গোলকীয় উষ্ণতা বৃদ্ধি: কাৰণ, সমস্যা আৰু সমাধানৰ পথ

 


আৰম্ভণি:- 

গোলকীয় উষ্ণতা বৃদ্ধি বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ সমস্যা হিচাপে থিয় দি উঠিছে। গোলকীয় উষ্ণতা বৃদ্ধি হৈছে কাৰ্বন ডাই অক্সাইড, ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন CFCs, মিথেন, নাইট্ৰাছ অক্সাইড, চালফাৰ অক্সাইড আৰু মানুহৰ দ্বাৰা সৃষ্টি হোৱা অন্যান্য প্ৰদূষণৰ ফলত  সেউজ গৃহ গেছৰ ঘনত্ব বৃদ্ধি হৈছে। সেউজ গৃহ গেছৰ ঘনত্ব বৃদ্ধিয়ে পৃথিৱীপৃষ্ঠত গোলকীয় উষ্ণতাৰ সৃষ্টি কৰিছে।

সেউজ গৃহ গেছ পৃথিৱীৰ বায়ুমণ্ডলত থকা বিভিন্ন গেছ মিলি সৃষ্টি হৈছে। সেউজ গৃহ গেছে কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প, মিথেন, নাইট্ৰাছ অক্সাইড আদি আবদ্ধ কৰি পৃথিৱীখন উষ্ণ কৰি ৰাখে যাতে জীৱকুলৰ বসতিৰ বাবে উপযোগী হয়, সেই সেউজ গৃহ গেছত ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন CFCs, হাইড্ৰ'ফ্ল'ৰ কাৰ্বন HFCs, চালফাৰ অক্সাইড আৰু ওপৰত উল্লেখিত কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প, মিথেন, নাইট্ৰাছ অক্সাইডৰ অস্বাভাৱিক বৃদ্ধি লগতে অন্যান্য গেছৰ উপাদানে সেউজ গৃহ গেছ (GHG - Greenhouse Gas) ৰ ঘনত্ব বৃদ্ধি কৰি প্ৰতি বছৰে গড়ে উষ্ণতা ১.১ ডিগ্ৰী চেলচিয়াছৰ পৰা ১.২ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে।


আমাৰ বায়ুমণ্ডলত থকা অ'জন এটা সেউজ গৃহ গেছ যিয়ে ষ্টেট'স্ফিয়াৰত সূৰ্যৰ ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি পৃথিৱীৰ জীৱকুল ৰক্ষা কৰে আৰু ট্ৰপ'স্ফিয়াৰত থকা অ'জন স্তৰে ক্ষতিকাৰক প্ৰদূষক গেছ আবদ্ধ কৰি গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগায়।


গোলকীয় উষ্ণতা বৃদ্ধি কাৰণ সমূহ যেনে - বনাঞ্চল ধ্বংস, অত্যাধিক জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ, কল-কাৰখানাৰ পৰা নিৰ্গত ধোঁৱা, আৱৰ্জনা নিষ্কাশন, জনসংখ্যা বৃদ্ধিৰ ফলত দ্ৰুত গতিত সৃষ্টি কৰা প্ৰদূষণ সমূহ, আগ্নেয়গিৰী উদগিৰণ ইত্যাদি।

তলত গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগোৱা কেইটামান কাৰণ উল্লেখ কৰা হৈছে।


গোলকীয় উষ্ণতা বৃদ্ধি কাৰণসমূহ :-

১/ বনাঞ্চল ধ্বংস:- বৰ্তমান সময়ত মানুহে বসতি স্থাপন কৰিবলৈ গছ-গছনি কটাৰ ফলত বনাঞ্চল ধ্বংসৰ দিশলৈ গতি কৰিছে। আমাৰ পৰিবেশৰ গছ-গছনিয়ে সালোক সংশ্লেষণ পদ্ধতিৰে বায়ুমণ্ডলৰ পৰা কার্বন ডাই অক্সাইড শোষণ কৰে। যেতিয়া পৰিবেশৰ গছ-গছনি হ্রাস পাবলৈ ধৰে তেতিয়া বায়ুমণ্ডলৰ পৰা কার্বন ডাই অক্সাইড শোষণ কৰা ক্ষমতা কমি যায় ফলত বায়ুমণ্ডলত কার্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধ হৈ উষ্ণতা বৃদ্ধি কৰে।

২/ উদ্যোগ আৰু কাৰখানা :- উদ্যোগ আৰু কাৰখানা সমূহত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থৰ লগতে বায়ুমণ্ডলত বৃহৎ পৰিমাণৰ কার্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু অন্যান্য ক্ষতিকাৰক গেছ এৰি দিয়ে।

৩/ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ :- জীৱাশ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰৰ ফলত বৃহৎ পৰিমাণৰ কার্বন ডাই অক্সাইড বায়ুমণ্ডলত এৰি দিয়ে। বায়ুমণ্ডলত অত্যাধিক কার্বন ডাই অক্সাইডৰ পৰিমাণৰ বৃদ্ধিয়ে উষ্ণতা বৃদ্ধি কৰে। জীৱাশ্ম ইন্ধন বুলিলে কয়লা, প্ৰাকৃতিক গেছ, পেট্ৰল, ডিজেল ইত্যাদি।

৪/ কৃষি আৰু পশুপালন :- কৃষি আৰু পশুপালনেও বায়ুমণ্ডলত গোলকীয় উষ্ণতা বৃদ্ধি কৰাত অৰিহণা যোগাইছে, যদিও এয়া সম্ভৱ যেন নালাগে তথাপিও বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি চোৱা হয় তেতিয়া বুজা যায় যে গৰু, ম'হৰ দৰে পশুধনৰ হজম প্ৰক্ৰিয়াৰ পৰা মিথেন গেছ নিৰ্গত হয়। খেতি পথাৰৰ পৰা বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত নাইট্ৰাছ অক্সাইড গেছ নিৰ্গত হয়। মিথেন গেছ বায়ুমণ্ডলৰ শক্তিশালী সেউজ গৃহ গেছ।

৫/ মানৱসৃষ্ট কিছুমান কাৰণ :- মানুহৰ দ্বাৰা অন্যান্য কিছুমান গেছ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন (CFCs), হাইড্ৰ'ফ্ল'ৰকাৰ্বন (HFCs) ইত্যাদি বিভিন্ন কামত ব্যৱহাৰ কৰে, ফলত বায়ুমণ্ডলত নেতিবাচক প্ৰভাৱ পৰে । হাইড্ৰ'ফ্ল'ৰকাৰ্বন (HFCs) বায়ুমণ্ডলত নিৰ্গত হোৱাৰ ফলত উষ্ণতা বৃদ্ধি কৰে। ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন (CFCs) য়ে বায়ুমণ্ডলৰ অজন স্তৰৰ ক্ষমতা হ্ৰাস কৰাটো ভূমিকা পালন কৰে। ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন (CFCs), হাইড্ৰ'ফ্ল'ৰকাৰ্বন (HFCs) ইত্যাদি ফ্ৰীজ, AC, স্পঞ্জ বা ফেনা জাতীয় পদাৰ্থ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে।


গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়, তাৰ ভিতৰত জলবায়ু পৰিৱৰ্তন, হিমবাহ গলাৰ ফলত সমুদ্ৰৰ জলস্তৰ বৃদ্ধি পাইছে, পৃথিৱীৰ তাপমাত্ৰা অত্যাধিক বৃদ্ধি, জীৱকুলৰ ক্ষতি হৈছে, বিভিন্ন ধৰণৰ প্ৰজাতিৰ জীৱজন্তু বিলুপ্তিৰ পথত, মানুহৰ নানান স্বাস্থ্যজনিত সমস্যা বৃদ্ধি।


