ক্লাউড ষ্টৰেজ কি আৰু ক্লাউড ষ্টৰেজৰ সুবিধা সমূহ Cloud Storage

ক্লাউড ষ্টৰেজ কি আৰু ক্লাউড ষ্টৰেজৰ সুবিধা সমূহ Cloud Storage


ক্লাউড ষ্টৰেজ Cloud Storage হৈছে তথ্য সংৰক্ষণ কৰি ৰখা এক প্ৰক্ৰিয়া, ইণ্টাৰনেটৰ যোগেদি ব্যৱহাৰকাৰীয়ে নিজা তথ্য সমূহ ক্লাউড ষ্টৰেজৰ কোম্পানীলৈ পঠাব পাৰে আৰু প্ৰয়োজন অনুসৰি তথ্য সমূহ চাব পাৰে, নিৰাপদে ৰাখিবলৈ সক্ষম হয়। প্ৰয়োজন হয় ইণ্টাৰনেট, এটা Device আৰু ক্লাউড ষ্টৰেজ Cloud Storage ব্ৰাউজ কৰিবলৈ ৱেব ব্ৰাউজাৰ বা ক্লাউড ষ্টৰেজ সমূহৰ নিজা ছফ্টৱেৰ। ক্লাউড ষ্টৰেজ ক্লাউড কম্পিউটিং মডেল ( Cloud Computing Model) ৰ অন্তৰ্গত। ক্লাউড ষ্টৰেজ কিছুপৰিমাণে বিনামূলীয়া আৰু টকা খৰচ কৰি ক্লাউড ষ্টৰেজ ব্যৱহাৰ কৰিব পাৰি। ক্লাউড ষ্টৰেজ ব্যৱহাৰ কৰিলে তাত সংৰক্ষণ কৰা তথ্য কেতিয়াও হেৰাই যোৱাৰ সম্ভাৱনা নাথাকে, তথ্য চুৰি হোৱা সম্ভাৱনা নাথাকে, ক্লাউড ষ্টৰেজৰ কোম্পানী সমূহে এই সমূহৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰয়োজন অনুসৰি যিকোনো সময়ত, যিকোনো ঠাইৰ পৰা তথ্য সমূহ ক্লাউড ষ্টৰেজ ব্যৱহাৰকাৰীয়ে নিৰীক্ষণ কৰিব পাৰিব, তথ্য সমূহ ডাউনলোড কৰিব পাৰিব। ক্লাউড ষ্টৰেজত তথ্য সংৰক্ষণ যেনে - ফটো, ভিডিঅ', Mp3, ডকুমেণ্ট, ছফ্টৱেৰ আদি।



তলত কেইটামান ক্লাউড ষ্টৰেজৰ Cloud Storage বিষয়ে উল্লেখ কৰা হল -

Box বক্স :- 

Box ত যিকোনো Content পৰিচালনা আৰু তথ্য ভাগ-বতৰা কৰা হয়। Box ক্লাউড ষ্টৰেজ ২০০৫ চনত প্ৰতিষ্ঠা কৰা হয়। Box ৰ মুখ্য কাৰ্যালয় ৰেডউড চহৰ, কেৰ্লিফনিয়াত অৱস্থিত। Box ক্লাউড ষ্টৰেজত বিনামূলীয়াকৈ ১০ জিবি ক্লাউড ষ্টৰেজ যোগান ধৰে। Box ক্লাউড ষ্টৰেজ আৰু File Hosting কৰিবলৈ www.box.com ত Visit কৰি Sign Up কৰি তথ্য সংৰক্ষণ কৰিব পাৰি। তাৰ আগতে Box ত ক্লাউড ষ্টৰেজৰ Plan নিৰ্বাচন কৰিব লাগিব। 


Plan সমূহ এনেধৰণৰ - 
Individual / বিনামূলীয়া ক্লাউড ষ্টৰেজ - ১০ জিবি

Personal Pro  - ₹৭৮৫ প্ৰতি মাহে / ক্লাউড ষ্টৰেজ - ১০০ জিবি

Business Plan / Starter - ₹৩৮৯.৫০ প্ৰতি মাহে/ ক্লাউড ষ্টৰেজ - ১০০ জিবি

Business - ₹১,১০২ প্ৰতি মাহে/ ক্লাউড ষ্টৰেজ - সীমাহীন

আৰু বাকী Enterprise Suites আৰু Platform Plans ৰ বাবে Box ৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
Box ৱেবচাইটৰ ঠিকনা - https://www.box.com/en-in/home

