আশা


মনোজ বৰগোহাঁই

কাষৰ কাটি পোনাই লৈছো
পথৰোৱা আলি৷
কালিলৈ নভুঁই,নবৌ হঁতো
আহিব বোলে৷
কামনাআৰ্ত গেলাবোকা বোৰ,
এগুজি দুগুজিকৈ ধালি দিবা
সেউজীয়াবোৰ৷
হৃদয় জুৰাব সিহঁতৰ৷
গামোচাৰে কলপাতত লৈ আনিম
বাও চাউলৰ ভাত৷
লগতে আনিম পানী হেলেচৰ
তেলেতীয়া শাক৷
আনিম তোমালৈ বুলি আছুতীয়াকৈ
অকনমান পকা খৰিছাৰে দুটামান
ধান জলকীয়া,
মোৰ শাওনৰ পথাৰত কালিলৈ
নভুঁই৷
আহিবানে তুমি ?
মোৰ প্ৰাণ জুৰাবলৈ৷
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"পিতৃৰ দৃষ্টিত জুবিন"

কপিল ঠাকুৰে পুত্ৰ জুবিন গাৰ্গৰ জীৱনৰ আধাৰত লিখা গ্ৰন্থখনৰ কিছু অনুভৱ - ঋতুপৰ্ণ বৰা

সম্পূৰ্ণ পঢ়ক →