তলত গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হোৱা কিছুমান সমস্যাৰ বিষয়ে উল্লেখ কৰা হৈছে।


গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হোৱা সমস্যাসমূহ :-

১/ জলবায়ু পৰিৱৰ্তন :- গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ ফলত জলবায়ু পৰিৱৰ্তনে দেখা দিয়ে। উষ্ণতা ৪০ ডিগ্ৰীৰ পৰ্যন্ত গতি কৰিছে, ক্ৰমাগত ভাবে পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি পায় আহিছে। জলবায়ু পৰিৱৰ্তনৰ ফলত এচিড বৰষুণৰ সৃষ্টি হৈছে আৰু কিছুমান ঠাই অত্যাধিক বৰষুণ আৰু কিছুমান ঠাইত খৰাং পৰিস্থিতিৰ উদ্ভৱ হৈছে।

২/ জৈৱ বৈচিত্ৰ্যৰ ক্ষতি :- গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত জীৱকুলৰ ক্ষেত্ৰলৈ বিপদ কঢ়িয়াই আনিছে। সাম্প্ৰতিক সময়ত গোলকীয় উষ্ণতাৰ বৃদ্ধিয়ে প্ৰাণীৰ জীৱন ধাৰণৰ বাবে বাধাৰ সৃষ্টি কৰিছে, বৰ্ধিত উষ্ণতাৰ সৈতে প্ৰাণীকুলে খাপ খুৱাব নোৱাৰাৰ ফলত বিলুপ্তিৰ আশংকা বৃদ্ধি পাইছে।

৩/ সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি :- গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হিমবাহ সমূহ গলিবলৈ আৰম্ভ কৰিছে। সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ ফলত উপকূলীয় অঞ্চললৈ বিপদ কঢ়িয়াই আনিছে।

৪/ কৃষি আৰু খাদ্য সংকট :- গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তনে কৃষিক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে। খৰাং বতৰৰ ফলত কৃষি উৎপাদনত বাধা আহি পৰিছে, অধিক তাপমাত্ৰা বৃদ্ধিৰ বাবে কিছুমান খাদ্য শস্যৰ বৃদ্ধিত বাধা আহি পৰিছে। খাদ্য শস্যৰ উৎপাদন হ্রাস হোৱাৰ লগতে বজাৰত খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিয়ে আৰু অস্বাভাৱিক মূল্যবৃদ্ধিৰ সমস্যাই গা কৰি উঠে।

৫/ মানুহৰ স্বাস্থ্যজনিত সমস্যা :- গোলকীয় উষ্ণতা বৃদ্ধি ফলত বায়ুমণ্ডলত প্ৰদূষণৰ মাত্ৰাও অধিক হৈ পৰে, ফলত মানুহৰ শ্বাস-প্ৰশ্বাস জনিত সমস্যা, এজমা, ব্ৰংকাইটিছ, হিট ষ্ট্ৰোক, Dehydration ইত্যাদি সমস্যাৰ সৃষ্টি হয়।


গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যা সমাধান কৰিবলৈ কিছুমান পদক্ষেপ :-

১/ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস :- গোলকীয় উষ্ণতা বৃদ্ধি সমস্যা সমাধান কৰিবলৈ জীৱাশ্ম ইন্ধন যেনে কয়লা, প্ৰাকৃতিক গেছ, পেট্ৰল, ডিজেল ইত্যাদি ব্যৱহাৰ হ্ৰাস কৰি সৌৰ শক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি ইত্যাদি ব্যৱহাৰ কৰিব লাগিব, বিদ্যুৎ শক্তিৰ অপচয় ৰোধ কৰিব লাগিব আৰু জীৱাশ্ম ইন্ধনৰ দ্বাৰা চালিত ব্যক্তিগত অত্যাধিক বাহনৰ পৰিবৰ্তে ৰাজহুৱা পৰিবহন সেৱা ব্যৱহাৰ কৰিলে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস হব পাৰে।