OneDrive ওৱান ড্ৰাইভ :- 


মাইক্ৰচফ্ট(Microsoft)ৰ OneDrive File Hosting আৰু Synchronization সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান। OneDrive ১০৭ টা ভাষাত উপলব্ধ। OneDrive ১ আগষ্ট, ২০০৭ চনত মুকলি কৰা হৈছিল। OneDrive ত কোনো প্ৰতিষ্ঠানৰ তথ্য সংৰক্ষণ আৰু ব্যক্তিগত তথ্য সংৰক্ষণৰ ব্যৱস্থা আছে। Android, iOS Device, Windows Phone আদিৰ File Sync কৰিব পৰা যায়। OneDrive য়ে ৫ জিবিলৈকে বিনামূলীয়া Storage Space ৰ ব্যৱস্থা কৰিছে।


OneDrive - ১০০ জিবিৰ বাবে ১২৩ টকা/ মাহেকীয়া

Microsoft 365 Personal - ১ টিবি/ ৪১৯৯.০০ টকা/ বছেৰেকীয়া

Microsoft 365 Family - ৬ টিবি/ ৫,২৯৯.০০ / বছেৰেকীয়া

OneDrive ৰ Business Plan চাওক লিংকত ক্লিক কৰি - https://www.microsoft.com/en-us/microsoft-365/onedrive/compare-onedrive-plans?activetab=tab:primaryr2

OneDrive ৰ ৱেবচাইটৰ ঠিকনা - https://www.microsoft.com/en-us/microsoft-365/onedrive/online-cloud-storage


Google Drive গুগল ড্ৰাইভ :- 

Google Drive গুগল ড্ৰাইভ File Storage আৰু Synchronization সেৱা প্ৰদান কৰে। গুগল ড্ৰাইভ ২৪ এপ্ৰিল, ২০১২ চনত মুকলি কৰা হৈছিল। গুগল ড্ৰাইভৰ ব্যৱহাৰকাৰীৰ সংখ্যা ২০১৮ চনৰ তথ্য অনুসৰি ১ বিলিয়নৰো অধিক। প্ৰতিটো গুগল মেইল বা চমুকৈ Gmail Account একাউন্টৰ উপভোক্তাই গুগল ড্ৰাইভৰ সেৱা গ্ৰহণ কৰিব পাৰে। (Google Drive) গুগল ড্ৰাইভে ১৫ জিবি বিনামূলীয়া Storage প্ৰদান কৰিছে। গুগল ড্ৰাইভত WhatsApp Chat ও Backup কৰি ৰাখিব পাৰি।

    গুগল ড্ৰাইভ Personal আৰু Business দুটা Plan ত উপলব্ধ।


Personal Plan - ১৫ জিবি বিনামূলীয়া ষ্টৰেজ

১০০ জিবি - ১৩০ টকা/ মাহেকীয়া / ১,৩০০ টকা বছেৰেকীয়া

২০০ জিবি - ২১০ টকা/ মাহেকীয়া/ ২,১০০ টকা বছেৰেকীয়া

২ টিবি - ৬৫০ টকা/ মাহেকীয়া / ৬,৫০০ টকা বছেৰেকীয়া

১০ টিবি - ৬৫০০ / মাহেকীয়া

২০ টিবি - ১৩,০০০/ মাহেকীয়া

৩০ টিবি - ১৯,৫০০/ মাহেকীয়া

গুগল ড্ৰাইভত Google Docs, Google Sheets, Google Slides, Google Forms, Google Drawings, Google My Maps, Google Sites, Google App Script, Google Data Studio, Google Jamboard আদি সেৱা উপলব্ধ।
Google Drive ৱেবচাইটৰ ঠিকনা - https://www.google.com/drive/

