শব্দৰ ধুমুহাত নিৰ্যাতিতা অতীত

কবিতাৰ শিৰোনাম 
শব্দৰ ধুমুহাত নিৰ্যাতিতা অতীত



শব্দৰ ধুমুহাত নিৰ্যাতিতা অতীত 
কি ল'ৰালি, কি কৈশোৰ
সময়ৰ কালচক্ৰত
আজিও অভিশপ্ত 
যৌৱনপ্ৰাপ্ত হৃদয়ৰ 
অবুজ বেথা ।

মূল্যৰ বিনিময়ত আজুৰি অনা 
কুণ্ডলীকৃত ধোৱাৰ সৈতে 
আবদ্ধ কোঠাৰ মাজত নিসংগতাৰ ৰাজপথত
মোৰ উন্মুক্ত মন

এপেকেট চিগাৰেট আৰু এবটল মদৰ সীমনাত 
অন্য এখন পৃথিবীৰ অনুভূতি 
নিষিদ্ধতাৰ কাৰেঙত
মোৰ ৰাজ অতিথ্য...

ভীতিগ্ৰস্ত বাসনা
মোৰ পৰাএতিয়া বহু দূৰৈত 
অনাকাংক্ষিত পথৰ 
মই আজি ভাগৰুৱা পথিক
কিন্তুু সত্যৰ সীমনাত প্ৰৱেশৰ বিভীষিকা

শব্দৰ ধুমুহা মোৰ বাবে 
আজি তেনেই নগন্য...
কাৰণ মই আজি নষ্ট ল'ৰা ...
নষ্ট মোৰ জীৱন
নষ্ট মোৰ যৌৱন

ধুমুহাৰ সৈতে যুঁজি যুঁজি আজি মই জয়ী 
যি জয়ৰ কোনো সুখানুভূতি নাই 
আছে জানো প্ৰতিদ্বন্দীবিহীন জয়ৰ কোনো অৰ্থ
প্ৰতিদ্বন্দী পিতাই নিৰবে নিতালে আজি 
সাত ফুট মাটিৰ তলত

গতিকে নৈতিকাৰ দলিচা ফালি 
মোৰো ঠিকনা আজি 
আবদ্ধ কোঠাৰ নিৰ্জনতাত ।
Post a Comment (0)
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব