কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা: অসম চৰকাৰৰ এক আশাব্যঞ্জক পদক্ষেপ SHe-Box

 


​বৰ্তমান সময়ত মহিলাসকল ঘৰৰ চাৰিবেৰৰ পৰা কৰ্মৰ সূত্ৰে ওলাই আহি সমাজৰ বিভিন্ন ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ আগবাঢ়ি আহিছে। চৰকাৰী বা বেচৰকাৰী খণ্ডৰ প্ৰতিটো বিভাগতে মহিলা কৰ্মচাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। কিন্তু ইয়াৰ মাজতে বহু সময়ত মহিলাসকলে নিজৰ কৰ্মস্থলীত বিভিন্ন ধৰণৰ মানসিক বা শাৰীৰিক নিৰ্যাতনৰ বলি হ’বলগীয়া হয়। এনে স্পৰ্শকাতৰ বিষয়সমূহৰ সমাধানৰ বাবে আৰু কৰ্মক্ষেত্ৰত মহিলাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ অসম চৰকাৰে এতিয়া প্ৰতিটো চৰকাৰী বিভাগত SHe-Box (Sexual Harassment electronic Box) উপলব্ধ কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

​কি এই SHe-Box?

​SHe-Box হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ ব্যৱস্থা, য’ত কৰ্মৰত মহিলাসকলে তেওঁলোকৰ সৈতে হোৱা যিকোনো ধৰণৰ যৌন নিৰ্যাতন বা অশোভনীয় আচৰণৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে। এতিয়ালৈকে অসম চৰকাৰৰ বহু বিভাগত এই সুবিধা উপলব্ধ নাছিল, কিন্তু এতিয়াৰ পৰা প্ৰতিটো বিভাগতে ই বাধ্যতামূলক হ’ব।

​এই SHe-Box ৰ গুৰুত্বপূৰ্ণ দিশসমূহ হৈছে:- 

​১/  এই ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল যে নিৰ্যাতিত মহিলাই নিজৰ পৰিচয় গোপনে ৰাখি SHe-Box ত অভিযোগ দাখিল কৰিব পাৰিব। 

​২/  এই গোটেই প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ অসম চৰকাৰে ACS বিষয়া হেমাশ্ৰী হাজৰিকাক দায়িত্ব অৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে। ইয়াৰ দ্বাৰা স্পষ্ট হয় যে চৰকাৰে এই বিষয়টোক অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে।

​৩/ চৰকাৰী বা বেচৰকাৰী খণ্ডৰ কৰ্মস্থলীত মহিলাৰ নিৰ্যাতন বিৰোধী আইন (POSH Act, 2013)ৰ অধীনত একোখনকৈ ‘অভ্যন্তৰীণ অভিযোগ কমিটি’ (ICC - Internal Complaints Committee) থকাটো প্ৰয়োজন। SHe-Box-এ এই আইনখনক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰিব পাৰি। 

POSH Act, 2013 ৰ সম্পূৰ্ণ নাম হ’ল - Sexual Harassment of Women at Workplace (Prevention, Prohibition and Redressal) Act, 2013।

ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ২০১৭ চনৰ ২৪ জুলাইত পোনপ্ৰথমবাৰৰ বাবে SHe-Box প’ৰ্টেল মুকলি কৰিছিল আৰু ২০১৭ চনৰ ৭ নৱেম্বৰত ইয়াক কেন্দ্ৰীয় চৰকাৰৰ উপৰিও ব্যক্তিগত খণ্ডৰ সকলো মহিলাৰ বাবেও কাৰ্যকৰী কৰা হয়।

২৯ আগষ্ট, ২০২৪ চনত কেন্দ্ৰীয় চৰকাৰে এই প’ৰ্টেলটোৰ এক অধিক উন্নত আৰু সুৰক্ষিত সংস্কৰণ নতুনকৈ মুকলি কৰিছে।
​বৰ্তমান অসম চৰকাৰে লোৱা এই SHe-Box পদক্ষেপক বিভিন্ন সচেতন মহলে আদৰণি জনাইছে। এই পদ্ধতিয়ে কেৱল মহিলাসকলক সুৰক্ষাই নিদিয়ে, বৰঞ্চ তেওঁলোকৰ মাজৰ পৰা ভয় ভাব আঁতৰাই আত্মবিশ্বাস বৃদ্ধি কৰিব। 
SHe-Box ৱেবচাইটৰ ঠিকনা - https://shebox.wcd.gov.in/
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব