আশা


মনোজ বৰগোহাঁই

কাষৰ কাটি পোনাই লৈছো
পথৰোৱা আলি৷
কালিলৈ নভুঁই,নবৌ হঁতো
আহিব বোলে৷
কামনাআৰ্ত গেলাবোকা বোৰ,
এগুজি দুগুজিকৈ ধালি দিবা
সেউজীয়াবোৰ৷
হৃদয় জুৰাব সিহঁতৰ৷
গামোচাৰে কলপাতত লৈ আনিম
বাও চাউলৰ ভাত৷
লগতে আনিম পানী হেলেচৰ
তেলেতীয়া শাক৷
আনিম তোমালৈ বুলি আছুতীয়াকৈ
অকনমান পকা খৰিছাৰে দুটামান
ধান জলকীয়া,
মোৰ শাওনৰ পথাৰত কালিলৈ
নভুঁই৷
আহিবানে তুমি ?
মোৰ প্ৰাণ জুৰাবলৈ৷

Post a Comment

Previous Post Next Post