IDrive আই ড্ৰাইভ :-

 
IDrive Inc. হল ইণ্টাৰনেটৰ ক্লাউড ষ্টৰেজত তথ্য সংৰক্ষণ কৰি ৰখাৰ বাবে ব্যৱহাৰ কৰা এক মাধ্যম। IDrive ১৯৯৫ চনত মুকলি কৰা হৈছিল। IDrive Data Backup কৰা হয় - Windows, Mac, Linux, iOS আৰু Android ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ। IDrive ৰ মুখ্য কাৰ্যালয় কেৰ্লিফনিয়াত অৱস্থিত। IDrive ত ৫ জিবিলৈকে বিনামূলীয়া ক্লাউড ষ্টৰেজ যোগান ধৰে। 


Personal Plan ৰ বাবে $৫২.১২/ প্ৰথম বছৰৰ বাবে। 

Business Plan $৭৪.৬২/ প্ৰথম বছৰৰ বাবে

IDrive ৰ ৱেবচাইটৰ ঠিকনা - https://www.idrive.com/

Mega মেগা :- 


Mega এক  ক্লাউড ষ্টৰেজ (Cloud Storage) আৰু File Hosting প্ৰদান কৰে। Mega Web ত লগ ইন কৰিও Cloud Storage আৰু File Hosting ৰ সুবিধা গ্ৰহণ কৰিব পাৰি। Android, iOS আৰু Windows Phone ৰ বাবেও এপ্লিকেচন উপলব্ধ। Mega ক্লাউড ষ্টৰেজত ৫০ জিবি বিনামূলীয়া ষ্টৰেজ যোগান ধৰে। Mega মেগা ৫০ টা ভাষাত উপলব্ধ। ১৯ জানুৱাৰী, ২০১৩ চনত Mega ক্লাউড ষ্টৰেজ মুকলি কৰা হৈছিল। 


Personal Account Plan - ৪.৯৯€ / মাহেকীয়া

Business Account Plan - ১০.০০€ / মাহেকীয়া


Mega মেগা ৱেবচাইটৰ ঠিকনা - https://mega.nz/

JioCloud জিঅ' ক্লাউড :-

JioCloud জিঅ' ক্লাউড মুকলি কৰা হৈছিল ৪ মে' ২০১৬ চনত আৰু Jio Platforms Limited ৰ তৰফৰ পৰা মুকলি কৰা হৈছিল। JioCloud জিঅ' ক্লাউডত ফটো, ভিডিঅ', ডকুমেণ্ট, অদিঅ', বাৰ্তা সমূহ, যোগাযোগ নম্বৰ সমূহ আদি সংৰক্ষণ কৰি ৰাখিব পৰা ব্যৱস্থা উপলব্ধ। JioCloud জিঅ' ক্লাউডত স্বয়ংক্ৰিয়ভাৱে Device Content Backup আৰু Syncs হয়। JioCloud জিঅ' ক্লাউডত থকা তথ্য সমূহ মোবাইল, কম্পিউটাৰ, স্মাৰ্ট টিভি আদিত সংযোগ স্থাপন কৰি চাব পাৰিব। JioCloud জিঅ' ক্লাউডত ব্যৱহাৰকাৰীসকলক বৰ্তমান ৫ জিবি বিনামূলীয়া Storage প্ৰদান কৰিছে আৰু Refer & Earn কৰি JioCloud Storage ৫০ জিবিলৈকে বঢ়াব পাৰে। JioCloud জিঅ' ক্লাউড - Jio মোবাইল নম্বৰ ব্যৱহাৰকাৰীসকলেহে ব্যৱহাৰ কৰিব পাৰে। সুৰক্ষাৰ ফালৰ পৰা JioCloud জিঅ' ক্লাউড সুৰক্ষিত বুলিব পাৰি, কাৰণ JioCloud জিঅ' ক্লাউডত Log in হবলৈ OTP (ONE TIME PASSWORD) ৰ প্ৰয়োজন, গতিকে কোনো লোকে আপোনাৰ অজ্ঞাতে আপোনাৰ JioCloud জিঅ' ক্লাউড একাউন্টত প্ৰৱেশ কৰিব নোৱাৰে।

JioCloud জিঅ' ক্লাউডৰ ৱেবছাইটৰ ঠিকনা - https://www.jiocloud.com/

Post a Comment

Previous Post Next Post