান?

উত্তৰ:- ৬৩৭ কেজি।

৪/ আমাজনীয়া - ১ (Amazonia - 1) উপগ্ৰহটোৰ কামসমূহ কি কি?

উত্তৰ:- ISRO অৰ্থাৎ Indian Space Research Organization ৰ মতে, আমাজনীয়া - ১ (Amazonia - 1) উপগ্ৰহটোৱে আমাজন অঞ্চলত বন ধ্বংস নিৰীক্ষণ আৰু ব্ৰাজিলৰ অঞ্চলসমূহত বিবিধ কৃষিৰ বিশ্লেষণৰ বাবে ব্যৱহাৰকাৰীসকলক ৰিমট চেনছিং তথ্য প্ৰদান কৰি বিদ্যমান গাথঁনিটো অধিক শক্তিশালী কৰিব।

৫/ প্ৰথম উপগ্ৰহ উৎক্ষেপণ কৰা দেশখনৰ নাম কি আছিল?

উত্তৰ:- Soviet Union, ৰাছিয়া (৪ অক্টোবৰ, ১৯৫৭ চন) ।

৬/ ৰাছিয়াই উৎক্ষেপণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম কি আছিল?

উত্তৰ:- Sputnik - 1 (স্পুটনিক - ১) ।

৭/ মহাকাশত ভ্ৰমণ কৰা পৃথিৱীৰ প্ৰথম প্ৰাণীটো কি আছিল?

উত্তৰ:- লাইকা নামৰ এটা কুকুৰ আছিল। (Sputnik - 2) স্পুটনিক - ২ নামৰ যানখনত ৩ নৱেম্বৰ, ১৯৫৭ চনত Soviet Union, ৰাছিয়াই উৎক্ষেপণ কৰিছিল।

৮/ ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল?

উত্তৰ:- আৰ্যভট্ট।

৯/ আৰ্যভট্ট কৃত্ৰিম উপগ্ৰহ কিমান চনত আৰু কোন ঠাইৰ পৰা উৎক্ষেপণ কৰা হৈছিল?

উত্তৰ:- ১৯ এপ্ৰিল, ১৯৭৫ চনত, Kapustin Yar, ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা হৈছিল।

১০/ চন্দ্ৰ পৃষ্ঠত খোজ পেলোৱা প্ৰথম মহাকাশচাৰীজনৰ নাম কি আছিল?

উত্তৰ:- নীল আমষ্ট্ৰং (Neil Armstrong) ২০ জুলাই, ১৯৬৯ চন।

১১/ মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিজনৰ নাম কি আছিল?

উত্তৰ:- য়ুৰি এলেক্সিয়েভিচ গেগেৰিন। (য়ুৰি এলেক্সিয়েভিচ গেগেৰিনে Vostok 1 মহাকাশযানত ১২ এপ্ৰিল, ১৯৬১ চনত পৃথিৱীৰ চাৰিওফালে এটা কক্ষপথত পৰিভ্ৰমণ সম্পূৰ্ণ কৰে।)

১২/ মহাকাশলৈ যোৱা প্ৰথম মহিলাগৰাকীৰ নাম কি আছিল?

উত্তৰ:- ভেলেন্টিনা টেৰেস্ক'ভা (Valentina Tereshkova) । ১৬ জুন, ১৯৬৩ চনত Vostok 6 নামৰ যানখনত মহাকাশলৈ গৈছিল।

১৩/ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছা (NASA) ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰ:- National Aeronautics and Space Administration.

১৪/ ISRO ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰ:- Indian Space Research Organization. (ভাৰত মহাকাশ গৱেষণা সংস্থা) ।

১৫/ ভাৰত মহাকাশ গৱেষণা সংস্থা (ISRO) কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ:- ১৫ আগষ্ট, ১৯৬৯ চনত।

১৬/ বিগ বেং তত্ত্ব কি?

উত্তৰ:- বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি তত্ত্ব।

১৭/ পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব কিমান?

উত্তৰ:- পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব ৩ লাখ ৮৫ হাজাৰ কিলোমিটাৰ।

১৮/ সৌৰজগতৰ নীল গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায়?

উত্তৰ:- পৃথিৱীক সৌৰজগতৰ নীল গ্ৰহ বুলি জনা যায়।

১৯/ কোনটো গ্ৰহক "Red Planet" বুলি জনা যায়?

উত্তৰ:- মঙ্গল গ্ৰহক "Red Planet" বুলি জনা যায়।

২০/ মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথম মহাকাশচাৰীজনৰ নাম কি আছিল?

উত্তৰ:- ৰাকেশ শৰ্মা। (ৰাকেশ শৰ্মাই Soyuz T-11 মহাকাশযানত ২ এপ্ৰিল, ১৯৮৪ চনত মহাকাশলৈ যাত্ৰা কৰিছিল।)

২১/ মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথম মহিলাগৰাকীৰ নাম কি আছিল?

উত্তৰ:- কল্পনা চাওলা (Kalpana Chawla) ।

২২/ গ্ৰহ কেইটা আৰু কি কি?

উত্তৰ:- গ্ৰহ ৮ টা। সেইকেইটা হ'ল - ১/ বুধ, ২/ শুক্ৰ, ৩/ পৃথিৱী, ৪/ মঙ্গল, ৫/ বৃহস্পতি, ৬/ শনি, ৭/ ইউৰেনাছ, ৮/ নেপচুন।

২৩/ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

উত্তৰ:- সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম - বৃহস্পতি।

২৪/ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি?

উত্তৰ:- সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম - বুধ।

২৫/ পৃথিৱীৰ মহাদেশ কেইখন আৰু কি কি?

উত্তৰ:- পৃথিৱীৰ মহাদেশ ৭ খন। সেইকেইখন হ'ল - ১/ এছিয়া, ২/ আফ্ৰিকা, ৩/ ইউৰোপ, ৪/ উত্তৰ আমেৰিকা, ৫/ দক্ষিণ আমেৰিকা, ৬/ ওছেনিয়া, ৭/ এণ্টাৰ্কটিকা।

২৬/ পৃথিৱীৰ মহাসাগৰ কেইখন আৰু কি কি?

উত্তৰ:- পৃথিৱীৰ মহাসাগৰ ৫ খন। সেইকেইখন হ'ল - ১/ প্ৰশান্ত মহাসাগৰ, ২/ আটলান্টিক মহাসাগৰ, ৩/ ভাৰত মহাসাগৰ, ৪/ উত্তৰ মহাসাগৰৰ, ৫/ দক্ষিণ মহাসাগৰ।

২৭/ বিশ্বৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি?

উত্তৰ:- এছিয়া মহাদেশ।

২৮/ বিশ্বৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি?

উত্তৰ:- ওছেনিয়া মহাদেশ।

২৯/ মোবাইল ফোন পোন প্ৰথমে কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- ৩ এপ্ৰিল, ১৯৭৩ চনত আমেৰিকাৰ ইঞ্জিনীয়াৰ (অভিযন্তা) মাৰ্টিন কপাৰ (Martin Cooper) য়ে উদ্ভাৱন কৰিছিল।

৩০/ টিভি পোন প্ৰথমে কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- Philo Taylor Farnsworth (ফিল টেইলৰ ফ্ৰাঞ্চৱৰ্থ) য়ে টিভি পোন প্ৰথমে উদ্ভাৱন কৰিছিল।

৩১/ মটৰ গাড়ী পোন প্ৰথমে কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- Karl Benz (কাৰ্ল বেঞ্জ) য়ে ১৮৮৬ চনত মটৰ গাড়ী উদ্ভাৱন কৰিছিল।

৩২/ মটৰ চাইকেল পোন প্ৰথমে কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- গটলিব দাইমলাৰ (Gottlieb Daimler) য়ে ১৮৮৫ চনত পোন প্ৰথমে মটৰ চাইকেল উদ্ভাৱন কৰিছিল।