২/ বৃক্ষ ৰোপণ আৰু বনাঞ্চল সংৰক্ষণ :- বৃক্ষ ৰোপন আৰু বনাঞ্চল সংৰক্ষণৰ ফলত পৃথিৱীৰ কাৰ্বন ডাই অক্সাইড শোষণৰ ক্ষমতা বৃদ্ধি হব আৰু পৰিবেশৰ ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰত উপকাৰ সাধন কৰিব।

৩/ আৱৰ্জনা ব্যৱস্থাপনা :- গোলকীয় উষ্ণতা বৃদ্ধিত আৱৰ্জনা জ্বলোৱাৰ ফলত বায়ুমণ্ডললৈ কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়, সেয়ে আৱৰ্জনা জ্বলোৱাৰ পৰিবৰ্তে যিবোৰ আৱৰ্জনা পুনঃ ব্যৱহাৰৰ বাবে উপযোগী কৰি তুলিব পাৰি সেইবোৰ সামগ্ৰী পুনঃব্যৱহাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 

৪/ সজাগতা :- গোলকীয় উষ্ণতা বৃদ্ধিৰ সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰিব লাগিব। গোলকীয় উষ্ণতা বৃদ্ধি ইয়াৰ সমস্যা সমূহ আৰু সমাধানৰ দিহা পৰামৰ্শ আদিয়ে গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিব পাৰে।

সামৰণি :- 

গোলকীয় উষ্ণতা বৃদ্ধি সমস্যা দিনক দিনে বৃদ্ধি পায় আহিছে ইয়াৰ মূলতে কল-কাৰখানাৰ পৰা সৃষ্টি হোৱা প্ৰদূষণ, অত্যাধিক জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ, বনাঞ্চল ধ্বংস, আৱৰ্জনা প্ৰাকৃতিক পৰিৱেশত নিষ্কাশন আৰু প্ৰাকৃতিক ভাৱে আগ্নেয়গিৰী উদগীৰণ আদিয়ে প্ৰধান কাৰণ। আমি যদি চাওঁ দেখিম যে ১৯৮০ চনৰ পৰা ১৯৯০ চনলৈ গড় উষ্ণতা আছিল ০.৩৫ ডিগ্ৰী চেলচিয়াছ, ১৯৯০ চনৰ পৰা ২০০০ চনলৈ গড় উষ্ণতা বৃদ্ধি পায় ০.৪৫ ডিগ্ৰী চেলচিয়াছ, ২০০০ চনৰ পৰা ২০১০ চনলৈ গড় উষ্ণতা বৃদ্ধি পায় ০.৬০ ডিগ্ৰী চেলচিয়াছ আৰু ২০১০ চনৰ পৰা ২০২০ চনলৈ গড় উষ্ণতা বৃদ্ধি পায় হয়গৈ ০.৮৪ ডিগ্ৰী চেলচিয়াছ। ২০২১ চনৰ পৰা ২০২৪ চনলৈ গড় উষ্ণতা বৃদ্ধি পায় ১.৩৯ ডিগ্ৰী চেলচিয়াছ। গতিকে গোলকীয় উষ্ণতা বৃদ্ধি বিষয়টো সমগ্র বিশ্বতে জন সচেতনতা বৃদ্ধি কৰিলেহে আমি গোলকীয় উষ্ণতা বৃদ্ধি সমস্যা ৰোধ কৰিব পাৰিম বুলি ভবাৰ থল আছে।


Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

Good Samaritan আইনৰ বিষয়ে

আপুনি জানেনে কি আছে এইখন আইনত? Good Samaritan আইনে কোনসকল লোকক আইনী সুৰক্ষা প্ৰদান কৰে?

সম্পূৰ্ণ পঢ়ক →