শব্দৰ ধুমুহাত নিৰ্যাতিতা অতীত

কবিতাৰ শিৰোনাম 
শব্দৰ ধুমুহাত নিৰ্যাতিতা অতীত



শব্দৰ ধুমুহাত নিৰ্যাতিতা অতীত 
কি ল'ৰালি, কি কৈশোৰ
সময়ৰ কালচক্ৰত
আজিও অভিশপ্ত 
যৌৱনপ্ৰাপ্ত হৃদয়ৰ 
অবুজ বেথা ।

মূল্যৰ বিনিময়ত আজুৰি অনা 
কুণ্ডলীকৃত ধোৱাৰ সৈতে 
আবদ্ধ কোঠাৰ মাজত নিসংগতাৰ ৰাজপথত
মোৰ উন্মুক্ত মন

এপেকেট চিগাৰেট আৰু এবটল মদৰ সীমনাত 
অন্য এখন পৃথিবীৰ অনুভূতি 
নিষিদ্ধতাৰ কাৰেঙত
মোৰ ৰাজ অতিথ্য...

ভীতিগ্ৰস্ত বাসনা
মোৰ পৰাএতিয়া বহু দূৰৈত 
অনাকাংক্ষিত পথৰ 
মই আজি ভাগৰুৱা পথিক
কিন্তুু সত্যৰ সীমনাত প্ৰৱেশৰ বিভীষিকা

শব্দৰ ধুমুহা মোৰ বাবে 
আজি তেনেই নগন্য...
কাৰণ মই আজি নষ্ট ল'ৰা ...
নষ্ট মোৰ জীৱন
নষ্ট মোৰ যৌৱন

ধুমুহাৰ সৈতে যুঁজি যুঁজি আজি মই জয়ী 
যি জয়ৰ কোনো সুখানুভূতি নাই 
আছে জানো প্ৰতিদ্বন্দীবিহীন জয়ৰ কোনো অৰ্থ
প্ৰতিদ্বন্দী পিতাই নিৰবে নিতালে আজি 
সাত ফুট মাটিৰ তলত

গতিকে নৈতিকাৰ দলিচা ফালি 
মোৰো ঠিকনা আজি 
আবদ্ধ কোঠাৰ নিৰ্জনতাত ।
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →
নতুন আপডেট

ভোগৰ উৎসৱ ভোগালী: শৈশৱৰ মাঘ বিহুৰ সোঁৱৰণি আৰু পৰম্পৰা

মাঘ বিহুৰ বিষয়ে ভোগালী বিহু অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ।

সম্পূৰ্ণ পঢ়ক →