৩৩/ কম্পিউটাৰ পোন প্ৰথমে কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- চাৰ্লছ বেবেজ (Charles Babbage) য়ে ১৮২০ ৰ পৰা ১৮৩০ চনৰ ভিতৰত কম্পিউটাৰ পোন প্ৰথমে উদ্ভাৱন কৰিছিল।

৩৪/ বিখ্যাত কম্পিউটাৰ নিৰ্মাতা প্ৰতিষ্ঠান মাইক্ৰচফ্ট (Microsoft) কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ:- Bill Gates (বিল গেটছ) আৰু Paul Allen (পাউল এলেন) য়ে ৪ এপ্ৰিল, ১৯৭৫ চনত বিখ্যাত কম্পিউটাৰ নিৰ্মাতা প্ৰতিষ্ঠান মাইক্ৰচফ্ট (Microsoft) প্ৰতিষ্ঠা কৰিছিল।

৩৫/ বিখ্যাত ইলেকট্ৰনিক সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠান এপল (Apple Inc.) কেতিয়া আৰু কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ:- ১ এপ্ৰিল, ১৯৭৬ চনত, Steve Jobs, Steve Wozniak আৰু Ronald Wayne য়ে বিখ্যাত ইলেকট্ৰনিক সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠান এপল (Apple Inc.) প্ৰতিষ্ঠা কৰিছিল।

৩৬/ ইংলেণ্ডৰ ৰাণী এলিজাবেথয়ে কোনজন ব্যক্তিক 128th Commonwealth points of light award ৰে সন্মানিত কৰিছিল?

উত্তৰ:- অসম গৌৰৱ "The Forest Man of India" খ্যাত যাদব পায়েং দেৱক ১১ মাৰ্চ, ২০২০ চনত 128th Commonwealth points of light award ৰে সন্মানিত কৰিছিল।

৩৭/ ভাৰতৰ প্ৰথমটো ২৪ ঘন্টীয়া সংবাদ চেনেলৰ নাম কি আছিল?

উত্তৰ:- ষ্টাৰ নিউজ (Star News)

৩৮/ ভাৰতৰ প্ৰথম তথ্যচিত্ৰ মহোৎসৱ ক'ত অনুষ্ঠিত হৈছিল?

উত্তৰ:- মুম্বাইত অনুষ্ঠিত হৈছিল।

৩৯/ ভাৰতবৰ্ষত বাতৰি কাকতৰ প্ৰকাশ আৰম্ভ কেতিয়া হৈছিল?

উত্তৰ:- ১৭৮০ চনত। (Hicky's Bengal Gazette)

৪০/ ভাৰতবৰ্ষত প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিল?

উত্তৰ:- The Bengal Gazette (Hocky's Bengal Gazette)

৪১/ বিশ্ব ক্ৰিকেটৰ ইতিহাসত সৰ্বপ্ৰথম ৩০ হাজাৰৰো অধিক ৰান কৰা ভাৰতীয় খেলুৱৈজনৰ নাম কি আছিল?

উত্তৰ:- শচীন টেণ্ডুলকাৰ।

৪২/ পণ্ডিত ৰবি শংকৰে ৰচনা কৰা কিতাপখনৰ নাম কি?

উত্তৰ:- "My Music My Life"

৪৩/ সৈন্য বাহিনীৰ বাবে সুকীয়াকৈ ডাক ব্যৱস্থাৰ প্ৰৱৰ্তন কেতিয়া হৈছিল?

উত্তৰ:- ১৯৫৬ চনত।

৪৪/ ভাৰতৰ প্ৰথমটো মহিলাৰ দ্বাৰা পৰিচালিত পেট্ৰল পাম্প কেতিয়া মুকলি কৰা হৈছিল?

উত্তৰ:- ১৯৯৩ চনৰ ১৩ ছেপ্টেম্বৰত।

৪৫/ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি আছিল?

