আন্তৰ্জাতিক নাৰী দিৱস International Women's Day

 

আন্তৰ্জাতিক নাৰী দিৱস:- 


 আন্তৰ্জাতিক নাৰী দিৱস সমগ্র বিশ্বতে ৮ মাৰ্চৰ দিনটোত পালন কৰা হয়। আন্তৰ্জাতিক নাৰী দিৱস মহিলাসকলৰ অধিকাৰৰ আন্দোলনক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল। মহিলাসকলৰ প্ৰতি শ্ৰদ্ধা, সন্মান, ন্যায়, সমতাৰ সাপেক্ষে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।

আন্তৰ্জাতিক নাৰী দিৱসৰ আঁৰৰ কথা:- 


    মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ এটি সূতা কাৰখানাত ১৮৫৭ চনত মহিলা শ্ৰমিকসকলে কাম কৰা সময় নিৰ্দিষ্ট কৰিবলৈ, কাম কৰিবলৈ উপযুক্ত পৰিৱেশৰ দাবী, কৰ্ম মজুৰিৰ সমতা আদি বিষয়সমূহক লৈ আন্দোলন কৰিছিল। ১৮৫৭ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাত মহিলা শ্ৰমিকসকলে কৰা আন্দোলন চৰকাৰে দমনমূলক নীতি প্ৰয়োগ কৰিছিল।

   সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন ১৯০৮ চনত জাৰ্মান সমাজতান্ত্ৰীক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত অনুষ্ঠিত কৰা হৈছিল।

   দ্বিতীয় আন্তৰ্জাতিক নাৰী সন্মিলন ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত অনুষ্ঠিত কৰা হৈছিল। সেই সন্মিলনত ১৭ খন দেশৰ পৰা প্ৰতিনিধি হিচাপে ১০০ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছিল। এই দ্বিতীয় আন্তৰ্জাতিক নাৰী সন্মিলনতে জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ সদস্য, জাৰ্মান ৰাজনীতিবিদ ক্লাৰা জেটকিনে প্ৰতি বছৰে ৮ মাৰ্চৰ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। 

   ১৯১০ চনত জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ সদস্য, জাৰ্মান ৰাজনীতিবিদ ক্লাৰা জেটকিনে আগবঢ়োৱা প্ৰস্তাৱৰ পিছত ১৯১১ চনৰ ১৯ মাৰ্চৰ পৰা নাৰী সকলৰ সমঅধিকাৰৰ দিৱস পালন কৰা হৈছিল। বহুকেইখন দেশত ১৯১৪ চনৰ ৮ মাৰ্চত নাৰী সকলৰ সমঅধিকাৰৰ দিৱস পালন কৰা হৈছিল। নাৰী সকলৰ সম অধিকাৰৰ দিৱস ১৯৭৫ চনৰ ৮ মাৰ্চত আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়।

   আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ লক্ষ্য সমূহ ঠাই বিশেষে নাৰী সকলৰ সমস্যা যেনে - ৰাজনৈতিক ভাৱে দুৰ্বল, আৰ্থিক ভাৱে দুৰ্বল, শ্ৰদ্ধা আৰু সন্মানৰ পৰা বঞ্চিত, নাৰী সকলৰ নিম্ন মজুৰি প্ৰদান আদিৰ পৰা নাৰীসকলক উদ্ধাৰ কৰি সমাজত সমতা প্ৰদান, সন্মান, ন্যায় আদিৰ সজাগতাৰ সাপেক্ষে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।

   আন্তৰ্জাতিক নাৰী দিৱসত ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ভিন-ভিন লক্ষ্য আগত ৰাখি উদযাপন কৰি অহা হৈছে।

আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰতি বছৰৰ ভিন-ভিন লক্ষ্যসমূহ হ'ল:-


১৯৯৬ চনত - "Celebrating the Past, Planning for the Future"

১৯৯৭ চনত - "Women and the Peace Table"

১৯৯৮ চনত - "Women and Human Rights"

১৯৯৯ চনত - "World Free of Violence Against Woman"

২০০০ চনত - "Women Uniting for Peace"

২০০১ চনত - "Women and Peace: Women Managing Conflicts"

২০০২ চনত - "Afghan Women Today: Realities and Opportunities"

২০০৩ চনত - "Gender Equality and the Millennium Development Goals"

২০০৪ চনত - "Women and HIV/AIDS"

২০০৫ চনত - "Gender Equality Beyond 2005; Building a More Secure Future"

২০০৬ চনত - "Women in Decision - making"

২০০৭ চনত - "Ending Impunity for Violence Against Women and Girls"

২০০৮ চনত - "Investing in Women and Girls"

২০০৯ চনত - "Women and Men United to End Violence Against Women and Girls"

২০১০ চনত - "Equal Rights, Equal Opportunities: Progress for All"

২০১১ চনত - "Equal Access to Education, Training, and Science and Technology: Pathway to Decent Work for Women."

২০১২ চনত - "Empower Rural Women, End Poverty and Hunger"

২০১৩ চনত - "A Promise is a Promise: Time for Action to End Violence Against Women"

২০১৪ চনত - "Equality for Women is Progress for All."

২০১৫ চনত - "Empowering Women, Empowering Humanity: Picture it!"

২০১৬ চনত - "Planet 50-50 by 2030: Step it up for Gender Equality"

২০১৭ চনত - "Women in the Changing World of Work: Plant 50-50 by 2030"

২০১৮ চনত - "Time is Now: Rural and Urban activists transforming women's lives."

২০১৯ চনত - "Think Equal, Build Smart, Innovate for Change"

২০২০ চনত - "I am Generation Equality: Realizing Women's Rights"

২০২১ চনত - "Women in leadership: Achieving an equal future in a COVID-19 World."

২০২২ চনত - "Gender equality today for a sustainable tomorrow"

২০২৩ চনত - "DigitALL: Innovation and technology for gender equality".

Post a Comment

Previous Post Next Post