উত্তৰ:- আশাপূৰ্ণা দেৱী।

৪৬/ নানা বিষয় সামৰিলৈ প্ৰকাশ কৰা বিশ্বৰ প্ৰথম আলোচনীখনৰ নাম কি?

উত্তৰ:- "মাৰকুৰে গেলান্ট" ।

৪৭/ প্ৰথম অসমীয়া ঘোষিকা গৰাকীৰ নাম কি আছিল?

উত্তৰ:- শ্ৰীযুক্তা পল্লৱী ঠাকুৰীয়া।

৪৮/ অসমত কোনে প্ৰথম পঞ্চায়ত গঠন কৰিছিল?

উত্তৰ:- ডেভিড স্কটে।

৪৯/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথমখন অসমীয়া চলচিত্ৰ "জয়মতী" ক'ত মুক্তি লাভ কৰিছিল?

উত্তৰ:- ভোলাগুৰি চাহবাগিচাৰ 'চিত্ৰবন' ষ্টুডিঅ'ত।

৫০/ গুৱাহাটী মহানগৰৰ কোন ঠাইত এশিঙীয়া গঁড় পোৱা যায়?

উত্তৰ:- অসম ৰাজ্যিক চিৰিয়াখানাত। (Assam State Zoo Cum Botanical Garden)

৫১/ কিমান চনত ভাৰত চৰকাৰে বৰনদীক "বন্যপ্ৰাণী অভয়াৰণ্য" নামেৰে স্বীকৃতি প্ৰদান কৰিছিল?

উত্তৰ:- ১৯৮০ চনত।

৫২/ জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথমখন উপন্যাসৰ নাম কি?

উত্তৰ:- মিৰি জীয়ৰী।(লেখক আছিল:- ৰজনীকান্ত বৰদলৈ)

৫৩/ সাহিত্যিক হোমেন বৰগোহাঞিৰ কাব্য গ্ৰন্থখনৰ নাম কি আছিল?

উত্তৰ:- হৈমন্তী।

৫৪/ অসমত পোৱা বন মানুহ বিধক কি নামেৰে জনা যায়?

উত্তৰ:- হুলক গিবন বা হলৌ বান্দৰ।

৫৫/ ২০০২ চনৰ কমলকুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকীৰ নাম কি ?

উত্তৰ:- ড॰ ভবেন্দ্ৰনাথ শইকীয়া।

৫৬/ ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য অকাডেমি বঁটা লাভ কৰা পুথিখনৰ নাম কি আছিল?

উত্তৰ:- শৃংখল। (১৯৭৬)

৫৭/ হিন্দু ধর্ম গ্ৰহণ কৰা প্ৰথম আহোম স্বৰ্গদেউজনৰ নাম কি আছিল?

উত্তৰ:- চুডাংফা।

৫৮/ প্ৰথম অসমৰ ক্ৰীড়া আলোচনীখনৰ নাম কি আছিল?

উত্তৰ:- অভিৰুচি।

৫৯/ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি আছিল?

উত্তৰ:- ফখৰুদ্দিন আলি আহমেদ।

৬০/ প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি আছিল?

উত্তৰ:- ল'ৰা বন্ধু।

৬১/ এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি আছিল?

উত্তৰ:- অৰ্জুন ভোগেশ্বৰ বৰুৱা।

৬২/ প্ৰথম অসমীয়া কৃষি আলোচনীখনৰ নাম কি আছিল?

উত্তৰ:- আসাম কৃষক।

৬৩/ প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি আছিল?

উত্তৰ:- ঘৰ জেউতি।

৬৪/ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি আছিল?

উত্তৰ:- ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 

৬৫/ অসমৰ বাহিৰৰ পৰা প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি আছিল?

উত্তৰ:- জোনাকী।

৬৬/ নেলচন মেণ্ডেলাৰ আত্মজীৱনী খনৰ নাম কি আছিল?

উত্তৰ:- Long Walk to Freedom.

Post a Comment

Previous Post Next Post